নৰ'ৱেৰ মহামহিম প্ৰধানমন্ত্ৰী মহোদয়,

দুয়োখন দেশৰ প্ৰতিনিধিসকল

সংবাদ মাধ্যমৰ বন্ধুসকল,

নমস্কাৰ!

নৰ'ৱে ভ্ৰমণ কৰি মই অতি আনন্দিত হৈছো। প্ৰকৃতি আৰু মানুহৰ প্ৰগতিৰ সমন্বয়ৰ এক সুন্দৰ নিদৰ্শন হিচাপে এই দেশখনে থিয় দিছে।

প্ৰথমতে মই প্ৰধানমন্ত্ৰী ডাঙৰীয়াক মোক জনোৱা  উষ্ম আদৰণিৰ বাবে আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছো। তদুপৰি কাইলৈ নৰ'ৱেৰ সংবিধান দিৱস  উপলক্ষ্যে এক শক্তিশালী  তথা  সজীৱ গণতন্ত্ৰৰ দেশ নৰ'ৱেৰ জনসাধাৰণলৈ  বিশ্বৰ সৰ্ববৃহৎ গণতন্ত্ৰৰ তৰফৰ পৰা   মোৰ উষ্ম শুভেচ্ছা জনাইছো।

যোৱা বছৰ মই   নৰ'ৱে ভ্ৰমণ কৰাৰ  কথা আছিল যদিও পহলগামত সংঘটিত হোৱা সন্ত্ৰাসবাদী আক্ৰমণৰ বাবে সেই ভ্ৰমণ পিছুৱাই দিবলগীয়া হৈছিল। সেই কঠিন সময়ছোৱাত নৰ'ৱেই সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজত ভাৰতৰ কাষত দৃঢ়তাৰে থিয় দি বন্ধুত্বৰ প্ৰকৃত মনোভাৱ প্ৰদৰ্শন কৰিছিল। আজি  নৰ'ৱে  ভ্ৰমণ কৰাৰ সময়ত সেই সংহতিৰ বাবে মই আন্তৰিক কৃতজ্ঞতা প্ৰকাশ কৰিছো।

বন্ধুসকল,

আজি পৃথিৱীখন অস্থিৰতা আৰু অনিশ্চয়তাৰ এক পৰ্যায়ৰ মাজেৰে পাৰ হৈ গৈছে। ইউক্ৰেইনেই হওক বা পশ্চিম এছিয়াই হওক, বিশ্বৰ বহু  ঠাইত সংঘাতৰ পৰিস্থিতি অব্যাহত আছে। এই পটভূমিত ভাৰত আৰু ইউৰোপে   সম্পৰ্কৰ ক্ষেত্ৰত  নতুন সোণালী যুগত প্ৰৱেশ কৰিছে।

যোৱা বছৰ ভাৰত আৰু ইউৰোপীয় মুক্ত বাণিজ্য সংস্থাই (EFTA) এক ঐতিহাসিক বাণিজ্য তথা  অৰ্থনৈতিক অংশীদাৰিত্ব চুক্তি ৰূপায়ণ কৰিছিল। এই চুক্তিয়ে ভাৰত আৰু  নৰ'ৱেৰ  মাজত ভাগ-বাটোৱাৰা  কৰা প্ৰগতি তথা সমৃদ্ধি নিশ্চিত কৰাৰ বাবে এক ব্লুপ্ৰিণ্ট হিচাপে কাম কৰিছে। এই চুক্তিত ভাৰতত এশ বিলিয়ন ডলাৰৰ বিনিয়োগ আকৰ্ষণ কৰি অহা পোন্ধৰ বছৰত ১ নিযুত চাকৰিৰ সৃষ্টিৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে। আজি আমি দুয়োজনে এই চুক্তিৰ প্ৰতিশ্ৰুতিক স্পষ্ট ফলাফললৈ ৰূপান্তৰিত কৰিবলৈ কেইবাটাও উল্লেখযোগ্য সিদ্ধান্ত গ্ৰহণ কৰিছো।

