মন্ত্ৰীসকলে আজি নতুন দিল্লীত অনুষ্ঠিত হোৱা চতুৰ্থ ভাৰত-মধ্য এছিয়া বৈঠকৰ বিষয়ে প্ৰধানমন্ত্ৰীক অৱগত কৰে
প্ৰধানমন্ত্ৰীয়ে অৰ্থনৈতিক আন্তঃসংযোগ, সংযোগ, প্ৰতিৰক্ষা আৰু নিৰাপত্তা সহযোগিতা তথা নতুন আৰু উদীয়মান ক্ষেত্ৰত সহযোগিতা সম্পৰ্কীয় দৃষ্টিভংগী ব্যক্ত কৰে
প্ৰধানমন্ত্ৰীয়ে ভাৰত-মধ্য এছিয়াৰ শক্তিশালী অংশীদাৰিত্বই আঞ্চলিক তথা বিশ্বব্যাপী প্ৰত্যাহ্বানসমূহ মোকাবিলা কৰাত শক্তিৰ বহুগুণৰ ভূমিকা পালন কৰাৰ বিষয়ত আলোকপাত কৰে
মধ্য এছিয়াৰ নেতাসকলে পহলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণক তীব্ৰ গৰিহণা দিয়ে আৰু সীমা অতিক্ৰম কৰি হৈ থকা সন্ত্ৰাসবাদৰ বিৰুদ্ধে ভাৰতে চলাই থকা যুঁজখনলৈ সমৰ্থন প্ৰকাশ কৰিছে
প্ৰধানমন্ত্ৰীয়ে দ্বিতীয় ভাৰত-মধ্য এছিয়া শীৰ্ষ সন্মিলনলৈ মধ্য এছিয়াৰ সকলো দেশৰ নেতাক আমন্ত্ৰণ জনায়

কাজাখস্তান গণৰাজ্য , কিৰ্গিজ গণৰাজ্য , তাজিকিস্তান গণৰাজ্য , তুৰ্কমেনিস্তান আৰু উজবেকিস্তান গণৰাজ্যৰ  বৈদেশিক মন্ত্ৰীসকলে আজি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক সমূহীয়াভাবে  সাক্ষাৎ কৰে  ।

 

নতুন দিল্লীত আজি  অনুষ্ঠিত হোৱা  চতুৰ্থ  ভাৰত-মধ্য এছিয়া বৈঠকৰ  ইতিবাচক আৰু  ফলপ্ৰসূ আলোচনাৰ বিষয়ে মন্ত্ৰীসকলে প্ৰধানমন্ত্ৰীক অৱগত কৰে।

 

প্ৰধানমন্ত্ৰীয়ে  মন্ত্ৰীসকলৰ সৈতে হোৱা বৈঠকত এই কথা প্ৰকাশ কৰে যে মধ্য এছিয়াৰ দেশসমূহৰ সৈতে  সম্পৰ্ক অটুত ৰখাটো   ভাৰতৰ সদায়  মূল অগ্ৰাধিকাৰৰ বিষয় হৈ আহিছে।  তেওঁ জনসাধাৰণৰ মাজত থকা  ঐতিহাসিক সম্পৰ্কৰ শক্তিশালী ভেটিৰ ওপৰত আধাৰ কৰি    বৃহত্তৰ অৰ্থনৈতিক আন্তঃসংযোগ, সম্প্ৰসাৰিত সংযোগ, বৰ্ধিত প্ৰতিৰক্ষা আৰু নিৰাপত্তা সহযোগিতা তথা  নতুন আৰু উদীয়মান ক্ষেত্ৰত ব্যাপক সহযোগিতাৰ  বিষয়ত নিজৰ দৃষ্টিভংগী  প্ৰকাশ কৰে।

 

প্ৰধানমন্ত্ৰীয়ে  এই বিষয়ত আলোকপাত কৰে যে ভাৰত-মধ্য এছিয়াৰ শক্তিশালী অংশীদাৰিত্বই  আঞ্চলিক আৰু বিশ্বব্যাপী প্ৰত্যাহ্বানসমূহ মোকাবিলা কৰাৰ  ক্ষেত্ৰত শক্তিৰ বহুগুণক হিচাপে কাম কৰিছে।

 

মধ্য এছিয়াৰ বৈদেশিক মন্ত্ৰীসকলে ২০২৫ চনৰ ২২ এপ্ৰিলত পহলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণক তীব্ৰ গৰিহণা দি সীমা অতিক্ৰম কৰি  সংঘটিত হৈ থকা  সন্ত্ৰাসবাদৰ বিৰুদ্ধে ভাৰতে চলাই থকা  যুঁজখনৰ প্ৰতি সমৰ্থন প্ৰকাশ কৰে।

 

এই বৈঠকৰ সময়তে প্ৰধানমন্ত্ৰীয়ে ভাৰতত অনুষ্ঠিত হ’বলগীয়া দ্বিতীয় ভাৰত-মধ্য এছিয়া শীৰ্ষ  সন্মিলনলৈ  মধ্য এছিয়াৰ সকলো দেশৰ নেতাক আমন্ত্ৰণ জনায়।

 

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Technical textiles critical to footwear sector

Media Coverage

Technical textiles critical to footwear sector
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
PM Modi performs Darshan and Pooja at Baba Vishwanath Temple; prays for the prosperity and good health of all countrymen
April 29, 2026

 

Prime Minister Shri Narendra Modi today performed darshan and pooja at the Baba Vishwanath Temple in Kashi, where he prayed for the happiness, prosperity, and healthy lives of the people of the nation.

"हर हर महादेव !

काशी में बाबा विश्वनाथ मंदिर में दर्शन और पूजन का सौभाग्य मिला। यहां भगवान भोलेनाथ से समस्त देशवासियों के लिए सुख-समृद्धि और आरोग्यपूर्ण जीवन की कामना की।

माँ अन्नपूर्णा एवं माँ गंगा के दर्शन से असीम शांति मिली। उनकी कृपा से हर किसी में सकारात्मक ऊर्जा का संचार हो !

काशी की जनता को पुनः नमन