প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২০২৪ চনৰ ৯ জানুৱাৰীত গান্ধীনগৰত মোজাম্বিক গণৰাজ্যৰ ৰাষ্ট্ৰপতি এইচ ই ফিলিপ জেচিণ্টো নিউছিক সাক্ষাৎ কৰে।

প্ৰধানমন্ত্ৰী মোদীয়ে মোজাম্বিকৰ উন্নয়নৰ অগ্ৰাধিকাৰক সমৰ্থন কৰাৰ বাবে দৃঢ়ভাৱে প্ৰতিশ্ৰুতিবদ্ধ বুলি ব্যক্ত কৰে। দুয়োগৰাকী নেতাই প্ৰতিৰক্ষা, সন্ত্ৰাসবাদ বিৰোধী, শক্তি, স্বাস্থ্য, বাণিজ্য আৰু বিনিয়োগ, কৃষি, জল সুৰক্ষা, খনন, ক্ষমতা নিৰ্মাণ আৰু সামুদ্ৰিক সহযোগিতাৰ ক্ষেত্ৰত দ্বিপাক্ষিক সম্পৰ্ক কঢ়িয়াই অনাৰ উপায় সম্পৰ্কে উৎপাদনশীল আলোচনা কৰে। দুয়োখন দেশে ব্যৱসায়, সংস্কৃতি আৰু জনসাধাৰণৰ সম্পৰ্কক উৎসাহিত কৰাৰ বাবে বিমান সংযোগ বৃদ্ধিৰ ব্যৱস্থা কৰিব পাৰে বুলি প্ৰধানমন্ত্ৰীয়ে পৰামৰ্শ দিয়ে।

 

ৰাষ্ট্ৰপতি নিউছিয়ে জি-২০ত আফ্ৰিকান ইউনিয়ন (এই উ)ক অন্তৰ্ভুক্ত কৰাৰ বাবে প্ৰধানমন্ত্ৰীক ধন্যবাদ জ্ঞাপন কৰে। দুয়োগৰাকী নেতাই ৰাষ্ট্ৰসংঘকে ধৰি বহুপাক্ষিক ক্ষেত্ৰত সহযোগিতা সম্পৰ্কীয় বিষয়সমূহো আলোচনা কৰে।

প্ৰধানমন্ত্ৰীয়ে ২০২৩ চনৰ জানুৱাৰী আৰু নৱেম্বৰত ভইচ অৱ দ্য গ্লোবেল চাউথ ছামিটত ৰাষ্ট্ৰপতি নিউছিৰ অংশগ্ৰহণক প্ৰশংসা কৰে।

 

ৰাষ্ট্ৰপতি নিউছিয়ে সামুদ্ৰিক সুৰক্ষাৰ ক্ষেত্ৰত বিভিন্ন উন্নয়নমূলক প্ৰকল্প আৰু ক্ষমতা নিৰ্মাণ কাৰ্যসূচীৰ বাবে ভাৰতক ধন্যবাদ জ্ঞাপন কৰে।

 

দুয়োগৰাকী নেতাই দুয়োখন দেশৰ মাজত উচ্চ পৰ্যায়ৰ ৰাজনৈতিক সম্পৰ্ক বজাই ৰখাৰ বাবে যোগাযোগ বৰ্তাই ৰাখিবলৈ সন্মত হয়।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Indian Railways takes up 764 km of new lines to boost connectivity in Bihar’s Seemanchal region

Media Coverage

Indian Railways takes up 764 km of new lines to boost connectivity in Bihar’s Seemanchal region
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 07 আগষ্ট 2026
August 07, 2026

Viksit Bharat Accelerating: 4x Data Centres, Record EV Sales, Ethanol Validation & Northeast Connectivity Under PM Modi’s Watch