আজি পঁচিশ বৈশাখ উপলক্ষ্যে  গুৰুদেৱ ৰবীন্দ্ৰনাথ ঠাকুৰলৈ আন্তৰিক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে প্ৰধানমন্ত্ৰী শ্ৰীযুত নৰেন্দ্ৰ মোদীয়ে।

প্ৰধানমন্ত্ৰীয়ে কয় যে গুৰুদেৱ ৰবীন্দ্ৰনাথ ঠাকুৰ এগৰাকী অসাধাৰণ মেধাসম্পন্ন লেখক, চিন্তাবিদ আৰু কবি আছিল,  যিয়ে এজন ব্যতিক্ৰমী দাৰ্শনিক, শিক্ষাবিদ, শিল্পী আৰু ভাৰতৰ সভ্যতাবাদী আত্মাৰ কালজয়ী কণ্ঠ হিচাপেও বিশেষ  স্থান দখল কৰিছিল।

প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে গুৰুদেৱ ৰবীন্দ্ৰনাথ ঠাকুৰে মানৱতাৰ গভীৰ আবেগ  আৰু ভাৰতীয় সংস্কৃতিৰ উচ্চতম আদৰ্শক প্ৰকাশ কৰিছিল। তেওঁ লগতে কয় যে গুৰুদেৱে সমাজখনক নতুন চিন্তা, সৃষ্টিশীল শক্তি আৰু সাংস্কৃতিক আত্মবিশ্বাসেৰে সমৃদ্ধ কৰিছিল।

শ্ৰী মোদীয়ে কয় যে দেশখনে  গুৰুদেৱ ৰবীন্দ্ৰনাথ ঠাকুৰক গভীৰ শ্ৰদ্ধা আৰু কৃতজ্ঞতাৰে স্মৰণ কৰে। তেওঁ আশা প্ৰকাশ কৰে যে গুৰুদেৱৰ চিন্তাধাৰাই মনক আলোকিত কৰি থাকিব আৰু মানুহক  পথ প্ৰদৰ্শন কৰিব।

প্ৰধানমন্ত্ৰীয়ে এক্সত এনেদৰে লিখিছে;

‘আজি পঁচিশ বৈশাখ  উপলক্ষ্যে  গুৰুদেৱ ৰবীন্দ্ৰনাথ  ঠাকুৰলৈ আন্তৰিক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ।

গুৰুদেৱ ঠাকুৰ আছিল অসাধাৰণ মেধাসম্পন্ন লেখক, চিন্তাবিদ আৰু কবি। তেওঁ এজন ব্যতিক্ৰমী দাৰ্শনিক, শিক্ষাবিদ, শিল্পী আৰু ভাৰতৰ সভ্যতাবাদী আত্মাৰ কালজয়ী কণ্ঠস্বৰ হিচাপে নিজৰ নাম উজলাইছিল। মানৱতাৰ গভীৰ আৱেগ আৰু আমাৰ সংস্কৃতিৰ উচ্চতম আদৰ্শক তেওঁ প্ৰকাশ কৰিছিল। তেওঁ আমাৰ সমাজখনক নতুন চিন্তা, সৃষ্টিশীল শক্তি আৰু সাংস্কৃতিক আত্মবিশ্বাসেৰে সমৃদ্ধ কৰিছিল।

আমি তেওঁক গভীৰ শ্ৰদ্ধা আৰু কৃতজ্ঞতাৰে স্মৰণ কৰোঁ। তেওঁৰ চিন্তাই মনক আলোকিত কৰি আমাক পথ প্ৰদৰ্শন কৰি যাওক

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Indian Railways takes up 764 km of new lines to boost connectivity in Bihar’s Seemanchal region

Media Coverage

Indian Railways takes up 764 km of new lines to boost connectivity in Bihar’s Seemanchal region
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
নিঃস্বাৰ্থ সেৱাৰ মনোভাবৰ ওপৰত গুৰুত্ব আৰোপ কৰি সংস্কৃত হিতোপদেশ শ্বেয়াৰ প্ৰধানমন্ত্ৰীৰ
August 07, 2026

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে নিঃস্বাৰ্থ সেৱা আৰু ইয়াৰ বিনিময়ত একো আশা নকৰাকৈ আনৰ কল্যাণৰ বাবে কাম কৰাৰ মহান আদৰ্শৰ ওপৰত আলোকপাত কৰি সংস্কৃত হিতোপদেশ শ্বেয়াৰ কৰিছেঃ

"किं चन्द्रमाः प्रत्युपकारलिप्सया करोति गोभिः कुमुदावबोधनम्।

स्वभाव एवोन्नतचेतसां सतां परोपकारव्यसनं हि जीवितम्॥"

প্ৰধানমন্ত্ৰীয়ে এক্সত পোষ্ট কৰিছেঃ

किं चन्द्रमाः प्रत्युपकारलिप्सया करोति गोभिः कुमुदावबोधनम्।

स्वभाव एवोन्नतचेतसां सतां परोपकारव्यसनं हि जीवितम्॥