‘অপাৰেশ্যন সিন্দূৰ’ত বিশ্বই ভাৰতৰ থলুৱা অস্ত্ৰ আৰু ‘মে’ক ইন ইণ্ডিয়া’ৰ শক্তি দেখিছে: প্ৰধানমন্ত্ৰী
ডাঙৰ ডাঙৰ মেট্ৰ’ চহৰমূহত যেনে ধৰণৰ আন্তঃগাঁথনি, সা-সুবিধা, সম্পদ উপলব্ধ হয় এতিয়া কানপুৰতো সেয়া দেখিবলৈ পোৱা গৈছে: প্ৰধানমন্ত্ৰী
আমি উত্তৰ প্ৰদেশক ঔদ্যোগিক সম্ভাৱনাৰ ৰাজ্য কৰি তুলিছো: প্ৰধানমন্ত্ৰী

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি উত্তৰ প্ৰদেশৰ কানপুৰত প্ৰায় ৪৭,৬০০ কোটি টকাৰ এলানি প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰাৰ উপৰি একাংশ প্ৰকল্প উদ্বোধন কৰে। এই উপলক্ষে আয়োজিত এখন সভাত ভাষণ দি তেওঁ কয় যে, প্ৰথমে ২০২৫ চনৰ ২৪ এপ্ৰিলত নিৰ্ধাৰিত কানপুৰ ভ্ৰমণ পহলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণৰ বাবে বাতিল কৰিবলগীয়া হৈছিল। এই বৰ্বৰ কাণ্ডৰ বলি হোৱা কানপুৰৰ সন্তান শ্ৰী শুভম দ্বিবেদীলৈ তেওঁ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। প্ৰধানমন্ত্ৰীয়ে মন্তব্য কৰে যে সমগ্ৰ দেশৰ ভগ্নী-কন্যাসকলৰ যন্ত্ৰণা, দুখ-কষ্ট, ক্ষোভ আৰু সামূহিক যন্ত্ৰণা তেওঁ গভীৰভাৱে হৃদয়ংগম কৰিছে। তেওঁ কয় যে এই সামূহিক ক্ৰোধ ‘অপাৰেশ্যন সিন্দূৰ’ৰ সূচনা হোৱাৰ লগে লগে বিশ্বজুৰি দেখিবলৈ পোৱা গৈছিল। তেওঁ ‘অপাৰেশ্যন সিন্দূৰ’ৰ সফলতাত গুৰুত্ব আৰোপ কৰে, যিটো অভিযানত পাকিস্তানত সন্ত্ৰাসবাদীয়ে আত্মগোপন কৰি থকা ঘাটিসমূহ ধ্বংস কৰা হয় আৰু পৰৱৰ্তি সময়ত পাকিস্তানী সেনাই সংঘাতৰ অন্ত পেলাবলৈ অনুৰোধ কৰিবলৈ বাধ্য হয়। প্ৰধানমন্ত্ৰীয়ে স্বাধীনতা সংগ্ৰামৰ ভূমিৰ পৰা দেশৰ সশস্ত্ৰ বাহিনীৰ সাহসক শ্ৰদ্ধাঞ্জলি জনোৱাত গুৰুত্ব আৰোপ কৰি তেওঁলোকৰ বীৰত্বক প্ৰণাম জনায়। তেওঁ পুনৰ দৃঢ়তাৰে কয় যে ‘অপাৰেশ্যন সিন্দূৰ’ৰ সময়ত দয়া ভিক্ষা কৰা শত্ৰুহঁত কোনো ভ্ৰমৰ মাজত থাকিব নালাগে, কাৰণ ‘অপাৰেশ্যন সিন্দূৰ’ এতিয়াও শেষ হোৱা নাই। প্ৰধানমন্ত্ৰীয়ে সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজত ভাৰতৰ তিনিটা স্পষ্ট নীতিৰ ৰূপৰেখা দাঙি ধৰে। প্ৰথমতে, প্ৰতিটো সন্ত্ৰাসবাদী আক্ৰমণৰ বিৰুদ্ধে ভাৰতে নিৰ্ণায়ক প্ৰতিক্ৰিয়া আগবঢ়াব। এই প্ৰতিক্ৰিয়াৰ সময়, পদ্ধতি আৰু চৰ্ত কেৱল ভাৰতীয় সশস্ত্ৰ বাহিনীয়ে নিৰ্ধাৰণ কৰিব। দ্বিতীয়তে, ভাৰতক আৰু পাৰমাণৱিক ভাবুকিৰে ভয় খুৱাব নোৱাৰিব, এনে সতৰ্কবাণীৰ ভিত্তিত সিদ্ধান্তও ল’ব নোৱাৰিব। তৃতীয়তে, ভাৰতে সন্ত্ৰাসবাদৰ ‘মাষ্টাৰমাইণ্ড’ আৰু সিহঁতক আশ্ৰয় দিয়া চৰকাৰ দুয়োটাকে একে দৃষ্টিৰেহে চাব। পাকিস্তানৰ ৰাষ্ট্ৰ আৰু ‘অনা-ৰাষ্ট্ৰীয় অভিনেতা’হঁতৰ মাজত থকা পাৰ্থক্য আৰু মানি লোৱা নহ’ব। প্ৰধানমন্ত্ৰীয়ে নিৰ্দ্বিধাই দৃঢ়তাৰে কয় যে শত্ৰু য’তেই নাথাকক কিয়, ইয়াক নিৰ্মূল কৰাই হ’ব।

