“প্ৰভু কৃষ্ণৰ চৰণত প্ৰণিপাত জনাই, জয়ন্তী উপলক্ষে মই মোৰ দেশবাসীলৈ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছো”
“সদগুৰু সদাফলদেও জীৰ আধ্যাত্মিক উপস্থিতিক মই প্ৰণাম জনাইছো”
“যেতিয়াই সময় প্ৰতিকূল হয়, তেতিয়াই সাম্প্ৰতিক সময় সলোৱাৰ বাবে আমাৰ দেশত কোনোবা নহয় কোনোবা সন্তৰ আবিৰ্ভাৱ হয়। এইখন ভাৰত যাৰ সবাতোকৈ ডাঙৰ স্বাধীনতা সংগ্ৰামীগৰাকীক পৃথিৱীয়ে ‘মহাত্মা’ বুলি অভিহিত কৰে”
“আমি যেতিয়াই বেনাৰসৰ উন্নয়ণৰ কথা কও, ইয়ে সমগ্ৰ ভাৰতৰ উন্নয়ণৰে পথ-নিৰ্দেশন দাঙি ধৰে”
“পুৰণিক অক্ষুন্ন ৰাখি নতুনক আদৰিবলৈ বেনাৰসে দেশক এক নতুন নিৰ্দেশনা প্ৰদান কৰিলে”
“আজি দেশৰ থলুৱা বাণিজ্য, নিয়োগ আৰু উত্পাদনে নতুন সামৰ্থ্য আহৰণ কৰিছে, স্থানীয়ই গতি কৰিছে বিশ্বলৈ”

উত্তৰ প্ৰদেশৰ উমৰা গ্ৰামস্থিত ‘স্বৰবেদ মহামন্দিৰ ধাম’ৰ ‘সদাফলদেও বিহংগম যোগ সংস্থান’ৰ ৯৮সংখ্যক বাৰ্ষিকী উদযাপন সমাৰোহত উপস্থিত থাকে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী।

অনুষ্ঠানত প্ৰদান কৰা ভাষণত তেওঁ কালি ‘কাশী বিশ্বনাথ ধাম’ত মহাদেৱৰ চৰণত প্ৰণিপাত জনোৱাৰ কথা স্মৰণ কৰি কয় “কাশীৰ শক্তি কেৱল চিৰস্থায়ীয়েই নহয়, ই সদায় নতুন দিকদৰ্শনো কৰায়”। তেওঁ ‘গীতা জয়ন্তী’ৰ পবিত্ৰ ক্ষণত প্ৰভু শ্ৰীকৃষ্ণৰ চৰণতো প্ৰণিপাত জনায়। তেওঁ কয়, প্ৰভু কৃষ্ণৰ চৰণত প্ৰণিপাত জনাই, জয়ন্তী উপলক্ষে মই মোৰ দেশবাসীলৈ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছো।

প্ৰধানমন্ত্ৰীয়ে সদগুৰু সদাফলদেও জীৰ প্ৰতিও শ্ৰদ্ধাৰ্ঘ্য নিবেদন কৰে। এই সন্দৰ্ভত মন্তব্য কৰি তেওঁ কয়, “সদগুৰু সদাফলদেও জীৰ আধ্যাত্মিক উপস্থিতিক মই প্ৰণাম জনাইছো। তেওঁ কয়, যেতিয়াই সময় প্ৰতিকূল হয় তেতিয়াই সাম্প্ৰতিক সময় সলোৱাৰ বাবে আমাৰ দেশত কোনোবা নহয় কোনোবা সন্তৰ আবিৰ্ভাৱ হয়। এইখন ভাৰত যাৰ সবাতোকৈ ডাঙৰ স্বাধীনতা সংগ্ৰামীগৰাকীক পৃথিৱীয়ে মহাত্মা বুলি অভিহিত কৰে”।

ভাষণ প্ৰসংগত তেওঁ উল্লেখ কৰি কয় যে “আমি যেতিয়াই বেনাৰসৰ উন্নয়ণৰ কথা কও, ইয়ে সমগ্ৰ ভাৰতৰ উন্নয়ণৰে পথ-নিৰ্দেশন দাঙি ধৰে। পুৰণিক অক্ষুন্ন ৰাখি নতুনক আদৰিবলৈ বেনাৰসে দেশক এক নতুন নিৰ্দেশনা প্ৰদান কৰিলে”।

সদগুৰুয়ে আগবঢ়োৱা ‘স্বদেশীৰ মন্ত্ৰ’ৰ কথা স্মৰণ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে “সেই আদৰ্শকে সাৰোগত কৰি আজি দেশে আত্মনিৰ্ভৰ ভাৰত অভিযান আৰম্ভ কৰিছে। দেশৰ থলুৱা বাণিজ্য, নিয়োগ আৰু উত্পাদনে নতুন সামৰ্থ্য আহৰণ কৰিছে, আৰু স্থানীয়ই গতি কৰিছে বিশ্বলৈ”।

অনুষ্ঠানত প্ৰদান কৰা ভাষণত তেওঁ কালি ‘কাশী বিশ্বনাথ ধাম’ত মহাদেৱৰ চৰণত প্ৰণিপাত জনোৱাৰ কথা স্মৰণ কৰি কয় “কাশীৰ শক্তি কেৱল চিৰস্থায়ীয়েই নহয়, ই সদায় নতুন দিকদৰ্শনো কৰায়”। তেওঁ ‘গীতা জয়ন্তী’ৰ পবিত্ৰ ক্ষণত প্ৰভু শ্ৰীকৃষ্ণৰ চৰণতো প্ৰণিপাত জনায়। তেওঁ কয়, প্ৰভু কৃষ্ণৰ চৰণত প্ৰণিপাত জনাই, জয়ন্তী উপলক্ষে মই মোৰ দেশবাসীলৈ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছো।

প্ৰধানমন্ত্ৰীয়ে সদগুৰু সদাফলদেও জীৰ প্ৰতিও শ্ৰদ্ধাৰ্ঘ্য নিবেদন কৰে। এই সন্দৰ্ভত মন্তব্য কৰি তেওঁ কয়, “সদগুৰু সদাফলদেও জীৰ আধ্যাত্মিক উপস্থিতিক মই প্ৰণাম জনাইছো। তেওঁ কয়, যেতিয়াই সময় প্ৰতিকূল হয় তেতিয়াই সাম্প্ৰতিক সময় সলোৱাৰ বাবে আমাৰ দেশত কোনোবা নহয় কোনোবা সন্তৰ আবিৰ্ভাৱ হয়। এইখন ভাৰত যাৰ সবাতোকৈ ডাঙৰ স্বাধীনতা সংগ্ৰামীগৰাকীক পৃথিৱীয়ে মহাত্মা বুলি অভিহিত কৰে”।

সম্পূৰ্ণ ভাষণ পঢ়িবলৈ ইয়াত ক্লিক কৰক

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Stranded in Tehran, 50 Iranian Sikhs return safely to India

Media Coverage

Stranded in Tehran, 50 Iranian Sikhs return safely to India
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 02 আগষ্ট 2026
August 02, 2026

Youth. Manufacturing. Digital Trust. The Three Engines Powering New Bharat Under PM Modi