নেতাজী সুভাষ চন্দ্ৰ বসু কেৱল স্বাধীনতা সংগ্ৰামৰ এজন মহান নায়ক নাছিল , তেওঁ স্বাধীন ভাৰতৰ দূৰদৃষ্টি সম্পন্ন নেতাও আছিল, তেওঁ আধুনিক অথচ ভাৰতৰ প্ৰাচীন চেতনা শিপাই থকা এখন দেশৰ কল্পনা কৰিছিল: প্ৰধানমন্ত্ৰী
পৰাক্ৰম দিৱসৰ প্ৰেৰণাই ভাৰতৰ উন্নয়নৰ সংকল্পক শক্তিশালী কৰি যাব: প্ৰধানমন্ত্ৰী
আজি ভাৰতে শক্তি বিকশিত কৰিব জানে, শক্তিক কিদৰে পৰিচালনা কৰিব লাগে আৰু কেনেকৈ ব্যৱহাৰ কৰিব লাগে জানে: প্ৰধানমন্ত্ৰী

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জত পৰাক্ৰম দিৱসৰ কাৰ্যসূচীত ভাষণ দিয়ে। অনুষ্ঠানত ভাষণ দি শ্ৰী মোদীয়ে উল্লেখ কৰে যে ২৩ জানুৱাৰী তাৰিখটো নেতাজী সুভাষ চন্দ্ৰ বসুৰ জন্মৰ গৌৰৱময় তাৰিখ। তেওঁ মন্তব্য কৰে যে নেতাজীৰ সাহস আৰু পৰাক্ৰমে আমাক অনুপ্ৰাণিত কৰে আৰু তেওঁৰ প্ৰতি মন  শ্ৰদ্ধাৰে ভৰাই তোলে। তেওঁ আলোকপাত কৰে যে শেহতীয়া বছৰবোৰত পৰাক্ৰম দিৱস  দেশৰ এক অবিচ্ছেদ্য উৎসৱত পৰিণত হৈছে। শ্ৰী মোদীয়ে কয় যে ২৩ জানুৱাৰী পৰাক্ৰম দিৱস, ২৫ জানুৱাৰী ৰাষ্ট্ৰীয় ভোটাৰ দিৱস, ২৬ জানুৱাৰী গণৰাজ্য দিৱস, ২৯ জানুৱাৰী বিটিং ৰিট্ৰিট আৰু ৩০ জানুৱাৰী শ্ৰদ্ধাৰ বাপুৰ মৃত্যু বাৰ্ষিকী, এয়া  গণৰাজ্যৰ ভৱিষ্যৎ উৎসৱ উদযাপনৰ এক নতুন পৰম্পৰা গঢ়ি তোলা এক সুখৰ কাকতালীয় পৰিঘটনা। তেওঁ পৰাক্ৰম দিৱসৰ দিনটোত দেশৰ  সকলো নাগৰিকক শুভেচ্ছা জ্ঞাপন কৰে।

২০২৬ চনত আন্দামান আৰু নিকোবৰত পৰাক্ৰম দিৱসৰ মূল অনুষ্ঠান উদযাপন কৰাৰ কথা উল্লেখ কৰি শ্ৰীযুত মোদীয়ে কয় যে বীৰত্ব ত্যাগ, আৰু সাহসেৰে ভৰা আন্দামান তথা নিকোবৰৰ ইতিহাস। চেলুলাৰ কাৰাগাৰত  বন্দী বীৰ সাৱৰকাৰৰ দৰে দেশপ্ৰেমিকৰ কাহিনী আৰু নেতাজী সুভাষ চন্দ্ৰ বসুৰ সৈতে ইয়াৰ সংযোগে এই উদযাপনক আৰু অধিক বিশেষ কৰি তুলিছে ।

