দেশৰ সকলো নাগৰিকে উন্নত স্বাস্থ্য সুবিধা লাভ কৰাটো হৈছে আমাৰ প্ৰাথমিকতা: প্ৰধানমন্ত্ৰী
আনকি আটাইতকৈ কঠিন সময়তো চেতনা জাগ্ৰত কৰি ৰাখিবলৈ ভাৰতত নতুন সামাজিক আন্দোলন চলি আছিল: প্ৰধানমন্ত্ৰী
‘ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ’ হৈছে ভাৰতৰ অমৰ সংস্কৃতিৰ আধুনিক অক্ষয় বট, এই অক্ষয় বটে নিৰন্তৰভাৱে ভাৰতীয় সংস্কৃতি আৰু আমাৰ ৰাষ্ট্ৰৰ চেতনাক শক্তি প্ৰদান কৰি আহিছে: প্ৰধানমন্ত্ৰী
প্ৰচেষ্টাৰ সময়ত যেতিয়া গুৰুত্ব ‘আমি’ত হয় আৰু ‘মই’ত নহয়, যেতিয়া ‘ৰাষ্ট্ৰ প্ৰথম’ৰ ভাৱনা সৰ্বোপৰি হয়, যেতিয়া দেশৰ জনসাধাৰণৰ স্বাৰ্থ নীতি আৰু সিদ্ধান্তৰ আটাইতকৈ গুৰুত্বপূৰ্ণ কাৰক হয়, তেতিয়াহে ইয়াৰ প্ৰভাৱ সকলোতে দৃশ্যমান হয়: প্ৰধানমন্ত্ৰী
পৃথিৱীৰ য'তেই প্ৰাকৃতিক দুৰ্যোগ নহওক কিয় ভাৰতে আন্তৰিকতাৰে সেৱা আগবঢ়াবলৈ থিয় দি আহিছে: প্ৰধানমন্ত্ৰী
তেওঁ ‘নৱৰাত্ৰি’ আৰু আন সকলো উৎসৱ উদযাপনৰ বাবে নাগৰিকসকলক শুভেচ্ছা জ্ঞাপন কৰে।

প্ৰধানমন্ত্ৰীয়ে আজি মহাৰাষ্ট্ৰৰ নাগপুৰত ‘মাধৱ নেত্ৰালয় প্ৰিমিয়াম কেন্দ্ৰ’ৰ আধাৰশিলা স্থাপন কৰে। সমবেত লোকসকলক সম্বোধন কৰি তেওঁ পৱিত্ৰ ‘নৱৰাত্ৰি উৎসৱ’ৰ আৰম্ভণি উপলক্ষে ‘চৈত্ৰ শুক্লা প্ৰতিপাদ’ৰ তাৎপৰ্য প্ৰসংগত আলোকপাত কৰে। তেওঁ উল্লেখ কৰে যে সমগ্ৰ দেশতে আজি ‘গুড়ি পড়ৱা’, ‘উগাড়ি’ আৰু ‘নৱৰেহ’ৰ দৰে উৎসৱ পালন কৰা হৈছে। তেওঁ দিনটোৰ গুৰুত্ব প্ৰসংগত মন্তব্য কৰি কয় যে এইটো দিৱসে ভগৱান ঝুলেলাল আৰু গুৰু অঙ্গদ দেৱৰ জয়ন্তীৰে সংগতি ৰাখে। তেওঁ এই অনুষ্ঠানক অনুপ্ৰেৰণাদায়ক ড০ কে বি হেডগেৱাৰৰ জন্ম জয়ন্তী আৰু ‘ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ’ (আৰ এছ এছ)ৰ সুন্দৰ যাত্ৰাৰ শতবাৰ্ষিকী বৰ্ষ হিচাপেও স্বীকাৰ কৰে। তেওঁ এই গুৰুত্বপূৰ্ণ দিনটোত ‘স্মৃতি মন্দিৰ’ ভ্ৰমণ কৰি ড০ হেডগেৱাৰ আৰু শ্ৰী গোলৱলকাৰ গুৰুজীলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।

এই সময়ছোৱাত ভাৰতীয় সংবিধানৰ ৭৫ বছৰ উদযাপন আৰু ইয়াৰ স্থপতি ড০ বাবাচাহেব আম্বেদকাৰৰ সমাগত জন্ম জয়ন্তীৰ কথা উল্লেখ কৰি শ্ৰী মোদীয়ে ‘দীক্ষাভূমি’ত ড০ আম্বেদকাৰক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি আশীৰ্বাদ বিচৰা সন্দৰ্ভত মন্তব্য কৰে। তেওঁ ‘নৱৰাত্ৰি’ আৰু আন সকলো উৎসৱ উদযাপনৰ বাবে নাগৰিকসকলক শুভেচ্ছা জ্ঞাপন কৰে।