বন্ধুসকল,

আজি আমি ভাৰত- নৰ'ৱেৰ  সম্পৰ্কক ‘সেউজ কৌশলগত অংশীদাৰিত্ব’ হিচাপে গঢ় দিছো। এই কৌশলগত অংশীদাৰিত্বৰ জৰিয়তে—স্বচ্ছ শক্তিৰ পৰা আৰম্ভ কৰি জলবায়ু স্থিতিস্থাপকতালৈকে আৰু নীলা অৰ্থনীতিৰ পৰা সেউজ জাহাজলৈকে  —আমাৰ কোম্পানীসমূহে ভাৰতৰ পৰিসৰ, গতি তথা  প্ৰতিভাৰ সৈতে  নৰ'ৱেৰ  প্ৰযুক্তি আৰু মূলধনৰ সংমিশ্ৰণ ঘটাই বিশ্বজুৰি  সমাধান বিকশিত কৰিব।

বন্ধুসকল,

গৱেষণা, শিক্ষা, উদ্ভাৱন আদিও আমাৰ সম্পৰ্কৰ শক্তিশালী স্তম্ভ হিচাপে আত্মপ্ৰকাশ কৰিছে। আজি আমি বহনক্ষমতা, সাগৰীয় শক্তি, ভূতত্ত্ব, স্বাস্থ্য আদি ক্ষেত্ৰত গৱেষণামূলক সহযোগিতা বৃদ্ধিৰ বাবে একমতত উপনীত হৈছো।

অভিযান্ত্ৰিক, এআই, চাইবাৰ সুৰক্ষা আৰু ডিজিটেল প্ৰযুক্তিৰ দৰে খণ্ডত আমি আমাৰ বিশ্ববিদ্যালয় তথা  ষ্টাৰ্ট-আপ পৰিৱেশ তন্ত্ৰক সংযোগ কৰি আমাৰ অংশীদাৰিত্বক ‘ভৱিষ্যতৰ বাবে প্ৰস্তুত’ কৰিম। দক্ষতা বিকাশ আৰু প্ৰতিভাৰ গতিশীলতাৰ ক্ষেত্ৰত আমাৰ সহযোগিতা অধিক ব্যাপক  কৰিবলৈ সাজু হৈছো।

বন্ধুসকল,

আৰ্কটিক অঞ্চলৰ এখন গুৰুত্বপূৰ্ণ ৰাষ্ট্ৰ  নৰ'ৱেৰ । আৰ্কটিক আৰু মেৰু গৱেষণাৰ ক্ষেত্ৰত সহযোগিতাৰ দীৰ্ঘদিনীয়া ইতিহাস আমি  লক্ষ্য  কৰিছো। ভাৰতৰ আৰ্কটিক গৱেষণা কেন্দ্ৰ "হিমাদ্ৰী"ৰ কাৰ্য্য পৰিচালনাত  সহায় আগবঢ়োৱাৰ বাবে আমি  নৰ'ৱেৰ  প্ৰতি কৃতজ্ঞ। আজি ইছৰো আৰু  নৰ'ৱেৰ   মহাকাশ সংস্থাৰ মাজত স্বাক্ষৰ হোৱা বুজাবুজি চুক্তিয়ে মহাকাশ খণ্ডত আমাৰ সহযোগিতাত নতুন মাত্ৰা যোগ কৰিব।

এই সকলো  ক্ষেত্ৰতে গভীৰ সহযোগিতাৰ জৰিয়তে আমাৰ বিজ্ঞানীসকলে জলবায়ু পৰিৱৰ্তনক  বুজি পোৱা, ভংগুৰ পৰিৱেশ তন্ত্ৰক সুৰক্ষা দিয়া  আৰু মানব সমাজৰ  ভৱিষ্যত সুৰক্ষিত কৰাত অৰিহণা যোগাব।

