চহৰসমূহৰ পুনৰুজ্জীৱিতকৰণত মেয়ৰসকলে গ্রহণ কৰিব পৰা পদক্ষেপৰ তালিকা দিলে প্রধানমন্ত্রীয়ে
‘‘আধুনিকতাৰ যুগত আমাৰ চহৰসমূহৰ পুৰাতত্ত্বও সমান গুৰুত্বপূর্ণ’’
‘‘আমি চহৰসমূহক পৰিষ্কাৰ-পৰিচ্ছন্ন আৰু স্বাস্থ্যসন্মত কৰি ৰাখিবলৈ প্রচেষ্টা হাতত ল’ব লাগিব’’
‘‘নদ-নদীসমূহক নগৰীয়া জীৱনৰ মূল কেন্দ্রলৈ আনিব লাগিব আৰু এই প্রচেষ্টাই নগৰসমূহক নতুন জীৱন প্ৰদান কৰিব’’
‘‘আমাৰ চহৰসমূহ অর্থনীতিৰ চালিকাশক্তি, সেয়েহে চহৰক প্রাণৱন্ত অর্থনীতিৰ কেন্দ্র কৰি তুলিব লাগিব’’
‘‘আমি উন্নয়নৰ আৰ্হিসমূহ কিদৰে এমএছএমইসমূহক আৰু অধিক শক্তিশালী কৰিব পাৰো, তাক লৈ চিন্তা-চৰ্চা কৰা দৰকাৰ’’
‘‘মহামাৰীৰ সময় পদপথৰ দোকানীসকলৰ গুৰুত্ব কিমান, সেয়া দেখা গৈছে; এওঁলোকো আমাৰ যাত্রাপথৰ অংগ, আমি তেওঁৱোকক কোনো কাৰণতে পিছপৰি থাকিবলৈ দিব নোৱাৰো’’
‘‘কাশী সম্পর্কে আপোনালোকৰ মতামত পালে মই কৃতজ্ঞ হ’ম আৰু মই আপোনালোকৰ প্রথম ছাত্র হ’ব বিচাৰো’’
‘‘চৰ্দাৰ পেটেল আহমেদাবাদৰ মেয়ৰ আছিল আৰু সমগ্ৰ দেশে আজিও তেওঁক স্মৰণ কৰে’’

প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদীয়ে আজি ভিডিঅ’ কনফাৰেন্সিংযোগে মেয়ৰসকলৰ সর্বভাৰতীয় সন্মিলন উদ্বোধন কৰে৷ এই উপলক্ষে আয়োজিত অনুষ্ঠানত উত্তৰপ্ৰদেশৰ মুখ্যমন্ত্রী যোগী আদিত্যনাথ, কেন্দ্রীয় মন্ত্রী শ্রী হৰদীপ সিং পুৰী উপস্থিত থাকে৷

মেয়ৰসকলৰ সন্মিলনত প্রধানমন্ত্রীয়ে প্রাচীন বাৰাণসী চহৰত শেহতীয়া উন্নয়নমূলক কাম-কাজৰ কথা উল্লেখ কৰে। ভাষণ প্ৰসংগত প্ৰধানমন্ত্ৰীয়ে কয় যে কাশীৰ উন্নয়ন সমগ্র দেশৰ বাবে ভৱিষ্যতৰ ৰূপৰেখা হৈ উঠিব পাৰে। তেওঁ কয় যে আমাৰ দেশৰ চহৰসমূহৰ ঐতিহ্য আৰু পৰম্পৰাগত দিশত বিকাশ হৈছে। সেয়েহে, আধুনিকতাৰ এই যুগত আমি চহৰসমূহৰ পুৰাতত্ত্বৰ বিষয়সমূহৰ প্ৰতি লক্ষ্য ৰখাটোও সমানে গুৰুত্বপূর্ণ। ঐতিহ্য আৰু স্থানীয় দক্ষতা কিদৰে সংৰক্ষণ কৰিব পৰা যায়, সেয়া আমি চহৰসমূহৰ পৰা শিকিব পাৰো বুলিও প্ৰধানমন্ত্ৰীয়েয়ে মত প্রকাশ কৰে। তেওঁ সজোৰে কয় যে চহৰসমূহৰ বর্তমানৰ আন্তঃগাঁথনি ভাঙি পেলোৱা নহয়, বৰঞ্চ ইয়াৰ সংৰক্ষণ আৰু পুনৰুজ্জীৱিতকৰণত গুৰুত্ব দিব লাগিব। বর্তমান আধুনিক সময়ৰ চাহিদা অনুসৰি এই কাম কৰিব লাগিব।

