প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ৰিঅ’ ডি জেনেইৰ’ত অনুষ্ঠিত জি-২০ সন্মিলনৰ সুযোগতে নৰৱেৰ প্ৰধানমন্ত্ৰী মহামহিম জোনাছ গহৰ ষ্ট’ৰক সাক্ষাৎ কৰে।

দুয়োগৰাকী প্ৰধানমন্ত্ৰীয়ে দ্বিপাক্ষিক সম্পৰ্কৰ অগ্ৰগতিৰ বুজ লয় আৰু বিভিন্ন ক্ষেত্ৰত সহযোগিতা আৰু অধিক শক্তিশালী কৰাৰ উপায়ৰ বিষয়ে আলোচনা কৰে। ভাৰত - ইউৰোপীয় মুক্ত বাণিজ্য সংস্থা- বাণিজ্য আৰু অৰ্থনৈতিক অংশীদাৰিত্ব চুক্তি (ইণ্ডিয়া-ইএফটিএ-টহামহিম মিষ্টাৰ জোনাছ গহৰ ষ্ট’ৰীিইপিএ) স্বাক্ষৰ কৰাটো দ্বিপাক্ষিক সম্পৰ্কৰ এক উল্লেখযোগ্য কৃতিত্ব বুলি উল্লেখ কৰি দুয়োগৰাকী নেতাই নৰৱেকে ধৰি ইএফটিএ দেশসমূহৰ পৰা ভাৰতত অধিক বিনিয়োগকাৰীক আকৰ্ষণ কৰাৰ বাবে ইয়াৰ তাৎপৰ্য দোহাৰে।

 

দ্বিপাক্ষিক আলোচনাত নীল অৰ্থনীতি, নবীকৰণযোগ্য শক্তি, সেউজ হাইড্ৰজেন, সৌৰ আৰু বতাহ প্ৰকল্প, ভূতাপীয় শক্তি, সেউজ জাহাজ, কাৰ্বন হ্ৰাসৰ ব্যৱহাৰ আৰু সংৰক্ষণ (চিচিইউএছ), মীন, মহাকাশ আৰু আৰ্কটিক আদি ক্ষেত্ৰত সহযোগিতা বৃদ্ধিৰ ওপৰতো গুৰুত্ব আৰোপ কৰা হয়।

নেতাসকলে পাৰস্পৰিক লাভজনক আঞ্চলিক আৰু আন্তঃৰাষ্ট্ৰীয় বিষয়সমূহ সন্দৰ্ভতো আলোচনা কৰে।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India's forex reserves hit all-time high of $729.33 billion after $12.42 billion jump

Media Coverage

India's forex reserves hit all-time high of $729.33 billion after $12.42 billion jump
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 29 আগষ্ট 2026
August 29, 2026

New India, New Speed, New Stage: Missiles, Medals, Multilateralism under PM Modi