 

নাগপুৰক সেৱাৰ এক পৱিত্ৰ কেন্দ্ৰ বুলি আৰু এক মহৎ পদক্ষেপৰ সম্প্ৰসাৰণৰ কথা স্বীকাৰ কৰি শ্ৰী মোদীয়ে ‘মাধৱ নেত্ৰালয়ৰ প্ৰেৰণাদায়ক সংগীত প্ৰসংগত মন্তব্য কৰে, যিয়ে আধ্যাত্মিকতা, জ্ঞান, গৌৰৱ আৰু মানৱতাক প্ৰতিফলিত কৰিছে। তেওঁ ‘মাধৱ নেত্ৰালয়’ক এক প্ৰতিষ্ঠান হিচাপে আলোকপাত কৰে যি কেবা দশক ধৰি পূজ্য ‘গুৰুজী’ৰ আদৰ্শ অনুসৰণ কৰি লাখ লাখ লোকলৈ সেৱা আগবঢ়াই আহিছে আৰু অগণন জনৰ জীৱনক পুনৰাই জ্যোতিষ্মান কৰি তুলিছে।

তেওঁ ‘মাধৱ নেত্ৰালয়’ৰ নতুন চৌহদৰ আধাৰশিলা স্থাপনৰ কথা উল্লেখ কৰে আৰু বিশ্বাস ব্যক্ত কৰে যে এই সম্প্ৰসাৰণে ইয়াৰ সেৱা কাৰ্যকলাপৰ গতি ত্বৰান্বিত কৰিব, হাজাৰ হাজাৰ জনৰ জীৱন ন-কৈ পোহৰাই তুলিব আৰু তেওঁলোকৰ জীৱনৰ পৰা আন্ধাৰ আঁতৰাব। তেওঁ ‘মাধৱ নেত্ৰালয়’ৰ সৈতে জড়িত সকলোৰে প্ৰচেষ্টাক প্ৰশংসা কৰে আৰু তেওঁলোকৰ নিৰন্তৰ সেৱাৰ বাবে শুভেচ্ছা জ্ঞাপন কৰে।

লালকিল্লাৰ পৰা জনোৱা 'সবকে প্ৰয়াস'ৰ গুৰুত্ব দোহৰাৰ লগতে স্বাস্থ্যসেৱা খণ্ডত দেশখনে আগবঢ়োৱা গুৰুত্বপূৰ্ণ পদক্ষেপৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে ‘মাধৱ নেত্ৰালয়’-য়ে এই প্ৰচেষ্টাসমূহকে সহযোগিতা কৰিছে। "সকলো নাগৰিকৰ বাবে উন্নত স্বাস্থ্যসেৱা সুবিধা নিশ্চিত কৰা, আনকি দৰিদ্ৰলোকসকলেও যাতে সৰ্বশ্ৰেষ্ঠ চিকিৎসা লাভ কৰিব পাৰে সেয়াই হৈছে চৰকাৰৰ প্ৰাথমিকতা ", তেওঁ কয় যে কোনো নাগৰিকেই জীৱনৰ মৰ্যাদাৰ পৰা বঞ্চিত হোৱা উচিত নহয়, আৰু যিসকল জ্যেষ্ঠ নাগৰিকে দেশৰ বাবে নিজৰ জীৱন উৎসৰ্গা কৰিছে তেওঁলোকে চিকিৎসাক লৈ চিন্তাত থাকিব নালাগে। তেওঁ ‘আয়ুষ্মান ভাৰত’ৰ প্ৰভাৱ প্ৰসংগত আলোকপাত কৰে, যিয়ে লাখ লাখ লোকক বিনামূলীয়া চিকিৎসা প্ৰদান কৰিছে। শ্ৰী মোদীয়ে সমগ্ৰ দেশৰ হাজাৰ হাজাৰ ‘জন ঔষধী কেন্দ্ৰ’ৰ কথাও উল্লেখ কৰে, যিবোৰ বিপনীয়ে দৰিদ্ৰ আৰু মধ্যবিত্ত পৰিয়ালসমূহক সুলভ ঔষধ প্ৰদান কৰে, যাৰ ফলত নাগৰিকসকল হাজাৰ হাজাৰ কোটি টকা ৰাহি কৰিব পৰা গৈছে। তেওঁ বিগত এটা দশকত গাওঁসমূহত লাখ লাখ ‘আয়ুষ্মান আৰোগ্য মন্দিৰ’ স্থাপন সন্দৰ্ভত মন্তব্য কৰে, যিয়ে লোকসকলক টেলিমেডিচিনৰ জৰিয়তে প্ৰাথমিক স্বাস্থ্য সেৱা প্ৰদান কৰে। তেওঁ গুৰুত্ব আৰোপ কৰে যে এই সুবিধাসমূহে নাগৰিকসকলৰ চিকিৎসা সম্পৰ্কীয় পৰীক্ষণৰ বাবে শ শ কিলোমিটাৰ ভ্ৰমণ কৰাৰ প্ৰয়োজনীয়তা নাইকিয়া কৰিছে।