“অপাৰেশ্যন সিন্দূৰ-য়ে ভাৰতৰ থলুৱা প্ৰতিৰক্ষা সামৰ্থ্য আৰু ‘মে’ক ইন ইণ্ডিয়া’ৰ শক্তি বিশ্ববাসীৰ আগত প্ৰদৰ্শন কৰিলে”, শ্ৰী মোদীয়ে বিশ্লেষণ দাঙি ধৰি কয় যে ‘ব্ৰহ্মোছ ক্ষেপণাস্ত্ৰ’কে ধৰি ভাৰতৰ ঘৰতে উৎপাদিত অস্ত্ৰ-শস্ত্ৰই নিখুঁতভাৱে লক্ষ্যত আঘাত হানি শত্ৰুৰ ভূখণ্ডৰ গভীৰতম স্থানত ধ্বংসৰ সৃষ্টি কৰিছিল। এই সামৰ্থ্য ‘আত্মনিৰ্ভৰ ভাৰত’ৰ প্ৰতি ভাৰতৰ দায়বদ্ধতাৰ প্ৰত্যক্ষ ফল বুলি তেওঁ মন্তব্য কৰে। শ্ৰী মোদীয়ে উল্লেখ কৰে যে এনে এটা সময় আছিল যেতিয়া ভাৰতে সামৰিক আৰু প্ৰতিৰক্ষাৰ প্ৰয়োজনীয়তাসমূহৰ বাবে বিদেশী ৰাষ্ট্ৰৰ ওপৰত নিৰ্ভৰশীল কৰিবলগীয়া হৈছিল। কিন্তু দেশে সেই পৰিস্থিতিৰ ৰূপান্তৰ ঘটাবলৈ আৰম্ভ কৰিছে, প্ৰতিৰক্ষা উৎপাদনত স্বাৱলম্বী হ’বলৈ চেষ্টা কৰিছে। তেওঁ এই কথাত গুৰুত্ব আৰোপ কৰে যে প্ৰতিৰক্ষাৰ ক্ষেত্ৰত আত্মনিৰ্ভৰশীলতা কেৱল অৰ্থনীতিৰ বাবেই নহয়, জাতীয় গৌৰৱ আৰু সাৰ্বভৌমত্বৰ বাবেও অতি প্ৰয়োজনীয়। এই নিৰ্ভৰশীলতাৰ পৰা ভাৰতক মুক্ত কৰিবলৈকে চৰকাৰে ‘আত্মনিৰ্ভৰ ভাৰত’ৰ পদক্ষেপ গ্ৰহণ কৰা বুলি পুনৰ উল্লেখ কৰি শ্ৰী মোদীয়ে প্ৰতিৰক্ষা স্বাৱলম্বিতা লাভৰ ক্ষেত্ৰত উত্তৰ প্ৰদেশে বৃহত্ অৱদান আগবঢ়োৱাৰ বাবে গৌৰৱ প্ৰকাশ কৰে। তেওঁ আঙুলিয়াই দিয়ে যে কানপুৰৰ ঐতিহাসিক অস্ত্ৰ-শস্ত্ৰ কাৰখানাৰ দৰেই সাতটা অস্ত্ৰ-শস্ত্ৰ কাৰখানাক অত্যাধুনিক প্ৰতিৰক্ষা উৎপাদন গোটলৈ ৰূপান্তৰিত কৰা হৈছে। তেওঁ উত্তৰ প্ৰদেশত এটা বৃহত্ প্ৰতিৰক্ষা কৰিডৰ স্থাপনৰ প্ৰসংগতো আলোকপাত কৰে, য’ত ‘কানপুৰ ন’ড’ প্ৰতিৰক্ষা খণ্ডত ‘আত্মনিৰ্ভৰ ভাৰত’ৰ বাবে এক মূল কেন্দ্ৰ হিচাপে আত্মপ্ৰকাশ কৰিছে।

 

এসময়ত পৰম্পৰাগত উদ্যোগসমূহ স্থানান্তৰিত হোৱাৰ বিপৰীতে এতিয়া প্ৰতিৰক্ষা খণ্ডৰ বৃহৎ কোম্পানীসমূহে নিজৰ উপস্থিতি প্ৰতিষ্ঠা কৰা বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে আলোকপাত কৰে যে আমেথিত ইতিমধ্যে ‘এ কে ২০৩ ৰাইফল’ৰ উৎপাদন আৰম্ভ হৈছে। তেওঁ জোৰ দি কয় যে অপাৰেশ্যন সিন্দূৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰা ‘ব্ৰহ্মোছ মিছাইল’ৰ এতিয়া উত্তৰ প্ৰদেশত নতুন আলয় আছে, যিয়ে প্ৰতিৰক্ষা উৎপাদনত ৰাজ্যখনৰ বৰ্ধিত প্ৰাধান্যৰে ইংগিত দিয়ে। প্ৰধানমন্ত্ৰীয়ে মন্তব্য কৰে যে ভৱিষ্যতে কানপুৰ আৰু উত্তৰ প্ৰদেশে ভাৰতক প্ৰতিৰক্ষাৰ প্ৰধান ৰপ্তানিকাৰী হোৱাৰ যাত্ৰাত নেতৃত্ব দিব। তেওঁ আৰু কয় যে নতুন কাৰখানা স্থাপন কৰা হ’ব, উল্লেখযোগ্য বিনিয়োগ প্ৰবাহিত হ’ব, আৰু হাজাৰ হাজাৰ স্থানীয় যুৱকে উৎকৃষ্ট কৰ্মসংস্থাপনৰ সুযোগ লাভ কৰিব।

