নমো ড্ৰোন দিদিসকলৰ কৃষি ড্ৰোন প্ৰদৰ্শন প্ৰত্যক্ষ কৰিলে প্ৰধানমন্ত্ৰীয়ে
১০০০ নমো ড্ৰোন দিদিক ড্ৰোন অৰ্পণ
প্ৰায় ৮ হাজাৰ কোটি টকা বেংক ঋণ আৰু ২০০০ কোটি টকাৰ মূলধনীকৰণ সহায়ক পুঁজি আত্মসহায়ক গোটসমূহক প্ৰদান
লাখপতি দিদিসকলক সম্বৰ্ধনা জ্ঞাপন
“ড্ৰোন দিদিসকল আৰু লাখপতি দিদিসকলে সফলতাৰ নতুন অধ্যায়ৰ চিত্ৰনাট্য ৰচনা কৰিছে”
“যিকোনো সমাজে সুযোগ সৃষ্টি কৰি আৰু নাৰী শক্তিৰ মৰ্যাদা সুনিশ্চিত কৰিহে আগবাঢ়িব পাৰে”
“ময়েই প্ৰথম প্ৰধানমন্ত্ৰী যিয়ে লালকিল্লাৰ প্ৰাচীৰৰ পৰা শৌচাগাৰ, চেনিটেৰী পেড, ধোঁৱাৰে ভৰা পাকঘৰ, পাইপযোগে পানী যোগানৰ দৰে বিষয় উত্থাপন কৰিছিল”
“দৈনন্দিন জীৱনত শিপাই থকা অভিজ্ঞতাৰ পৰাই মোদীৰ সংবেদনশীলতা আৰু মোদীৰ আঁচনিৰ উন্মেষ ঘটিছে”
“কৃষি ক্ষেত্ৰত ড্ৰোন প্ৰযুক্তিৰ পৰিৱৰ্তনশীল প্ৰভাৱ দেশৰ মহিলাসকলে পৰিচালিত কৰিছে”
“নাৰী শক্তিয়ে দেশৰ প্ৰযুক্তি বিপ্লৱৰ নেতৃত্ব দিব বুলি মোৰ সম্পূৰ্ণ বিশ্বাস আছে”
সেইবাবেই, এই আঁচনিসমূহে দেশৰ মাতৃ-কন্যাসকলৰ জীৱনত সহজতা কঢ়িয়াই আনে।

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি সশক্ত নাৰী-বিকশিত ভাৰত কাৰ্যসূচীত অংশগ্ৰহণ কৰি নতুন দিল্লীৰ পুছাস্থিত ভাৰতীয় কৃষি গৱেষণা প্ৰতিষ্ঠানত নমো ড্ৰোন দিদিসকলে পৰিচালনা কৰা কৃষি ড্ৰোন প্ৰদৰ্শন প্ৰত্যক্ষ কৰে। দেশজুৰি ১০টা ভিন্ন স্থানৰ পৰা নমো ড্ৰোন দিদিসকলেও একেলগে ড্ৰোন প্ৰদৰ্শনত অংশগ্ৰহণ কৰে। এই কাৰ্যসূচীৰ সময়ত প্ৰধানমন্ত্ৰীয়ে এহেজাৰ নমো ড্ৰোন দিদিসকলেক ড্ৰোনো গতাই দিয়ে। প্ৰধানমন্ত্ৰীয়ে প্ৰতিখন জিলাৰ বেংকে স্থাপন কৰা বেংক লিংকেজ কেম্পৰ জৰিয়তে ৰাজসাহায্যযুক্ত সুতৰ হাৰত আত্মসহায়ক গোটসমূহক প্ৰায় ৮ হাজাৰ কোটি টকাৰ বেংক ঋণ প্ৰদান কৰে। লগতে প্ৰধানমন্ত্ৰীয়ে আত্মসহায়ক গোটসমূহক প্ৰায় ২,০০০ কোটি টকা মুলধনীকৰণ সহায়ক পুঁজি প্ৰদান কৰে। প্ৰধানমন্ত্ৰীয়ে হিতাধিকাৰীসকলৰ সৈতেও মত বিনিময় কৰে।

 

এই উপলক্ষে আগবঢ়োৱা ভাষণত প্ৰধানমন্ত্ৰীয়ে আজিৰ অনুষ্ঠানটোক ঐতিহাসিক বুলি অভিহিত কৰে কাৰণ ড্ৰোন দিদিসকলে আৰু লাখপতি দিদিসকল সফলতাৰ নতুন অধ্যায় ৰচনা কৰিছে৷ তেওঁ কয় যে এনে সফল মহিলা উদ্যোগীৰ সৈতে মত বিনিময় কৰিলে তেওঁক দেশৰ ভৱিষ্যতৰ প্ৰতি আত্মবিশ্বাসেৰে ভৰি পৰে। তেওঁ নাৰী শক্তিৰ দৃঢ়তা আৰু অধ্যৱসায়ক প্ৰশংসা কৰে। ‘এইটোৱে মোক ৩ কোটি লাখপতি দিদি গঢ়াৰ যাত্ৰাত অগ্ৰসৰ হোৱাত আত্মবিশ্বাস দিলে’, তেওঁ কয়।

