ভূপেন দাৰ সংগীতে ভাৰতক একত্ৰিত আৰু প্ৰতিটো প্ৰজন্মকে অনুপ্ৰাণিত কৰি আহিছেঃ প্ৰধানমন্ত্ৰী
ভূপেন দাৰ জীৱন পৰিক্ৰমাত ‘এক ভাৰত, শ্ৰেষ্ঠ ভাৰত’-ৰ মনোভাৱ প্ৰতিফলিত হৈছিলঃ প্ৰধানমন্ত্ৰী
ভূপেন দাই ভাৰতৰ ঐক্যৰ গীত গাইছিলঃ প্ৰধানমন্ত্ৰী
ভূপেন দালৈ ভাৰত ৰত্ন আগবঢ়োৱা কাৰ্য্যই উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰতি আমাৰ চৰকাৰৰ দায়বদ্ধতাকে প্ৰতিফলিত কৰিছেঃ প্ৰধানমন্ত্ৰী
সাংস্কৃতিক সংযোগ ৰাষ্ট্ৰীয় ঐক্যৰ আধাৰঃ প্ৰধানমন্ত্ৰী
নৱ্য ভাৰতে কেতিয়াও ইয়াৰ নিৰাপত্তা বা মৰ্য্যাদাক লৈ আপোচ নকৰেঃ প্ৰধানমন্ত্ৰী
আহক আমি ভকেল ফৰ লোকেল-ৰ অগ্ৰদূত হওঁ, আমি আমাৰ স্বদেশী সামগ্ৰীক লৈ গৌৰৱ কৰোঁ আহকঃ প্ৰধানমন্ত্ৰী

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি অসমৰ গুৱাহাটীত ভাৰত ৰত্ন ডঃ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী উদযাপন অনুষ্ঠানত অংশগ্ৰহণেৰে ভাষণ প্ৰদান কৰে। ইয়াত সমবেতসকলক সম্বোধনেৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে আজি এটা উল্লেখযোগ্য দিন আৰু এই মুহূৰ্তটো সঁচাকৈয়ে অমূল্য। তেখেতে কয় যে ইয়াত প্ৰত্যক্ষ কৰা পৰিবেশন, উৎসাহ তথা পৰ্য্যবেক্ষণ কৰা সমন্বয়ৰ মনোভাৱে সঁচাকৈয়ে আৱেগিক কৰি তুলিছে। তেখেতে ভূপেন দাৰ গীতৰ ছন্দত আলোকপাত কৰে যি ছন্দ সমগ্ৰ অনুষ্ঠানটিতে অনুৰণিত হৈছে। ভূপেন হাজৰিকাৰ উদ্ধৃতি দি প্ৰধানমন্ত্ৰীগৰাকীয়ে তেখেতৰ মনত প্ৰতিধ্বনিত হোৱা হাজৰিকাৰ গীতৰ কেইটামান শব্দ উল্লেখ কৰে। তেখেতে কয় যে ভূপেনদাৰ সংগীতৰ ঢৌবোৰ সকলোতে, অন্তহীনভাৱে বৈ যোৱাটো অন্তৰেৰে কামনা কৰিছে। ইয়াত অংশগ্ৰহণ কৰা সকলো শিল্পীকে প্ৰধানমন্ত্ৰীগৰাকীয়ে আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰে। আজিৰ পৰিবেশন কাৰ্য্যই ব্যতিক্ৰমী প্ৰস্তুতিক প্ৰতিফলিত কৰিলে বুলি উল্লেখেৰে তেখেতে কয় যে অসমৰ মনোভাৱ এনেকুৱা যে ইয়াৰ প্ৰতিটো অনুষ্ঠানেই নতুন অভিলেখ গঢ়ি তোলে। তেখেতে সকলো শিল্পীকে অভিনন্দন জনায় আৰু প্ৰশংসা কৰে।