প্ৰধানমন্ত্ৰীয়ে কয় যে আন্দামানৰ ভূমি স্বাধীনতাৰ ধাৰণা কেতিয়াও শেষ নহয় বুলি বিশ্বাস জগাই তোলাৰ  প্ৰতীক। তেওঁ কয় যে ইয়াত বহু বিপ্লৱীক অত্যাচাৰ কৰা হৈছিল আৰু বহু সংগ্ৰামীয়ে প্ৰাণ আহুতি দিছিল। কিন্তু স্বাধীনতাৰ হেঁপাহ   নিৰ্বাপিত হোৱাৰ পৰিৱৰ্তে স্বাধীনতা সংগ্ৰামৰ স্ফুলিংগ অধিক শক্তিশালীহে হৈ উঠিছিল। শ্ৰী মোদীয়ে উল্লেখ কৰে যে আন্দামান আৰু নিকোবৰৰ ভূমি স্বাধীন  ভাৰতৰ প্ৰথম সূৰ্য্য উদয়ৰ সাক্ষী হৈ পৰিছিল। তেওঁ স্মৰণ কৰে যে ১৯৪৭ চনৰ আগলৈকে ১৯৪৩ চনৰ ৩০ ডিচেম্বৰত ইয়াত সাগৰৰ ঢৌক সাক্ষী কৰি ত্ৰিৰংগা উত্তোলন কৰা হৈছিল। প্ৰধানমন্ত্ৰীয়ে স্মৰণ কৰে  যে ২০১৮ চনত এই মহান অনুষ্ঠানৰ ৭৫ বছৰীয়া জয়ন্তী উপলক্ষ্যে  তেওঁ ৩০ ডিচেম্বৰত সেই একে ঠাইতেই ত্ৰিৰংগা উত্তোলন কৰাৰ সৌভাগ্য লাভ কৰিছিল।শ্ৰী মোদীয়ে কয় যে সাগৰৰ পাৰত বজোৱা জাতীয় সংগীতৰমাজতে প্ৰচণ্ড বতাহত উৰি থকা ত্ৰিৰংগাখনে যেন স্বাধীনতা সংগ্ৰামীসকলৰ অগণন সপোন বাস্তৱায়িত হোৱাৰ কথাই  ৰিঙিয়াই আছিল।

শ্ৰী মোদীয়ে কয় যে স্বাধীনতাৰ পিছত আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জৰ গৌৰৱময় ইতিহাস সংৰক্ষণ কৰিব লাগিছিল যদিও সেই সময়ত ক্ষমতালৈ অহাসকলে তেনে কৰা নাছিল। তেওঁ মন্তব্য কৰে যে তেওঁলোকে স্বাধীনতাৰ কৃতিত্ব কেৱল এটা পৰিয়ালতে সীমাবদ্ধ ৰাখিব বিচাৰে আৰু  সেয়ে ৰাজনৈতিক স্বাৰ্থত দেশৰ  ইতিহাসক অৱহেলা কৰা হৈছিল। শ্ৰী মোদীয়ে আলোকপাত কৰে যে আন্দামান আৰু নিকোবৰকো ঔপনিৱেশিক শাসনৰ পৰিচয়ৰ সৈতে বান্ধ খুৱাই ৰখা হৈছিল, স্বাধীনতাৰ সত্তৰ বছৰৰ পাছতো ইয়াৰ দ্বীপসমূহ ব্ৰিটিছ বিষয়াৰ নামেৰেই জনাজাত আছিল। প্ৰধানমন্ত্ৰীয়ে কয় যে তেওঁৰ চৰকাৰে ইতিহাসৰ সেই অন্যায়ৰ অন্ত পেলাইছে।  সেয়েহে প’ৰ্ট ব্লেয়াৰ এতিয়া ‘শ্ৰী বিজয়পুৰম’ হৈ পৰিছে, যিটো নামে আমাক নেতাজীৰ বিজয়ৰ কথা মনত পেলাই দিয়ে।