উত্তৰ প্ৰদেশ আৰু কানপুৰক উন্নয়নৰ নতুন উচ্চতালৈ লৈ যোৱাটো কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ শীৰ্ষ প্ৰথমিকতা বুলি জোৰ দি শ্ৰী মোদীয়ে কয় যে উদ্যোগসমূহক উদগণি দি কানপুৰৰ ঐতিহাসিক গৌৰৱ পুনৰুদ্ধাৰ কৰি এই অগ্ৰগতি লাভ কৰা হ’ব। তেওঁ মন্তব্য কৰে যে পূৰ্বৰ চৰকাৰসমূহে আধুনিক উদ্যোগসমূহৰ প্ৰয়োজনীয়তাক অৱহেলা কৰিছিল, যাৰ ফলত কানপুৰত উদ্যোগিক উপস্থিতি হ্ৰাস পাইছিল। তেওঁ আঙুলিয়াই দিয়ে যে পৰিয়াল পৰিচালিত চৰকাৰসমূহ উদাসীন হৈয়েই আহিছে, যাৰ ফলত কেৱল কানপুৰেই নহয়, সমগ্ৰ উত্তৰ প্ৰদেশ উন্নয়নৰ ক্ষেত্ৰত পিছ পৰি আছে।

প্ৰধানমন্ত্ৰীয়ে জোৰ দি কয় যে ৰাজ্যখনৰ উদ্যোগিক অগ্ৰগতিৰ বাবে দুটা অপৰিহাৰ্য স্তম্ভ হ’ল শক্তি খণ্ডত স্বাৱলম্বিতা—এক স্থিৰ বিদ্যুৎ যোগান নিশ্চিত কৰা—আৰু শক্তিশালী আন্তঃগাঁথনি আৰু সংযোগ গঢ়ি তোলা। ৬৬০ মেগাৱাট শক্তি উত্পাদনক্ষম পাংকি বিদ্যুৎ কেন্দ্ৰ, ৬৬০ মেগাৱাট উত্পাদনক্ষম নেইভেলী বিদ্যুৎ কেন্দ্ৰ, ১৩২০ মেগাৱাট উত্পাদনক্ষম জৱাহৰপুৰ বিদ্যুৎ কেন্দ্ৰ, ৬৬০ মেগাৱাট উত্পাদনক্ষম ওব্ৰা-চি বিদ্যুৎ কেন্দ্ৰ, ৬৬০ মেগাৱাট উত্পাদনক্ষম খুৰ্জা শক্তি কেন্দ্ৰকে ধৰি কেবাটাও বৃহত্ বিদ্যুৎ প্ৰকল্প উদ্বোধন কৰাৰ কথা তেওঁ ঘোষণা কৰে। তেওঁ মন্তব্য কৰে যে এই প্ৰকল্পসমূহে উত্তৰ প্ৰদেশৰ শক্তিৰ প্ৰয়োজনীয়তা পূৰণৰ দিশত এক উল্লেখযোগ্য পদক্ষেপক প্ৰতিনিধিত্ব কৰিছে। প্ৰধানমন্ত্ৰীয়ে আলোকপাত কৰে যে এই বিদ্যুৎ প্ৰকল্পসমূহ কাৰ্যক্ষম হোৱাৰ লগে লগে ৰাজ্যত বিদ্যুতৰ উপলব্ধতা বৃদ্ধি পাব, যাৰ ফলত ঔদ্যোগিক প্ৰগতি সম্ভৱ কৰাৰ লগতে ইয়াৰ গতি অধিক হাৰত ত্বৰান্বিত কৰিব। তেওঁ লগতে কয় যে ৪৭,০০০ কোটি টকাৰো অধিক ব্যয়সাপেক্ষ এলানি উন্নয়ন প্ৰকল্প উদ্বোধন কৰা হৈছে আৰু বিভিন্ন পদক্ষেপৰ বাবে আধাৰশিলা স্থাপন কৰা হৈছে, যিয়ে প্ৰগতিৰ প্ৰতিশ্ৰুতিক আৰু অধিক শক্তিশালী কৰিছে। প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে জ্যেষ্ঠ নাগৰিকসকলক ‘আয়ুষ্মান বয়ো বন্দনা কাৰ্ড’ বিতৰণ কৰা হৈছে, যাৰ ফলত বিনামূলীয়া চিকিৎসা সুনিশ্চিত হৈছে, আনহাতে অন্যান্য হিতাধিকাৰীসকলে বিভিন্ন কল্যাণমূলক আঁচনিৰ জৰিয়তে সাহায্য লাভ কৰিছে। তেওঁ জোৰ দি কয় যে এই পদক্ষেপ আৰু উন্নয়নমূলক প্ৰকল্পসমূহে কানপুৰ আৰু উত্তৰ প্ৰদেশৰ প্ৰগতিৰ প্ৰতি চৰকাৰৰ অটল নিষ্ঠা প্ৰতিফলিত কৰিছে।

 

কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰ দুয়োখন চৰকাৰে আধুনিক আৰু উন্নত উত্তৰ প্ৰদেশ গঢ়ি তোলাৰ দিশত সক্ৰিয়ভাৱে কাম কৰি আছে বুলি জোৰ দি শ্ৰী মোদীয়ে আলোকপাত কৰে যে এসময়ত প্ৰধান মেট্ৰ’ চহৰসমূহৰ বাবে একচেটিয়াকৈ থকা আন্তঃগাঁথনি, সা-সুবিধা, আৰু সম্পদসমূহ এতিয়া কানপুৰতো দৃশ্যমান হৈছে। তেওঁ স্মৰণ কৰি কয় যে কেবছৰমান আগতে চৰকাৰে কানপুৰক প্ৰথম মেট্ৰ’ সেৱা দিছিল, আৰু আজি ‘কানপুৰ মেট্ৰ’ৰ ‘অৰেঞ্জ লাইন’ ‘কানপুৰ চেণ্ট্ৰেল’ত উপস্থিত হৈছে। তেওঁ উল্লেখ কৰে যে মাটিৰ ওপৰেদি যোৱা লাইনেৰে আৰম্ভ হোৱা ‘মেট্ৰ’ নেটৱৰ্ক’ এতিয়া মাটিৰ তললৈ সম্প্ৰসাৰিত হৈছে, যাৰ ফলত চহৰৰ মূল অঞ্চলসমূহক নিৰৱচ্ছিন্নভাৱে সংযুক্ত কৰিব পৰা গৈছে। শ্ৰী মোদীয়ে মন্তব্য কৰে যে ‘কানপুৰ মেট্ৰ’ৰ সম্প্ৰসাৰণ কোনো সাধাৰণ প্ৰকল্প নহয় বৰঞ্চ দৃঢ়প্ৰতিজ্ঞ নেতৃত্ব, শক্তিশালী ইচ্ছাশক্তি, আৰু সৎ উদ্দেশ্য থকা চৰকাৰে ৰাষ্ট্ৰৰ উন্নয়নক কিমান আগুৱাই নিব পাৰে এয়া তাৰো নিদৰ্শন। অতিমাত্ৰা জনবহুল অঞ্চল, সংকীৰ্ণ পথ, আধুনিক নগৰ পৰিকল্পনাৰ অভাৱৰ বাবে কানপুৰত মেট্ৰ’ সেৱা বা বৃহৎ আন্তঃগাঁথনিমূলক উন্নয়ন কেতিয়াবা কাৰ্যকৰী কৰিব পৰা যাব নে বুলি কেনেদৰে সন্দেহ প্ৰকাশ কৰা হৈছিল তেওঁ সেই বিষয়ে উল্লেখ কৰে। তেওঁ উল্লেখ কৰে যে এই প্ৰত্যাহ্বানসমূহৰ বাবে কানপুৰ আৰু উত্তৰ প্ৰদেশৰ অন্যান্য ডাঙৰ চহৰসমূহ উন্নয়নৰ দৌৰত পিছ পৰি ৰৈছিল, যাৰ ফলত যান-জঁটৰ দৰে পৰিস্থিতি অধিক শোচনীয় হৈ পৰিছিল আৰু চহৰসমূহৰ অগ্ৰগতি লেহেমীয়া হৈছিল। তেওঁ দৃঢ়তাৰে কয় যে আজি একেখন কানপুৰ আৰু উত্তৰ প্ৰদেশে উন্নয়নৰ ক্ষেত্ৰত নতুন মাপকাঠী নিৰ্ধাৰণ কৰিছে। শ্ৰী মোদীয়ে কানপুৰৰ জনসাধাৰণৰ বাবে মেট্ৰ’ সেৱাৰ প্ৰত্যক্ষ সুবিধাসমূহত আলোকপাত কৰি উল্লেখ কৰে যে, এটা প্ৰধান বাণিজ্যিক কেন্দ্ৰ হিচাপে ‘নবীন মাৰ্কেট’ আৰু ‘বড়া চৌৰাহা’লৈ মেট্ৰ’ৱে ব্যৱসায়ী আৰু গ্ৰাহকৰ বাবে একেধৰণেই যাত্ৰা সহজ কৰি তুলিব। তেওঁ জোৰ দি কয় যে ‘আই আই টি কানপুৰ’ৰ ছাত্ৰ-ছাত্ৰী আৰু সাধাৰণ ৰাইজেও ‘চেণ্ট্ৰল ৰে’লৱে’ ষ্টেশ্যন’ পোৱাৰ ক্ষেত্ৰত যাতায়তৰ সময় যথেষ্ট ৰাহি কৰিব। শ্ৰী মোদীয়ে পুনৰ দৃঢ়তাৰে কয় যে একোখন চহৰৰ গতিবেগে ইয়াৰ অগ্ৰগতিৰ হাৰ নিৰ্ধাৰণ কৰে আৰু এই বৰ্ধিত সংযোগ আৰু পৰিবহণ সুবিধাসমূহে উত্তৰ প্ৰদেশৰ উন্নয়নৰ এক নতুন, আধুনিক ভাবমূৰ্তি গঢ় দিছে।

