প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি কুৱেইটৰ প্ৰধানমন্ত্ৰী মহামহিম শ্বেখ আহমদ অল-আব্দুল্লা অল আহমদ অল-সাবাহৰ সৈতে আলোচনাত মিলিত হয়।

 

দুয়োগৰাকী নেতাই ৰাজনৈতিক, বাণিজ্য, বিনিয়োগ, শক্তি, প্ৰতিৰক্ষা, সুৰক্ষা, স্বাস্থ্য, শিক্ষা, প্ৰযুক্তি, সাংস্কৃতিক আৰু জনসাধাৰণৰ মাজত সম্পৰ্ককে ধৰি বিভিন্ন ক্ষেত্ৰত কৌশলগত অংশীদাৰিত্ব শক্তিশালী কৰাৰ বাবে এক পথ-মানচিত্ৰ যুগুতোৱা সন্দৰ্ভত আলোচনা কৰে। তেওঁলোকে দুয়োখন দেশৰ মাজত অৰ্থনৈতিক সহযোগিতা গভীৰ কৰাত গুৰুত্ব আৰোপ কৰে। প্ৰধানমন্ত্ৰীয়ে ‘কুৱেইট বিনিয়োগ প্ৰাধিকৰণ’ আৰু অন্যান্য অংশীদাৰসকলক লৈ গঠিত এক প্ৰতিনিধি দলক শক্তি, প্ৰতিৰক্ষা, চিকিৎসা সঁজুলি, ফাৰ্মা, খাদ্য উদ্যানৰ ক্ষেত্ৰত নতুন সুযোগ উদ্ভাৱনৰ বাবে ভাৰত ভ্ৰমণলৈ আমন্ত্ৰণ জনায়। নেতাদ্বয়ে পৰম্পৰাগত ঔষধ আৰু কৃষি গৱেষণাৰ ক্ষেত্ৰত সহযোগিতাৰ বিষয়েও আলোচনা কৰে। তেওঁলোকে শেহতীয়াকৈ ‘সহযোগিতা আয়োগ’ (জেচিচি)ৰ স্বাক্ষৰক আদৰণি জনায়, যাৰ অধীনত স্বাস্থ্য, জনশক্তি আৰু হাইড্ৰ'কাৰ্বনৰ সন্দৰ্ভত বিদ্যমান ‘জেডব্লিউজি’-ৰ উপৰিও বাণিজ্য, বিনিয়োগ, শিক্ষা, প্ৰযুক্তি, কৃষি, সুৰক্ষা আৰু সংস্কৃতিৰ ক্ষেত্ৰত নতুন যুটীয়া কাৰ্যকৰী গোট গঠন কৰা হৈছে।

 

নেতাদ্বয়ে আলোচনাৰ পিছত দ্বিপাক্ষিক চুক্তি আৰু বুজাবুজি চুক্তি স্বাক্ষৰ আৰু বিনিময় প্ৰক্ৰিয়া প্ৰত্যক্ষ কৰে। ইয়াৰ ভিতৰত আছিল প্ৰতিৰক্ষা সহযোগিতা সন্দৰ্ভত এক বুজাবুজি চুক্তি, সাংস্কৃতিক বিনিময় কাৰ্যসূচী, ক্ৰীড়া ক্ষেত্ৰত সহযোগিতাৰ এক কাৰ্যবাহী কাৰ্যসূচী আৰু আন্তঃৰাষ্ট্ৰীয় সৌৰ মিত্ৰতাত যোগদান কৰা ‘কুৱেইট সম্পৰ্কীয় ফ্ৰেমৱৰ্ক চুক্তি’।

প্ৰধানমন্ত্ৰীয়ে কুৱেইটৰ প্ৰধানমন্ত্ৰী মহামান্য প্ৰধানমন্ত্ৰীক ভাৰত ভ্ৰমণৰ বাবে আমন্ত্ৰণ জনায়।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
From school to PG, girls now outnumber boys

Media Coverage

From school to PG, girls now outnumber boys
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 1 মে’ 2026
May 01, 2026

From Stolen Treasures to Smart Trains: PM Modi’s Blueprint for a Proud, Connected, Self-Reliant India