প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৩১ আগষ্টৰ পৰা ১ ছেপ্টেম্বৰলৈ চীনৰ টিয়ানজিনত অনুষ্ঠিত চাংহাই সহযোগিতা সংস্থাৰ (SCO) ৰাষ্ট্ৰপতি পৰিষদৰ ২৫ সংখ্যক বৈঠকত অংশগ্ৰহণ কৰে। এই সন্মিলনত এছচিঅ’ উন্নয়ন কৌশল, বিশ্ব শাসন ব্যৱস্থাৰ সংস্কাৰ সাধন, সন্ত্ৰাসবাদ-বিৰোধী কাঠামো, শান্তি আৰু নিৰাপত্তা, অৰ্থনৈতিক আৰু আৰ্থিক সহযোগিতা তথা বহনক্ষম উন্নয়ন সন্দৰ্ভত ফলপ্ৰসূ আলোচনা কৰা হয়।

 

এই সন্মিলনত ভাষণ প্ৰদানেৰে প্ৰধানমন্ত্ৰীয়ে এছচিঅ’-ৰ কাঠামোৰ অধীনত সহযোগিতা সুদৃঢ়কৰণৰ ক্ষেত্ৰত ভাৰতৰ পন্থা সন্দৰ্ভত আলোকপাত কৰে। এই সন্দৰ্ভত তেখেতে উল্লেখ কৰে যে ভাৰতে তিনিটা স্তম্ভ – নিৰাপত্তা (Security), যোগাযোগ (Connectivity) আৰু সুযোগৰ (Opportunity) অধীনত অধিক পদক্ষেপ গ্ৰহণ কৰাটো বিচাৰে। শান্তি, নিৰাপত্তা আৰু সুস্থিৰতা প্ৰগতি আৰু সমৃদ্ধিৰ মূল চাবিকাঠি হৈয়েই আছে বুলি উল্লেখেৰে তেখেতে সদস্য দেশসমূহক সন্ত্ৰাসবাদৰ সকলো প্ৰকাশৰ বিৰুদ্ধে যুঁজিবলৈ দৃঢ় আৰু নিৰ্ণায়ক ব্যৱস্থা গ্ৰহণৰ আহ্বান জনায়। প্ৰধানমন্ত্ৰীয়ে সন্ত্ৰাসবাদক বিত্তীয় সাহায্য যোগান আৰু উগ্ৰবাদৰ বিৰুদ্ধে সমন্বিত ব্যৱস্থা গ্ৰহণৰ প্ৰয়োজনীয়তাত আলোকপাত কৰে। পেহেলগামৰ সন্ত্ৰাসবাদী আক্ৰমণৰ পৰিপ্ৰেক্ষিতত সদস্য দেশসমূহে প্ৰদৰ্শন কৰা ব্যাপক সংহতিৰ মনোভাৱৰ বাবে ধন্যবাদ জনাই তেখেতে সন্ত্ৰাসবাদৰে মোকাবিলাকৰণৰ ক্ষেত্ৰত কোনো ধৰণৰ “ডাবল ষ্টেণ্ডাৰ্ড” থাকিব নালাগে বুলি কয়। তেখেতে সীমান্ত-অতিক্ৰমি সন্ত্ৰাসবাদ সংঘটিতকৰণ আৰু ইয়াক সমৰ্থন কৰা দেশসমূহক জবাবদিহি কৰিবলৈ গোটটোক আহ্বান জনায়।

 

উন্নয়ন সাধন আৰু আস্থা গঢ়ি তোলাৰ ক্ষেত্ৰত যোগাযোগ ব্যৱস্থাৰ ভূমিকাত আলোকপাতেৰে প্ৰধানমন্ত্ৰীয়ে কয় যে ভাৰতে চাবাহাৰ বন্দৰ আৰু আন্তঃৰাষ্ট্ৰীয় উত্তৰ-দক্ষিণ পৰিবহণ কৰিডৰৰ দৰে প্ৰকল্পসমূহক ব্যাপকভাৱে সমৰ্থন আগবঢ়াই আহিছে। তেখেতে ষ্টাৰ্ট-আপ, উদ্ভাৱন, যুৱ সবলীকৰণ আৰু উমৈহতীয়া ঐতিহ্যৰ ক্ষেত্ৰসমূহৰ সুযোগৰাজি সম্পৰ্কেও ব্যক্ত কৰে। প্ৰধানমন্ত্ৰীয়ে গোটটোৰ ভিতৰত সভ্যতাবাদী আলোচনা মঞ্চ আৰম্ভৰ প্ৰস্তাৱ আগবঢ়ায়। ইয়াৰ জৰিয়তে জনসাধাৰণৰ মাজত অধিক সম্পৰ্ক আৰু সাংস্কৃতিক বুজাবুজি গঢ়ি তোলাটো সম্ভৱ হৈ উঠিব বুলি তেখেতে কয়।

প্ৰধানমন্ত্ৰীয়ে গোটটোৰ সংস্কাৰমুখী কাৰ্য্যসূচীৰ প্ৰতি সমৰ্থন প্ৰকাশ কৰে। এই সন্দৰ্ভত তেখেতে সংগঠিত অপৰাধ, ড্ৰাগছ সৰবৰাহ আৰু চাইবাৰ নিৰাপত্তাৰ সৈতে মোকাবিলা কৰিবলৈ কেন্দ্ৰ স্থাপন কাৰ্য্যক আদৰণি জনায়। তেখেতে ৰাষ্ট্ৰসংঘকে প্ৰমুখ্য কৰি বহুপক্ষীয় প্ৰতিষ্ঠানসমূহৰ সংস্কাৰ সাধনৰ ক্ষেত্ৰত গোটটোৱেও একেধৰণৰ পন্থা গ্ৰহণৰ আহ্বান জনায়। প্ৰধানমন্ত্ৰীৰ সম্পূৰ্ণ সম্বোধন ইয়াত [Link] চাব পাৰিব।

 

প্ৰধানমন্ত্ৰীয়ে ৰাষ্ট্ৰপতি ছি জিনপিঙক তেওঁৰ উষ্ম আতিথ্যৰ বাবে ধন্যবাদ জ্ঞাপনৰ লগতে সন্মিলনৰ সফল আয়োজনৰ বাবে তেওঁক অভিনন্দন জনায়। তেখেতে কিৰ্গিস্তানকো এছচিঅ’-ৰ পৰৱৰ্তী অধ্যক্ষতাৰ বাবে অভিনন্দন জনায়। সন্মিলনৰ সামৰণিত এছচিঅ’-ৰ সদস্য দেশসমূহে টিয়ানজিন ঘোষণাপত্ৰ গ্ৰহণ কৰে।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Centre releases Rs 1.09 lakh crore tax devolution; Uttar Pradesh gets biggest share to accelerate development spending

Media Coverage

Centre releases Rs 1.09 lakh crore tax devolution; Uttar Pradesh gets biggest share to accelerate development spending
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Governor of Jharkhand meets Prime Minister
August 03, 2026