আন্তঃগাঁথনি আৰু সংযোগৰ ক্ষেত্ৰত উত্তৰ প্ৰদেশৰ উল্লেখযোগ্য অগ্ৰগতিত আলোকপাত কৰি ৰাজ্যখনে গাঁতেৰে ভৰা পথৰ পূৰ্বৰ পৰিচিতিৰ পৰা বহুখিনি আগবাঢ়ি আহিছে বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে জোৰ দি কয় যে উত্তৰ প্ৰদেশ এতিয়া ‘এক্সপ্ৰেছৱে’-ৰ বিস্তৃত নেটৱৰ্কৰ বাবে পৰিচিত হৈছে। তেওঁ মন্তব্য কৰে যে এসময়ত মানুহে সন্ধিয়াৰ পিছত খোজ কাঢ়ি ওলাবলৈকে দ্বিধাবোধ কৰিছিল যদিও উত্তৰ প্ৰদেশৰ ঘাইপথসমূহ এতিয়া ২৪/৭য়েই যাত্ৰীৰে ব্যস্ত হৈ থাকিবলৈ লৈছে। তেওঁ উল্লেখ কৰে যে কানপুৰৰ জনসাধাৰণে এই ৰূপান্তৰক সকলোতকৈ ভালকৈ বুজি পাইছে। প্ৰধানমন্ত্ৰীয়ে ঘোষণা কৰে যে অতি সোনকালে ‘কানপুৰ-লক্ষ্ণৌ এক্সপ্ৰেছৱে’-ই লক্ষ্ণৌলৈ যাতায়তৰ সময় মাত্ৰ ৪০–৪৫ মিনিটলৈ হ্ৰাস কৰিব। ইয়াৰ উপৰিও ‘লক্ষ্ণৌ আৰু পূৰ্বাঞ্চল এক্সপ্ৰেছৱে’-ৰ মাজত প্ৰত্যক্ষ সংযোগ স্থাপন কৰা হ’ব, আনহাতে ‘কানপুৰ-লক্ষ্ণৌ এক্সপ্ৰেছৱে গংগা এক্সপ্ৰেছৱে’-ৰ সৈতে সংযুক্ত কৰা হ’ব—যাৰ ফলত দুয়োটা দিশতে যাত্ৰাৰ দূৰত্ব আৰু সময় কমি যাব। তেওঁ স্বীকাৰ কৰে যে ‘ফাৰুখাবাদ-আনৱৰগঞ্জ খণ্ড’ত একক ৰে’লপথৰ সংযোগ থকাৰ বাবে কানপুৰবাসীয়ে দীৰ্ঘদিন ধৰি প্ৰত্যাহ্বানৰ সন্মুখীন হৈ আহিছে। তেওঁ উল্লেখ কৰে যে যাতায়তকাৰীসকলে ১৮টা ৰে’লৱে’ ক্ৰছিঙ-ৰ সৈতে যুঁজি আহিবলগীয়া হৈছে, এইবোৰ সঘনাই বন্ধ কৰিবলগীয়া হোৱাৰ বাবে যাত্ৰাত ব্যাঘাত জন্মাই আহিছে। প্ৰধানমন্ত্ৰীয়ে ঘোষণা কৰে যে অঞ্চলটোত ‘এলিভেটেড ৰেল কৰিডৰ’ নিৰ্মাণৰ বাবে ১০০০ কোটি টকা বিনিয়োগ কৰা হ’ব, যাৰ ফলত যাতায়তৰ প্ৰবাহ যথেষ্ট উন্নত হ’ব, গতি বৃদ্ধি হ’ব, আৰু প্ৰদূষণ হ্ৰাস পাব। আটাইতকৈ ডাঙৰ কথা তেওঁ এই পদক্ষেপে কানপুৰবাসীৰ বাবে বহুমূলীয়া সময় ৰাহি কৰা কথাত বিশেষ গুৰুত্ব দিয়ে।

 