 

দেশৰ চিকিৎসা মহাবিদ্যালয়সমূহৰ সংখ্যা দুগুণলৈ বৃদ্ধি কৰা আৰু ‘এইমছ’-ৰ সংখ্যা তিনিগুণে বৃদ্ধি কৰাৰ কথা উল্লেখ কৰি শ্ৰী মোদীয়ে কয় যে ভৱিষ্যতে জনসাধাৰণৰ সেৱাৰ বাবে অধিক দক্ষ চিকিৎসকৰ উপলব্ধতা নিশ্চিত কৰাৰ বাবে চিকিৎসা মহাবিদ্যালয়সমূহত আসনৰ সংখ্যাও দুগুণে বৃদ্ধি কৰা হৈছে। তেওঁ শিক্ষাৰ্থীসকলক চিকিত্সক হোৱাৰ বাবে তেওঁলোকৰ মাতৃভাষাত চিকিত্সা বিজ্ঞানৰ পাঠ্যক্ৰম অধ্যয়ন কৰাৰ সুযোগ প্ৰদান কৰাৰ বাবে চৰকাৰে গ্ৰহণ কৰা প্ৰচেষ্টাত গুৰুত্ব আৰোপ কৰে। তেওঁ উল্লেখ কৰে যে আধুনিক চিকিৎসা বিজ্ঞানৰ উন্নতিৰ লগতে দেশে ইয়াৰ পৰম্পৰাগত জ্ঞানকো উদগণি দি আহিছে। তেওঁ ভাৰতৰ ‘যোগ’ আৰু ‘আয়ুৰ্বেদ’-য়ে লাভ কৰা বিশ্বজোৰা স্বীকৃতি প্ৰসংগত মন্তব্য কৰে, যিয়ে বিশ্বমঞ্চত দেশৰ সন্মান বৃদ্ধি কৰিছে।

যিকোনো ৰাষ্ট্ৰৰ অস্তিত্ব প্ৰজন্ম জুৰি ইয়াৰ সংস্কৃতি আৰু চেতনাৰ সম্প্ৰসাৰণত নিৰ্ভৰ কৰে বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে ভাৰতৰ শতিকা জোৰা দাসত্ব আৰু আক্ৰমণৰ ইতিহাসত আলোকপাত কৰে, যিয়ে ইয়াৰ সামাজিক গাঁথনি ধ্বংস কৰাৰ অপচেষ্টা কৰিছিল, তথাপিও ভাৰতৰ চেতনা জীৱিত আৰু স্থিতিস্থাপক হৈ আছিল। "আনকি কঠিনতম সময়তো ভাৰতত নতুন সামাজিক আন্দোলনে এই চেতনা জাগ্ৰত কৰি ৰাখিছিল", তেওঁ ‘ভক্তি আন্দোলন’ক এক উদাহৰণ হিচাপে উল্লেখ কৰি গুৰুত্ব আৰোপ কৰে, য'ত গুৰু নানক দেৱ, কবীৰ দাস, তুলসীদাস, সুৰদাস, আৰু মহাৰাষ্ট্ৰৰ সন্ত তুকাৰাম, সন্ত একনাথ, সন্ত নামদেৱ আৰু সন্ত দয়ানেশ্বৰৰ দৰে সাধুসকলে তেওঁলোকৰ মূল অৱধাৰণাৰে ভাৰতৰ ৰাষ্ট্ৰীয় চেতনাক সঞ্জীৱিত কৰি ৰাখিছিল। তেওঁ মন্তব্য কৰে যে এই আন্দোলনসমূহে বৈষম্যৰ শৃংখল চিঙি পেলোৱাৰ লগতে সমাজক ঐক্যবদ্ধ কৰিছিল। দেশক ইয়াৰ প্ৰকৃত সাৰতত্বেৰে উদ্বুদ্ধ কৰি, আত্মবিশ্বাস জাগ্ৰত কৰি আৰু ভাৰতৰ ৰাষ্ট্ৰীয় চেতনাক নিশ্চিতি প্ৰদান কৰি নিৰাশাগ্ৰস্ত সমাজ এখনক আলোড়িত কৰা স্বামী বিবেকানন্দৰ অৱদানসমূহৰ কথা স্মৰণ কৰে, প্ৰধানমন্ত্ৰীয়ে ঔপনিৱেশিক শাসনৰ অন্তিম দশককেইটাত এই চেতনাক শক্তি প্ৰদান কৰাত ড০ হেডগেৱাৰ আৰু গুৰুজীৰ ভূমিকাৰ কথা উল্লেখ কৰে। তেওঁ ১০০ বছৰ আগতে ৰাষ্ট্ৰীয় চেতনাৰ সংৰক্ষণ আৰু প্ৰচাৰৰ বাবে ৰোপণ কৰা চিন্তাৰ বীজটোৰ বিষয়ে মন্তব্য কৰে, যি এতিয়া এজোপা মহাবৃক্ষত পৰিণত হৈছে। তেওঁ উল্লেখ কৰে যে নীতি আৰু আদৰ্শই এই মহান বৃক্ষজোপাক উচ্চতা প্ৰদান কৰিছে, লাখ লাখ স্বয়ংসেৱক ইয়াৰ শাখা হৈছে। "ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ হৈছে ভাৰতৰ অমৰ সংস্কৃতিৰ আধুনিক ‘অক্ষয় বট’, এই ‘অক্ষয় বট’-য়ে নিৰন্তৰ ভাৰতীয় সংস্কৃতি আৰু আমাৰ ৰাষ্ট্ৰৰ চেতনাক শক্তি প্ৰদান কৰি আহিছে", তেওঁ লগতে কয়।

