প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি পঞ্জাব কেশৰী লালা লাজপত ৰায়ৰ জয়ন্তীত তেওঁলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। শ্ৰী মোদীয়ে কয় যে তেওঁ মাতৃ ভাৰতীক দাসত্বৰ শিকলিৰ পৰা মুক্ত কৰিবলৈ তেওঁ সৰ্বস্ব ত্যাগ কৰিছিল। ‘তেওঁৰ ত্যাগৰ জীৱন দেশৰ প্ৰতিটো প্ৰজন্মৰ বাবে অনুপ্ৰেৰণাৰ উৎস হৈ থাকিব’, শ্ৰী মোদীয়ে কয়।
প্ৰধানমন্ত্ৰীয়ে এক্সত পোষ্ট কৰিছেঃ
‘মাতৃভূমিৰ অমৰ পুত্ৰ পঞ্জাব কেশৰী লালা লাজপত ৰায়ক তেওঁৰ জয়ন্তীত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছো। তেওঁ মাতৃ ভাৰতীক দাসত্বৰ শিকলিৰ পৰা মুক্ত কৰিবলৈ সৰ্বস্ব ত্যাগ কৰিছিল। তেওঁৰ ত্যাগৰ জীৱন দেশৰ প্ৰতিটো প্ৰজন্মৰ বাবে অনুপ্ৰেৰণাৰ উৎস হৈ থাকিব।’
मातृभूमि की अमर संतान पंजाब केसरी लाला लाजपत राय को उनकी जयंती पर आदरपूर्ण श्रद्धांजलि। मां भारती को गुलामी की बेड़ियों से मुक्त कराने के लिए उन्होंने अपना सर्वस्व अर्पित कर दिया। उनका बलिदानी जीवन देश की हर पीढ़ी के लिए प्रेरणास्रोत बना रहेगा। pic.twitter.com/QGua6VZB1t
— Narendra Modi (@narendramodi) January 28, 2026


