প্ৰধানমন্ত্ৰীয়ে ছিকিমৰ একাধিক উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন, উদ্বোধন কৰে ছিকিম হৈছে দেশৰ গৌৰৱঃ প্ৰধানমন্ত্ৰী
যোৱা দশকত আমাৰ চৰকাৰে উত্তৰ-পূৰ্বাঞ্চলক ভাৰতৰ উন্নয়ন যাত্ৰাৰ কেন্দ্ৰত ৰাখিছেঃ প্ৰধানমন্ত্ৰী
আমি ‘এক্ট ফাষ্ট’ৰ মনোভাৱেৰে ‘এক্ট ইষ্ট’ নীতিক আগুৱাই নিছোঁঃ প্ৰধানমন্ত্ৰী
ছিকিম আৰু সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলে ভাৰতৰ প্ৰগতিৰ এক উজ্জ্বল অধ্যায় হিচাপে আত্মপ্ৰকাশ কৰিছেঃ প্ৰধানমন্ত্ৰী
আমি ছিকিমক বিশ্ব পৰ্যটন স্থলী হিচাপে গঢ়ি তোলাৰ প্ৰয়াস কৰিছোঁঃ প্ৰধানমন্ত্ৰী
আগন্তুক বছৰসমূহত ভাৰত বৈশ্বিক ক্ৰীড়া মহাশক্তি হিচাপে আত্মপ্ৰকাশ কৰিবলৈ সাজু হৈছে, উত্তৰ-পূব আৰু ছিকিমৰ যুৱ শক্তিয়ে এই সপোন বাস্তৱায়িতকৰণত এটি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিবঃ প্ৰধানমন্ত্ৰী
আমাৰ সপোন হৈছে ছিকিমক কেৱল ভাৰতৰ বাবেই নহয়, বৰঞ্চ সমগ্ৰ বিশ্বৰ এখন গ্ৰীন মডেল ৰাজ্য হিচাপে গঢ়ি তোলাঃ প্ৰধানমন্ত্ৰী
তেখেতে ছিকিমৰ চহকী সংস্কৃতি আৰু সমৃদ্ধিৰ দিশত ৰাজ্যখনৰ প্ৰতিখন সমাজৰে অৱদানক স্বীকৃতি জনায়

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি গেংটকত ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে ‘ছিকিম@৫০’ কাৰ্য্যসূচী সম্বোধন কৰে। এই কাৰ্য্যসূচীৰ বিষয়বস্তু হৈছে ‘প্ৰগতিৰে উদ্দেশ্যৰ মিলন আৰু প্ৰকৃতিৰ বিকাশক চালিতকৰণ’। ইয়াত ভাষণ প্ৰদানেৰে তেখেতে ছিকিমৰ প্ৰতিষ্ঠাৰ সোণালী জয়ন্তী উপলক্ষে ছিকিমৰ ৰাইজক সম্ভাষণ জনায়। তেখেতে ইয়াকে লৈ ৰাইজৰ উৎসাহ-উদ্দীপনাক ওচৰৰপৰা প্ৰত্যক্ষ কৰিব বিচাৰিছিল যদিও প্ৰতিকূল বতৰৰ বাবে এই কাৰ্য্যসূচীত ভাগ ল’ব নোৱাৰিলে বুলিও কয়। তেখেতে অদূৰ ভৱিষ্যতে ছিকিম ভ্ৰমণেৰে ৰাজ্যখনৰ কৃতিত্বৰাজি প্ৰত্যক্ষৰে ইয়াৰ উদযাপনত অংশগ্ৰহণ কৰিব বুলি অংগীকাৰ কৰে। প্ৰধানমন্ত্ৰীগৰাকীয়ে আজি ৰাজ্যখনৰ বিগত ৫০ বছৰৰ কৃতিত্বৰাজি উদযাপনৰ উপলক্ষ বুলি বক্তব্য প্ৰদানেৰে ছিকিমৰ মুখ্যমন্ত্ৰী আৰু তেওঁৰ টীমক এই বৃহৎ অনুষ্ঠানক স্মৰণীয় কৰি তোলাৰ বাবে প্ৰশংসা কৰে। তেখেতে পুনৰবাৰ ছিকিমৰ জনসাধাৰণক ৰাজ্য প্ৰতিষ্ঠাৰ সোণালী জয়ন্তীৰ শুভেচ্ছা জনায়।

