আহমেদাবাদ আৰু ভুজৰ মাজত ‘নমো ভাৰত ৰে’ল’ৰ যাত্ৰাৰম্ভ কৰে
কেবাখনো ‘বন্দে ভাৰত ৰে’ল’ৰ ‘ফ্লেগ অফ’ কৰে
‘প্ৰধানমন্ত্ৰী আৱাস যোজনা- গ্ৰামীণ’ৰ অধীনত ৩০,০০০ তকৈয়ো অধিক ঘৰলৈ অনুমোদন জনোৱা হৈছে
‘আন্তৰ্জাতিক বিত্তীয় সেৱা কেন্দ্ৰ প্ৰাধিকৰণ’ৰ ‘ছিংগল উইণ্ডো আইটি ছিষ্টেম’ (এছডব্লিউআইটিএছ) আৰম্ভ কৰে
"আমাৰ তৃতীয়টো কাৰ্যকালৰ প্ৰথম ১০০টা দিনে সকলোৰে বাবে প্ৰভাৱশালী বিকাশৰ সম্ভাৰ কঢ়িয়াই আনিছে"
"দৰিদ্ৰ আৰু মধ্যবিত্ত শ্ৰেণীৰ স্বাস্থ্য সম্পৰ্কীয় সকাহ হিচাপে ৭০ বছৰৰ অধিক বয়সৰ সকলো বৃদ্ধ লোকক ৫ লাখ টকা পৰ্যন্ত বিনামূলীয়া চিকিৎসা প্ৰদান কৰিবলৈ ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে"
"নমো ভাৰত ৰে'ল-য়ে মধ্যবিত্ত পৰিয়ালবোৰক যথেষ্ট সুবিধা প্ৰদান কৰিব"
"এই ১০০টা দিনত ‘বন্দে ভাৰত নেটৱৰ্ক’ৰ অভূতপূৰ্ব সম্প্ৰসাৰণ হৈছে"
"এয়া হৈছে ভাৰতৰ সময়, এয়া হৈছে ভাৰতৰ সোণালী সময়, এয়া হৈছে ভাৰতৰ ‘অমৃত কাল"
"অপচয় কৰিবলৈ ভাৰতৰ এতিয়া সময় নাই, আমি ভাৰতৰ বিশ্বাসযোগ্যতা বৃদ্ধি কৰিব লাগিব আৰু প্ৰতিগৰাকী ভাৰতীয়ক মৰ্যাদাপূৰ্ণ জীৱন প্ৰদান কৰিব লাগিব&quo

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি গুজৰাটৰ আহমেদাবাদত ৮,০০০ কোটি টকাৰো অধিক মূল্যৰ ৰে'ল, পথ, বিদ্যুৎ, গৃহ আৰু বিত্তীয় খণ্ডৰ এলানি উন্নয়নমূলক প্ৰকল্প শুভাৰম্ভ কৰাৰ লগতে একাধিক প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে। দিনটোৰ আৰম্ভণিতে শ্ৰী মোদীয়ে আহমেদাবাদ আৰু ভুজৰ মাজত ভাৰতৰ প্ৰথমখন ‘নমো ভাৰত দ্ৰুত ৰে'ল’ৰ যাত্ৰাৰম্ভ ঘোষণা কৰে। তেওঁ লগতে নাগপুৰৰ পৰা চেকেন্দ্ৰাবাদ, কোলহাপুৰৰ পৰা পুনে, আগ্ৰা কেণ্টৰ পৰা বেনাৰস, দূৰ্গৰ পৰা বিশাখাপত্তনম, পুনেৰ পৰা হুবলি, আৰু বাৰাণসীৰ পৰা দিল্লী পথত চলিব লগা কেইবাখনো প্ৰথম ‘২০-কোচ্চ  বন্দে ভাৰত ৰে'ল’ৰ শুভাৰম্ভ ঘোষণা কৰে। ইয়াৰ উপৰিও তেওঁ ‘আন্তৰ্জাতিক বিত্তীয় সেৱা কেন্দ্ৰ প্ৰাধিকৰণ’ৰ ‘ছিংগল উইণ্ডো আইটি প্ৰণালী’ (এছডব্লিউআইটিএছ) মুকলি কৰে।

 