শ্ৰী মোদীয়ে ‘কানপুৰ চেণ্ট্ৰেল ৰে’লৱে’ ষ্টেশ্যন’ত চলি থকা ৰূপান্তৰৰ প্ৰসংগত আলোকপাত কৰি কয় যে ইয়াক বিশ্বমানৰ সুবিধালৈ উন্নীত কৰা হৈছে। তেওঁ মন্তব্য কৰে যে অতি সোনকালেই এই ষ্টেশ্যনটো আধুনিক সা-সুবিধা আৰু আন্তঃগাঁথনিৰ ক্ষেত্ৰত বিমানবন্দৰৰ দৰে লগাবিধৰ হৈ উঠিব। তেওঁ লগতে উল্লেখ কৰে যে চৰকাৰে অমৃত ভাৰত ৰে’লৱে ষ্টেশ্যনৰ পদক্ষেপৰ অধীনত উত্তৰ প্ৰদেশত ১৫০টাতকৈয়ো অধিক ৰে’লৱে’ ষ্টেশ্যন ন-কৈ গঢ়ি তুলিছে, যাৰ ফলত সংযোগ আৰু যাত্ৰীসকলৰ অভিজ্ঞতা আৰু অধিক বৃদ্ধি পাইছে। উত্তৰ প্ৰদেশ ইতিমধ্যে ভাৰতৰ সৰ্বাধিক সংখ্যক আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ থকা ৰাজ্য হিচাপে পৰিগণিত হৈছে বুলি জোৰ দি শ্ৰী মোদীয়ে মন্তব্য কৰে যে ঘাইপথ, ৰে’লপথ, আৰু বিমানপথৰ উন্নতিৰ লগে লগে ৰাজ্যখনে সকলো খণ্ডতে দ্ৰুতগতিত আগবাঢ়িছে। উত্তৰ প্ৰদেশক ঔদ্যোগিক সুযোগৰ কেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ বাবে চৰকাৰৰ প্ৰতিশ্ৰুতিবদ্ধতা পুনৰ দৃঢ় কৰে। তেওঁ এই বছৰৰ বাজেটত ‘মিছন মেনুফেকশ্যাৰিঙ’ৰ আৰম্ভণিত আলোকপাত কৰে, যিটো স্থানীয় উদ্যোগ আৰু উৎপাদনক প্ৰসাৰিত কৰি ‘মে’ক ইন ইণ্ডিয়া’ক শক্তিশালী কৰাৰ বাবে আৰ্হি কৰা হৈছে। শ্ৰী মোদীয়ে আৰু মন্তব্য কৰে যে কানপুৰৰ দৰে চহৰসমূহ এই পদক্ষেপৰ দ্বাৰা যথেষ্ট লাভৱান হ’ব। তেওঁ স্বীকাৰ কৰে যে কানপুৰৰ ঔদ্যোগিক শক্তি ঐতিহাসিকভাৱে ইয়াৰ ‘এমএছএমই’ আৰু ক্ষুদ্ৰ উদ্যোগসমূহৰ দ্বাৰা পৰিচালিত হৈ আহিছে। তেওঁ গুৰুত্ব আৰোপ কৰি কয় যে চৰকাৰে এই উদ্যোগসমূহৰ আশা পূৰণৰ বাবে সক্ৰিয়ভাৱে কাম কৰি আছে, ইয়াৰ বৃদ্ধি আৰু বহনক্ষমতা নিশ্চিত কৰি আহিছে।

‘এএছএমই’ খণ্ডত হোৱা ৰূপান্তৰণত আলোকপাত কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে,  পূৰ্বে ক্ষুদ্ৰ ব্যৱসায়ক এনেদৰে সংজ্ঞায়িত কৰা হৈছিল যে সম্প্ৰসাৰণক নিৰুৎসাহিত কৰা হৈছিল, বৰ্তমানৰ চৰকাৰে এই সংজ্ঞাসমূহ সংশোধন কৰিছে, উপাৰ্জন বৃদ্ধি কৰিছে আৰু প্ৰগতিৰ বাবে সীমা পৰিমাপ কৰিছে। তেওঁ ঘোষণা কৰে যে শেহতীয়া বাজেটখনে ‘এমএছএমই’-ৰ পৰিসৰ আৰু অধিক বৃদ্ধি কৰিছে, খণ্ডটোলৈ অতিৰিক্ত ৰেহাই প্ৰদান কৰিছে। প্ৰধানমন্ত্ৰীয়ে স্বীকাৰ কৰে যে পূৰ্বতে এমএছএমইসমূহৰ বাবে ঋণৰ উপলব্ধতা এক ডাঙৰ প্ৰত্যাহ্বান আছিল। অৱশ্যে তেওঁ আলোকপাত কৰে যে বিগত দহটা বছৰত চৰকাৰে এই সমস্যা সমাধানৰ বাবে একাধিক নিৰ্ণায়ক পদক্ষেপ গ্ৰহণ কৰিছে। তেওঁ উল্লেখ কৰে যে ব্যৱসায় আৰম্ভ কৰিব বিচৰা যুৱ উদ্যোগীসকলে এতিয়া ‘মুদ্ৰা যোজনা’-ৰ জৰিয়তে তাৎক্ষণিকভাৱে আৰ্থিক সহায় লাভ কৰে। ইয়াৰ উপৰিও ঋণ নিশ্চয়তা আঁচনিৰ জৰিয়তে ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগসমূহক আৰ্থিকভাৱে শক্তিশালী কৰা হৈছে। এই বছৰৰ বাজেটত এমএছএমই ঋণৰ নিশ্চয়তা ২০ কোটি টকালৈ বৃদ্ধি কৰা হৈছে বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে ‘এমএছএমই’সমূহক তেওঁলোকৰ বৃদ্ধিৰ বাবে ৫ লাখ টকা সীমাৰে ‘ক্ৰেডিট কাৰ্ড’ প্ৰদান কৰা হৈছে। তেওঁ গুৰুত্ব আৰোপ কৰি কয় যে চৰকাৰে প্ৰক্ৰিয়া আৰু নিয়ম সৰল কৰি ‘এমএছএমই’ আৰু নতুন উদ্যোগৰ বাবে ব্যৱসায়িক অনুকূল পৰিৱেশ সক্ৰিয়ভাৱে সৃষ্টি কৰি আছে। প্ৰধানমন্ত্ৰীয়ে এই কথাতো আলোকপাত কৰে যে কানপুৰৰ পৰম্পৰাগত চামৰা আৰু হোচিয়াৰী উদ্যোগসমূহক ‘এক জিলা, এক সামগ্ৰী’ৰ দৰে পদক্ষেপৰ জৰিয়তে সৱলীকৰণৰ দিহা কৰা হৈছে। তেওঁ মন্তব্য কৰে যে এই প্ৰচেষ্টাসমূহে কেৱল কানপুৰক উপকৃত কৰাই নহয়, সমগ্ৰ উত্তৰ প্ৰদেশৰ জিলাসমূহৰ সামগ্ৰিক ঔদ্যোগিক উন্নয়নতো অৰিহণা যোগাব।