প্ৰধানমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে যে মাত্ৰ কেইদিনমান পূৰ্বে অৰ্থাৎ ৮ ছেপ্টেম্বৰত ভূপেন হাজৰিকা ডাঙৰীয়াৰ জন্ম বাৰ্ষিকী পালন কৰা হৈছিল। তেখেতে কয় যে সেইদিনা ভূপেন দালৈ সন্মান জনাই এটি সমৰ্পিত প্ৰবন্ধত নিজৰ আৱেগ প্ৰকাশ কৰিছিল। তেখেতে কয় যে ভূপেন দাৰ জন্ম শতবাৰ্ষিকী উদযাপন কাৰ্য্যসূচীত এইদৰে অংশগ্ৰহণ কৰিবলৈ পোৱাটো তেখেতৰ বাবে সৌভাগ্যৰ কথা। শ্ৰী মোদীয়ে উল্লেখ কৰে যে ভূপেন দাক সকলোৱে মৰমেৰে “সুধা কণ্ঠ” বুলি অভিহিত কৰে। তেখেতে কয় যে ভাৰতৰ আৱেগক কণ্ঠেৰে মূৰ্ত কৰি তোলা, সংগীতক সংবেদনশীলতাৰে সংযোগ কৰা, স্বকীয় গীতৰ জৰিয়তে ভাৰতৰ সপোনক সংৰক্ষণ কৰা আৰু মাতৃ গংগাৰ জৰিয়তে ভাৰত মাতাৰ মমতা বর্ণনা কৰা সেইগৰাকী সুধা কণ্ঠৰে এয়া জন্ম শতবাৰ্ষিকী।

 

ভূপেনদাৰ অমৰ সৃষ্টিৰাজিয়ে ভাৰতক সংযোগ আৰু ভাৰতীয় প্ৰজন্মসমূহক আলোড়িত কৰিছিল বুলি উল্লেখেৰে শ্ৰী মোদীয়ে কয় যে যদিও ভূপেন দা এতিয়া কায়িকভাৱে আমাৰ মাজত নাই, তথাপিও তেওঁৰ গীত আৰু কণ্ঠ ভাৰতৰ উন্নয়ন যাত্ৰাৰ সাক্ষী হৈ ৰৈছে আৰু ইয়াক শক্তিশালী কৰি তুলিছে। তেখেতে দৃঢ়তাৰে কয় যে চৰকাৰে গৌৰৱেৰে ভূপেন দাৰ জন্ম শতবাৰ্ষিকী উদযাপন কৰিছে। ভূপেন হাজৰিকা ডাঙৰীয়াৰ গীত, বাৰ্তা, জীৱন গাথাক প্ৰতিঘৰ গৃহস্থীলৈকে লৈ যোৱা হৈছে বুলিও প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়। এই অনুষ্ঠানতে ভূপেন হাজৰিকাৰ জীৱনীখনি উন্মোচন কৰা হৈছে বুলি তেখেতে জনায়। এই উপলক্ষে ডঃ ভূপেন হাজৰিকালৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপনেৰে শ্ৰী মোদীয়ে ভূপেন দাৰ জন্ম শতবাৰ্ষিকী উপলক্ষে অসমবাসীৰ লগতে প্ৰতিজন ভাৰতীয়লৈ শুভেচ্ছা জ্ঞাপন কৰে।