এই উপলক্ষে অনুষ্ঠিত সমাবেশত সমবেত লোকসকলক সম্বোধন কৰি প্ৰধানমন্ত্ৰীয়ে ‘গণপতি মহোৎসৱ’ আৰু ‘মিলাদ-উন-নবী’ৰ পৱিত্ৰ অনুষ্ঠানৰ লগতে সমগ্ৰ দেশৰ বিভিন্ন প্ৰান্তত উৎসৱ পালন কৰাৰ প্ৰসংগ উল্লেখ কৰে। শ্ৰী মোদীয়ে কয় যে এই উৎসৱৰ সময়ছোৱাত প্ৰায় ৮,৫০০ কোটি টকাৰ ৰে'ল, পথ আৰু মেট্ৰ' খণ্ডৰ প্ৰকল্প উদ্বোধনৰে ভাৰতত উন্নয়নৰ উৎসৱো চলি আছে আৰু বহু সংখ্যক প্ৰকল্পৰ আধাৰশিলাও স্থাপন কৰা হৈছে। নমো ভাৰত দ্ৰুত ৰে'লৰ উদ্বোধনক গুজৰাটৰ সন্মানত খচিত এক ‘নতুন তাৰকা’ বুলি অভিহিত কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে ই ভাৰতৰ নগৰ সংযোগৰ ক্ষেত্ৰত এক নতুন মাইলৰ খুঁটি হিচাপে পৰিগণিত হ'ব। শ্ৰী মোদীয়ে উল্লেখ কৰে যে হাজাৰ হাজাৰ পৰিয়ালে আজি তেওঁলোকৰ নতুন ঘৰত প্ৰৱেশ কৰিছে আনহাতে আন হাজাৰ হাজাৰ পৰিয়ালৰ বাবে প্ৰথম কিস্তিও মুকলি কৰা হৈছে। তেওঁ বিশ্বাসেৰে কয় যে এই পৰিয়ালসমূহে নৱৰাত্ৰি, দশেৰা, দুৰ্গা পূজা, ধনতেৰাছ, দেৱালীৰ আগন্তুক উৎসৱৰ সময়খিনি তেওঁলোকৰ নতুন ঘৰত একে উৎসাহেৰে অতিবাহিত কৰিব পাৰিব। প্ৰধানমন্ত্ৰী মোদীয়ে কয়, "মই আপোনালোকক গৃহ প্ৰৱেশৰ শুভ কামনা জনাইছোঁ।" তেওঁ আজিৰ উন্নয়নমূলক প্ৰকল্পসমূহৰ বাবে গুজৰাট আৰু সামগ্ৰিকভাবে ভাৰতৰ জনসাধাৰণক, বিশেষকৈ এতিয়া ঘৰৰ মালিক হৈ উঠা সেইসকল মহিলাক অভিনন্দন জ্ঞাপন কৰে।

উৎসৱৰ উৎসাহৰ মাজতে গুজৰাটৰ বিভিন্ন প্ৰান্তত নিৰন্তৰ বান হোৱাৰ কথা উল্লেখ কৰি শ্ৰী মোদীয়ে বেদনা ব্যক্ত কৰে। গুজৰাটৰ বিভিন্ন প্ৰান্তত কম সময়ৰ ভিতৰতে এই প্ৰথমবাৰৰ বাবে এনে ধৰণৰ নেৰানেপেৰা বৰষুণ হৈছে। বানৰ ফলত প্ৰাণ হেৰুওৱা নাগৰিকসকলৰ মৃত্যুত তেওঁ শোক প্ৰকাশ কৰে। কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে ক্ষতিগ্ৰস্তসকলৰ সহায়-সহযোগিতা আৰু পুনৰ্সংস্থাপন নিশ্চিত কৰিবলৈ চেষ্টাত কোনো ধৰণৰ ত্ৰুটি ৰখা   নাই বুলি তেওঁ আশ্বাস প্ৰদান কৰে। তেওঁ আহতসকলৰ আশু আৰোগ্য কামনা কৰে।

 

"তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰী হিচাপে দায়িত্ব লোৱাৰ পিছত এয়া মোৰ প্ৰথম গুজৰাট ভ্ৰমণ", প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে গুজৰাট তেওঁৰ জন্মস্থান, য'ত তেওঁ জীৱনৰ সকলো পাঠ শিকিছিল। তেওঁ কয় যে গুজৰাটৰ মানুহে তেওঁক তেওঁলোকৰ মৰম প্ৰদান কৰি আহিছে আৰু আগৰ দৰেই এইবেলিও নতুন শক্তি আৰু উৎসাহেৰে পুনৰুজ্জীৱিত হ'বলৈ ঘৰলৈ উভতি অহা পুত্ৰৰ দৰেই তেওঁ অনুভৱ কৰিছে। তেওঁ কয় যে এয়া তেওঁৰ সৌভাগ্য যে মানুহে তেওঁক আশীৰ্বাদ দিবলৈ ইমান বিশাল সংখ্যাত ওলাই আহিছে।

তৃতীয়বাৰৰ বাবে শপত গ্ৰহণ কৰাৰ পিছত যথা সম্ভৱ সোনকালেই ৰাজ্যখন ভ্ৰমণ কৰাটো গুজৰাটৰ জনসাধাৰণে বিচাৰিছিল বুলি প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে, "এয়া তেনেই স্বাভাৱিক"। প্ৰধানমন্ত্ৰীয়ে কয়, "ভাৰতৰ জনসাধাৰণে ষাঠি বছৰৰ পিছত একেখন চৰকাৰকে অভিলেখ সংখ্যক তৃতীয়বাৰৰ বাবে সেৱা আগবঢ়োৱাৰ সুযোগ দি ইতিহাস সৃষ্টি কৰিছে", ভাৰতৰ গণতন্ত্ৰত ই এক গুৰুত্বপূৰ্ণ ঘটনা বুলি তেওঁ উল্লেখ কৰে। তেওঁ লগতে কয়, "গুজৰাটৰ একেখিনি মানুহেই প্ৰথমে ৰাষ্ট্ৰ-ৰ সংকল্পৰ গ্ৰহণ কৰি মোক দিল্লীলৈ পঠিয়াইছিল"। লোকসভা নিৰ্বাচনৰ সময়ত ভাৰতৰ জনসাধাৰণক চৰকাৰৰ প্ৰথম এশ দিনত গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাৰ নিশ্চয়তা প্ৰদানৰ কথা স্মৰণ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে তেওঁ ভাৰতেই হওঁক বা বিদেশেই হওঁক প্ৰয়াসৰ ক্ষেত্ৰত কতো ত্ৰুটি ৰখা নাই। তেওঁ কয় যে তেওঁ প্ৰথম ১০০টা দিন নীতি প্ৰস্তুত কৰা আৰু জনকল্যাণ আৰু ৰাষ্ট্ৰীয় স্বাৰ্থৰ দিশত সিদ্ধান্ত গ্ৰহণৰ বাবে উৎসৰ্গিত কৰিছিল।

 

প্ৰধানমন্ত্ৰীয়ে গুৰুত্ব সহকাৰে উল্লেখ কৰে যে যোৱা ১০০টা দিনত ১৫ লাখ কোটি টকাৰো অধিক মূল্যৰ প্ৰকল্পৰ কাম আৰম্ভ কৰা হৈছে। নিৰ্বাচনৰ সময়ত দেশক ৩ কোটি নতুন গৃহ নিৰ্মাণৰ প্ৰতিশ্ৰুতি দিয়া হৈছে বুলি উল্লেখ কৰি শ্ৰী মোদীয়ে মন্তব্য কৰে যে এই দিশত কাম দ্ৰুতগতিত আগবাঢ়িছে। অনুষ্ঠানটোত উপস্থিত থকা গুজৰাটৰ হাজাৰ হাজাৰ পৰিয়ালে তেওঁলোকৰ পকীঘৰ লাভ কৰাত প্ৰধানমন্ত্ৰীয়ে আনন্দ প্ৰকাশ কৰে। তেওঁ লগতে কয় যে ঝাৰখণ্ডৰ হাজাৰ হাজাৰ পৰিয়ালো নতুন পকীঘৰৰ হিতাধিকাৰী আছিল। শ্ৰী মোদীয়ে মন্তব্য কৰে যে তেওঁৰ চৰকাৰে সকলোকে এক উন্নত পৰিৱেশ প্ৰদান কৰাত নিৰন্তৰ নিয়োজিত হৈ আছে, সেয়া গাঁৱেই হওঁক বা চহৰেই হওঁক। তেওঁ লগতে কয় যে চৰকাৰে হাজাৰ হাজাৰ কোটি টকা খৰচ কৰি আছে, সেয়া নগৰীয়া মধ্যবিত্ত শ্ৰেণীৰ ঘৰৰ বাবে আৰ্থিক সহায়ৰ বাবেই হওঁক, যুক্তিসঙ্গত ভাড়াত শ্ৰমিকসকলক ভাল ঘৰ প্ৰদান কৰাৰ অভিযানৰ বাবেই হওঁক, বা কাৰখানাত কাম কৰাসকলৰ বাবে বিশেষ আৱাস নিৰ্মাণ কৰাই হওঁক বা কাম কৰা মহিলাসকলৰ বাবে দেশত নতুন হোষ্টেল নিৰ্মাণ কৰাই হওঁক।