পৰিষ্কাৰ-পৰিচ্ছন্নতা বজাই ৰখাৰ ক্ষেত্রত চহৰসমূহৰ মাজত সুস্থ প্রতিযোগিতা গঢ়ি তোলাৰ আহ্বান জনায়৷ প্রধানমন্ত্রীয়ে পৰিষ্কাৰ-পৰিচ্ছন্নতা বজাই ৰখাৰ কামত তেওঁলোকে লাভ কৰা চহৰসমূহক স্বীকৃতি দিব নতুন শাখা প্রণয়ন কৰাৰ পৰামর্শ দিয়ে৷ ইয়াৰ সমান্তৰালভাৱে চহৰসমূহৰ সৌন্দর্যবৰ্ধন সমানেই জৰুৰী। এই প্রসংগত তেওঁ মেয়ৰসকলৰ ৱার্ডসমূহৰ মাজত সুস্থ প্রতিযোগিতাৰ মানসিকতা গঢ়ি তোলাৰ পৰামর্শ দিয়ে৷

আজাদী কা অমৃত মহোৎসৱৰ অংগ হিচাপে প্ৰধনমন্ত্ৰীয়ে মেয়ৰসকলৰ স্বাধীনতা সংগ্রামৰ সৈতে জড়িত বিভিন্ন বিষয়ক লৈ কাৰ্যসূচী আয়োজনৰ পৰামর্শ দিয়ে৷ প্রধানমন্ত্রীয়ে একাধিকবাৰ তেওঁৰ ভাষণতো অনাতাঁৰ অনুষ্ঠান ‘মন কী বাত’ত স্বাধীনতা সংগ্রামৰ সৈতে জড়িত বিভিন্ন বিষয়ক লৈ ৰংগোলী প্রতিযোগিতা, সংগীতানুষ্ঠান, নিছুকনি গীত প্রতিযোগিতা আয়োজনৰ কথা উল্লেখ কৰে। চহৰসমূহৰ প্ৰতিষ্ঠানৰ দিন বিচাৰি উলিয়াই, সেয়া উদযাপন কৰাৰ বাবেও প্ৰধানমন্ত্ৰীয়ে মেয়ৰসকলক পৰামর্শ দিয়ে৷ নদ-নদীকেন্দ্রিক চহৰসমূহক লৈ তেওঁ নদী উৎসৱ আয়োজনৰ কথা কয়৷ দেশত নদ-নদীসমূহৰ গৌৰৱ আৰু মহিমা আৰু অধিক প্ৰসাৰিত কৰাৰ প্রয়োজনীয়তাৰ ওপৰত জোৰ দি প্ৰধানমন্ত্ৰীয়ে কয় যে ইয়াৰ ফলত সাধাৰণ জনতাৰ নদ-নদীসমূহক লৈ আৰু অধিক গৌৰৱবোধ কৰিব আৰু সেইবোৰক পৰিষ্কাৰ-পৰিচ্ছন্ন ৰাখিবলৈও উৎসাহিত হ’ব৷ প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে নদ-নদীসমূহক আমি নগৰ জীৱনৰ কেন্দ্রলৈ ঘূৰাই আনিব লাগিব৷ ইয়াৰ ফলত নগৰ জীৱনত এক নতুন জীৱনৰ সঞ্চাৰ হ’ব৷ এবাৰ ব্যৱহাৰযোগ্য প্লাষ্টিক বর্জন অভিযান আৰু অধিক নিবিড় কৰাৰ বাবে প্ৰধানমন্ত্ৰী মোদীয়ে মেয়ৰসকলক পৰামর্শ দিয়ে৷ তেওঁ কয় যে পেলনীয়া সামগ্ৰীৰ পৰা কিদৰে সম্পদ সৃষ্টি কৰিব কৰা যায়, সেই বিষয়েও মেয়ৰসকল আৰু অধিক উদ্যোগী হ’ব লাগিব৷ আমি চহৰ পৰিষ্কাৰ-পৰিচ্ছন্ন আৰু স্বাস্থ্যসন্মত কৰি ৰখাৰ প্রয়াস কৰিব লাগিব৷