“৫০ বছৰ পূৰ্বেই ছিকিমে ৰাজ্যখনৰ গণতান্ত্ৰিক ভৱিষ্যতৰ ভেটি স্থাপন কৰিছিল। ভাৰতৰ ভূগোলৰ সৈতেও ছিকিমৰ জনসাধাৰণে কেৱল সংযোগ স্থাপনেই নহয়, বৰঞ্চ ইয়াৰ আত্মাৰ সৈতেও সংযোগ স্থাপন কৰিছিল” বুলি উল্লেখেৰে শ্ৰী মোদীয়ে কয় যে প্ৰতিজন লোকৰে কণ্ঠ শুনা আৰু অধিকাৰ সুৰক্ষিত হোৱা মাত্ৰেকে উন্নয়নৰ সম-সুযোগৰ উন্মেষ ঘটিব। তেখেতে কয় যে আজি ছিকিমৰ প্ৰতিটো পৰিয়ালৰ আস্থা অধিক গভীৰ হৈ পৰিছে। শ্ৰী মোদীয়ে কয় যে ছিকিমৰ উল্লেখযোগ্য অগ্ৰগতিক লৈ এই আস্থাৰ ফল দেশখনে প্ৰত্যক্ষ কৰিছে। “ছিকিম হৈছে ৰাষ্ট্ৰৰ গৌৰৱ” বুলি ঘোষণাৰে তেখেতে কয় যে বিগত ৫০ বছৰত ছিকিম প্ৰকৃতিৰ সমান্তৰালভাৱে প্ৰগতিৰ আৰ্হি হৈ পৰিছে। ৰাজ্যখন জৈৱ-বৈচিত্ৰ্যৰ এক বিশাল ভূমিলৈ ৰূপান্তৰিত হৈছে, ১০০% জৈৱিক ৰাজ্যৰ মৰ্য্যাদা লাভ কৰিছে, সাংস্কৃতিক আৰু ঐতিহ্য সমৃদ্ধিৰ প্ৰতীক হিচাপে আত্মপ্ৰকাশ কৰিছে। শ্ৰী মোদীয়ে কয় যে আজি দেশৰ ভিতৰতে সৰ্বাধিক জনমূৰি আয় সম্পন্ন ৰাজ্যসমূহৰ ভিতৰত ছিকিম অন্যতম। এই কৃতিত্বৰাজিয়ে ছিকিমৰ জনসাধাৰণৰ সামৰ্থ্যৰ সাক্ষ্য বহন কৰিছে বুলি তেখেতে দৃঢ়তাৰে কয়। তেখেতে ছিকিমৰ চহকী সংস্কৃতি আৰু সমৃদ্ধিৰ দিশত ৰাজ্যখনৰ প্ৰতিখন সমাজৰে অৱদানক স্বীকৃতি জনায়।

 

২০১৪-ৰ পৰা তেখেতৰ চৰকাৰে সবকা সাথ, সবকা বিকাশ—সকলোৰে উন্নয়ন, সকলোৰে সহযোগিতাৰ নীতি অনুসৰণ কৰি আহিছে বুলি উল্লেখেৰে কয় যে এখনি উন্নত ভাৰতৰ বাবে সুষম উন্নয়নৰ প্ৰয়োজন, যাতে কোনো অঞ্চল পিছ পৰি নাথাকে। “ভাৰতৰ প্ৰতিখন ৰাজ্য আৰু অঞ্চলৰ নিজস্ব সুকীয়া শক্তি আছে, এই দৃষ্টিভংগীৰে চৰকাৰে বিগত দশকত উত্তৰ-পূবক উন্নয়নৰ কেন্দ্ৰবিন্দু হিচাপে গণ্য কৰিছে” বুলি উল্লেখেৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়, “চৰকাৰে ‘এক্ট ফাষ্ট’ৰ মনোভাৱেৰে ‘এক্ট ইষ্ট’ নীতিক নিছে।”

অলপতে দিল্লীত অনুষ্ঠিত উত্তৰ-পূব বিনিয়োগ সন্মিলনৰ কথা উল্লেখেৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে এই অনুষ্ঠানত আগশাৰীৰ উদ্যোগপতি আৰু বিনিয়োগকাৰীসকলে অংশগ্ৰহণ কৰিছিল, তেওঁলোকে ছিকিমকে প্ৰমুখ্য কৰি সমগ্ৰ উত্তৰ-পূবত উল্লেখযোগ্য বিনিয়োগৰ কথা ঘোষণা কৰিছিল। তেখেতে কয় যে আগন্তুক বছৰসমূহত ইয়াৰ জৰিয়তে ছিকিম আৰু উত্তৰ-পূৰ্বাঞ্চলৰ যুৱক-যুৱতীসকলৰ বাবে অসংখ্য কৰ্মসংস্থাপনৰ সুযোগৰ সৃষ্টি হ’ব।

“আজিৰ কাৰ্য্যসূচীয়ে ছিকিমৰ আগন্তুক যাত্ৰাৰ আভাস দাঙি ধৰিছে” বুলি উল্লেখেৰে শ্ৰী মোদীয়ে কয় যে আজি ছিকিমৰ উন্নয়ন সাধনেৰে জড়িত একাধিক প্ৰকল্প উদ্বোধন কৰা হৈছে তথা আধাৰশিলা স্থাপন কৰা হৈছে। তেখেতে কয় যে এই প্ৰকল্পসমূহে অঞ্চলটোৰ স্বাস্থ্যসেৱা, পৰ্যটন, সাংস্কৃতিক আৰু ক্ৰীড়াৰ সুবিধাসমূহৰ বৰ্ধন ঘটাব। এই প্ৰকল্পসমূহৰ সফল আৰম্ভণিৰ বাবে তেখেতে সকলোকে আন্তৰিক অভিনন্দন জনায়।

