ক্ৰিকেটৰ মহান খেলুৱৈৱে এই অনুষ্ঠানত শোভাবৰ্ধন কৰিছে
“শিৱ শক্তিৰ এটা স্থান চন্দ্ৰত, আনটো এই কাশীত”
“কাশীৰ আন্তঃৰাষ্ট্ৰীয় ষ্টেডিয়ামৰ ডিজাইন ভগৱান মহাদেৱৰ নামত উৎসৰ্গিত”
“যেতিয়া ক্ৰীড়াৰ আন্তঃগাঁথনি নিৰ্মাণ কৰা হয়, তেতিয়া ই কেৱল যুৱ ক্ৰীড়া প্ৰতিভাক লালন-পালন কৰাত ইতিবাচক প্ৰভাৱ পেলোৱাই নহয়, স্থানীয় অৰ্থনীতিৰ বাবেও ভাল আগজাননী দিয়ে”
“এতিয়া দেশৰ আমেজ-জো খেলেগা ৱো হি খিলেগা”
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি বাৰাণসীত আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট ষ্টেডিয়ামৰ আধাৰশিলা স্থাপন কৰে। প্ৰায় ৪৫০ কোটি টকা ব্যয়েৰে আৰু ৩০ একৰতকৈও অধিক এলেকাত বাৰাণসীৰ ৰাজাতলাবৰ গঞ্জাৰীত এই অত্যাধুনিক আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট ষ্টেডিয়াম নিৰ্মাণ কৰা হ’ব।
প্ৰধানমন্ত্ৰীয়ে মাতা বিন্ধ্যবাছিনীলৈ যোৱা পথৰ সংযোগস্থলত থকা এই স্থানৰ তাৎপৰ্য আৰু ৰাজ নাৰায়ণ জীয়ে য’ৰ পৰা অহা ঠাই মটিকোট গাঁৱৰ সৈতে ইয়াৰ সান্নিধ্যৰ কথাও উল্লেখ কৰে।
তেওঁ কয় যে নতুন আন্তঃগাঁথনিয়ে সৰু চহৰ আৰু গাঁৱৰ খেলুৱৈসকলক নতুন সুযোগ প্ৰদান কৰিব। খেলো ইণ্ডিয়াৰ অধীনত সৃষ্টি হোৱা আন্তঃগাঁথনিয়ে ছোৱালীক উপকৃত কৰি থকাত তেওঁ আনন্দ প্ৰকাশ কৰে।

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি বাৰাণসীত আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট ষ্টেডিয়ামৰ আধাৰশিলা স্থাপন কৰে। প্ৰায় ৪৫০ কোটি টকা ব্যয়েৰে আৰু ৩০ একৰতকৈও অধিক এলেকাত বাৰাণসীৰ ৰাজাতলাবৰ গঞ্জাৰীত এই অত্যাধুনিক আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট ষ্টেডিয়াম নিৰ্মাণ কৰা হ’ব।

 

এই উপলক্ষে আগবঢ়োৱা ভাষণ প্ৰধানমন্ত্ৰীয়ে পুনৰবাৰ বাৰাণসী ভ্ৰমণৰ সুযোগ পোৱাত আনন্দ প্ৰকাশ কৰি এই চহৰৰ আনন্দ ভাষাৰে প্ৰকাশ কৰিব নোৱাৰি বুলি মন্তব্য কৰে। প্ৰধানমন্ত্ৰীয়ে কয় যে যোৱা মাহৰ ২৩ তাৰিখে ভাৰত চন্দ্ৰৰ শিৱ শক্তি বিন্দুত উপস্থিত হোৱাৰ ঠিক এমাহৰ পিছত তেওঁ কাশী ভ্ৰমণলৈ আহিছে। “শিৱ শক্তিৰ এটা স্থান চন্দ্ৰত, আনটো এই কাশীত”, এই গুৰুত্বপূৰ্ণ কৃতিত্বৰ বাবে সকলোকে অভিনন্দন জনাই প্ৰধানমন্ত্ৰীয়ে এইদৰে কয়।