 

‘মাধৱ নেত্ৰালয়’ৰ নতুন চৌহদটোৰ শুভাৰম্ভৰ মুহূৰ্তত দৃষ্টি আৰু দিশৰ মাজত থকা প্ৰাকৃতিক সম্পৰ্ক সন্দৰ্ভত মন্তব্য কৰি শ্ৰী মোদীয়ে বৈদিক আকাংক্ষা "পশ্যেমা শাৰদাহ শতম"ৰ উদ্ধৃতি দি জীৱনৰ দৃষ্টিভংগীৰ তাৎপৰ্যত আলোকপাত কৰে, যাৰ অৰ্থ হৈছে "আমি যেন শত বছৰ চাব পৰা হওঁ।" তেওঁ বাহ্যিক দৃষ্টি আৰু আভ্যন্তৰীণ দৃষ্টি দুয়োটাৰ প্ৰয়োজনীয়তাতে গুৰুত্ব আৰোপ কৰে। বিদৰ্ভৰ মহান সাধু শ্ৰী গুলাবৰাও মহাৰাজক স্মৰণ কৰি প্ৰধানমন্ত্ৰীয়ে কয়, "কম বয়সতে দৃষ্টিশক্তি হেৰুওৱা স্বত্বেও শ্ৰী গুলাবৰাও মহাৰাজে অসংখ্য গ্ৰন্থ ৰচনা কৰিছিল"। তেওঁ উল্লেখ কৰে যে যদিও তেওঁৰ শাৰীৰিক দৃষ্টিশক্তিৰ অভাৱ আছিল, তথাপিও তেওঁ গভীৰ দৃষ্টিশক্তিসম্পন্ন আছিল, যি জ্ঞানৰ পৰা উদ্ভৱ হৈছিল আৰু বিচক্ষণতাৰ দ্বাৰা প্ৰকাশ পাইছিল। তেওঁ গুৰুত্ব আৰোপ কৰে যে এনে দৃষ্টিভঙ্গীয়ে ব্যক্তি আৰু সমাজ দুয়োকে শক্তিশালী কৰে। তেওঁ মন্তব্য কৰি কয় যে ‘আৰ এছ এছ’ হৈছে বাহ্যিক আৰু আভ্যন্তৰীণ দুয়োধৰণৰ দৃষ্টিভংগীৰ দিশত কাম কৰা এক পবিত্ৰ প্ৰচেষ্টা। তেওঁ ‘মাধৱ নেত্ৰালয়’ক বাহ্যিক দৃষ্টিৰ উদাহৰণ হিচাপে আলোকপাত কৰে আৰু উল্লেখ কৰে যে আভ্যন্তৰীণ দৃষ্টিয়ে ‘সংঘ’ক সেৱাৰ সমাৰ্থক কৰি তুলিছে।