“ছিকিমকে প্ৰমুখ্য কৰি সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চল ভাৰতৰ উন্নয়নৰ কাহিনীৰ এক উজ্জ্বল অধ্যায় হৈ পৰিছে” বুলি উল্লেখেৰে শ্ৰী মোদীয়ে কয় যে এসময়ত দিল্লীৰপৰা দূৰত্বই ইয়াৰ প্ৰগতিৰ ক্ষেত্ৰত বাধাৰ সৃষ্টি কৰিছিল, সেই একেটা অঞ্চলেই এতিয়া সুযোগৰ নতুন দুৱাৰ মুকলি কৰিছে। তেখেতে কয় যে এনে পৰিৱৰ্তনৰ উল্লেখযোগ্য কাৰকটো হৈছে যোগাযোগ ব্যৱস্থাৰ অগ্ৰগতি সাধন, যি পৰিৱৰ্তন ছিকিমৰ জনসাধাৰণে প্ৰত্যক্ষ কৰিছে। প্ৰধানমন্ত্ৰীগৰাকীয়ে আৰু কয় যে পূৰ্বে ৰাজ্যখনত শিক্ষা, স্বাস্থ্যসেৱা, কৰ্মসংস্থাপনৰ বাবে অহা-যোৱাত প্ৰত্যাহ্বানে দেখা দিছিল। অৱশ্যে বিগত দশকত এনে পৰিস্থিতিৰ যথেষ্ট পৰিৱৰ্তন হোৱা বুলি তেখেতে উল্লেখ কৰে। তেখেতে কয় যে উক্ত সময়ছোৱাত ছিকিমত প্ৰায় ৪০০ কিলোমিটাৰ দৈৰ্ঘ্যৰ নতুন ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণ কৰা হৈছে। গাঁৱে-ভূঞে শ-শ কিলোমিটাৰ নতুন পথ নিৰ্মাণ কৰা হৈছে। অটল সেতু নিৰ্মাণে দাৰ্জিলিঙৰ সৈতে ছিকিমৰ যোগাযোগ ব্যৱস্থাৰ বৰ্ধন ঘটাইছে বুলি উল্লেখেৰে শ্ৰী মোদীয়ে কয় যে ছিকিমক কালিম্পঙৰ সৈতে সংযোগ কৰা পথটোৰ কাম দ্ৰুতগতিত আগবাঢ়িছে। তেখেতে লগতে কয় যে বাগডোগ্ৰা-গেংটক এক্সপ্ৰেছৱে’ই ছিকিমলৈ অহা-যোৱা কৰা কাৰ্য্য বহুখিনি সহজ কৰি তুলিব। তেখেতে আৰু কয় যে এই এক্সপ্ৰেছৱে’ক গোৰখপুৰ-শিলিগুড়ি এক্সপ্ৰেছৱে’ৰ সৈতে সংযোগেৰে অঞ্চলটোৰ আন্তঃগাঁথনিক অধিক সুদৃঢ়কৰণৰ পৰিকল্পনা কৰা হৈছে।

 

উত্তৰ-পূবৰ সকলো ৰাজ্যৰে ৰাজধানী চহৰসমূহক ৰেল নেটৱৰ্কৰে সংযোগকৰণৰ প্ৰচেষ্টা দ্ৰুতগতিত আগবাঢ়িছে বুলি উল্লেখেৰে শ্ৰী মোদীয়ে কয় যে চেভোকে-ৰংপো ৰেল লাইনে ছিকিমক ৰাষ্ট্ৰীয় ৰেল নেটৱৰ্কৰে একত্ৰিত কৰিব। তেখেতে কয় যে পথ নিৰ্মাণ কৰিব নোৱাৰা অঞ্চলত বিকল্প হিচাপে ৰ’পৱে’ স্থাপন কৰা হৈছে। শ্ৰী মোদীয়ে লগতে উল্লেখ কৰে যে আজি কেইবাটাও ৰ’পৱে’ প্ৰকল্প উদ্বোধন কৰা হৈছে, ইয়াৰ ফলশ্ৰুতিত ছিকিমৰ জনসাধাৰণৰ সুবিধাৰ অধিক বৰ্ধন ঘটিব। তেখেতে কয় যে বিগত দশকত ভাৰতে নতুন সংকল্পৰে আগবাঢ়িছে আৰু স্বাস্থ্যসেৱাৰ অগ্ৰগতি সাধনত অগ্ৰাধিকাৰ প্ৰদান কৰি অহা হৈছে। তেখেতে কয় যে যোৱা ১০-১১ বছৰত প্ৰতিখন ৰাজ্যতে একাধিক চিকিৎসালয় স্থাপন কৰা হৈছে। শ্ৰী মোদীয়ে আৰু দেশজুৰি এইমছ আৰু চিকিৎসা মহাবিদ্যালয়সমূহৰ উল্লেখযোগ্য সম্প্ৰসাৰণত আলোকপাতেৰে ৫০০ বিছনাযুক্ত এখন চিকিৎসালয় ছিকিমৰ জনসাধাৰণৰ বাবে উৎসৰ্গাৰ কথা ঘোষণাৰে ইয়াৰ জৰিয়তে অতিশয় দৰিদ্ৰ পৰিয়ালসমূহৰ বাবেও গুণগত স্বাস্থ্যসেৱা সুনিশ্চিত কৰা হৈছে বুলি কয়।

প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে চৰকাৰে চিকিৎসালয় নিৰ্মাণত গুৰুত্ব আৰোপৰ সমান্তৰালকৈ সুলভ আৰু উচ্চমানৰ স্বাস্থ্যসেৱা প্ৰদানো নিশ্চিত কৰিছে। তেখেতে কয় যে আয়ুষ্মান ভাৰত আঁচনিৰ অধীনত ছিকিমৰ ২৫ হাজাৰৰো অধিক লোকে বিনামূলীয়া চিকিৎসা সেৱা লাভ কৰিছে। তেখেতে কয় যে সমগ্ৰ দেশৰে ৭০ বছৰ আৰু ইয়াৰ উৰ্ধ সকলো জ্যেষ্ঠ নাগৰিকে এতিয়া ৫ লাখ টকা পৰ্য্যন্ত বিনামূলীয়া চিকিৎসা সেৱা লাভ কৰিছে। তেখেতে আৰু কয় যে ছিকিমৰ পৰিয়ালসমূহে আৰু তেওঁলোকৰ বয়োজ্যেষ্ঠ সদস্যসকলৰ স্বাস্থ্যসেৱা লাভৰ বাবে চিন্তা কৰিব নালাগে, কিয়নো তেওঁলোকৰ চিকিৎসাৰ যত্ন চৰকাৰে গ্ৰহণ কৰিব।