 

কেইদিনমান পূৰ্বে দৰিদ্ৰ আৰু মধ্যবিত্ত শ্ৰেণীৰ স্বাস্থ্য সন্দৰ্ভত লোৱা ডাঙৰ সিদ্ধান্তৰ কথা স্মৰণ কৰি প্ৰধানমন্ত্ৰীয়ে ৭০ বছৰৰ অধিক বয়সৰ সকলো বৃদ্ধ লোকক ৫ লাখ টকা পৰ্যন্ত বিনামূলীয়া চিকিৎসা প্ৰদান কৰাৰ প্ৰতিশ্ৰুতিৰ কথা সোঁৱৰাই দোহাৰে। তেওঁ কয় যে মধ্যবিত্ত শ্ৰেণীৰ পুত্ৰ আৰু কন্যাসকলে তেওঁলোকৰ পিতৃ-মাতৃৰ চিকিৎসাৰ বিষয়ে চিন্তা কৰিব নালাগে।

 

বিগত ১০০ দিনত যুৱপ্ৰজন্মৰ নিযুক্তি আৰু স্ব-নিয়োজনৰ লগতে তেওঁলোকৰ দক্ষতা বৰ্দ্ধনৰ বাবে লোৱা গুৰুত্বপূৰ্ণ সিদ্ধান্তসমূহৰ প্ৰতি মনোযোগ আকৰ্ষণ কৰি প্ৰধানমন্ত্ৰীয়ে ২ লাখ কোটি টকাৰ এক বিশেষ প্ৰধানমন্ত্ৰী পেকেজ ঘোষণা কৰাৰ কথা উল্লেখ কৰে, যাৰ ফলত ৪ কোটিৰো অধিক যুৱক-যুৱতী উপকৃত হ'ব। তেওঁ কয় যে যদি তেওঁলোকে যুৱক-যুৱতীসকলক নিয়োজিত কৰে তেন্তে চৰকাৰে কোম্পানীসমূহত প্ৰথম চাকৰিৰ বাবে প্ৰথম দৰমহাও দিব। তেওঁ মুদ্ৰা ঋণৰ সীমা ১০ লাখ টকাৰ পৰা ২০ লাখ টকালৈ বৃদ্ধি কৰাৰ কথাও উল্লেখ কৰে।

মহিলা সৱলীকৰণৰ পদক্ষেপৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে ৩ কোটি ‘লাখপতি দিদি’ গঢ়ি তোলাৰ ‘গেৰাণ্টী’-ৰ কথা স্মৰণ কৰে। তেওঁ সন্তোষৰ সৈতে জনায় যে যোৱা কেইবছৰমানত তেওঁলোকৰ সংখ্যা ১ কোটিত উপনীত হৈছে, আনহাতে চৰকাৰৰ প্ৰথম এশটা দিনত দেশত ১১ লাখ নতুন লাখপতি দিদি সৃষ্টি হৈছে। বৰ্ধিত ‘এমএছপি’তকৈয়ো অধিক মূল্য লাভ কৰিব পৰাকৈ তৈলবীজ খেতিয়কসকলৰ স্বাৰ্থত চৰকাৰে লোৱা শেহতীয়া সিদ্ধান্তৰ কথাও তেওঁ উল্লেখ কৰে। তেওঁ কয় যে চয়াবীন আৰু সূৰ্যমুখী ফুলৰ দৰে শস্যৰ খেতি কৰা কৃষকসকলক উৎসাহিত কৰিবলৈ আৰু খোৱাতেল উৎপাদনত 'আত্মনিৰ্ভৰ' হোৱাৰ গতি প্ৰদান কৰাৰ বাবে বিদেশী তেলৰ আমদানি শুল্ক বৃদ্ধি কৰা হৈছে। তেওঁ লগতে কয় যে চৰকাৰে বাচমতী চাউল আৰু পিয়াজৰ ৰপ্তানিৰ ওপৰত থকা নিষেধাজ্ঞা প্ৰত্যাহাৰ কৰিছে যাৰ ফলত বিদেশত ভাৰতীয় চাউল আৰু পিয়াজৰ চাহিদা বৃদ্ধি পাইছে।