প্ৰধানমন্ত্ৰীয়ে শাস্ত্ৰৰ উদ্ধৃতি দি কয় যে জীৱনৰ উদ্দেশ্য হৈছে ‘সেৱা আৰু পৰোপকাৰ’। তেওঁ মন্তব্য কৰে যে যেতিয়া সেৱা মূল্যবোধত অন্তৰ্ভুক্ত হয়, ই এক প্ৰকাৰৰ ভক্তিলৈ ৰূপান্তৰিত হয়, যি হৈছে প্ৰতিগৰাকী ‘আৰ এছ এছ স্বয়ংসেৱক’ৰ জীৱনৰ সাৰাংশ। তেওঁ উল্লেখ কৰে যে সেৱাৰ এই মনোভাৱে প্ৰজন্মৰ পিচত প্ৰজন্ম ধৰি স্বয়ংসেৱকসকলক নিজকে অক্লান্তভাৱে সমৰ্পিত কৰিবলৈ অনুপ্ৰাণিত কৰে। তেওঁ উল্লেখ কৰে যে এই ভক্তিয়ে স্বয়ংসেৱকসকলক নিৰন্তৰ সক্ৰিয় কৰি ৰাখে, তেওঁলোকক কেতিয়াও ক্লান্ত বা স্তব্ধ হ'বলৈ নিদিয়ে। ‘জীৱনৰ তাৎপৰ্য ইয়াৰ ম্যাদত নহয় ইয়াৰ উপযোগিতাতহে আছে’ বুলি কৰা গুৰুজীৰ এষাৰ বক্তব্য স্মৰণ কৰি শ্ৰী মোদীয়ে "দেশলৈ দেৱ" আৰু "ৰাষ্ট্ৰলৈ ৰাম"ৰ নীতিৰ দ্বাৰা নিৰ্দেশিত কৰ্তব্যৰ প্ৰতি প্ৰতিশ্ৰুতিবদ্ধতাত গুৰুত্ব আৰোপ কৰে। তেওঁ সীমান্তৱৰ্তী গাঁও, পাহাৰীয়া অঞ্চল বা বনাঞ্চলত বিভিন্ন ক্ষেত্ৰত স্বয়ংসেৱকসকলৰ নিস্বাৰ্থ কামৰ প্ৰসংগতো মন্তব্য কৰে। তেওঁ ‘বনবাসী কল্যাণ আশ্ৰম’, জনজাতীয় শিশুসকলৰ বাবে ‘একল বিদ্যালয়’, ‘সাংস্কৃতিক জাগৰণ অভিযান’ আৰু দুখীয়া লোকসকলৰ প্ৰতি ‘সেৱা ভাৰতী’য়ে আগবঢ়োৱা সেৱাৰ দৰে পদক্ষেপত তেওঁলোকৰ জড়িত থকাৰ কথা উল্লেখ কৰে। ‘প্ৰয়াগ মহাকুম্ভ’ৰ সময়ত স্বয়ংসেৱকসকলৰ দৃষ্টান্তমূলক কামৰ প্ৰশংসা কৰে, তেওঁ ‘নেত্ৰ কুম্ভ’ উদ্যোগৰ জৰিয়তে লাখ লাখ লোকক সহায় কৰা বুলি উল্লেখ কৰি গুৰুত্ব আৰোপ কৰে যে য'তেই সেৱাৰ প্ৰয়োজন হয়, ত'তেই স্বয়ংসেৱকসকল উপস্থিত হয়গৈ। তেওঁ বান আৰু ভূমিকম্পৰ দৰে দুৰ্যোগৰ সময়ত স্বেচ্ছাসেৱকসকলৰ শৃংখলাবদ্ধ সঁহাৰি সন্দৰ্ভত মন্তব্য কৰে আৰু তেওঁলোকৰ নিস্বাৰ্থতা আৰু সেৱাৰ প্ৰতি সমৰ্পণত আলোকপাত কৰে। তেওঁ উদ্ধৃতি দি কয়, "সেৱা হৈছে এক ত্যাগৰ বহ্নি, আৰু আমি অৰ্ঘ্যৰ দৰে প্ৰজ্বলিত হওঁ, উদ্দেশ্যৰ মহাসমুদ্ৰত সংপৃক্ত হওঁ"।

 