“এখনি উন্নত ভাৰতৰ ভেটি চাৰিটা শক্তিশালী স্তম্ভৰ ওপৰত নিৰ্ভৰশীল— যথাঃ দৰিদ্ৰ, কৃষক, মহিলা আৰু যুৱক-যুৱতীসকলক সবলীকৰণ” বুলি উল্লেখেৰে শ্ৰী মোদীয়ে কয় যে দেশখনে এই স্তম্ভসমূহক অহৰহভাৱে সুদৃঢ় কৰি তুলিছে। তেখেতে ছিকিমৰ কৃষকসকলক প্ৰশংসাৰে ভাৰতৰ কৃষি খণ্ডৰ অগ্ৰগতি সাধনৰ ক্ষেত্ৰত তেওঁলোকৰ উল্লেখযোগ্য অৱদানক স্বীকাৰ কৰে। “কৃষি উন্নয়নৰ নতুন ঢৌত ছিকিম আগবাঢ়ি আছে” বুলি উল্লেখেৰে ছিকিমৰ পৰা জৈৱিক সামগ্ৰীৰ ৰপ্তানি বৃদ্ধি পোৱাত গুৰুত্ব আৰোপ কৰে শ্ৰী মোদীয়ে। তেখেতে কয় যে শেহতীয়াকৈ ছিকিমৰ পৰা বিখ্যাত দলে খুৰছানী চিলি পোন-প্ৰথমবাৰৰ বাবে ৰপ্তানি কৰা হৈছে আৰু ২০২৫-ৰ মাৰ্চত ইয়াৰ প্ৰথমটো চালান বিদেশলৈ প্ৰেৰণ কৰা হৈছে। শ্ৰী মোদীয়ে কয় যে অনাগত বছৰসমূহত ছিকিমৰ পৰা অধিক সামগ্ৰী বিশ্বজুৰি ৰপ্তানি কৰা হ’ব। তেখেতে দৃঢ়তাৰে কয় যে কেন্দ্ৰীয় চৰকাৰে ৰাজ্য চৰকাৰৰ সৈতে সমন্বয়ৰে এই প্ৰচেষ্টাসমূহলৈ সমৰ্থন আগবঢ়াই আহিছে।

কেন্দ্ৰীয় চৰকাৰে ছিকিমৰ জৈৱিক ভাণ্ডাৰক অধিক সমৃদ্ধকৰণৰ বাবে আন এক পদক্ষেপ গ্ৰহণ কৰা বুলি উল্লেখেৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে ছ’ৰেং জিলাত দেশৰ প্ৰথমটো জৈৱিক মীন ক্লাষ্টাৰ স্থাপন কৰা হৈছে। তেখেতে উল্লেখ কৰে যে এই পদক্ষেপে ছিকিমক ৰাষ্ট্ৰীয় আৰু বিশ্ব উভয় পৰ্য্যায়তে এক নতুন পৰিচয় প্ৰদান কৰিব। জৈৱিক কৃষিৰ সমান্তৰালকৈ ছিকিমে এতিয়া জৈৱিক মৎস্য পালনৰ ক্ষেত্ৰতো স্বীকৃতি লাভ কৰিব বুলি উল্লেখেৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে জৈৱিক মাছ আৰু মাছজাতীয় সামগ্ৰীৰ বৈশ্বিক চাহিদা উল্লেখযোগ্য। তেখেতে কয় যে এই উন্নয়নে ছিকিমৰ যুৱক-যুৱতীসকলৰ বাবে মীন খণ্ডত নতুন সুযোগৰ দুৱাৰ মুকলি কৰিব।

 

শেহতীয়াকৈ দিল্লীত অনুষ্ঠিত নিটি আয়োগ গভৰ্নিং কাউন্সিলৰ বৈঠকত প্ৰতিখন ৰাজ্যই আন্তঃৰাষ্ট্ৰীয় স্বীকৃতি লাভ কৰা পৰ্যটন স্থলী গঢ়ি তোলাৰ প্ৰয়োজনীয়তাত গুৰুত্ব আৰোপেৰে শ্ৰী মোদীয়ে কয় যে ছিকিম কেৱল পাহাৰীয়া ৰাজ্য হোৱাৰ বাহিৰেও ইয়াৰ বিকশিত হোৱাৰ সময় আহি পৰিছে আৰু নিজকে বৈশ্বিক পৰ্যটন স্থলী হিচাপে প্ৰতিষ্ঠাৰ সময় সমাগত। “ছিকিমৰ সম্ভাৱনাৰাজি অতুলনীয়, ইয়াত পৰ্যটনৰ সম্পূৰ্ণ সমল বিদ্যমান” বুলি উল্লেখেৰে তেখেতে কয় যে ছিকিমত প্ৰাকৃতিক সৌন্দৰ্য্য আৰু আধ্যাত্মিকতা উভয়েই বিদ্যমান হোৱাৰ লগতে হ্ৰদ, জলপ্ৰপাত, পাহাৰ আৰু দিব্য বৌদ্ধ মঠৰ ভূমি। শ্ৰী মোদীয়ে কয় যে ইউনেস্ক’ৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাঞ্চনজংঘা ৰাষ্ট্ৰীয় উদ্যান এনে এক ঐতিহ্য যিয়ে কেৱল ভাৰতকে নহয়, সমগ্ৰ বিশ্ববাসীকে গৌৰৱৰ মনোভাৱেৰে ভৰাই তোলে। তেখেতে কয় যে আজি নতুন স্কাইৱাক নিৰ্মাণ কৰা হৈছে, সোণালী জয়ন্তী প্ৰকল্প উদ্বোধন কৰা হৈছে আৰু অটল বিহাৰী বাজপেয়ীৰ প্ৰতিমূৰ্তি উন্মোচন কৰা হৈছে, এই সকলোবোৰ প্ৰকল্প হৈছে ছিকিমৰ নতুন প্ৰগতিৰ প্ৰতীক।