“ভূপেন হাজৰিকা ডাঙৰীয়াই সংগীতৰ সেৱাত ওৰেটো জীৱন উৎসৰ্গা কৰিছিল”, প্ৰধানমন্ত্ৰীগৰাকীয়ে এইদৰে উল্লেখেৰে কয় যে সংগীত আধ্যাত্মিক অনুশীলনৰ এক প্ৰকাৰ হৈ পৰা মাত্ৰেকে গীতে আত্মাক স্পৰ্শ কৰে আৰু সংগীত সংকল্প হৈ পৰা মাত্ৰেকে গীত এটি সমাজখনক পথ-প্ৰদৰ্শনৰ মাধ্যমত পৰিণত হয়। তেখেতে কয় যে এনে বৈশিষ্ট্যৰাজিয়েই ভূপেন দাৰ সংগীতক ইমান বিশেষ কৰি তুলিছে। ভূপেন দাৰ গীতত জীয়াই থকাৰ আদৰ্শ আৰু তেওঁৰ অভিজ্ঞতাৰাজি প্ৰতিফলিত হোৱাৰ কথা উল্লেখেৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে ভূপেন দাৰ সংগীতত ভাৰত মাতাৰ প্ৰতি থকা গভীৰ প্ৰেম “এক ভাৰত, শ্ৰেষ্ঠ ভাৰত”-ৰ ধাৰণাটোৰ প্ৰতি তেওঁৰ গভীৰ দায়বদ্ধতাৰ পৰাই উদ্ভৱ হৈছে। তেখেতে কয় যে ভূপেন দাৰ জন্ম উত্তৰ-পূবত হৈছিল আৰু ব্ৰহ্মপুত্ৰৰ বিশাল ঢৌৱে তেওঁক সংগীতৰ আদিপাঠ শিকাইছিল। ভূপেনদাই পৰৱৰ্তী সময়ত স্নাতক শিক্ষা লাভৰ বাবে কাশীলৈ যোৱাৰ কথা উল্লেখেৰে শ্ৰী মোদীয়ে কয় যে ব্ৰহ্মপুত্ৰৰ পৰা আৰম্ভ হোৱা ভূপেনদাৰ সাংগীতিক যাত্ৰা গংগাৰ প্ৰবাহিত ছন্দৰ জৰিয়তে আয়ত্তলৈ ৰূপান্তৰিত হৈছিল। তেখেতে উল্লেখ কৰে যে কাশীৰ গতিশীলতাই তেওঁৰ জীৱনত এক অবিৰত প্ৰবাহৰ সঞ্চাৰ কৰিছিল। ভূপেন দাক ভাৰত ভ্ৰমণকাৰী তথা আনকি পিএইচডি-ৰ বাবে যুক্তৰাষ্ট্ৰলৈ যোৱা এগৰাকী পৰিব্ৰাজক বুলি অভিহিতকৰণেৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে জীৱনৰ প্ৰতিটো পৰ্য্যায়তে ভূপেন দা প্ৰকৃত পুত্ৰ হিচাপে অসমৰ মাটিৰ সৈতে গভীৰভাৱে সংযুক্ত হৈ আছিল। তেখেতে লগতে কয় যে এই কাৰণেই ভূপেন দা ভাৰতলৈ উভতি আহি চলচ্চিত্ৰৰ জৰিয়তে সাধাৰণ জনতাৰ কণ্ঠ হৈ পৰিছিল। প্ৰধানমন্ত্ৰীগৰাকীয়ে আৰু কয় যে ভূপেনদাই সাধাৰণ জীৱনৰ যন্ত্ৰণাক কণ্ঠৰে প্ৰকাশ কৰিছিল আৰু সেই কণ্ঠয়েই এতিয়াও ৰাষ্ট্ৰখনক আলোড়িত কৰি ৰাখিছে। ভূপেন দাৰ এটি গীতৰ উদ্ধৃতিৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে ইয়াৰ অৰ্থ হৈছে - যদি মানুহেই পৰস্পৰে-পৰস্পৰৰ হৰ্ষ-বিষাদ, দুখ-কষ্টৰ কথা নাভাবে— তেন্তে এই পৃথিৱীত আনৰ কথা চিন্তা কৰিবই বা কোনে? এই কথা কিমান গভীৰভাৱে প্ৰেৰণাদায়ক, সেই সম্পৰ্কে প্ৰধানমন্ত্ৰীগৰাকীয়ে সকলোকে চিন্তা কৰিবলৈ আহ্বান জনায়। শ্ৰী মোদীয়ে উল্লেখ কৰে যে এই ধাৰণায়েই আজি ভাৰতক দৰিদ্ৰ লোক, উপান্ত শ্ৰেণী, দলিত আৰু জনজাতীয় সমাজসমূহৰ জীৱন-যাত্ৰাৰ অগ্ৰগতি সাধনৰ প্ৰচেষ্টাক পথ-প্ৰদৰ্শন কৰি আহিছে।

 

ভূপেন দাক ভাৰতৰ ঐক্য আৰু অখণ্ডতাৰ এগৰাকী মহান ধ্বজাবাহক বুলি অভিহিতকৰণেৰে শ্ৰী মোদীয়ে কয় যে দশক-দশক পূৰ্বে যেতিয়া উত্তৰ-পূৰ্বাঞ্চল অৱহেলাৰ সন্মুখীন হৈছিল আৰু হিংসা তথা বিচ্ছিন্নতাবাদে অঞ্চলটোক আৱৰি ধৰিছিল, তেতিয়াই ভূপেন দাই ভাৰতৰ ঐক্যৰ গীত গাইছিল। তেখেতে উল্লেখ কৰে যে ভূপেন দাই এখনি সমৃদ্ধিশালী উত্তৰ-পূবৰ সপোন দেখিছিল আৰু অঞ্চলটোৰ প্ৰাকৃতিক সৌন্দৰ্য্যৰ কথা গীতত প্ৰতিফলিত হৈছিল। অসমৰ বাবে ভূপেন দাৰ গীতৰ কেইটামান শাৰীৰ উদ্ধৃতি দি প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে আমি এই গীতটি গুণগুণোৱা মাত্ৰেকে আমাৰ মন অসমৰ বৈচিত্ৰ্য, শক্তি আৰু সম্ভাৱনাক লৈ গৌৰৱেৰে ভৰি পৰে।