 

উত্তৰ প্ৰদেশে বিনিয়োগৰ বাবে এক অভূতপূৰ্ব আৰু নিৰাপদ পৰিৱেশৰ সৃষ্টি কৰা বুলি গুৰুত্ব আৰোপ কৰি শ্ৰী মোদীয়ে মন্তব্য কৰে যে দৰিদ্ৰ লোকসকলৰ বাবে কল্যাণমূলক আঁচনিসমূহ স্বচ্ছতাৰে ৰূপায়ণ কৰা হৈছে, যাৰ ফলত ফলপ্ৰসূ ভূমিগত নিষ্পাদন নিশ্চিত কৰা হৈছে। তেওঁ মধ্যবিত্ত শ্ৰেণীৰ আকাংক্ষা পূৰণৰ বাবে চৰকাৰৰ দায়বদ্ধতাক পুনৰ দৃঢ় কৰি কয় যে প্ৰশাসনে তেওঁলোকৰ সৈতে দৃঢ়তাৰে থিয় দিছে। তেওঁ ঘোষণা কৰে যে এইবাৰৰ বাজেটত ১২ লাখ টকা পৰ্যন্ত আয় সম্পূৰ্ণৰূপে কৰমুক্ত হৈছে, যাৰ ফলত লাখ লাখ মধ্যবিত্ত পৰিয়াললৈ নৱীকৃত আত্মবিশ্বাস আৰু আৰ্থিক শক্তি আহিছে। প্ৰধানমন্ত্ৰীয়ে সামৰণিত পুনৰ কয় যে সেৱা আৰু উন্নয়নৰ প্ৰতি থকা দায়বদ্ধতাৰে চৰকাৰ দ্ৰুতগতিত আগবাঢ়ি যাব, ৰাষ্ট্ৰক—আৰু উত্তৰ প্ৰদেশক—নতুন উচ্চতালৈ লৈ যোৱাৰ ক্ষেত্ৰত চেষ্টাত কোনো ত্ৰুটি কৰা নহ’ব।

উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী শ্ৰী যোগী আদিত্যনাথ, উপ-মুখ্যমন্ত্ৰী শ্ৰী কেশৱ প্ৰসাদ মৌৰ্য আৰু শ্ৰী ব্ৰজেশ পাঠকৰ লগতে অন্যান্য বিশিষ্ট ব্যক্তিসকল অনুষ্ঠানত উপস্থিত থাকে।

 

পটভূমি

প্ৰধানমন্ত্ৰীয়ে অঞ্চলটোৰ আন্তঃগাঁথনি আৰু সংযোগ বৃদ্ধিৰ লক্ষ্যৰে একাধিক উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰাৰ লগতে একাংশ প্ৰকল্প উদ্বোধন কৰে। ‘কানপুৰ মেট্ৰ’ ৰে’ল প্ৰকল্প’ৰ ‘চুন্নীগঞ্জ মেট্ৰ’ ষ্টেশ্যনৰ পৰা কানপুৰ চেণ্ট্ৰেল মেট্ৰ’ ষ্টেশ্যন’লৈ ২,১২০ কোটিৰো অধিক মূল্যৰ শাখাটো উদ্বোধন কৰে। ইয়াত ১৪টা পৰিকল্পিত ষ্টেশ্যনৰ সৈতে পাঁচটা নতুন ভূগৰ্ভস্থ ষ্টেশ্যন অন্তৰ্ভুক্ত কৰা হ’ব যিয়ে মূল চহৰৰ উল্লেখযোগ্য আৰু বাণিজ্যিক কেন্দ্ৰসমূহক মেট্ৰ’ নেটৱৰ্কৰে সংযোজিত কৰিব। ইয়াৰ উপৰিও তেওঁ ‘জি টি পথৰ বহলীকৰণ আৰু শক্তিশালীকৰণ প্ৰকল্প’ৰ কামো উদ্বোধন কৰে।

অঞ্চলটোত বিদ্যুৎ উৎপাদন সামৰ্থ্য বৃদ্ধিৰ উদ্দেশ্যে একাধিক প্ৰকল্প হাতত লোৱা হ’ব। প্ৰধানমন্ত্ৰীয়ে অঞ্চলটোৰ ক্ৰমবৰ্ধমান শক্তিৰ চাহিদা পূৰণৰ বাবে গৌতম বুদ্ধ নগৰৰ ‘যমুনা এক্সপ্ৰেছৱে ইণ্ডাষ্ট্ৰিয়েল ডেভেলপমেণ্ট অথৰিটী’ (ওৱাইইআইডিএ)ত ২৮ নং ছেক্টৰত ২২০ কেভি ছাবষ্টেশ্যনৰ আধাৰশিলা স্থাপন কৰে। ইয়াৰ উপৰিও তেওঁ ‘গ্ৰেটাৰ নয়ডাৰ ইক’টেক-৮ আৰু ইক’টেক-১০’ত ৩২০ কোটিৰো অধিক মূল্যৰ ১৩২ কেভি ছাবষ্টেশ্যন উদ্বোধন কৰে।

 