 

“যিকোনো সমাজে সুযোগ সৃষ্টি কৰি আৰু নাৰী শক্তিৰ মৰ্যাদা সুনিশ্চিত কৰিহে আগবাঢ়িব পাৰে”, প্ৰধানমন্ত্ৰীয়ে কয়। প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে মাত্ৰ অলপ সমৰ্থনেৰে নৰী শক্তিয়ে সমৰ্থনৰ প্ৰয়োজনীয়তাক অতিক্ৰম কৰি আনৰ সমৰ্থনত পৰিণত হয়। মহিলাৰ বাবে শৌচাগাৰ, চেনিটেৰী পেড, অস্বাস্থ্যকৰ ধোঁৱাময় পাকঘৰ, মহিলাসকলৰ দৈনন্দিন অসুবিধা লাঘৱ কৰিবলৈ পাইপৰ পানী, প্ৰতিজনৰ বাবে জন ধনৰ একাউণ্ট খোল আৰু নাৰীৰ প্ৰতি অপমানজনক ভাষাৰ বিৰুদ্ধে আৰু নাৰী শক্তিৰ প্ৰতি সঠিক আচৰণৰ বিষয়ে শিক্ষিত পুত্ৰ গঢ় দিয়াৰ প্ৰয়োজনীয়তা আদি মহিলা সবলীকৰণৰ বিষয়সমূহৰ ওপৰত লালকিল্লাৰ প্ৰাচীৰৰ পৰা বক্তব্য দিয়া প্ৰথমগৰাকী প্ৰধানমন্ত্ৰী হিচাপে পৰিগণিত হৈছে৷

 

‘মোদীৰ সংবেদনশীলতা আৰু মোদীৰ আঁচনিসমূহ দৈনন্দিন জীৱনত শিপাই থকা অভিজ্ঞতাৰ পৰাই উন্মেষ ঘটিছে”, প্ৰধানমন্ত্ৰী মোদীয়ে কয়। জীৱনৰ বাস্তৱতাক জীয়াই থকাৰ দৰেই অভিজ্ঞতাই এই সংবেদনশীলতা আৰু আঁচনিসমূহৰ বিষয়ে অৱগত কৰিছে বুলিও তেওঁ কয়। সেইবাবেই, এই আঁচনিসমূহে দেশৰ মাতৃ-কন্যাসকলৰ জীৱনত সহজতা কঢ়িয়াই আনে।

 

প্ৰধানমন্ত্ৰীয়ে তেওঁলোকৰ জীৱনৰ প্ৰতিটো পৰ্যায়তে নাৰী শক্তি সম্পৰ্কীয় সমস্যাসমূহৰ সমাধানৰ বাবে অনা আঁচনিৰ বিষয়ে কয়। ভ্ৰুণহত্যা বন্ধ কৰাৰ উদ্দেশ্যে বেটি বচাও বেটি পঢ়াও, গৰ্ভৱতী মাতৃৰ পুষ্টিৰ বাবে ৬০০০ টকা, শিক্ষাৰ সময়ছোৱাত সম্পদ নিশ্চিত কৰাৰ বাবে সুকন্যা সমৃদ্ধি, উদ্যোগী ক্ষেত্ৰখনত লাভজনক স্থান লাভ কৰাত সহায় কৰাৰ বাবে মুদ্ৰা যোজনা, প্ৰসূতি ছুটীৰ সম্প্ৰসাৰণ, বিনামূলীয়া চিকিৎসা, সুলভ ঔষধ আৰু মহিলাৰ নামত প্ৰধানমন্ত্ৰী আৱাসৰ ঘৰ পঞ্জীয়ন কৰি মালিকীস্বত্ব বৃদ্ধি কৰাটোৱে পুৰণি মানসিকতাৰ পৰিৱৰ্তন আনিছে। তেওঁ লগতে স্বীকাৰ কৰে যে কৃষিক্ষেত্ৰত ড্ৰোন প্ৰযুক্তিৰ পৰিৱৰ্তনশীল প্ৰভাৱ দেশৰ মহিলাসকলে পৰিচালিত কৰিছে। এজন ড্ৰোন দিদিৰ সৈতে হোৱা মত বিনিময়ৰ কথা সোঁৱৰাই প্ৰধানমন্ত্ৰীয়ে ড্ৰোন দিদিৰ আয়, দক্ষতা আৰু স্বীকৃতিৰ জৰিয়তে সৱলীকৰণৰ অনুভূতিৰ বিষয়ে বিশদভাৱে কয়। নাৰী শক্তিয়ে দেশত প্ৰযুক্তি বিপ্লৱৰ নেতৃত্ব দিব বুলি মোৰ সম্পূৰ্ণ বিশ্বাস আছে, সকলো ক্ষেত্ৰতে মহিলাৰ অগ্ৰগতিৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে লগতে কয়। প্ৰধানমন্ত্ৰীয়ে ড্ৰোন দিদিসকলৰ বাবে নতুন পথ মুকলি কৰি গাখীৰ আৰু শাক-পাচলিৰ সামগ্ৰী বজাৰলৈ পৰিবহণ, ঔষধ ডেলিভাৰী ইত্যাদি ক্ষেত্ৰত ড্ৰোন প্ৰযুক্তিৰ সম্প্ৰসাৰণৰ বিষয়ে বিশদভাৱে কয়।