অৰুণাচল প্ৰদেশৰ প্ৰতিও ভূপেন দাৰ সমানেই স্নেহ আছিল বুলি উল্লেখেৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে অৰুণাচল প্ৰদেশৰ কথা উল্লেখ থকা ভূপেন দাৰ গীতৰ কেইটামান শাৰীৰ কথা ব্যক্ত কৰে। তেখেতে কয় যে হৃদয়ত দেশপ্ৰেমৰ মনোভাৱ সম্পন্ন এটি কণ্ঠ কেতিয়াও নিৰ্বাপিত নহয়। তেখেতে দৃঢ়তাৰে কয় যে চৰকাৰে উত্তৰ-পূর্বাঞ্চলৰ বাবে ভূপেন দাৰ সপোনক বাস্তৱায়িত কৰিবলৈ দিনে-নিশাই কাম কৰি আছে। শ্ৰী মোদীয়ে উল্লেখ কৰে যে ভূপেন দালৈ ভাৰতৰত্ন সন্মান আগবঢ়াই চৰকাৰে উত্তৰ-পূৰ্বাঞ্চলৰ আকাংক্ষা আৰু গৌৰৱক সন্মান জনাইছে তথা অঞ্চলটোক ৰাষ্ট্ৰীয় অগ্ৰাধিকাৰৰ অঞ্চল হিচাপে গঢ়ি তুলিছে। তেখেতে অৱগত কৰে যে অসম আৰু অৰুণাচল প্ৰদেশ সংযোগী দেশৰ ভিতৰতে সুদীৰ্ঘ দলংখনিক ভূপেন হাজৰিকা সেতু নামেৰে নামকৰণ কৰা হৈছে। উন্নয়নৰ প্ৰতিটো ক্ষেত্ৰতে নতুন অভিলেখ গঢ়ি তোলাৰ কথা উল্লেখেৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে অসম আৰু সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চল দ্ৰুতগতিত আগবাঢ়িছে বুলি কয়। তেখেতে কয় যে এই কৃতিত্বসমূহ হৈছে ভূপেন দালৈ ৰাষ্ট্ৰৰ প্ৰকৃত শ্ৰদ্ধাঞ্জলি।

“ভাৰতৰ সাংস্কৃতিক বৈচিত্ৰ্যত অসম আৰু উত্তৰ-পূৰ্বাঞ্চলে সদায় উল্লেখযোগ্য অৱদান আগবঢ়াই আহিছে” বুলি উল্লেখেৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে অঞ্চলটোৰ চহকী ইতিহাস, ইয়াৰ উৎসৱ আৰু উদযাপন, ইয়াৰ কলা আৰু সংস্কৃতি, ইয়াৰ প্ৰাকৃতিক সৌন্দৰ্য্য আৰু ঐশ্বৰিক আভাত আলোকপাত কৰে। তেখেতে এই সকলোবোৰৰ সমান্তৰালকৈ ভাৰত মাতাৰ সন্মান আৰু সুৰক্ষাৰ বাবে অঞ্চলটোৰ জনসাধাৰণে স্বীকাৰ কৰা ত্যাগৰ গাথাক প্ৰশংসনীয় বুলি কয়। শ্ৰী মোদীয়ে কয় যে এই অৱদানসমূহৰ অবিহনে আমি আমাৰ মহান ভাৰতখনিৰ কল্পনা কৰিব নোৱাৰোঁ। তেখেতে উত্তৰ-পূবক দেশৰ বাবে নতুন কিৰণ আৰু নতুন প্ৰত্যুষৰ অঞ্চল বুলি অভিহিত কৰে। তেখেতে উল্লেখ কৰে যে ৰাষ্ট্ৰখনৰ প্ৰথম সূৰ্য্যোদয় এই অঞ্চলতে হয়। প্ৰধানমন্ত্ৰীগৰাকীয়ে ভূপেন দাৰ গীতৰ কেইটামান শাৰী উল্লেখ কৰে, যিয়ে তেওঁৰ গীতত এই কথাকেই প্ৰতিফলিত কৰিছিল। তেখেতে দৃঢ়তাৰে কয় যে আমি অসমৰ ইতিহাসক উদযাপন কৰিলেহে ভাৰতৰ ইতিহাস সম্পূৰ্ণ হ’ব— তেতিয়াহে ভাৰতৰ আনন্দ সম্পূৰ্ণ হ’ব আৰু আমি এই উত্তৰাধিকাৰক সামৰি লৈ গৌৰৱেৰে আগবাঢ়িব লাগিব।  