 

প্ৰধানমন্ত্ৰীয়ে মাতা বিন্ধ্যবাছিনীলৈ যোৱা পথৰ সংযোগস্থলত থকা এই স্থানৰ তাৎপৰ্য আৰু ৰাজ নাৰায়ণ জীয়ে য’ৰ পৰা অহা ঠাই মটিকোট গাঁৱৰ সৈতে ইয়াৰ সান্নিধ্যৰ কথাও উল্লেখ কৰে।

 

প্ৰধানমন্ত্ৰীয়ে কয় যে ভগৱান মহাদেৱৰ নামত উচৰ্গিত আন্তঃৰাষ্ট্ৰীয় খেলপথাৰখনৰ নক্সাই কাশীৰ নাগৰিকসকলৰ মাজত গৌৰৱৰ অনুভূতি জগাই তুলিছে। তেওঁ কয় যে এই ষ্টেডিয়ামত মহান ক্ৰিকেট খেলৰ সাক্ষী হ’ব আনহাতে যুৱ খেলুৱৈসকলে আন্তঃৰাষ্ট্ৰীয় মানদণ্ডৰ ষ্টেডিয়ামত প্ৰশিক্ষণ লোৱাৰ সুযোগ পাব। “ইয়াৰ দ্বাৰা কাশীৰ নাগৰিকসকল যথেষ্ট উপকৃত হ’ব”, তেওঁ লগতে কয়।

প্ৰধানমন্ত্ৰীয়ে কয় যে ক্ৰিকেটৰ জৰিয়তে বিশ্বই ভাৰতৰ সৈতে সংযোগ স্থাপন কৰিছে আৰু বহু নতুন দেশে ক্ৰিকেট খেলিছে যাৰ ফলত অধিক সংখ্যক মেচ অনুষ্ঠিত হৈছে। তেওঁ কয় যে এই আন্তঃৰাষ্ট্ৰীয় ষ্টেডিয়ামে অনাগত বছৰবোৰত ষ্টেডিয়ামৰ বৰ্ধিত চাহিদা পূৰণ কৰিব। প্ৰধানমন্ত্ৰীয়ে বিচিচিআইকো তেওঁলোকৰ অৱদানৰ বাবে ধন্যবাদ জ্ঞাপন কৰে।

এনে পৰিসৰৰ ক্ৰীড়া আন্তঃগাঁথনিৰ উন্নয়নে কেৱল ক্ৰীড়াৰ ওপৰত ইতিবাচক প্ৰভাৱ পেলোৱাই নহয়, আঞ্চলিক অৰ্থনীতিতো ইতিবাচক প্ৰভাৱ পেলায় বুলি প্ৰধানমন্ত্ৰীয়ে আলোকপাত কৰে। তেওঁ উল্লেখ কৰে যে এনে উন্নয়নে অধিক দৰ্শনাৰ্থীক আকৰ্ষণ কৰে যিয়ে হোটেল, খাদ্যৰ দোকান, ৰিক্সা আৰু অটো চালকৰ লগতে অঞ্চলটোৰ অন্যান্য খণ্ডসমূহকো যথেষ্ট উপকৃত কৰে। তেওঁ কয় যে ইয়াৰ দ্বাৰা ক্ৰীড়া প্ৰশিক্ষক আৰু পৰিচালনা প্ৰতিষ্ঠানসমূহৰ ওপৰতো ইতিবাচক প্ৰভাৱ পৰে যাৰ ফলত যুৱক-যুৱতীসকলে ক্ৰীড়া ষ্টাৰ্টআপত যোগদান কৰাৰ পথ মুকলি হয়। তেওঁ ফিজিঅ’থেৰাপি পাঠ্যক্ৰমৰ কথাও উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে অনাগত দিনত বাৰাণসীত এক নতুন ক্ৰীড়া উদ্যোগ গঢ় লৈ উঠিব বুলি আশা কৰা হৈছে।