বন্ধুসকল,

ভাৰত আৰু  নৰ'ৱেৰ  মাজত সেউজ কৌশলগত অংশীদাৰিত্ব সমগ্ৰ বিশ্বৰ বাবে উপ।যোগী বুলি প্ৰমাণিত হ’ব। আমি আনন্দিত যে আজি  নৰ'ৱেই  ভাৰত-প্ৰশান্ত মহাসাগৰীয় পদক্ষেপত যোগদান কৰিছে।

দুখন প্ৰধান সামুদ্ৰিক ৰাষ্ট্ৰ হিচাপে আমি সাগৰীয় অৰ্থনীতি, সামুদ্ৰিক সুৰক্ষা আৰু সামৰ্থ্য বিকাশৰ ক্ষেত্ৰত সহযোগিতা শক্তিশালী কৰাৰ বাবে একেলগে কাম কৰিম। আজি আমি ত্ৰিকোণীয় উন্নয়ন সহযোগিতা চুক্তি সম্পাদন কৰিছো। আমি এতিয়া ভাৰতৰ ডিজিটেল ৰাজহুৱা আন্তঃগাঁথনি প্ৰকল্পৰ জৰিয়তে গ্ল’বেল চাউথৰ দেশসমূহৰ মানব সমাজৰ  উন্নয়নত অৰিহণা যোগাবলৈ সহযোগিতা কৰিম।

বন্ধুসকল,

ভাৰত আৰু  নৰ'ৱে দুয়োখনেই নিয়মভিত্তিক শৃংখলা, আলোচনা, কূটনীতিৰ ওপৰত দৃঢ় বিশ্বাসী দেশ। সামৰিক সংঘাতে কোনো সমস্যাৰ সমাধান দিব নোৱাৰে বুলি আমি  বিশ্বাসী। ইউক্ৰেইনতেই হওক বা পশ্চিম এছিয়াতেই হওক, আমি  সংঘাত  শীঘ্ৰে  বন্ধ কৰা আৰু শান্তি পুনৰুদ্ধাৰৰ লক্ষ্যৰে কৰা প্ৰতিটো প্ৰচেষ্টাক সমৰ্থন কৰোঁ—আৰু সমৰ্থন কৰি যাম।

সময়ৰ ক্ৰমবৰ্ধমান বিশ্বজনীন প্ৰত্যাহ্বানসমূহৰ সৈতে মোকাবিলা কৰিবলৈ বিশ্ব প্ৰতিষ্ঠানসমূহৰ সংস্কাৰ অতি প্ৰয়োজনীয় বুলিও আমি মত প্ৰকাশ কৰিছো। সন্ত্ৰাসবাদৰ সকলো ৰূপকে সম্পূৰ্ণৰূপে নিৰ্মূল কৰাটো আমাৰ ভাগ-বাটোৱাৰা কৰা প্ৰতিশ্ৰুতি।

মহামহিম,

আৰ্কটিকৰ পৰা মহাকাশলৈকে, সেউজ জাহাজ চলোৱাৰ পৰা নীলা অৰ্থনীতিলৈকে, শক্তি সুৰক্ষাৰ পৰা খাদ্য সুৰক্ষালৈকে আমাৰ সহযোগিতাই নতুন সীমা স্পৰ্শ কৰিছে। আহক আমি আমাৰ সেউজ কৌশলগত অংশীদাৰিত্বৰ জৰিয়তে এক বিশ্বাসযোগ্য, ভৱিষ্যতবাদী আৰু দীৰ্ঘম্যাদী অংশীদাৰিত্বৰ নতুন অধ্যায় ৰচনা কৰো।

আপোনালোকক অশেষ ধন্যবাদ।

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
‘Give mothers, sisters their due rights’: PM Modi pushes for women's reservation from the ramparts of Red Fort

Media Coverage

‘Give mothers, sisters their due rights’: PM Modi pushes for women's reservation from the ramparts of Red Fort
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 16 আগষ্ট 2026
August 16, 2026

Aatmanirbhar Ambitions Meet Global Alliances: The Modi Doctrine in Action