তেওঁ লগতে কয় যে একেদৰে আন দ্বীপসমূহৰ নামো স্বৰাজ দ্বীপ, শ্বহীদ দ্বীপ আৰু সুভাষ দ্বীপ নামেৰে নামাকৰণ কৰা হৈছে। শ্ৰী মোদীয়ে স্মৰণ কৰে যে ২০২৩ চনত আন্দামানৰ ২১টা দ্বীপ ২১ গৰাকী পৰম বীৰ চক্ৰ বঁটাপ্ৰাপকৰ নামেৰে নামাকৰণ কৰা হৈছিল। তেওঁ  কয় যে আজি আন্দামান আৰু নিকোবৰত দাসত্বৰ সৈতে জড়িত নামবোৰ মচি পেলোৱা হৈছে  আৰু ইয়াত এতিয়া স্বাধীন  ভাৰতৰ নতুন নামবোৰে নিজৰ পৰিচয় প্ৰতিষ্ঠা কৰিছে। প্ৰধানমন্ত্ৰীয়ে লগতে মন্তব্য কৰে যে নেতাজী সুভাষ চন্দ্ৰ বসু কেৱল স্বাধীনতা সংগ্ৰামৰ এজন মহান নায়কেই নহয়, স্বাধীন ভাৰতৰ এগৰাকী দূৰদষ্টি সম্পন্ন নেতাও আছিল। তেওঁ  আধুনিক অথচ ভাৰতৰ প্ৰাচীন চেতনা শিপাই থকা এখন  দেশৰ কল্পনা কৰিছিল। শ্ৰী মোদীয়ে কয় যে আজিৰ প্ৰজন্মক নেতাজীৰ দৃষ্টিভংগীৰ সৈতে পৰিচিত কৰাটো আমাৰ দায়িত্ব  আৰু তেওঁৰ চৰকাৰে এই দায়িত্ব পালন কৰিবলৈ সক্ষম হোৱাত  আনন্দ প্ৰকাশ কৰে।

তেওঁ কয় যে দিল্লীৰ লালকিল্লাত নেতাজীৰ প্ৰতি উৎসৰ্গিত সংগ্ৰহালয় নিৰ্মাণ কৰা হৈছে, ইণ্ডিয়া গেটৰ ওচৰত নেতাজীৰ  প্ৰতিমূৰ্তি স্থাপন কৰা হৈছে, গণৰাজ্য দিৱসৰ পেৰেডত আই এন এৰ অৱদানক স্মৰণ কৰা হৈছে। প্ৰধানমন্ত্ৰীয়ে লগতে কয় যে সুভাষ চন্দ্ৰ বসু দুৰ্যোগ ব্যৱস্থাপনা বঁটাও প্ৰৱৰ্তন কৰা হৈছে। তেওঁ মন্তব্য কৰে যে এই পদক্ষেপসমূহ কেৱল নেতাজী সুভাষ চন্দ্ৰ বসুৰ প্ৰতি সন্মানৰ চিনেই নহয় , বৰঞ্চ আমাৰ যুৱক-যুৱতী আৰু ভৱিষ্যত প্ৰজন্মৰ বাবে প্ৰেৰণাৰ অমৰ উৎস হিচাপেও কাম কৰিছে। শ্ৰী মোদীয়ে উল্লেখ কৰে যে তেওঁৰ আদৰ্শক সন্মান জনোৱা আৰু ইয়াৰ পৰা লাভ কৰা প্ৰেৰণাই  উন্নত ভাৰতৰ বাবে আমাৰ সংকল্পক শক্তি আৰু আত্মবিশ্বাসেৰে ভৰাই তুলিছে।