আমি যোগাযোগ ব্যৱস্থাৰ কথা ক’লে জনসাধাৰণৰ সততে ৰেল, পথ বা বিমান সংযোগৰ কথা মনলৈ আহে বুলি উল্লেখেৰে শ্ৰী মোদীয়ে কয় যে ৰাষ্ট্ৰীয় ঐক্যৰ বাবে সংযোগৰ আন এটা ৰূপ সমানেই অপৰিহাৰ্য্য— সেয়া হৈছে সাংস্কৃতিক সংযোগ। বিগত ১১ বছৰত উত্তৰ-পূৰ্বাঞ্চলৰ উন্নয়ন সাধনৰ সমান্তৰালকৈ দেশখনত সাংস্কৃতিক সংযোগত উল্লেখযোগ্য গুৰুত্ব আৰোপ কৰা হৈছে বুলি তেখেতে ইয়াক এক নিৰন্তৰ অভিযান বুলি অভিহিত কৰে। তেখেতে উল্লেখ কৰে যে আজিৰ অনুষ্ঠানে এই অভিযানৰ আভাস দাঙি ধৰিছে। প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে শেহতীয়াকৈ ৰাষ্ট্ৰীয় পৰ্য্যায়ত বীৰ লাচিত বৰফুকনৰ ৪০০ সংখ্যক জন্ম জয়ন্তী উদযাপন কৰা হৈছিল। তেখেতে কয় যে স্বাধীনতা সংগ্ৰামৰ সময়ত অসম আৰু উত্তৰ-পূৰ্বাঞ্চলৰ একাধিক বীৰ সংগ্ৰামীয়ে সৰ্বস্ব ত্যাগ স্বীকাৰ কৰিছিল। তেখেতে আৰু কয় যে আজাদী কা অমৃত মহোৎসৱৰ সময়ছোৱাত চৰকাৰে উত্তৰ-পূবৰ এইসকল স্বাধীনতা সংগ্ৰামীৰ উত্তৰাধিকাৰ আৰু ইতিহাসক পুনৰুজ্জীৱিত কৰি তুলিছিল। শ্ৰী মোদীয়ে কয় যে আজি সমগ্ৰ ৰাষ্ট্ৰ অসমৰ ইতিহাস আৰু ইয়াৰ অৱদানৰ সৈতে পৰিচিত হৈ পৰিছে। শেহতীয়াকৈ দিল্লীত অষ্টলক্ষ্মী মহোৎসৱৰ আয়োজন কৰা হৈছিল বুলি উল্লেখেৰে শ্ৰী মোদীয়ে দৃঢ়তাৰে কয় যে সেই অনুষ্ঠানতো অসমৰ শক্তি আৰু সামৰ্থ্য বিশিষ্টভাৱে প্ৰদৰ্শিত হৈছিল।

 

যিকোনো পৰিস্থিতি নিৰ্বিশেষে অসমে ৰাষ্ট্ৰৰ গৌৰৱক সদায় মূৰ্ত কৰি আহিছে বুলি উল্লেখেৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে ভূপেন দাৰ গীততো এই মনোভাৱৰেই প্ৰতিফলন ঘটিছিল। তেখেতে কয় কয় যে ১৯৬২-ৰ যুদ্ধৰ সময়ত অসম প্ৰত্যক্ষভাৱে সংঘাতৰ সাক্ষী হৈ পৰিছিল আৰু সেই সময়তে ভূপেনদাই তেওঁৰ সংগীতৰ জৰিয়তে ৰাষ্ট্ৰৰ সংকল্পক দৃঢ় কৰিছিল। শ্ৰী মোদীয়ে সেই সময়ত ভূপেন দাই লিখা এটি গীতৰ কলি আওৰাই, যিটো গীতে ভাৰতৰ জনসাধাৰণৰ মাজত নতুন শক্তিৰ সঞ্চাৰ কৰিছিল।

