প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীৰ ভাৰত মণ্ডপমত অনুষ্ঠিত ‘এনএক্সটি কনক্লেভ’ত বিশিষ্ট ব্যক্তিসকলৰ সৈতে সাক্ষাৎ আৰু বাৰ্তালাপ কৰে। এই বিশিষ্ট ব্যক্তিসকলৰ তালিকাত আছে শ্ৰীযুত কাৰ্লোছ মণ্টেছ, অধ্যাপক জনাথন ফ্লেমিং, ড০ এন লিবাৰ্ট, অধ্যাপক ভেচেলিন পপোভস্কি, ড০ ব্ৰায়ান গ্ৰীণ, শ্ৰীযুত এলেক ৰছ, শ্ৰীযুত ওলেগ আৰ্টেময়েভ আৰু শ্ৰীযুত মাইক মেচিমিনো।


‘এক্স’-ৰ এলানি পৃথক ‘পোষ্ট’ত তেওঁ লিখিছে:


"আজি ‘এনএক্সটি কনক্লেভ’ত শ্ৰীযুত কাৰ্লোছ মণ্টেছৰ সৈতে বাৰ্তালাপ কৰো। তেওঁ সামাজিক উদ্ভাৱনক আগুৱাই নিয়াত সমৃদ্ধ অৱদান আগবঢ়াইছে। তেওঁ ডিজিটেল প্ৰযুক্তি, ফিনটেক আৰু বহুতো ক্ষেত্ৰত ভাৰতৰ পদক্ষেপৰ প্ৰশংসা কৰি আহিছে।"


"এমআইটি স্লোয়ান স্কুল অব মেনেজমেণ্ট’ৰ সৈতে সম্পৰ্কিত অধ্যাপক জনাথন ফ্লেমিংক লগ পালো। ৰাজহুৱা আৰু ব্যক্তিগত উভয় ক্ষেত্ৰতে জীৱন বিজ্ঞানত তেওঁৰ কাম-কাজ অনুকৰণীয়। এই ক্ষেত্ৰত আগন্তুক প্ৰতিভা আৰু উদ্ভাৱনক পৰামৰ্শ দিয়াৰ প্ৰতি তেওঁৰ আগ্ৰহ সমানেই অনুপ্ৰেৰণাদায়ক।"

"ড. এন লিবাৰ্টক লগ পাই আনন্দিত হৈছো। ‘পাৰ্কিনছন ৰোগ’ৰ চিকিৎসাত তেওঁৰ কাম প্ৰশংসনীয় আৰু ই অনাগত সময়ত বহু সংখ্যক লোকৰ বাবে উন্নত মানৰ জীৱন নিশ্চিত কৰিব।"


"প্ৰফেছৰ ভেচেলিন পপোভস্কিক লগ পাই আনন্দ লাগিছিল। তেওঁ দ্ৰুত পৰিৱৰ্তনশীল পৃথিৱীত আন্তঃৰাষ্ট্ৰীয় সম্পৰ্ক আৰু ভূ-ৰাজনীতিৰ বুজাবুজি গভীৰ কৰাৰ বাবে প্ৰশংসনীয় কাম কৰিছে।"


"পদাৰ্থ বিজ্ঞান আৰু গণিতৰ প্ৰতি গভীৰ আগ্ৰহ থকা এগৰাকী আগশাৰীৰ শিক্ষাবিদ ড০ ব্ৰায়ান গ্ৰীণক লগ পাই ভাল লাগিছে। তেওঁৰ কামবোৰ ব্যাপকভাৱে প্ৰশংসিত আৰু অনাগত সময়ত শৈক্ষিক আলোচনাক আকাৰ দিব পৰা বিধৰ। @bgreene"


"আজি শ্ৰীযুত এলেক ৰছক লগ পাই আনন্দিত হৈছো। তেওঁ উদ্ভাৱন আৰু শিক্ষণ সম্পৰ্কীয় দিশসমূহত গুৰুত্ব আৰোপ কৰি এগৰাকী প্ৰচুৰ চিন্তাবিদ আৰু লেখক হিচাপে এক প্ৰভাৱ পেলাইছে।"

"ৰাছিয়াৰ এগৰাকী আগশাৰীৰ মহাকাশচাৰী শ্ৰীযুত ওলেগ আৰ্টেময়েভক লগ পাই আনন্দিত হৈছো। তেওঁ এলানি অগ্ৰণী অভিযানত শীৰ্ষস্থানত আছিল। তেওঁৰ সফলতাই বহু যুৱক-যুৱতীক বিজ্ঞান আৰু মহাকাশৰ পৃথিৱীত জিলিকিবলৈ অনুপ্ৰাণিত কৰিব। @OlegMKS"


"বিশিষ্ট মহাকাশচাৰী শ্ৰীযুত মাইক মেচিমিনোক লগ পাই আনন্দিত হৈছো। মহাকাশৰ প্ৰতি তেওঁৰ আগ্ৰহ আৰু যুৱপ্ৰজন্মৰ মাজত ইয়াক জনপ্ৰিয় কৰি তোলাটো বহুলভাৱে জনাজাত। তেওঁ যিদৰে শিকণ আৰু উদ্ভাৱনক উদগণি দিয়াৰ বাবে কাম কৰি আছে সেয়া নিতান্তই প্ৰশংসনীয়। @Astro_Mike"

 

 

 

 

 

 

 

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India launches ORV Sagar Manthan, boosting ocean research fleet

Media Coverage

India launches ORV Sagar Manthan, boosting ocean research fleet
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 10 ছেপ্টেম্বৰ 2026
September 10, 2026

Beyond Metros, Beyond Borders: How India Is Rewriting Its Growth Story Under PM Modi