 

তেওঁ কয়, "বিগত দশকত ভাৰতত আত্মসহায়ক গোটসমূহৰ সম্প্ৰসাৰণ উল্লেখযোগ্য। এই গোটসমূহে দেশত মহিলা সবলীকৰণৰ আখ্যান পুনৰ ৰচনা কৰিছে।" আত্মসহায়ক গোটত মহিলাসকলে লোৱা গুৰুত্বপূৰ্ণ ভূমিকাক স্বীকাৰ কৰি প্ৰধানমন্ত্ৰীয়ে কৃতজ্ঞতা জ্ঞাপন কৰি কয়, "আজি আত্মসহায়ক গোটসমূহৰ প্ৰতিগৰাকী ভগ্নীলৈ মোৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছো। তেওঁলোকৰ কঠোৰ পৰিশ্ৰমে এই গোটসমূহক দেশ নিৰ্মাণৰ নেতা হোৱাত উদ্গনি যোগাইছে৷" প্ৰধানমন্ত্ৰী মোদীয়ে আত্মসহায়ক গোটত মহিলাৰ অংশগ্ৰহণৰ আকৰ্ষণীয় বৃদ্ধিৰ ওপৰত গুৰুত্ব আৰোপ কৰি উল্লেখ কৰে, “আজি আত্মসহায়ক গোটত মহিলাৰ সংখ্যাই ১০ কোটি অতিক্ৰম কৰিছে।” আত্মসহায়ক গোটসমূহক সমৰ্থন কৰাৰ বাবে চৰকাৰে কৰা প্ৰচেষ্টাক আলোকপাত কৰি প্ৰধানমন্ত্ৰী মোদীয়ে কয়, "যোৱা দহ বছৰত আমাৰ চৰকাৰে কেৱল আত্মসহায়ক গোটসমূহ সম্প্ৰসাৰণ কৰাই নহয়, এই গোটসমূহৰ ৯৮% বেংক একাউণ্ট খোলাৰ সুবিধাও প্ৰদান কৰিছে।" এনে গোটক দিয়া সাহায্য ২০ লাখ টকালৈ বৃদ্ধি কৰি এনে গোটৰ একাউণ্টত ৮ লাখ কোটিতকৈ অধিক টকা জমা হৈছে। প্ৰধানমন্ত্ৰীয়ে কয় যে আধুনিক আন্তঃগাঁথনিৰ বাবে উদ্গনি দিয়াৰ বাবে এই আত্মসহায়ক গোটসমূহৰ আয় তিনিগুণ বৃদ্ধি পাইছে।

 

অৰ্থনৈতিক সবলীকৰণৰ উপৰিও আত্মসহায়ক গোটৰ সমাজ প্ৰভাৱৰ প্ৰশংসা কৰি প্ৰধানমন্ত্ৰী মোদীয়ে কয়, "এই গোটসমূহে গ্ৰাম্য আন্তঃগাঁথনিৰ উন্নয়ন আৰু গ্ৰাম্য সম্প্ৰদায়ৰ সামগ্ৰিক উত্থানত যথেষ্ট অৰিহণা যোগাইছে।" প্ৰধানমন্ত্ৰীয়ে বেংক সখী, কৃষি সখী, পশু সখী আৰু মৎস্য সাখীৰ ভূমিকা আৰু সেৱাক স্বীকাৰ কৰে। ‘স্বাস্থ্যৰ পৰা আৰম্ভ কৰি ডিজিটেল ইণ্ডিয়ালৈকে দেশৰ ৰাষ্ট্ৰীয় অভিযানক নতুন গতি প্ৰদান কৰিছে এই দিদীসকলে। প্ৰধানমন্ত্ৰী গ্ৰামীণ ডিজিটেল সাক্ষৰতা অভিযান চলোৱাৰ ৫০ শতাংশতকৈ অধিক মহিলা আৰু ৫০ শতাংশতকৈ অধিক হিতাধিকাৰীও মহিলা। এই ধাৰাবাহিক সফলতাই নাৰী শক্তিৰ প্ৰতি মোৰ বিশ্বাস দৃঢ় কৰে”, প্ৰধানমন্ত্ৰীয়ে কয়।

