For the first time, farmers of West Bengal will benefit from this scheme
Wheat procurement at MSP has set new records this year
Government is fighting COVID-19 with all its might

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি এখন ভিডিঅ’ কনফাৰেন্সৰ মাধ্যমেৰে প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি(পিএম-কিষাণ)ৰ অধীনত আৰ্থিক সাহায্যৰ অষ্টম কিস্তি হিচাপে ৯,৫০,৬৭,৬০১ উপভোক্তাৰ মাজত ২,০৬,৬৭,৭৫,৬৬,০০০ টকা মুকলি কৰি দিয়ে। প্ৰধানমন্ত্ৰীয়ে অনুষ্ঠানত কৃষক উপভোক্তাসকলৰ সৈতে মতবিনিময়তো অংশ লয়। কেন্দ্ৰীয় কৃষি মন্ত্ৰীও অনুষ্ঠানত উপস্থিত থাকে।

পিএম-কিষাণ আঁচনিৰ উপভোক্তাসকলৰ সৈতে মতবিনিময় কৰি প্ৰধানমন্ত্ৰীয়ে উত্তৰ প্ৰদেশৰ উন্নাওৰ অৰৱিন্দৰ শলাগ লয়, যিয়ে তেওঁৰ অঞ্চলটোৰ যুৱ কৃষকসকলক জৈৱিক কৃষি আৰু নতুন কৃষি পদ্ধতিসমূহৰ বিষয়ে প্ৰশিক্ষণ আগবঢ়ায়।

অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে কয় যে পশ্চিম বংগৰ কৃষকসকলে প্ৰথমবাৰৰ বাবে এই আঁচনিৰ উপযোগিতা লাভ কৰিবলৈ সক্ষম হৈছে। মহামাৰীৰ জটিল সময়তো খাদ্য শস্য আৰু উদ্যান শস্যৰ অভিলেখসংখ্যক উৎপাদন কৰা কৃষকসকলক তেওঁ ভূয়সী প্ৰশংসা কৰে। তেওঁ কয় যে চৰকাৰে প্ৰত্যেক বছৰে এমএছপিত ক্ৰয় কৰাৰ ক্ষেত্ৰত নতুন অভিলেখ স্থাপন কৰিছে। এমএছপি মূল্যত ধান ক্ৰয়ত নতুন অভিলেখ স্থাপনৰ পাছত এতিয়া ঘেহু ক্ৰয়ত নতুন অভিলেখ ৰচিছে। ঘেহু ক্ৰয় কৰিবলৈ এতিয়ালৈকে প্ৰায় ৫৮,০০০ কোটি টকা কৃষকৰ একাউণ্টত পোনপটীয়াকৈ সোমাই দিয়া হৈছে।

প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে চৰকাৰে কৃষি খণ্ডত নতুন সমাধান আৰু নতুন বিকল্পৰ সুবিধা প্ৰদান কৰিবলৈ নিৰন্তৰভাৱে প্ৰয়াস চলাই আছে। জৈৱিক কৃষিক উদগণি যোগোৱাও এই প্ৰয়াসৰে অন্যতম  অংশ।

প্ৰধানমন্ত্ৰীয়ে কয় যে এই ক’ভিড-১৯ মহামাৰীৰ সময়ছোৱাত কিষাণ ক্ৰেডিট কাৰ্ডৰ সময়সীমা বৃদ্ধি কৰা হৈছে আৰু এতিয়া ৩০জুন পৰ্যন্ত কিস্তি আদায় দিব পাৰিব। তেওঁ কয় যে শেহতীয়া বছৰসমূহত ২কোটিৰো অধিক কিষাণ ক্ৰেডিট কাৰ্ড জাৰি কৰা হৈছে।

প্ৰধানমন্ত্ৰীয়ে কয় যে শতিকাত এবাৰে অহা এই মহামাৰী সমগ্ৰ বিশ্বৰ বাবে প্ৰত্যাহ্বান। আমাৰ সন্মুখত এয়া এক অদৃশ্য শত্ৰু। চৰকাৰে মহামাৰীৰ বিৰুদ্ধে সৰ্বশক্তিৰে যুঁজ দি আছে আৰু দেশবাসীৰ কষ্ট নাশ কৰিবলৈ চৰকাৰৰ প্ৰতিটো বিভাগে দিনে-নিশাই কাম কৰি আছে।

 

সম্পূৰ্ণ ভাষণ পঢ়িবলৈ ইয়াত ক্লিক কৰক

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
PLI 2.0: India bets big on making more of the smartphone at home

Media Coverage

PLI 2.0: India bets big on making more of the smartphone at home
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 29 মে’ 2026
May 29, 2026

Every Sector, Every Citizen: How PM Modi’s Vision is Transforming India Across All Fronts