ভাৰতে সদায় নিজকে জ্ঞানযোগৰ পথত উৎসৰ্গিত কৰি আহিছে, হাজাৰ হাজাৰ বছৰ পুৰণি বেদে আজিও অনুপ্ৰেৰণা যোগাই আহিছে: প্ৰধানমন্ত্ৰী
ভগৱান স্বামীনাৰায়ণ আছিল আধ্যাত্মিক অনুশীলন আৰু সেৱা উভয়ৰে প্ৰতীক: প্ৰধানমন্ত্ৰী
প্ৰাচীন পাণ্ডুলিপি সংৰক্ষণৰ অৰ্থে জ্ঞান ভাৰতম অভিযানত সহযোগিতা আগবঢ়াবলৈ সকলোকে আহ্বান জনালে প্ৰধানমন্ত্ৰীয়ে

আজি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে শিক্ষাপত্রী দ্বিশতাব্দী মহোৎসৱত ভিডিঅ’ বাৰ্তাৰ যোগেদি ভাষণ প্ৰদান কৰে। এই উপলক্ষ্যে ভাষণ আগবঢ়াই শ্ৰী মোদীয়ে কয় যে আজি সকলোৱে ভগৱান স্বামীনাৰায়ণৰ শিক্ষাপত্ৰীৰ ২০০ বছৰ পূৰ্ণ হোৱা উপলক্ষ্যে  আজিৰ এই   বিশেষ অনুষ্ঠানৰ সাক্ষী হৈছে। তেওঁ দৃঢ়তাৰে কয় যে দ্বিশতিবাৰ্ষিকী উদযাপনৰ এই পবিত্ৰ অনুষ্ঠানৰ অংশ হ’বলৈ পোৱাটো সকলোৰে বাবে এক সৌভাগ্যৰ মুহূৰ্ত। এই পূণ্য মুহূৰ্তত সকলো সাধুক প্ৰণাম জনাই শ্ৰী মোদীয়ে ভগৱান স্বামীনাৰায়ণৰ কোটি কোটি অনুগামীক দ্বিশতবাৰ্ষিকী উৎসৱত শুভেচ্ছা জনায়।

ভাৰত সদায় জ্ঞানযোগৰ পথত উৎসৰ্গিত বুলি  মন্তব্য  কৰি শ্ৰী মোদীয়ে কয় যে হাজাৰ হাজাৰ বছৰ পুৰণি বেদসমূহে আজিও আমাক অনুপ্ৰেৰণা যোগাই আহিছে। তেওঁ এই বিষয়ত আলোকপাত কৰে যে  সন্ত তথা  ভৱিষ্যদ্ৰষ্টাসকলে  নিজৰ সময়ৰ প্ৰয়োজন অনুসৰি বেদৰ পোহৰত প্ৰয়োজনীয় ব্যৱস্থা বিকশিত কৰিছিল। প্ৰধানমন্ত্ৰীয়ে  কয়  যে বেদৰ পৰা উপনিষদ, উপনিষদৰ পৰা পুৰাণ আৰু শ্ৰুতি, স্মৃতি, কথাবচন, আৰু গায়নৰ জৰিয়তে এই পৰম্পৰা শক্তিশালী হৈয়েই আছে।

প্ৰধানমন্ত্ৰীয়ে এই কথাত গুৰুত্ব আৰোপ কৰে যে বিভিন্ন যুগত মহান সন্ত, ভৱিষ্যদ্ৰষ্টা, চিন্তাবিদসকলে সেই সময়ৰ প্ৰয়োজনীয়তা অনুসৰি এই পৰম্পৰাত নতুন অধ্যায় সংযোজন কৰিছিল। তেওঁ উল্লেখ কৰে যে ভগৱান স্বামীনাৰায়ণৰ জীৱনৰ খণ্ডবোৰ জনশিক্ষা আৰু জনসেৱাৰ সৈতে গভীৰভাৱে জড়িত আছিল । তেওঁ কয় যে এই অভিজ্ঞতাসমূহ সহজ ভাষাত বুজাই দিয়া হৈছিল আৰু শিক্ষাপত্রীৰ জৰিয়তে ভগৱান স্বামীনাৰায়ণে সকলোৰে জীৱনৰ বাবে অমূল্য পথ প্ৰদৰ্শন কৰিছিল। প্ৰধানমন্ত্ৰীয়ে কয়  যে দ্বিশতিবাৰ্ষিকী উদযাপনে শিক্ষাপত্ৰীৰ পৰা কি নতুন শিক্ষা লাভ কৰা হৈছে আৰু ইয়াৰ আদৰ্শক দৈনন্দিন জীৱনত কেনেদৰে প্ৰয়োগ কৰা  হৈছে সেই কথাৰ মূল্যায়নৰ সুযোগ প্ৰদান কৰিছে। তেওঁ মন্তব্য কৰে যে ভগৱান স্বামীনাৰায়ণৰ জীৱন আধ্যাত্মিক অনুশীলন আৰু সেৱা উভয়ৰে প্ৰতীক আছিল।