‘গুৰুজী’ৰ বিষয়ে এক প্ৰেৰণাদায়ক কাহিনী সহভাগ  কৰি, যাক এবাৰ তেওঁ সংঘক সৰ্বব্যাপী বুলি কিয় উল্লেখ কৰিছিল বুলি সোধা হৈছিল, শ্ৰী মোদীয়ে কয় যে ‘গুৰুজী’য়ে সংঘক পোহৰৰ সৈতে তুলনা কৰি কয় যে যদিও পোহৰে প্ৰতিটো কাম নিজে কৰিব নোৱাৰে, ই অন্ধকাৰ দূৰ কৰে আৰু আনক আগবাঢ়ি যোৱাৰ পথ দেখুৱায়। তেওঁ মন্তব্য কৰে যে ‘গুৰুজী’ৰ শিক্ষাই জীৱন-মন্ত্ৰ হিচাপে কাম কৰে, সকলোকে পোহৰৰ উৎস হ'বলৈ, বাধা আঁতৰাবলৈ আৰু প্ৰগতিৰ পথ প্ৰশস্ত কৰিবলৈ আহ্বান জনায়। তেওঁ "মই নহয়, বৰং আপুনিহে", আৰু "মোৰ নহয়, বৰং জাতিৰ বাবেহে" নীতিৰ সৈতে নিস্বাৰ্থতাৰ সাৰতত্বত আলোকপাত কৰে।

"মই"তকৈ "আমি"ক অগ্ৰাধিকাৰ দিয়া আৰু সকলো নীতি আৰু সিদ্ধান্তত ৰাষ্ট্ৰক প্ৰথম স্থান দিয়াত গুৰুত্ব আৰোপ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে এনে ধৰণৰ পদক্ষেপে সমগ্ৰ দেশতে দৃশ্যমান ইতিবাচক প্ৰভাৱ পেলায়। তেওঁ ঔপনিৱেশিক মানসিকতাৰ বাহিৰলৈ আগবাঢ়ি যোৱাত গুৰুত্ব আৰোপ কৰি দেশক পিছুৱাই ৰখাৰ শৃংখল চিঙি পেলোৱাৰ প্ৰয়োজনীয়তাত আলোকপাত কৰে।

তেওঁ উল্লেখ কৰে যে ভাৰতে হীনমন্যতাবোধেৰে ৭০ বছৰ ধৰি কঢ়িয়াই অনা ঔপনিৱেশিকতাৰ অৱশিষ্টাংশক এতিয়া ৰাষ্ট্ৰীয় গৌৰৱৰ নতুন অধ্যায়েৰে প্ৰতিস্থাপিত কৰা হৈছে। তেওঁ ভাৰতীয়সকলক অৱমাননা কৰাৰ বাবে প্ৰস্তুত কৰা পুৰণি ব্ৰিটিছ আইনক নতুন ‘ভাৰতীয় ন্যায় সংহিতা’ৰে কৰা প্ৰতিস্থাপন সন্দৰ্ভত মন্তব্য কৰে। তেওঁ ঔপনিৱেশিক উত্তৰাধিকাৰিত্বক নেওচি ‘কৰ্তব্য’ক প্ৰতীকী কৰি  ‘ৰাজপথ’ক ‘কৰ্তব্য পথ’লৈ ৰূপান্তৰ কৰাৰ কথা উল্লেখ কৰে। তেওঁ নৌসেনাৰ পতাকাৰ পৰা ঔপনিৱেশিক চিহ্ন আঁতৰোৱাৰ কথাও উল্লেখ কৰে, য'ত এতিয়া গৌৰৱেৰে ‘ছত্ৰপতি’ শিৱাজী মহাৰাজৰ প্ৰতীক সন্নিৱিষ্ট হৈছে। তেওঁ লগতে আন্দামান অঞ্চলৰ দ্বীপসমূহৰ নাম সলনি কৰাৰ কথা স্বীকাৰ কৰে, য'ত ‘বীৰ’ সাৱাৰকাৰে দেশৰ বাবে জীয়াতু ভূগিছিল আৰু ‘নেতাজী’ সুভাষ চন্দ্ৰ বসুৱে ভাৰতৰ স্বাধীনতাৰ নায়কসকলক সন্মান জনোৱাৰ বাবে স্বাধীনতাৰ ৰণশিঙা বজাইছিল।

 