ভাৰতৰ জনসাধাৰণৰ মনোভাৱ আৰু সংকল্প দৃঢ় আৰু অদম্য হৈ আছে বুলি উল্লেখেৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে অপাৰেচন সিন্দূৰৰ সময়তো এই মনোভাৱ স্পষ্টকৈ দেখা গৈছিল। তেখেতে কয় যে ভাৰতে পাকিস্তানৰ সন্ত্ৰাসবাদীৰ উদ্দেশ্যৰ প্ৰতি নিৰ্ণায়ক সঁহাৰি জনাইছিল আৰু ৰাষ্ট্ৰখনৰ সামৰ্থ্যৰ কথা সমগ্ৰ বিশ্বতে প্ৰতিধ্বনিত হৈছিল। ৰাষ্ট্ৰৰ প্ৰতিটো শত্ৰুৰে যে নিস্তাৰ নাই, সেই কথা ভাৰতে প্ৰদৰ্শন কৰিছে বুলি দৃঢ়তাৰে উল্লেখেৰে শ্ৰী মোদীয়ে কয়, “নৱ্য ভাৰতে কেতিয়াও ইয়াৰ নিৰাপত্তা বা মৰ্য্যাদাক লৈ আপোচ নকৰে।”

প্ৰধানমন্ত্ৰীগৰাকীয়ে অসমৰ সংস্কৃতিৰ প্ৰতিটো মাত্ৰা উল্লেখযোগ্য আৰু অসাধাৰণ বুলি কয়। তেখেতে উল্লেখ কৰে যে অসমৰ সংস্কৃতি, মৰ্য্যাদা, গৌৰৱো অসীম সম্ভাৱনাৰ উৎস। তেখেতে অসমৰ পৰম্পৰাগত সাজ-পোছাক, খাদ্যাভাস, পৰ্যটন আৰু ইয়াত উৎপাদিত সামগ্ৰীক চহকী ঐতিহ্য আৰু সুযোগৰ ক্ষেত্ৰ হিচাপে উল্লেখ কৰে। এই উপাদানসমূহক কেৱল ভাৰতৰ ভিতৰতে নহয়, বৰঞ্চ সমগ্ৰ বিশ্বতে স্বীকৃতি প্ৰদানৰ প্ৰয়োজনীয়তাত গুৰুত্ব আৰোপ কৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে। তেখেতে গৌৰৱেৰে উল্লেখ কৰে যে তেখেতে ব্যক্তিগতভাৱে অসমৰ গামোচাৰ ব্ৰেণ্ডিঙৰ প্ৰচাৰ কৰি আহিছে। তেখেতে লগতে কয় যে অসমৰ প্ৰতিটো সামগ্ৰীকে বিশ্বৰ প্ৰতিটো প্ৰান্তলৈকৈ লৈ যাব লাগিব।

“ভূপেন দাই ওৰেটো জীৱন ৰাষ্ট্ৰৰ লক্ষ্যৰ প্ৰতি উৎসৰ্গা কৰিছিল” বুলি উল্লেখেৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে ভূপেন দাৰ জন্ম শতবাৰ্ষিকী বৰ্ষ উপলক্ষে আমি দেশৰ আত্ম-নিৰ্ভৰতা অক্ষুণ্ণ ৰখাৰ সংকল্প গ্ৰহণ কৰিব লাগিব। তেখেতে অসমৰ ভ্ৰাতৃ-ভগ্নীসকলক “ভকেল ফৰ লোকেল” অভিযানৰ একো-একোগৰাকী অগ্ৰদূত হ’বলৈ আহ্বান জনায়। থলুৱা সামগ্ৰীৰাজিৰ প্ৰতি গৌৰৱ কৰাৰ প্ৰয়োজনীয়তাত গুৰুত্ব আৰোপেৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে সকলোকে কেৱল স্থানীয় সামগ্ৰী ক্ৰয়-বিক্ৰয় কৰিবলৈ আহ্বান জনায়। তেখেতে উল্লেখ কৰে যে আমি এই অভিযানসমূহক যিমানেই ত্বৰান্বিত কৰিম, সিমান সোনকালেই এখনি উন্নত ভাৰতৰ সপোন পৰিপূৰণ হ’ব।

 

