আজি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে হিমাচল প্ৰদেশৰ কুল্লুৰ ধলপুৰ খেলপথাৰত দশেৰা উদযাপনৰ কাৰ্য্যসূচীত অংশগ্ৰহণ কৰে।

প্ৰধানমন্ত্ৰীগৰাকীৰ আগমণৰ লগে-লগে তেখেতক আদৰণি আৰু সম্বৰ্ধনা জনোৱা হয়। ইয়াৰ পিছতে ভগৱান ৰঘুনাথ জী উপস্থিত হয়হি আৰু ইয়াৰ লগে-লগে ৰথযাত্ৰাৰ আৰম্ভ হয়। এই কাৰ্য্যসূচীত প্ৰধানমন্ত্ৰীগৰাকীক আদৰণি জনাবলৈ বহু সংখ্যক লোকৰ সমাগম ঘটে। প্ৰধানমন্ত্ৰীগৰাকীয়ে আন লক্ষ-লক্ষ ভক্তৰ সৈতে মূল স্থানলৈ পদব্ৰজে গৈ ভগৱান ৰঘুনাথক শ্ৰদ্ধা জনায়। প্ৰধানমন্ত্ৰীগৰাকীয়ে এই উপলক্ষে উপস্থিত সকলোক হাত জোৰ কৰি সম্ভাষণ জনোৱাৰ লগতে ঐতিহাসিক কুল্লুৰ দশেৰা উদযাপনৰ কাৰ্য্যসূচীত দেৱ-দেৱীসকলৰ ভৱ্য সমাবেশ আৰু পৱিত্ৰ ৰথযাত্ৰাৰ সাক্ষী হয়। উল্লেখযোগ্য যে পোন প্ৰথমবাৰৰ বাবে ভাৰতৰ এগৰাকী প্ৰধানমন্ত্ৰীয়ে কুল্লুৰ দশেৰা উদযাপনৰ কাৰ্য্যসূচীত অংশগ্ৰহণ কৰিছে।

২০২২ ৰ ৫ অক্টোবৰৰপৰা ১১ অক্টোবৰলৈ কুল্লুৰ ধলপুৰ খেলপথাৰত এই আন্তঃৰাষ্ট্ৰীয় কুল্লু দশেৰা মহোৎসৱ অনুষ্ঠিত হৈছে। এই উৎসৱৰ বৈশিষ্ট্য এয়ে যে ইয়ালৈ উপত্যকাটোৰ ৩০০ ৰোধিক দেৱ-দেৱীৰ সমাৱেশ ঘটে। মহোৎসৱৰ প্ৰথম দিনা দেৱতাসকলে সু-সজ্জিত পালকিত উঠি পৰম দেৱতা ভগৱান ৰঘুনাথ জীৰ মন্দিৰত প্ৰণাম জনাই ধলপুৰ খেলপথাৰলৈ আগবাঢ়ে।

প্ৰধানমন্ত্ৰীগৰাকীক হিমাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী শ্ৰী জয় ৰাম ঠাকুৰ, হিমাচল প্ৰদেশৰ ৰাজ্যপাল শ্ৰী ৰাজেন্দ্ৰ বিশ্বনাথ আৰ্লেকাৰ, কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী শ্ৰী অনুৰাগ ঠাকুৰ আৰু বিজেপিৰ ৰাজ্যিক সভাপতি শ্ৰী সুৰেশ কুমাৰ কাশ্যপৰ লগতে আন-আন সকলে সংগদান কৰে।

ইয়াৰ পূৰ্বে প্ৰধানমন্ত্ৰীগৰাকীয়ে এইমছ, বিলাসপুৰ ৰাষ্ট্ৰলৈ উৎসৰ্গা কৰে। তেখেতে লগতে বিলাসপুৰৰ লুহনুত হিমাচল প্ৰদেশৰ একাধিক প্ৰকল্প উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰে।

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India's $13 billion semiconductor mission: Boosting domestic chip manufacturing and design

Media Coverage

India's $13 billion semiconductor mission: Boosting domestic chip manufacturing and design
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 8 ছেপ্টেম্বৰ 2026
September 08, 2026

Viksit Bharat, Many Engines: Defence, Diplomacy, Growth & Green Power Under PM Modi