"ভাৰতৰ "বসুধৈৱ কুটুম্বকম"ৰ পথপ্ৰদৰ্শক নীতি বিশ্বৰ প্ৰতিটো কোণত উপনীত হৈছে আৰু ভাৰতৰ কাৰ্যকলাপত প্ৰতিফলিত হৈছে", ক’ভিড-১৯ মহামাৰীৰ সময়ত ভাৰতৰ গ্ৰহণ কৰা প্ৰচেষ্টাসমূহত আলোকপাত কৰি শ্ৰী মোদীয়ে কয়, বিশ্বক ‘এটা পৰিয়াল’ হিচাপেই প্ৰতিষেধক প্ৰদান কৰা হৈছিল। তেওঁ প্ৰাকৃতিক দুৰ্যোগত ক্ষতিগ্ৰস্তসকলৰ প্ৰতি ভাৰতে তৎক্ষণিকভাৱে সঁহাৰি আগবঢো়ৱাৰ কথা উল্লেখ কৰে, যাৰ ভিতৰত আছে "অপাৰেশ্যন ব্ৰহ্মা"ৰ অধীনত ম্যানমাৰত শেহতীয়াকৈ হোৱা ভূমিকম্প, লগতে তুৰস্ক আৰু নেপালৰ ভূমিকম্প আৰু মালদ্বীপৰ জল-সংকটৰ সময়ত আগবঢ়োৱা সহায়। তেওঁ সংঘৰ্ষৰ সময়ত আন দেশৰ নাগৰিকসকলক স্থানান্তৰিত কৰাত ভাৰতে গ্ৰহণ কৰা ভূমিকাৰ প্ৰসংগ উল্লেখ কৰে আৰু কয় যে ভাৰতৰ প্ৰগতিয়ে ‘গোলকীয় দক্ষিণ’ৰ কণ্ঠস্বৰ বৃদ্ধি কৰিছে। তেওঁ মন্তব্য কৰে যে বিশ্বভ্ৰাতৃত্বৰ এই মনোভাৱ ভাৰতৰ সাংস্কৃতিক মূল্যবোধৰ পৰা উদ্ভৱ হৈছে। আত্মবিশ্বাসেৰে ভৰি থকা আৰু বিপদাশংকা গ্ৰহণ কৰিব পৰাকৈ বৰ্ধিত সামৰ্থ্যৰে ভৰপূৰ ভাৰতৰ যুৱপ্ৰজন্মক দেশৰ সৰ্ববৃহৎ সম্পদ বুলি উল্লেখ কৰি শ্ৰী মোদীয়ে উদ্ভাৱন, ষ্টাৰ্টআপ আৰু ভাৰতৰ ঐতিহ্য আৰু সংস্কৃতিৰ প্ৰতি তেওঁলোকে আগবঢ়োৱা অৱদানৰ কথা উল্লেখ কৰে।

তেওঁ ‘প্ৰয়াগ মহাকুম্ভ’ত লাখ লাখ যুৱক-যুৱতীৰ অংশগ্ৰহণক ভাৰতৰ চিৰন্তন পৰম্পৰাৰ সৈতে তেওঁলোকৰ সম্পৰ্কক উদাহৰণ হিচাপে উল্লেখ কৰে। তেওঁ যুৱসকলৰ ৰাষ্ট্ৰীয় প্ৰয়োজনীয়তাত গুৰুত্ব দিয়া, "মে’ক ইন ইণ্ডিয়া"ৰ সফলতাত তেওঁলোকৰ ভূমিকা আৰু স্থানীয় সামগ্ৰীৰ প্ৰতি তেওঁলোকে গ্ৰহণ কৰা সৰৱ সমৰ্থনৰ বিষয়ে মন্তব্য কৰে। তেওঁ ক্ৰীড়া ক্ষেত্ৰৰ পৰা মহাকাশ অন্বেষণলৈকে ৰাষ্ট্ৰ নিৰ্মাণৰ মনোভাৱৰ দ্বাৰা চালিত হৈ দেশৰ বাবে জীয়াই থকা আৰু কাম কৰাৰ সংকল্পত গুৰুত্ব আৰোপ কৰে। তেওঁ বিশ্বাস ব্যক্ত কৰে যে ভাৰতৰ যুৱপ্ৰজন্মই ২০৪৭ চনৰ ভিতৰত দেশক ‘বিকশিত ভাৰত’ৰ লক্ষ্যৰ দিশে আগুৱাই নিব। প্ৰধানমন্ত্ৰীয়ে এই যাত্ৰাৰ আঁৰৰ চালিকা শক্তি হিচাপে সংগঠন, নিষ্ঠা আৰু সেৱাৰ সমন্বয়ত আলোকপাত কৰে। তেওঁ মন্তব্য কৰে যে ‘আৰ এছ এছ’-য়ে দশকজুৰি কৰা প্ৰচেষ্টা আৰু সমৰ্পণে ফল প্ৰদান কৰিছে আৰু ভাৰতৰ উন্নয়নত এক নতুন অধ্যায় লিপিবদ্ধ হৈছে।