প্ৰধানমন্ত্ৰীয়ে দৃঢ়তাৰে কয় যে আজি তেওঁৰ অনুগামীসকলে সমাজ, দেশ , মানৱতাৰ প্ৰতি উৎসৰ্গিত অসংখ্য অভিযান চলাই আছে। তেওঁ উল্লেখ কৰে যে শিক্ষা তথা স্বাস্থ্যৰ সৈতে জড়িত প্ৰকল্প, কৃষকৰ কল্যাণৰ বাবে গ্ৰহণ কৰা পদক্ষেপ আৰু পানীৰ সৈতে জড়িত পদক্ষেপসমূহ  সঁচাকৈয়ে প্ৰশংসনীয়। শ্ৰী মোদীয়ে উল্লেখ কৰে যে সন্তসকলে সমাজসেৱাৰ প্ৰতি নিজৰ দায়িত্ব অহৰহ প্ৰসাৰিত কৰাৰ কথাটো  অতিকৈ  প্ৰেৰণাদায়ক।

দেশত স্বদেশী আৰু স্বচ্ছতাৰ দৰে গণ আন্দোলন  আগুৱাই নিয়াৰ কথা আলোকপাত কৰি শ্ৰী মোদীয়ে কয় যে এতিয়া প্ৰতিটো  ঘৰে ঘৰে “ভোকেল ফৰ লোকেল ” মন্ত্ৰৰ অনুৰণন ঘটিছে। তেওঁ কয় যে যেতিয়া এই প্ৰচেষ্টাসমূহ এনে অভিযানৰ সৈতে জড়িত হ’ব, তেতিয়া শিক্ষাপত্রীৰ দ্বিশতবাৰ্ষিকী উদযাপন আৰু অধিক অবিস্মৰণীয় হৈ পৰিব। তেওঁ প্ৰাচীন পাণ্ডুলিপি সংৰক্ষণৰ বাবে দেশত জ্ঞান ভাৰতম অভিযান আৰম্ভ কৰাৰ কথা আঙুলিয়াই দি  জ্ঞান ক্ষেত্ৰে জৰিত সকলো সংগঠনক এই কামত অধিক সহযোগিতা আগবঢ়াবলৈ আহ্বান জনায়। শ্ৰী মোদীয়ে কয় যে ভাৰতৰ প্ৰাচীন জ্ঞান আৰু ইয়াৰ পৰিচয় সংৰক্ষণ কৰিব লাগিব। এনে সংগঠনসমূহৰ  সহযোগত জ্ঞান ভাৰতম অভিযানে সফলতাৰ শিখৰ চুব বুলিও তেওঁ আশা প্ৰকাশ কৰে।

সম্প্ৰতি দেশে  সোমনাথ স্বাভিমান পৰ্বৰ ভৱিষ্যৎ সাংস্কৃতিক উৎসৱ উদযাপন কৰা বুলি উল্লেখ কৰি শ্ৰী মোদীয়ে কয় যে সোমনাথ মন্দিৰ প্ৰথমবাৰ ধ্বংস হোৱাৰ  পৰা এতিয়ালৈকে দেশে এই উৎসৱৰ মাজেৰে হাজাৰ বছৰীয়া যাত্ৰাৰ স্মৃতিচাৰণ কৰি আহিছে।

প্ৰধানমন্ত্ৰীয়ে সকলোকে এই উৎসৱ উদযাপনত যোগদান কৰিবলৈ আৰু ইয়াৰ উদ্দেশ্যসমূহ জনসাধাৰণৰ মাজলৈ লৈ যাবলৈ আহ্বান জনায়। অনুগামীসকলৰ প্ৰচেষ্টাৰ জৰিয়তে ভাৰতৰ উন্নয়নৰ যাত্ৰাই ভগৱান স্বামীনাৰায়ণৰ আশীৰ্বাদ লাভ কৰি যাব বুলি  আস্থা প্ৰকাশ কৰি প্ৰধানমন্ত্ৰীয়ে তেওঁৰ ভাষণৰ  সামৰণি মাৰে।

 

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India’s Defence Exports Explode: ₹40,000 Crore Milestone Signals a New Manufacturing Era

Media Coverage

India’s Defence Exports Explode: ₹40,000 Crore Milestone Signals a New Manufacturing Era
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister shares moments from his metro journey to and from the SRCC programme
September 05, 2026

Prime Minister Shri Narendra Modi today shared glimpses of his metro journey while traveling to and from the SRCC programme.

In a post on X, the Prime Minister shared:

"Metro moments…

On the way to the SRCC programme and back."