“ছিকিমত দুঃসাহসিক ক্ৰীড়া আৰু ক্ৰীড়া পৰ্যটনৰ অসীম সম্ভাৱনা আছে” বুলি উল্লেখেৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে ট্ৰেকিং, মাউন্টেইন বাইকিং আৰু অধিক-উচ্চতাৰ প্ৰশিক্ষণৰ দৰে কাৰ্য্যকলাপে অঞ্চলটোক লাভান্বিত কৰিব। তেখেতে কয় যে ছিকিমক কনফাৰেন্স পৰ্যটন, সুস্থতা পৰ্যটন আৰু কনচাৰ্ট পৰ্যটনৰ কেন্দ্ৰ হিচাপে প্ৰতিষ্ঠাৰ পৰিকল্পনা কৰা হৈছে। সোণালী জয়ন্তী অধিৱেশন কেন্দ্ৰ এই ভৱিষ্যৎ প্ৰস্তুতিৰ এক গুৰুত্বপূৰ্ণ অংগ বুলি উল্লেখেৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে বিশ্বৰ প্ৰখ্যাত শিল্পীসকলে গেংটকৰ লোকেচনত পৰিবেশনৰ আকাংক্ষা প্ৰকাশ কৰে আৰু ছিকিমে প্ৰকৃতি তথা সংস্কৃতিৰ সমন্বয়ক নিখুঁতভাৱে মূৰ্ত কৰি তুলিছে বুলি কয়।

জি-২০ সন্মিলনৰ বৈঠকসমূহ উত্তৰ-পূবত অনুষ্ঠিত কৰা কাৰ্য্য অঞ্চলটোৰ সম্ভাৱনাক বিশ্বৰ আগত প্ৰদৰ্শনৰ দিশত এক পদক্ষেপ বুলি উল্লেখেৰে শ্ৰী মোদীয়ে ছিকিম চৰকাৰে এই দৃষ্টিভংগীক দ্ৰুতগতিত বাস্তৱায়িত কৰাক লৈ সন্তুষ্টি প্ৰকাশ কৰে। তেখেতে কয় যে ভাৰত এতিয়া বিশ্বৰ এক প্ৰধান অৰ্থনৈতিক শক্তি আৰু ক্ৰীড়া মহাশক্তি হোৱাৰ পথত আগবাঢ়িছে। এই সপোন পূৰণৰ ক্ষেত্ৰত উত্তৰ-পূৰ্বাঞ্চলৰ বিশেষকৈ ছিকিমৰ যুৱক-যুৱতীসকলে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব বুলি তেখেতে কয়। ফুটবলৰ কিংবদন্তি বাইচুং ভূটীয়া, অলিম্পিয়ান তৰুণদীপ ৰায়, খেলুৱৈ জছলাল প্ৰধানৰ দৰে ব্যক্তিত্বৰ কথা উল্লেখেৰে শ্ৰী মোদীয়ে ছিকিমৰ চহকী ক্ৰীড়া উত্তৰাধিকাৰৰ কথা ব্যক্ত কৰে। তেখেতে এনে এক ভৱিষ্যতৰ কল্পনা কৰে, য’ত ছিকিমৰ প্ৰতিখন গাঁও আৰু চহৰে এজন নতুন চেম্পিয়নক জন্ম দিব। “ক্ৰীড়া কেৱল অংশগ্ৰহণৰ বিষয় নহয়, বৰঞ্চ দৃঢ়তাৰে জয়ী হোৱা উচিত” বুলি উল্লেখেৰে গেংটকৰ নতুন ক্ৰীড়া কমপ্লেক্স ভৱিষ্যতৰ চেম্পিয়নসকলৰ বাবে প্ৰশিক্ষণ ক্ষেত্ৰ হিচাপে পৰিগণিত হ’ব বুলি কয় শ্ৰী মোদীয়ে। তেখেতে কয় যে খেল’ ইণ্ডিয়া আঁচনিৰ অধীনত ছিকিমে বিশেষ গুৰুত্ব লাভ কৰিছে। তেখেতে কয় যে প্ৰতিভাসমূহক চিনাক্তকৰণ, প্ৰশিক্ষণ প্ৰদান, প্ৰযুক্তি আৰু প্ৰতিযোগিতাসমূহত সমৰ্থন আগবঢ়োৱা হৈছে। তেখেতে ছিকিমৰ যুৱক-যুৱতীসকলৰ শক্তি আৰু আবেগে ভাৰতক অলিম্পিকৰ গৌৰৱলৈ আগুৱাই নিব বুলি আশা প্ৰকাশ কৰে।

“ছিকিমৰ জনসাধাৰণে পৰ্যটনৰ শক্তি বুজি পায় আৰু পৰ্যটন কেৱল মনোৰঞ্জনেই নহয়, বৰঞ্চ বৈচিত্ৰ্যৰো উদযাপন” বুলি প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়। পেহেলগামত সংঘটিত আক্ৰমণ কেৱল ভাৰতীয়ৰ ওপৰত আক্ৰমণ নহয়, বৰঞ্চ মানৱতা আৰু ভ্ৰাতৃত্ববোধৰ ওপৰত আক্ৰমণ বুলি উল্লেখেৰে তেখেতে কয় যে সন্ত্ৰাসবাদীয়ে কেৱল বহু পৰিয়ালৰ সুখ কাঢ়ি নিয়াই নহয়, বৰঞ্চ ভাৰতৰ জনসাধাৰণক বিভাজিতকৰণৰো অপচেষ্টা কৰিছিল। “আজি বিশ্বই ভাৰতৰ অভূতপূৰ্ব ঐক্যক প্ৰত্যক্ষ কৰিছে আৰু ৰাষ্ট্ৰখন একত্ৰিত হৈ সন্ত্ৰাসবাদী আৰু সিহঁতৰ সমৰ্থকবোৰলৈ এক স্পষ্ট বাৰ্তা প্ৰেৰণ কৰিছে” বুলি শ্ৰী মোদীয়ে ঘোষণা কৰে। তেখেতে কয় যে সিহঁতে ভাৰতীয় মহিলাসকলৰ কপালৰ পৰা সিন্দূৰ মচি দুখ দিছিল, কিন্তু ভাৰতে অপৰাধীৰ বিৰুদ্ধে অপাৰেচন সিন্দূৰৰ দ্বাৰা ইয়াৰ প্ৰত্যুত্তৰ জনাইছিল। তেখেতে কয় যে সন্ত্ৰাসবাদীৰ ঘাটি ধ্বংসৰ পিছত পাকিস্তানে ভাৰতীয় সাধাৰণ নাগৰিক আৰু জোৱানসকলক লক্ষ্য কৰাৰ অপচেষ্টা চলাইছিল যদিও সেয়া বিফল হৈছিল। শ্ৰী মোদীয়ে কয় যে ভাৰতে ইয়াৰ প্ৰত্যুত্তৰত পাকিস্তানৰ কেইবাটাও বিমানঘাটি ধ্বংস কৰিলে, ইয়াৰ জৰিয়তে ৰাষ্ট্ৰৰ কৌশলগত সামৰ্থ্য প্ৰদৰ্শিত হয়।

 

“ৰাজ্য হিচাপে ছিকিমৰ ৫০ বছৰীয়া যাত্ৰা সকলোৰে বাবে প্ৰেৰণাৰ এক উৎস আৰু ইয়াৰ উন্নয়নৰ যাত্ৰা এতিয়া অধিক ত্বৰান্বিত হ’ব”, শ্ৰী মোদীয়ে কয়। ২০৪৭-ত ভাৰতৰ স্বাধীনতাৰ ১০০ বছৰ আৰু ৰাজ্য হিচাপে ছিকিমৰ ৭৫ বছৰ সম্পূৰ্ণ হ’ব বুলি উল্লেখেৰে তেখেতে এই ক্ষণত ছিকিমখন কেনেকুৱা হ’ব, তাৰ বাবে লক্ষ্য নিৰ্ধাৰণৰ প্ৰয়োজনীয়তাত গুৰুত্ব আৰোপ কৰে। ছিকিমৰ ভৱিষ্যতৰ বাবে ৰূপৰেখা অংকন, পৰিকল্পনা আৰু সময়ে-সময়ে পৰ্য্যালোচনাৰ সামূহিক প্ৰচেষ্টা গ্ৰহণৰ আহ্বান জনাই শ্ৰী মোদীয়ে ছিকিমৰ অৰ্থনীতিৰ অগ্ৰগতি সাধনত গুৰুত্ব আৰোপ কৰে। তেখেতে কয় যে যুৱক-যুৱতীসকলৰ বাবে অধিক সুযোগ সৃষ্টিত বিশেষ গুৰুত্ব প্ৰদান কৰা উচিত। “ছিকিমৰ যুৱ প্ৰজন্ম কেৱল স্থানীয় প্ৰয়োজনীয়তাৰ বাবেই নহয়, বৰঞ্চ বিশ্বৰ চাহিদাৰ বাবেও সাজু হ’ব লাগিব”, বিশ্বজুৰি যুৱক-যুৱতীসকলৰ অধিক চাহিদা থকা খণ্ডসমূহত নতুন দক্ষতা বিকাশৰ সুযোগ স্থাপনৰ প্ৰয়োজনীয়তাত আলোকপাতেৰে শ্ৰী মোদীয়ে এই আহ্বান জনায়।