 

প্ৰধানমন্ত্ৰীয়ে ১৯২৫ চনত ‘আৰ এছ এছ’ স্থাপনৰ সময়ৰ বিপৰীত পৰিস্থিতিৰ বিষয়ে মন্তব্য কৰে, যিছোৱা সময় সংগ্ৰাম আৰু স্বাধীনতাৰ সৰ্বাধিক লক্ষ্যৰ দ্বাৰা চিহ্নিত। তেওঁ ‘সংঘ’ৰ ১০০ বছৰীয়া যাত্ৰাৰ তাৎপৰ্য সন্দৰ্ভত আলোকপাত কৰে আৰু উল্লেখ কৰে যে ২০২৫ চনৰ পৰা ২০৪৭ চনলৈ এইছোৱা সময়ত ৰাষ্ট্ৰৰ বাবে নতুন, উচ্চাকাংক্ষী লক্ষ্য উপস্থাপন কৰা হৈছে। তেওঁ এখন পত্ৰৰ পৰা ‘গুৰুজী’ৰ প্ৰেৰণাদায়ক বক্তব্য স্মৰণ কৰে, য'ত ‘এক বিশাল ৰাষ্ট্ৰীয় সংৰচনাৰ ভেটি’ত ‘এটি সৰু শিল’ হোৱাৰ ইচ্ছা প্ৰকাশ কৰা হৈছিল। তেওঁ সেৱাৰ প্ৰতি প্ৰতিশ্ৰুতি প্ৰজ্বলিত কৰি ৰখা, নিৰন্তৰ প্ৰচেষ্টা বৰ্তাই ৰখা আৰু উন্নত ভাৰতৰ সপোন বাস্তৱায়িত কৰাৰ প্ৰয়োজনীয়তাত গুৰুত্ব আৰোপ কৰে। তেওঁ অযোধ্যাত শ্ৰী ৰামৰ মন্দিৰ নিৰ্মাণৰ সময়ত অহা হাজাৰ বছৰৰ বাবে এক শক্তিশালী ভাৰতৰ ভেটি স্থাপনৰ বাবে তেওঁৰ দৃষ্টিভংগীৰ কথা দোহাৰে। প্ৰধানমন্ত্ৰীয়ে বিশ্বাস ব্যক্ত কৰে যে ড০ হেডগেৱাৰ আৰু ‘গুৰুজী’ৰ দৰে বিশিষ্ট ব্যক্তিসকলৰ নিৰ্দেশনাই দেশবাসীক শক্তিশালী কৰি ৰাখিব। তেওঁ উন্নত ভাৰতৰ দৃষ্টিভংগী পূৰণ আৰু প্ৰজন্মৰ ত্যাগক সন্মান জনোৱাৰ সংকল্পক নিশ্চিত কৰি ভাষণৰ সামৰণি মাৰে।

অনুষ্ঠানটোত মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী শ্ৰী দেৱেন্দ্ৰ ফড়নৱিশ, কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী নীতীন গাড়কাৰী, ‘আৰ এছ এছ’ ৰ ‘সৰ সংঘচালক’ ড০ মোহন ভাগৱত, স্বামী গোবিন্দ দেৱগিৰি মহাৰাজ, স্বামী অৱধেশানন্দ গিৰি মহাৰাজ, ড০ অবিনাশ চন্দ্ৰ অগ্নিহোত্ৰী আৰু অন্যান্য বিশিষ্ট অতিথিসকল উপস্থিত থাকে।

 

সম্পূৰ্ণ ভাষণ পঢ়িবলৈ ইয়াত ক্লিক কৰক

 

 

 

 

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India records highest-ever startup surge with 55,200 recognised in FY26

Media Coverage

India records highest-ever startup surge with 55,200 recognised in FY26
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister expresses grief over mishap in Coimbatore
April 17, 2026

The Prime Minister, Shri Narendra Modi, has expressed deep anguish over the mishap in Coimbatore, Tamil Nadu.

Shri Modi said that he is distressed to hear about the incident and extended his heartfelt condolences to those who have lost their loved ones. He also prayed for the speedy recovery of those injured in the mishap.

The Prime Minister’s Office posted on X;

“Distressed to hear about the mishap in Coimbatore, Tamil Nadu. I extend my heartfelt condolences to those who have lost their loved ones in the mishap. Prayers for the speedy recovery of those injured: PM @narendramodi”