প্ৰধানমন্ত্ৰীয়ে কানপুৰত ৮,৩০০ কোটিৰো অধিক মূল্যৰ ৬৬০ মেগাৱাট শক্তিৰ ‘পাংকি তাপ বিদ্যুৎ সম্প্ৰসাৰণ প্ৰকল্প’ উদ্বোধন কৰি উত্তৰ প্ৰদেশৰ শক্তি সামৰ্থ্য বৃদ্ধি কৰে। ইয়াৰ উপৰিও তেওঁ ৯,৩৩০ কোটি টকাৰো অধিক মূল্যৰ ‘ঘটামপুৰ তাপ বিদ্যুৎ প্ৰকল্প’ৰ তিনিটা ৬৬০ মেগাৱাট উৎপাদনক্ষম গোট উদ্বোধন কৰি বিদ্যুৎ যোগানক যথেষ্ট শক্তিশালী কৰে।

প্ৰধানমন্ত্ৰীয়ে কানপুৰৰ কল্যাণপুৰ পাংকি মন্দিৰত পাংকি পাৱাৰ হাউছ ৰে’লৱে’ ক্ৰছিঙৰ ওপৰত আৰু পাংকি ধাম ক্ৰছিঙৰ ওপৰত নিৰ্মাণ কৰা দুখন দলং উদ্বোধন কৰে। ই কয়লা আৰু তেল পৰিবহণৰ সুবিধা কৰি পাংকি তাপ বিদ্যুৎ সম্প্ৰসাৰণ প্ৰকল্পৰ লজিষ্টিকত সহায় কৰাৰ লগতে স্থানীয় জনসাধাৰণৰ বাবে যান-জঁটৰ সমস্যাও লাঘৱ কৰিব।

প্ৰধানমন্ত্ৰীয়ে কানপুৰৰ বিংগাৱনত ২৯০ কোটিৰো অধিক মূল্যৰ ৪০ এমএলডি (মিলিয়ন লিটাৰ প্ৰতিদিন)ৰ তৃতীয় পৰ্যায়ৰ পৰিশোধন প্ৰকল্প উদ্বোধন কৰে। ইয়াৰ দ্বাৰা নলা-নৰ্দমাৰ পৰিশোধিত পানীৰ পুনৰ ব্যৱহাৰ সম্ভৱ হ’ব, অঞ্চলটোত পানী সংৰক্ষণ আৰু বহনক্ষম সম্পদ ব্যৱস্থাপনাক প্ৰসাৰিত কৰা হ’ব।

 

অঞ্চলটোৰ পথ আন্তঃগাঁথনিৰ এক বৃহৎ উত্থানত প্ৰধানমন্ত্ৰীয়ে কানপুৰ নগৰ জিলাৰ ঔদ্যোগিক উন্নয়নৰ বাবে ‘গৌৰীয় পালি মাৰ্গ বহলীকৰণ আৰু শক্তিশালীকৰণ প্ৰকল্প’; আৰু কানপুৰ নগৰ জিলাৰ ‘ডিফেন্স কৰিডৰ’ৰ অন্তৰ্গত ‘কানপুৰ ডিফেন্স ন'ড’ (৪ লেন) লৈ প্ৰয়াগৰাজ ঘাইপথৰ ‘নৰৱাল মোড (এ এইচ-১) সংযোগী পথ বহলীকৰণ আৰু শক্তিশালীকৰণ’ প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে, যিয়ে ‘প্ৰতিৰক্ষা কৰিডৰ’ৰ বাবে সংযোগৰ যথেষ্ট উন্নতি সাধন কৰিব, লজিষ্টিক আৰু সুলভতা বৃদ্ধি কৰিব।

প্ৰধানমন্ত্ৰীয়ে ‘প্ৰধানমন্ত্ৰী আয়ুষ্মান বয়ো বন্দনা যোজনা’, ‘ৰাষ্ট্ৰীয়  আজীৱিকা অভিযান’ আৰু ‘প্ৰধানমন্ত্ৰী সূৰ্য ঘৰ বিনামূলীয়া বিজুলী যোজনা’ৰ হিতাধিকাৰীসকলক প্ৰমাণ পত্ৰ আৰু চেক বিতৰণ কৰে।

 

Click here to read full text speech

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Moving beyond Western paradigms: The geopolitical lesson of India’s multi-alignment

Media Coverage

Moving beyond Western paradigms: The geopolitical lesson of India’s multi-alignment
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister condoles loss of lives in a mishap in Surat, Gujarat
June 02, 2026
PM announces ex-gratia from PMNRF

Prime Minister Shri Narendra Modi today expressed deep pain over the tragic mishap in Surat district, Gujarat. He extended his heartfelt condolences to those who have lost their loved ones and prayed for the earliest recovery of the injured. The Prime Minister noted that rescue operations are underway and authorities are providing all possible assistance at the accident site.

The Prime Minister has announced an ex-gratia of Rs. 2 lakh from the Prime Minister’s National Relief Fund (PMNRF) for the next of kin of each deceased. Shri Modi also noted that Rs. 50,000 would be provided to those who sustained injuries in the incident.

The Prime Minister posted on X:

"Deeply pained to hear about a mishap in Surat district, Gujarat. My condolences to those who have lost their loved ones. May the injured recover at the earliest. Rescue operations are underway and authorities are providing all possible assistance at the accident site.

An ex-gratia of Rs. 2 lakh from PMNRF would be given to the next of kin of each deceased. The injured would be given Rs. 50,000: PM"