ষ্ট্ৰীট লাইত আৰু ঘৰত এলইডি বাল্বৰ ব্যৱহাৰ আৰু অধিক বৃদ্ধি কৰাৰ প্ৰধানমন্ত্ৰীয়ে মেয়ৰসকলৰ গুৰুত্ব দিয়াৰ কথা কয়৷ মিচন মোডত এলইডি বাল্বৰ ব্যৱহাৰ বৃদ্ধিৰ বাবে মেয়ৰসকল উদ্যোগী হ’বলৈ কয়। আজাদি কা অমৃত মহোৎসৱৰ অংগ হিচাপে তেওঁ মেয়ৰসকলৰক চহৰত থকা মূর্তিসমূহ পৰিষ্কাৰ আৰু স্বাধীনতা সংগ্রামীসকলক লৈ বক্তৃতামূলক অনুষ্ঠান আয়োজনৰ বাবে এনচিচ কেডেটসকলৰ সামৰি লোৱাৰ পৰামর্শ দিয়ে। চৰকাৰী-বেচৰকাৰী অংশীদাৰিত্বৰ জৰিয়তে আজাদি কা অমৃত মহোৎসৱৰ সৈতে সংগতি ৰাখি চহৰত স্মৃতিসৌধ নিৰ্মাণ কৰিব পাৰি বুলিও তেওঁ উল্লেখ কৰে। ‘এক জিলা, এক পণ্য’ কাৰ্যসূচীৰ কথা উল্লেখ কৰি প্রধানমন্ত্রীয়ে সংশ্লিষ্ট চহৰৰ নির্দিষ্ট এটি পণ্য বা স্থানক স্বতন্ত্র পৰিচিতি দিয়াৰ বাবে মেয়ৰসকলৰ প্রতি আহ্বান জনায়৷ প্ৰধানমন্ত্ৰীয়ে নগৰ জীৱনৰ বিভিন্ন দিশত নাগৰিক অনুকূল চিন্তা-চৰ্চা গঢ় দিয়াৰ কথা উল্লেখ কৰে৷ প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে পৰিবহণ ব্যৱস্থাৰ প্রসাৰ ঘটাব লাগিব। আনকি, সুগন ভাৰত অভিযানৰ জৰিয়তে চহৰত দিব্যাংগ অনুসকূল সা-সুবিধাও নিৰ্মাণ কৰিব লাগিব৷ প্ৰধানমন্ত্ৰীয়ে কয় যে আমাৰ চহৰসমূহ অর্থনীতিৰ চালিকাশক্তি। সেয়েহে চহৰসমূহক প্রাণৱন্ত অর্থনীতিৰ কেন্দ্র কৰি তুলিব লাগিব৷ চহৰসমূহত সা-সুবিধা নিৰ্মাণ কৰাৰ বাবে এনে এক অনুকূল পৰিস্থিতি গঢ় দিব লাগিব, যি অর্থনৈতিক কাম-কাজৰ আৰু অধিক প্রসাৰ ঘটাব বুলিও প্ৰধানমন্ত্ৰীয়ে মত প্রকাশ কৰে।