 

প্ৰধানমন্ত্ৰীয়ে আত্মসহায়ক গোটসমূহক পিএম সূৰ্য্য ঘৰ মুফট বিজলী যোজনা ৰূপায়ণৰ ক্ষেত্ৰত আগবাঢ়ি আহিবলৈ কয়। তেওঁ কয় যে য’তেই আত্ম সহায়ক গোটৰ সদস্যসকলে উদ্যোগ ল’ব, তাতেই আঁচনিখনত তেওঁলোকক অগ্ৰাধিকাৰ দিয়া হ’ব।

 

এই উপলক্ষে অনুষ্ঠানত কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী অৰ্জুন মুণ্ডা, ড° মনসুখ মাণ্ডবিয়া আৰু শ্ৰী গিৰিৰাজ সিঙৰ লগতে অন্যান্য বিশিষ্ট ব্যক্তি উপস্থিত থাকে৷

 

বিশেষকৈ গ্ৰামাঞ্চলৰ মহিলাসকলৰ মাজত অৰ্থনৈতিক সবলীকৰণ আৰু আৰ্থিক স্বায়ত্তশাসন গঢ়ি তোলাৰ প্ৰধানমন্ত্ৰীৰ দৃষ্টিভংগীৰ অবিচ্ছেদ্য অংগ নমো ড্ৰোন দিদি আৰু লাখপতি দিদীৰ পদক্ষেপ। এই দৃষ্টিভংগীক আগুৱাই নিয়াৰ বাবে প্ৰধানমন্ত্ৰীয়ে দীনদয়াল অন্ত্যোদয়া যোজনা-ৰাষ্ট্ৰীয় গ্ৰাম্য জীৱিকা অভিযানৰ সহযোগত সফলতা অৰ্জন কৰা আৰু আন আত্মসহায়ক গোটৰ সদস্যসকলক তেওঁলোকৰ উত্থানৰ বাবে সহায় আৰু প্ৰেৰণা যোগোৱা লাখপতি দিদিসকলক সম্বৰ্ধনা জনাব।

 

 

 

 

 

 

সম্পূৰ্ণ ভাষণ পঢ়িবলৈ ইয়াত ক্লিক কৰক

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Engineering goods exports up 10.4% in January,2026, crosses $100 billion mark in April-January Period of FY26

Media Coverage

Engineering goods exports up 10.4% in January,2026, crosses $100 billion mark in April-January Period of FY26
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister Pays Tributes to Chandra Shekhar Azad on Martyrdom Day: Shares a Sanskrit Subhshitam Highlighting his Life Lessons
February 27, 2026

Prime Minister Shri Narendra Modi, offered his respectful tributes to the legendary revolutionary, Chandra Shekhar Azad, the brave son of Mother India on his martyrdom day .

The Prime Minister stated that Azad sacrificed his everything to free Mother India from the shackles of slavery, and for this, he will always be remembered.

Reflecting on the legacy of the immortal revolutionary, the Prime Minister remarked that the life of Chandra Shekhar Azad demonstrates that the resolution to stand firm against injustice is the essence of true prowess. Shri Modi, added that the saga of his sacrifice for the motherland will continue to inspire every generation of the country.

Prime Minister Shared on X;

“भारत माता के वीर सपूत चंद्रशेखर आजाद के बलिदान दिवस पर उन्हें मेरी आदरपूर्ण श्रद्धांजलि। उन्होंने मां भारती को गुलामी की बेड़ियों से आजाद कराने के लिए अपना सर्वस्व न्योछावर कर दिया, जिसके लिए वे सदैव स्मरणीय रहेंगे।”

“अमर क्रांतिकारी चंद्रशेखर आजाद का जीवन बताता है कि अन्याय के खिलाफ अडिग रहने का संकल्प ही सच्चा पराक्रम है। मातृभूमि के लिए उनके बलिदान की गाथा देश की हर पीढ़ी को प्रेरित करती रहेगी।

न हि शौर्यात्परं किञ्चित् त्रिषु लोकेषु विद्यते।

शूरः सर्वं पालयति सर्वं शूरे प्रतिष्ठितम् ।।”

"There is no element more transcendent than bravery in the three worlds. Valor is the fundamental force that nourishes and protects the animate and inanimate world. All worldly dignity, prosperity and duty exist solely in the valor of the valiant."