প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ব্ৰাজিলৰ ৰিঅ’ ডি জেনেইৰ’ত অনুষ্ঠিত সপ্তদশ ব্ৰিকছ শীৰ্ষ সন্মিলনৰ মাজতে কিউবাৰ ৰাষ্ট্ৰপতি মাননীয় মিগুৱেল ডিয়াজ-কানেল বাৰ্মুডেজক সাক্ষাৎ কৰে। ইয়াৰ পূৰ্বে প্ৰধানমন্ত্ৰীয়ে ২০২৩ চনত জোহান্সবাৰ্গত অনুষ্ঠিত ব্ৰিকছ সন্মিলনত ৰাষ্ট্ৰপতি ডায়েজ-কানেলক সাক্ষাৎ কৰিছিল, য’ত কিউবা আছিল বিশেষ আমন্ত্ৰিত ৰাষ্ট্ৰ।

 

দুয়োগৰাকী নেতাই অৰ্থনৈতিক সহযোগিতা, উন্নয়ন অংশীদাৰিত্ব, ফিনটেক, সামৰ্থ্য বিকাশ, বিজ্ঞান আৰু প্ৰযুক্তি, দুৰ্যোগ ব্যৱস্থাপনা আৰু স্বাস্থ্যসেৱাৰ ক্ষেত্ৰত দ্বিপাক্ষিক সম্পৰ্ক পৰ্যালোচনা কৰে। ডিজিটেল ক্ষেত্ৰত ভাৰতৰ দক্ষতাক স্বীকাৰ কৰি ৰাষ্ট্ৰপতি ডিয়াজ-কানেলে ভাৰতৰ ডিজিটেল ৰাজহুৱা আন্তঃগাঁথনি আৰু ইউপিআইৰ প্ৰতি আগ্ৰহ প্ৰকাশ কৰে। প্ৰধানমন্ত্ৰীয়ে কিউবাই আয়ুৰ্বেদক স্বীকৃতি দিয়াৰ বাবে শলাগ লয় আৰু কিউবাৰ জনস্বাস্থ্য ব্যৱস্থাত আয়ুৰ্বেদক একত্ৰিত কৰাৰ বাবে সমৰ্থন আগবঢ়ায়। প্ৰধানমন্ত্ৰীয়ে ভাৰতীয় ফাৰ্মাকোপিয়াক কিউবাই স্বীকৃতি দিয়াৰ প্ৰস্তাৱ আগবঢ়ায়, যাৰ ফলত ভাৰতীয় জেনেৰিক ঔষধসমূল উপলব্ধ হ"ব।

 

দুয়োগৰাকী নেতাই স্বাস্থ্য, মহামাৰী আৰু জলবায়ু পৰিৱৰ্তনকে ধৰি গ্লোৱেল ছাউথৰ বাবে উদ্বেগজনক বিষয়সমূহৰ বিষয়ে কাম কৰিবলৈ সন্মত হয়। বহুপাক্ষিক ক্ষেত্ৰত দুয়োখন দেশৰ মাজত থকা সহযোগিতাৰ তেওঁলোকে প্ৰশংসা কৰে।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Khichdi To Moringa Paratha: 7 Traditional Foods PM Modi Loves

Media Coverage

Khichdi To Moringa Paratha: 7 Traditional Foods PM Modi Loves
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 26 আগষ্ট 2026
August 26, 2026

Accountability Meets Ambition: Record Low NPAs, Record Defence Output, Record Digital Adoption Under the Leadership of PM Modi