প্রধানমন্ত্রীয়ে আমাৰ অগ্রগতিৰ যাত্রাপথত উন্নয়নমূলক আৰ্হিত অতি, ক্ষুদ্ৰ, সৰু আৰু মজলীয়া উদ্যোগ সংস্থাসমূহক (এমএছএমই) আৰু অধিক শক্তিশালী কৰি তোলাৰ প্রয়োজনীয়তাৰ ওপৰত জোৰ দিয়ে। তেওঁ কয় যে আমি এই অগ্রগতিৰ পদপথৰ দোকানীসকলো গুৰুত্বপূর্ণ অংগ। আমি তেওঁলোকৰ বিভিন্ন সমস্যা প্রতি মুহূর্ততে লক্ষ্য কৰি আছো৷ সেয়েহে, পিএম-স্বনিধি যোজনা আৰম্ভ কৰা হৈছে। এই কাৰ্যসূচীতত আপোনালোকে পদপথৰ দোকানীসকলৰ এক তালিকা প্ৰস্তুত কৰক আৰু তেওঁলোকৰ ম’বাইল ফোনভিত্তিক লেনদেনত আৰু অধিক পাৰদর্শী কৰি তোলক। ইয়াৰ ফলত আৰু অধিক সহজে সহায় লাভ কৰিব। মহামাৰীৰ সময়ত পদপথৰ দোকানীসকলৰ গুৰুত্ব অতি তাৎপর্যপূর্ণ হিচাপে প্রমাণিত হৈছে।

কাশীৰ উন্নয়নত মেয়ৰসকলে যি অভিজ্ঞতা সঞ্চয় কৰিছে, সেই সম্পর্কে তেওঁলোকক প্রস্তাৱ প্ৰেৰণৰ বাবে অনুৰোধ জনাই প্রধানমন্ত্রীয়ে ভাষণ সামৰে। তেওঁ কয় যে আপোনালোকৰ প্রস্তাৱ পালে তেওঁ অত্যন্ত কৃতজ্ঞ হ’ব। সেয়েহে, মই আপোনালোকৰ ছাত্র হ’ব বিচাৰো৷ প্ৰধানমন্ত্ৰীয়ে মোদীয়ে কয় যে চৰ্দাৰ পেটেল আহমেদাবাদৰ মেয়ৰ আছিল আৰু সমগ্ৰ দেশে আজিও তেওঁক স্মৰণ কৰে। ৰাজনৈতিক দিশৰ পৰা মেয়ৰৰ দায়িত্ব পোৱাটো এনে এক গুৰুত্বপূর্ণ পদ, যি আপোনালোকক দশেৰ মানুহৰ সেৱা কৰাৰ সুযোগ প্ৰদান কৰে৷

সম্পূৰ্ণ ভাষণ পঢ়িবলৈ ইয়াত ক্লিক কৰক

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Project Cheetah: How A Species Declared Extinct During Nehru Era Returned To India Under Modi Govt

Media Coverage

Project Cheetah: How A Species Declared Extinct During Nehru Era Returned To India Under Modi Govt
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister inaugurates Namo Hospital at Daman
June 05, 2026

Prime Minister Shri Narendra Modi today inaugurated the Namo Hospital at Daman. He stated that this is in line with the ongoing efforts towards providing quality health treatment to the people, noting that the hospital features modern facilities and will go a long way in addressing the healthcare needs of the Union Territory and surrounding areas.

The Prime Minister posted on X:

"In line with our efforts towards providing quality health treatment to the people, the Namo Hospital at Daman was inaugurated. It has modern facilities and will go a long way in addressing the healthcare needs of the Union Territory and surrounding areas."