 

অভিভাৱকৰ মাজত ক্ৰীড়াৰ প্ৰতি পৰিৱৰ্তিত মনোভাৱৰ ওপৰতো প্ৰধানমন্ত্ৰীয়ে আলোকপাত কৰে। “এতিয়া দেশৰ আমেজ-জো খেলেগা ৱো হি খিলেগা (যিজনে খেলিব তেওঁ উজ্বলি উঠিব)”, প্ৰধানমন্ত্ৰীয়ে কয়। প্ৰধানমন্ত্ৰীয়ে শেহতীয়াকৈ শ্বাহদল ভ্ৰমণ আৰু তাত থকা এখন জনজাতীয় গাঁৱত যুৱক-যুৱতীসকলৰ সৈতে হোৱা মত বিনিময়ৰ কথা উল্লেখ কৰি তাত থকা ‘মিনি ব্ৰাজিল’ৰ বাবে স্থানীয় গৌৰৱ আৰু তাত থকা ফুটবলৰ প্ৰতি তেওঁলোকৰ গভীৰ প্ৰেমৰ কথা স্মৰণ কৰে।

প্ৰধানমন্ত্ৰীয়ে কাশীৰ ক্ৰীড়াৰ ক্ষেত্ৰৰ পৰিৱৰ্তনৰ বিষয়েও বৰ্ণনা কৰে। তেওঁ কয় যে কাশীৰ যুৱক-যুৱতীসকলক বিশ্ব পৰ্যায়ৰ ক্ৰীড়াৰ সা-সুবিধা প্ৰদান কৰাৰ প্ৰচেষ্টা গ্ৰহণ কৰা হৈছে। সেইবাবেই এই ষ্টেডিয়ামৰ লগতে ৪০০ কোটি টকা খৰচ কৰা হৈছে ছিগ্ৰা ষ্টেডিয়ামত য’ত ৫০বিধকৈও অধিক খেলৰ বাবে সুবিধাসমূহ গঢ়ি তোলা হৈছে। এইটো হ’ব প্ৰথমটো মাল্টি স্প’ৰ্টছ কমপ্লেক্স যিটো দিব্যাংগসকল বাবেও অনুকূল হ’ব। প্ৰধানমন্ত্ৰীয়ে জজোৰে কয় যে নতুন নিৰ্মাণৰ সমান্তৰালকৈ পুৰণি ব্যৱস্থাও উন্নত কৰা হৈছে।

প্ৰধানমন্ত্ৰীয়ে কয় যে ভাৰতৰ শেহতীয়া ক্ৰীড়া সফলতাৰ কাৰণ হৈছে পৰিৱৰ্তিত দৃষ্টিভংগী কিয়নো এতিয়া ক্ৰীড়াক যুৱক-যুৱতীসকলৰ ফিটনেছ, কৰ্মসংস্থাপন আৰু কেৰিয়াৰৰ সৈতে জড়িত কৰা হৈছে। ৯ বছৰৰ আগৰ তুলনাত এইবাৰৰ ক্ৰীড়া বাজেট তিনিগুণ বৃদ্ধি কৰা হৈছে। খেলো ইণ্ডিয়াৰ বাজেটত যোৱা বছৰৰ তুলনাত প্ৰায় ৭০ শতাংশ বৃদ্ধি পাইছে। চৰকাৰে খেলুৱৈসকলৰ সৈতে দলৰ সদস্যৰ দৰে স্কুলৰ পৰা অলিম্পিকৰ প’ডিয়ামলৈ গতি কৰে”, তেওঁ কয়। তেওঁ ছোৱালীৰ ক্ৰমবৰ্ধমান অংশগ্ৰহণ আৰু টপছ আঁচনিৰ কথা উল্লেখ কৰে।