ভূপেন দাই মাত্ৰ ১৩ বছৰ বয়সতেই গীত ৰচনা কৰিছিল বুলি উল্লেখেৰে শ্ৰী মোদীয়ে কয় যে এই গীতটোতে ভূপেন দাই নিজকে ফিৰিঙতি হিচাপে গণ্য কৰি এখনি নতুন ভাৰত গঢ়াৰ সংকল্প গ্ৰহণ কৰিছিল। তেখেতে প্ৰতিগৰাকী নিপীড়িত আৰু বঞ্চিত ব্যক্তিয়ে নিজৰ প্ৰাপ্য পুনৰ লাভ কৰা এখনি ৰাষ্ট্ৰৰ কল্পনা কৰিছিল। প্ৰধানমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে যে ভূপেনদাই তেতিয়া দেখা এখনি নতুন ভাৰতৰ সপোনটো এতিয়া ৰাষ্ট্ৰখনৰ সামূহিক সংকল্প হৈ পৰিছে। তেখেতে সকলোকে এই অংগীকাৰেৰে নিজকে সংপৃক্ত কৰিবলৈ আহ্বান জনায়। এয়া হৈছে ২০৪৭-ৰ ভিতৰত এখনি উন্নত ভাৰতৰ লক্ষ্যক প্ৰতিটো প্ৰচেষ্টা আৰু প্ৰতিটো সংকল্পৰ কেন্দ্ৰবিন্দু কৰি ৰখাৰ সময় বুলি উল্লেখেৰে শ্ৰী মোদীয়ে কয় যে এই অভিযানতো ভূপেন দাৰ গীত আৰু তেওঁৰ জীৱনে প্ৰেৰণা যোগাইছে। এই সংকল্পসমূহে ভূপেন হাজৰিকা ডাঙৰীয়াৰ সপোন পূৰণ কৰিব বুলি উল্লেখেৰে ভূপেন দাৰ জন্ম শতবাৰ্ষিকী উপলক্ষে পুনৰবাৰ সকলো নাগৰিকলৈ শুভেচ্ছা জ্ঞাপনেৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে তেখেতৰ ভাষণৰ সামৰণি মাৰে।

এই কাৰ্য্যসূচীত অসমৰ ৰাজ্যপাল শ্ৰী লক্ষ্মণ প্ৰসাদ আচাৰ্য্য, অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা, অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী শ্ৰী পেমা খাণ্ডু, কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী সৰ্বানন্দ সোণোৱালকে প্ৰমুখ্য কৰি বিশিষ্ট ব্যক্তিসকলে অংশগ্ৰহণ কৰে।

পটভূমি

প্ৰধানমন্ত্ৰীয়ে গুৱাহাটীত আয়োজিত ভাৰত ৰত্ন ডঃ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী উদযাপন কাৰ্য্যসূচীত অংশগ্ৰহণ কৰে। এই উদযাপনেৰে অসমীয়া সংগীত, সাহিত্য আৰু সংস্কৃতিৰ মহীৰূহ ডঃ হাজৰিকাৰ জীৱন-পৰিক্ৰমা আৰু উত্তৰাধিকাৰক সন্মান জনোৱা হয়।

 

সম্পূৰ্ণ ভাষণ পঢ়িবলৈ ইয়াত ক্লিক কৰক

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India’s Agricultural Transformation: How India’s Agri sector transformed over the last decade

Media Coverage

India’s Agricultural Transformation: How India’s Agri sector transformed over the last decade
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister expresses grief over the mishap at the Visakhapatnam Steel Plant
June 08, 2026
PM announces ex-gratia from PMNRF

Prime Minister Shri Narendra Modi today expressed sadness over the mishap at the Visakhapatnam Steel Plant. The Prime Minister extended his condolences to those who have lost their loved ones and prayed that the injured recover at the earliest. He noted that the local authorities are providing all possible assistance to those affected.

Shri Modi announced that an ex-gratia of Rs. 2 lakh from the Prime Minister's National Relief Fund (PMNRF) would be given to the next of kin of each deceased. The Prime Minister added that the injured would be given Rs. 50,000.

The Prime Minister posted on X:

"Saddened by the mishap at the Visakhapatnam Steel Plant. Condolences to those who have lost their loved ones. Praying that the injured recover at the earliest. The local authorities are providing all possible assistance to those affected.

An ex-gratia of Rs. 2 lakh from PMNRF would be given to the next of kin of each deceased. The injured would be given Rs. 50,000: PM @narendramodi"