শ্ৰী মোদীয়ে কয় যে দুৰ্বল দেশে  নিজৰ লক্ষ্যত উপনীত হোৱাত অসুবিধা পায় আৰু সেয়েহে নেতাজী সুভাষে সদায় শক্তিশালী দেশৰ  সপোন দেখিছিল। তেওঁ কয় যে একবিংশ শতিকাত ভাৰতেও নিজকে শক্তিশালী আৰু সংকল্পবদ্ধ দেশ হিচাপে প্ৰতিষ্ঠা কৰিছে। তেওঁ কয় যে অপাৰেচন সিন্দূৰৰ সময়ত ভাৰতে দেশক আঘাত কৰা আৰু ধ্বংস কৰা লোকসকলৰ ঘৰত প্ৰৱেশ কৰি সেই শক্তিসমূহক প্ৰতিহত কৰিছিল। শ্ৰী মোদীয়ে দৃঢ়তাৰে কয় যে ভাৰতে আজি শক্তি  বিকশিত কৰিব জানে, শক্তিক কেনেকৈ পৰিচালনা কৰিব, শক্তিৰ ব্যৱহাৰ কেনেকৈ কৰিব লাগে সেয়া জানে। তেওঁ কয় যে নেতাজী সুভাষৰ শক্তিশালী ভাৰতৰ দৃষ্টিভংগী অনুসৰণ কৰি দেশে প্ৰতিৰক্ষা খণ্ডক স্বাৱলম্বী কৰি তোলাৰ বাবে অহৰহ কাম কৰি আছে।

প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে পূৰ্বে ভাৰত কেৱল বহিঃৰাজ্যৰ পৰা  আমদানি কৰা অস্ত্ৰ ওপৰত নিৰ্ভৰশীল আছিল যদিও আজি ভাৰতৰ প্ৰতিৰক্ষা ৰপ্তানিয়ে ২৩,০০০ কোটি  টকা অতিক্ৰম কৰিছে। তেওঁ লগতে কয় যে থলুৱাভাৱে নিৰ্মিত ব্ৰহ্মছ আৰু অন্যান্য ক্ষেপণাস্ত্ৰই বিশ্বৰ দৃষ্টি আকৰ্ষণ কৰিছে। শ্ৰী মোদীয়ে মন্তব্য কৰে যে ভাৰতে আত্মনিৰ্ভৰশীলতাৰ শক্তিৰে নিজৰ সশস্ত্ৰ বাহিনীসমূহৰ আধুনিকীকৰণ কৰি আছে।

প্ৰধানমন্ত্ৰীয়ে কয় যে আজি ১.৪ বিলিয়ন নাগৰিকে এক উন্নত ভাৰতৰ সংকল্পৰ দিশত কাম কৰি আছে, আত্মনিৰ্ভৰ ভাৰত অভিযানে শক্তিশালী তথা স্বদেশীৰ মন্ত্ৰেৰে পৰিচালিত পথ প্ৰশস্ত কৰিছে।  পৰাক্ৰম দিৱসৰ প্ৰেৰণাই উন্নত ভাৰতৰ এই যাত্ৰাক শক্তি প্ৰদান কৰি যাব বুলি আস্থা প্ৰকাশ কৰি প্ৰধানমন্ত্ৰীয়ে তেওঁৰ ভাষণৰ  সামৰণি মাৰে ।

অনুষ্ঠানত আন্দামান আৰু নিকোবৰৰ লেফটেনেণ্ট গৱৰ্ণৰ এডমিৰেল ডি কে যোশী (অৱসৰপ্ৰাপ্ত), নেতাজী সুভাষ চন্দ্ৰ বসু আই এন এ ট্ৰাষ্টৰ অধ্যক্ষ ব্ৰিগেডিয়াৰ (অৱসৰপ্ৰাপ্ত) আৰ এছ চিকাৰা, ভাৰতৰ স্বাধীনতা আন্দোলনত অংশগ্ৰহণ কৰা আই এন এৰ এক উজ্জ্বল ব্যক্তিত্ব লেফটেনেণ্ট আৰ মাধৱন উপস্থিত থাকে।

 

 

সম্পূৰ্ণ ভাষণ পঢ়িবলৈ ইয়াত ক্লিক কৰক

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India’s Defence Exports Explode: ₹40,000 Crore Milestone Signals a New Manufacturing Era

Media Coverage

India’s Defence Exports Explode: ₹40,000 Crore Milestone Signals a New Manufacturing Era
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister shares moments from his metro journey to and from the SRCC programme
September 05, 2026

Prime Minister Shri Narendra Modi today shared glimpses of his metro journey while traveling to and from the SRCC programme.

In a post on X, the Prime Minister shared:

"Metro moments…

On the way to the SRCC programme and back."