প্ৰধানমন্ত্ৰীয়ে বিশ্ব বিশ্ববিদ্যালয় গেমছৰ ওপৰত আলোকপাত কৰে য’ত ভাৰতে অংশগ্ৰহণৰ সম্পূৰ্ণ ৰূপত লাভ কৰা সকলো পদকৰ মুঠ যোগফলৰ তুলনাত এইবাৰৰ সংস্কৰণত অধিক পদক লাভ কৰি ইতিহাস সৃষ্টি কৰিছে। প্ৰধানমন্ত্ৰীয়ে আগন্তুক এছিয়ান গেমছত অংশগ্ৰহণ কৰা খেলুৱৈসকললৈও শুভেচ্ছা জ্ঞাপন কৰে।

শ্ৰী মোদীয়ে দেশৰ প্ৰতিখন গাঁও, চহৰৰ কোণ-কোণত ক্ৰীড়াৰ সম্ভাৱনাৰ উপস্থিতি স্বীকাৰ কৰি তেওঁলোকক বিচাৰি উলিওৱা আৰু তেওঁলোকৰ দক্ষতা বিকাশৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। “সৰু চহৰ আৰু গাঁৱৰ পৰা অহা যুৱক-যুৱতীসকল আজি দেশৰ গৌৰৱৰ বিষয় হৈ পৰিছে”, তেওঁলোকৰ বাবে অধিকতম সুযোগ সৃষ্টি কৰাত গুৰুত্ব আৰোপ কৰি শ্ৰী মোদীয়ে কয়। তেওঁ খেলো ইণ্ডিয়াৰ উদাহৰণ দাঙি ধৰিলে য’ত স্থানীয় প্ৰতিভাক চিনাক্ত কৰা হয় আৰু চৰকাৰে তেওঁলোকক আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ খেলুৱৈলৈ ৰূপান্তৰিত কৰিবলৈ চেষ্টা কৰে। এই উপলক্ষে ক্ৰীড়া ভ্ৰাতৃত্ববোধৰ পৰা ষ্টালৱাৰ্টৰ উপস্থিতি স্বীকাৰ কৰি প্ৰধানমন্ত্ৰীয়ে কাশীৰ প্ৰতি তেওঁলোকৰ মৰমৰ বাবে ধন্যবাদ জ্ঞাপন কৰে।

 

“নতুন প্ৰতিভাক উৎসাহিত আৰু নিখুঁত কৰিবলৈ ভাল প্ৰশিক্ষক আৰু ভাল প্ৰশিক্ষক সমানেই গুৰুত্বপূৰ্ণ”, বুলি গুৰুত্ব আৰোপ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় প্ৰশংসা লাভ কৰা খেলুৱৈসকলক প্ৰশিক্ষকৰ ভূমিকা গ্ৰহণ কৰিবলৈ উৎসাহিত কৰা হয়। প্ৰধানমন্ত্ৰীয়ে কয় যে বিগত কেইবছৰমানৰ পৰা যুৱক-যুৱতীসকল বিভিন্ন ক্ৰীড়া আৰু খেলৰ সৈতে জড়িত হৈ আছে।

তেওঁ কয় যে নতুন আন্তঃগাঁথনিয়ে সৰু চহৰ আৰু গাঁৱৰ খেলুৱৈসকলক নতুন সুযোগ প্ৰদান কৰিব। খেলো ইণ্ডিয়াৰ অধীনত সৃষ্টি হোৱা আন্তঃগাঁথনিয়ে ছোৱালীক উপকৃত কৰি থকাত তেওঁ আনন্দ প্ৰকাশ কৰে।

তেওঁ জনোৱা মতে, নতুন ৰাষ্ট্ৰীয় শিক্ষা নীতিৰ অধীনত ক্ৰীড়াক পাঠ্যক্ৰমৰ বাহিৰেও উপযুক্ত বিষয় হিচাপে গণ্য কৰা হয়। প্ৰথম ৰাষ্ট্ৰীয় ক্ৰীড়া বিশ্ববিদ্যালয় মণিপুৰত প্ৰতিষ্ঠা হৈছিল। উত্তৰ প্ৰদেশতো ক্ৰীড়া আন্তঃগাঁথনি সম্প্ৰসাৰণৰ বাবে হাজাৰ হাজাৰ কোটি টকা ব্যয় কৰা হৈছে বুলি তেওঁ কয়। তেওঁ গোৰখপুৰত এখন ক্ৰীড়া মহাবিদ্যালয়ৰ সম্প্ৰসাৰণ আৰু মেৰূটত মেজৰ ধ্যানচান্দ বিশ্ববিদ্যালয় স্থাপনৰ কথা উল্লেখ কৰে।

 

“এখন দেশৰ উন্নয়নৰ বাবে ক্ৰীড়াৰ আন্তঃগাঁথনিৰ সম্প্ৰসাৰণ অতি প্ৰয়োজনীয়”, বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে এখন দেশৰ সুনামৰ বাবে ইয়াৰ তাৎপৰ্য লক্ষ্য কৰি গুৰুত্ব আৰোপ কৰে। তেওঁ বিশ্বৰ কেইবাখনো চহৰ বিশ্ব ক্ৰীড়া অনুষ্ঠান আয়োজন কৰাৰ বাবে পৰিচিত বুলি উল্লেখ কৰি এনে বিশ্ব অনুষ্ঠান আয়োজন কৰিব পৰাকৈ দেশৰ ক্ৰীড়া আন্তঃগাঁথনি গঢ়ি তোলাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। প্ৰধানমন্ত্ৰীয়ে কয় যে এই ষ্টেডিয়ামখন উন্নয়নৰ এই সংকল্পৰ সাক্ষী হ’ব যিটো কেৱল ইটা আৰু কংক্ৰিটৰ গঠন নহয়, ভাৰতৰ ভৱিষ্যতৰ প্ৰতীকও হ’ব।

 

মহানগৰীত চলি থকা সকলো উন্নয়নমূলক প্ৰচেষ্টাৰ বাবে প্ৰধানমন্ত্ৰীয়ে কাশীবাসীক কৃতিত্ব প্ৰদান কৰে। “আপোনালোকৰ অবিহনে কাশীত একো কৰিব নোৱাৰি। আপোনালোকৰ সমৰ্থন আৰু আশীৰ্বাদত আমি কাশীৰ বিকাশৰ নতুন অধ্যায়ৰ কাহিনী লিখি থাকিম”, এই মন্তব্যৰে প্ৰধানমন্ত্ৰীয়ে ভাষণ সামৰে।

 

অনুষ্ঠানত উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ, বিচিচিআইৰ অধ্যক্ষ ৰজাৰ বিনি, বিচিচিআইৰ সচিব জয় শ্বাহ,  বি চি চি আইৰ উপাধ্যক্ষ ৰাজীৱ শুক্লা,  শচীন তেণ্ডুলকাৰ, সুনীল গাভাস্কাৰ, ৰবি শাস্ত্ৰী, কপিল দেৱ, দিলীপ ভেংসৰকাৰ, মদন লাল, গুণ্ডপ্পা বিশ্বনাথ আৰু গোপাল শৰ্মাকে ধৰি প্ৰাক্তন ক্ৰিকেট খেলুৱৈ  আৰু উত্তৰ প্ৰদেশ চৰকাৰৰ মন্ত্ৰীসকল উপস্থিত থাকে।

সম্পূৰ্ণ ভাষণ পঢ়িবলৈ ইয়াত ক্লিক কৰক

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India's telecom sector surges in 2025! 5G rollout reaches 85% of population; rural connectivity, digital adoption soar

Media Coverage

India's telecom sector surges in 2025! 5G rollout reaches 85% of population; rural connectivity, digital adoption soar
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 20 ডিচেম্বৰ 2025
December 20, 2025

Empowering Roots, Elevating Horizons: PM Modi's Leadership in Diplomacy, Economy, and Ecology