 

শ্ৰী মোদীয়ে গুৰুত্ব আৰোপ কৰে যে যোৱা ১০০ দিনত ৰে'ল, পথ, বন্দৰ, বিমানবন্দৰ আৰু মেট্ৰ' সম্পৰ্কীয় বহু সংখ্যক প্ৰকল্পলৈ অনুমোদন জনোৱা হৈছে। তেওঁ যোগ দি কয় যে আজিৰ কাৰ্যসূচীত ইয়াৰ এক আভাসো দেখা গৈছে। প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে আজি গুজৰাটত বহুতো সংযোগ সম্পৰ্কীয় প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰা হৈছে। তেওঁ আৰু কয় যে তেওঁ এই অনুষ্ঠানৰ আগতে মেট্ৰ'ত উঠি ‘গিফ্ট চিটী ষ্টেশ্যন’লৈ যাত্ৰা কৰিছিল। মেট্ৰ' যাত্ৰাৰ সময়ত বহুলোকে তেওঁলোকৰ অভিজ্ঞতা অবগত কৰিছিল আৰু আহমেদাবাদ মেট্ৰ'ৰ সম্প্ৰসাৰণত সকলোৱে সন্তুষ্টি প্ৰকাশ কৰিছিল বুলিও তেওঁ প্ৰসংগক্ৰমে উল্লেখ কৰে। তেওঁ লগতে কয় যে যোৱা ১০০টা দিনৰ ভিতৰত সমগ্ৰ দেশৰ বহুতো চহৰত মেট্ৰ'ৰ সম্প্ৰসাৰণ সম্পৰ্কীয় সিদ্ধান্ত গ্ৰহণ কৰা হৈছে।

আজি গুজৰাটৰ বাবে এক বিশেষ দিন হিচাপে উল্লেখ কৰি শ্ৰী মোদীয়ে উল্লেখ কৰে যে ‘নমো ভাৰত ৰে'ল’-য়ে আহমেদাবাদ আৰু ভুজৰ মাজত ইয়াৰ কাম-কাজ আৰম্ভ কৰিছে। তেওঁ লগতে কয় যে নমো ভাৰত ৰে'ল মধ্যবিত্ত পৰিয়ালৰ বাবে অতি সুবিধাজনক হ'ব যিসকলে প্ৰতিদিনে দেশৰ এখন চহৰৰ পৰা আন এখন চহৰলৈ ভ্ৰমণ কৰে আৰু চাকৰি, ব্যৱসায় আৰু শিক্ষাৰ সৈতে জড়িত লোকসকলক যথেষ্ট উপকৃত কৰিব। শ্ৰী মোদীয়ে আশা ব্যক্ত কৰে যে অনাগত দিনত নমো ভাৰত ৰে'লে দেশৰ বহুতো চহৰক সংযোগ কৰি বহু লোকক লাভান্বিত কৰিব।

 

"এই ১০০ দিনত বন্দে ভাৰত নেটৱৰ্কৰ অভূতপূৰ্ব" সম্প্ৰসাৰণ হৈছে, প্ৰধানমন্ত্ৰীয়ে ১৫ টাতকৈয়ো অধিক নতুন বন্দে ভাৰত ৰে'ল পথৰ প্ৰসংগত আলোকপাত কৰি মন্তব্য কৰে। তেওঁ ঝাৰখণ্ড আৰু নাগপুৰ-চেকেন্দ্ৰাবাদ, কোলহাপুৰ-পুনে, আগ্ৰা কেণ্ট-বেনাৰাছ, দূৰ্গ-বিশাখাপত্তনম, পুনে-হুবলি আদি পথত এলানি বন্দে ভাৰত ৰে'লৰ শুভাৰম্ভ কৰাৰ কথা উল্লেখ কৰে। তেওঁ দিল্লী- বাৰাণসী বন্দে ভাৰত ