নামিবিয়ালৈ কৰা চৰকাৰী  ভ্ৰমণৰ সময়তে  প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি উইণ্ডহ’কৰ ষ্টেট হাউছত নামিবিয়াৰ ৰাষ্ট্ৰপতি মহামহিম  ড০ নেটুম্বো নন্দি-নদৈতৱাহক সাক্ষাৎ কৰে। ষ্টেট হাউছত  উপস্থিত হোৱাৰ লগে লগে প্ৰধানমন্ত্ৰী মোদীক ৰাষ্ট্ৰপতি নন্দি-দৈত্ৱাহে উষ্ম আদৰণি জনোৱাৰ লগতে আনুষ্ঠানিকভাৱে সম্বৰ্ধনা জনায়। ২৭ বছৰৰ পাছত ভাৰতৰ প্ৰধানমন্ত্ৰীয়ে নামিবিয়া ভ্ৰমণ কৰিছে। চলিত বৰ্ষৰ মাৰ্চ মাহত কাৰ্যভাৰ গ্ৰহণ কৰাৰ পিছত ৰাষ্ট্ৰপতি নন্দি-দৈত্ৱাহে এইবাৰেই প্ৰথম ভাৰতৰ প্ৰধানমন্ত্ৰীৰ সৈতে মিলিত হৈছে।

প্ৰধানমন্ত্ৰীয়ে ৰাষ্ট্ৰপতি নন্দি-দৈতৱাহক নামিবিয়াৰ ৰাষ্ট্ৰপতি নিৰ্বাচিত হোৱাৰ বাবে অভিনন্দন জ্ঞাপন কৰে। দুয়োগৰাকী নেতাই দ্বিপাক্ষিক সম্পৰ্কৰ আঁৰত থকা গৌৰৱময় ইতিহাসৰ কথাও স্মৰণ কৰে। প্ৰধানমন্ত্ৰীয়ে  চলিত বছৰত বিয়োগ ঘটা  নামিবিয়াৰ প্ৰতিষ্ঠাপক পিতৃ ড° ছেম নুজোমাৰ বিয়োগত শোক প্ৰকাশ কৰে। প্ৰতিৰক্ষা, সামুদ্ৰিক নিৰাপত্তা, ডিজিটেল প্ৰযুক্তি আৰু ইউপিআই, কৃষি, স্বাস্থ্য তথা  ফাৰ্মা, শক্তি তথা  জটিল খনিজ পদাৰ্থকে ধৰি আন বহু বিষয়ত দ্বিপাক্ষিক সম্পৰ্ক অধিক শক্তিশালী কৰাৰ সন্দৰ্ভত দুয়োগৰাকী নেতাই আলোচনা কৰে।

দ্বিপাক্ষিক বাণিজ্য বৃদ্ধিৰ বিষয়ত সন্তুষ্টি প্ৰকাশ কৰি নেতাদ্বয়ে  উল্লেখ কৰে যে বিষয়ত সম্পূৰ্ণ সম্ভাৱনা এতিয়াও বিকশিত  কৰিবলগীয়া আছে। এই সন্দৰ্ভত তেওঁলোকে ভাৰত-এছএচিইউ পিটিএ সন্দৰ্ভত আলোচনা ক্ষিপ্ৰতাৰে আগবঢ়াই নিয়াৰ আহ্বান জনায়। প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে ভাৰতে নামিবিয়াৰ বিশেষজ্ঞসকলৰ বাবে সামৰ্থ্য বিকাশ কাৰ্যসূচীৰ জৰিয়তে উন্নয়ন সম্পৰ্কীয়  সহযোগিতাৰ প্ৰচেষ্টা বৃদ্ধি কৰিব আৰু নামিবিয়াত উৎপাদন প্ৰকল্প  স্থাপনৰ ক্ষেত্ৰত অংশীদাৰিত্বৰ সন্ধান কৰিব। প্ৰধানমন্ত্ৰীয়ে কৃষি, তথ্য প্ৰযুক্তি, চাইবাৰ সুৰক্ষা, স্বাস্থ্যসেৱা, শিক্ষা, মহিলা সৱলীকৰণ আৰু শিশু কল্যাণৰ ক্ষেত্ৰত সুদূৰপ্ৰসাৰী উন্নয়ন প্ৰকল্পৰ বাবে ভাৰতে  সহায় আগবঢ়াব বুলি কয়। প্ৰধানমন্ত্ৰীয়ে কৃষিৰ বাবে ড্ৰ’ন ব্যৱহাৰ কৰাৰ ক্ষেত্ৰত ভাৰতৰ অভিজ্ঞতাও বৰ্ণনা কৰে, যিটো প্ৰকল্পই নামিবিয়াকো উপকৃত কৰিব  পাৰে।

ভাৰতত চিতা সংৰক্ষণ প্ৰকল্পত নামিবিয়াৰ সহায়ৰ বাবে প্ৰধানমন্ত্ৰীয়ে ৰাষ্ট্ৰপতি নন্দি-দৈতৱাহক ধন্যবাদ জনায়। তেওঁ নামিবিয়াক আন্তঃৰাষ্ট্ৰীয় বিগ কেট এলায়েন্সত যোগদান কৰিবলৈ আমন্ত্ৰণ জনায়।

দুয়োগৰাকী নেতাই পাৰস্পৰিক স্বাৰ্থ নিহিত হৈ থকা  বিশ্বব্যাপী বিষয়সমূহকলৈ  আলোচনা কৰে। পহলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ পিছত  ভাৰতৰ জনসাধাৰণলৈ নামিবিয়াই জনোৱা  সমৰ্থনৰ বাবে প্ৰধানমন্ত্ৰীয়ে ধন্যবাদ জ্ঞাপন কৰে। সন্ত্ৰাসবাদৰ বিৰুদ্ধে বিশ্বজুৰি যুঁজখন শক্তিশালী কৰাৰ বাবে দুয়োগৰাকী নেতাই সন্মতি প্ৰকাশ কৰে। গ্ল’বেল চাউথৰ কণ্ঠ শক্তিশালী কৰাৰ  বাবেও তেওঁলোকে একেলগে কাম কৰাৰ প্ৰতিশ্ৰুতি দিয়ে।

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India's $13 billion semiconductor mission: Boosting domestic chip manufacturing and design

Media Coverage

India's $13 billion semiconductor mission: Boosting domestic chip manufacturing and design
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 8 ছেপ্টেম্বৰ 2026
September 08, 2026

Viksit Bharat, Many Engines: Defence, Diplomacy, Growth & Green Power Under PM Modi