প্ৰধানমন্ত্ৰীগৰাকীয়ে সকলোকে আগন্তুক ২৫ বছৰত ছিকিমক উন্নয়ন, ঐতিহ্য আৰু বিশ্ব স্বীকৃতিৰ সৰ্বোচ্চ শিখৰলৈ আগুৱাই নিয়াৰ বাবে এক সামূহিক সংকল্প গ্ৰহণ কৰিবলৈ আহ্বান জনায়। “আমাৰ সপোন হৈছে ছিকিমক কেৱল ভাৰতৰ বাবেই নহয়, বৰঞ্চ সমগ্ৰ বিশ্বৰ এখন গ্ৰীন মডেল ৰাজ্য হিচাপে গঢ়ি তোলা” বুলি উল্লেখেৰে ছিকিমৰ প্ৰতিগৰাকী নাগৰিকৰ বাবে এটি সুৰক্ষিত গৃহ নিশ্চিতকৰণৰ লক্ষ্যত গুৰুত্ব আৰোপ কৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে। লগতে তেখেতে প্ৰতিঘৰ গৃহস্থীলৈ সৌৰ-শক্তিচালিত বিদ্যুৎ সংযোগৰ দৃষ্টিভংগীতো আলোকপাত কৰে। “ছিকিমে কৃষি ষ্টাৰ্টআপ আৰু পৰ্যটন ষ্টাৰ্টআপৰ ক্ষেত্ৰত আগশাৰীৰ ৰাজ্য হিচাপে আত্মপ্ৰকাশ কৰিব লাগে আৰু জৈৱিক খাদ্য ৰপ্তানিৰ ক্ষেত্ৰত বিশ্বজুৰি নিজৰ পৰিচয় গঢ়িব লাগে” বুলি শ্ৰী মোদীয়ে কয়। তেখেতে লগতে কয় যে ছিকিম এনে এখনি ৰাজ্য হ’ব লাগে, য’ত প্ৰতিজন নাগৰিকে ডিজিটেল লেনদেনক আকোৱালি লয় আৰু এনে এখন ৰাজ্য হ’ব লাগে, য’ত “ৱাষ্ট টু ৱেল্থ” পদক্ষেপৰ অগ্ৰগতি সাধন হয়। “অহা ২৫ বছৰ এই অভিলাষী লক্ষ্যত উপনীত হোৱা আৰু বিশ্ব মঞ্চত ছিকিমক প্ৰতিষ্ঠাৰ বাবে সমৰ্পিত”, এই মনোভাৱেৰে আগবাঢ়ি যাবলৈ আৰু স্বকীয় চহকী ঐতিহ্যক অক্ষত ৰাখিবলৈ সকলোকে আহ্বান জনাই শ্ৰী মোদীয়ে তেখেতৰ ভাষণৰ সামৰণি মাৰে।

এই কাৰ্য্যসূচীত ছিকিমৰ ৰাজ্যপাল শ্ৰী ওম প্ৰকাশ মাথুৰ, ছিকিমৰ মুখ্যমন্ত্ৰী শ্ৰী প্ৰেম সিং তামাঙকে প্ৰমুখ্য কৰি আন-আন বিশিষ্ট ব্যক্তিসকলে অংশগ্ৰহণ কৰে।

পটভূমি

ৰাজ্য প্ৰতিষ্ঠাৰ ৫০ টা গৌৰৱময় বছৰ উপলক্ষে প্ৰধানমন্ত্ৰীয়ে ছিকিম@৫০ শীৰ্ষক কাৰ্য্যসূচীত অংশগ্ৰহণ কৰে। ছিকিম চৰকাৰে ছিকিমৰ সাংস্কৃতিক সমৃদ্ধি, পৰম্পৰা, প্ৰাকৃতিক সুষমা আৰু ইয়াৰ ইতিহাসৰ সাৰমৰ্ম উদযাপনেৰে বছৰজোৰা কাৰ্য্যসূচীৰ পৰিকল্পনা কৰিছে।

ইয়াৰ উপৰিও প্ৰধানমন্ত্ৰীয়ে ছিকিমত একাধিক উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপনৰ লগতে উদ্বোধন কৰে। প্ৰকল্পসমূহৰ ভিতৰত নামচি জিলাত ৭৫০ কোটিৰো অধিক ব্যয় সাপেক্ষে ৫০০-বিচনাযুক্ত নতুন জিলা চিকিৎসালয়; গিয়ালশ্বিং জিলাৰ পেলিংৰ ছাংগাচোলিঙত পেচেঞ্জাৰ ৰ’পৱে’; গেংটক জিলাৰ সাংখোলাৰ অটল অমৃত উদ্যানত ভাৰত ৰত্ন অটল বিহাৰী বাজপেয়ী জীৰ প্ৰতিমূৰ্তি আদি।

প্ৰধানমন্ত্ৰীগৰাকীয়ে ৰাজ্য প্ৰতিষ্ঠাৰ ৫০ বছৰ উপলক্ষে স্মাৰক মুদ্ৰা আৰু ডাক-টিকটো মুকলি কৰে।

 

সম্পূৰ্ণ ভাষণ পঢ়িবলৈ ইয়াত ক্লিক কৰক

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India’s AI moment: Sarvam turns unicorn at $1.5 billion valuation

Media Coverage

India’s AI moment: Sarvam turns unicorn at $1.5 billion valuation
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Today, the world does not suffer from a shortage of resources; it suffers from a shortage of trust: PM Modi at G7 Summit in Evian, France
June 16, 2026

राष्ट्रपति मैक्रों,
Your Excellencies,

नमस्कार!

G-7 समिट में हमारे गर्मजोशी भरे स्वागत के लिए मैं राष्ट्रपति मैक्रों का हार्दिक आभार व्यक्त करता हूँ।

Friends,

आज का विश्व पहले से कहीं अधिक inter-connected और inter-dependent है। किसी भी देश की ऊर्जा सुरक्षा, खाद्य सुरक्षा, स्वास्थ्य सुरक्षा, साइबर सुरक्षा और आर्थिक समृद्धि केवल उसकी सीमाओं के भीतर तय नहीं होती। Mobility, data, capital, technology, ये सभी हमें आपस में जोड़ते हैं।

ऐसे समय में Partnerships का महत्व स्वाभाविक रूप से बढ़ जाता है। लेकिन साझेदारियाँ तभी सफल होती हैं जब उनके केंद्र में विश्वास हो। आज सबसे महत्वपूर्ण Strategic Asset कोई mineral, technology या market नहीं, बल्कि आपसी विश्वास है।

विश्वास कि टेक्नॉलजी और supply chains को हथियार के रूप में नहीं, global good के लिए इस्तेमाल किया जाएगा। विश्वास कि विकास के अवसर कुछ देशों तक सीमित नहीं रहेंगे। विश्वास कि वैश्विक संस्थान सभी देशों की आकांक्षाओं को पूरा करने में सक्षम होंगे।

Friends,

पिछली सदी में मानवता को दो विश्व युद्धों से गुज़रना पड़ा। अनेक बलिदानों के बाद विश्व समुदाय ने शांति, स्थिरता और समृद्धि की ओर बढ़ने के लिए व्यवस्थाएं विकसित की। इन व्यवस्थाओं का आधार भी trust ही था।

किन्तु अनेक दशकों से, अनेक पीढ़ियों के योगदान से बनाए गए विश्वास को आज चोट पहुँच रही है। कोविड ने हमें आईना दिखाया कि trust और solidarity के दावे कितने खोखले थे।

Today the world does not suffer from a shortage of resources; it suffers from a shortage of trust. And the future of our partnerships depends on building this trust.

अमेरिका के राष्ट्रपति रोनल्ड रेगन ने कहा था: Trust but Verify. यह आज के समय में भी प्रासंगिक है। भावी पीढ़ियों के प्रति हमारा दायित्व है कि हम नए युग के अनुरूप trusted rules based order का निर्माण करें।

Friends,

भारत ने सदैव विश्व को एक परिवार के रूप में देखा है। हमारे सभी प्रयास “सर्वजन हिताय, सर्वजन सुखाय” यानि, welfare and happiness for all के मूल सिद्धांत पर आधारित रहे हैं।

भारत का अनुभव दिखाता है कि विकास सबसे अधिक प्रभावी तब होता है जब वह लोगों की आकांक्षाओं से जुड़ा हो। यही सिद्धांत हमारी अंतरराष्ट्रीय साझेदारियों का भी आधार है। इसी सोच के साथ भारत ने International Solar Alliance, Coalition for Disaster Resilient Infrastructure, ग्लोबल बायोफ्यूल्स एलायंस, Mission LiFE, और “एक पेड़ माँ के नाम” जैसी वैश्विक पहलों को आगे बढ़ाया है।

संकट के समय भारत ने First Responder के रूप में सभी देशों की सहायता करना अपना दायित्व समझा है। कोविड महामारी के दौरान भारत ने डेढ़ सौ से अधिक देशों को दवाइयाँ और vaccines उपलब्ध कराईं।

श्रीलंका में cyclone हो, अफगानिस्तान में भूकंप हो, मोज़ाम्बिक में floods हों, या क्यूबा और जमैका में hurricane, भारत ने सदैव "Humanity First" के सिद्धांत पर कार्य किया है। हमारी विकास साझेदारियाँ भी इसी भावना को प्रतिबिंबित करती हैं। हमारे प्रयास पार्टनर देशों में capacity building और कौशल विकास पर केन्द्रित रहे हैं।

भारत का मानना है: The true test of partnership is not what we build for others, but what we enable others to build for themselves.

Friends,

आज ग्लोबल साउथ की विश्व समुदाय से बहुत उम्मीदें हैं। किन्तु उनकी अपेक्षा सहारे की नहीं, साथ की है। वे वैश्विक विकास के लाभार्थी नहीं, उसके भागीदार बनना चाहते हैं।

हमें donor–recipient की सोच से आगे बढ़कर, equal पार्टनर्स के रूप में काम करना होगा। उनके पास-पास नहीं, साथ-साथ चलना होगा। साझेदारी को dependency के बजाय, dignity से जोड़ना होगा। इन प्रयासों से हम भावी पीढ़ियों के सतत विकास की मजबूत नींव रख सकेंगे।

Friends,

अंतरराष्ट्रीय साझेदारियाँ और वैश्विक एकजुटता तभी सार्थक बन सकती हैं, जब हम साझा चुनौतियों का मिलकर समाधान करें। भारत का दृढ विश्वास है कि विश्व के विभिन्न हिस्सों में चल रहे तनावों और युद्धों का स्थायी समाधान dialogue, diplomacy और अंतरराष्ट्रीय सहयोग के मार्ग से ही संभव है।

हम west asia में शांति प्रयासों में हुई प्रगति का स्वागत करते हैं। इस संघर्ष से west asia में हमारे मित्र देशों को जान-माल का नुकसान झेलना पड़ा है। होर्मुज़ स्ट्रेट में maritime ट्रेड में आई बाधा के कारण पूरे विश्व की अर्थव्यवस्था को नुकसान पहुंचा। भारत के कई civilians को जान गंवानी पड़ी। Global maritime ट्रेड के माध्यम से सभी देशों को आपस में जोड़ने वाले नाविकों की सुरक्षा हमारा दायित्व है। हमें यह सुनिश्चित करना होगा कि समुद्री मार्ग सुरक्षित रहें, और Seafarers बिना भय के अपना कार्य कर सकें।

Friends,

भारत इन विषयों पर सभी पार्टनर्स के साथ मिलकर काम करने के लिए पूरी तरह से तैयार है।

बहुत-बहुत धन्यवाद।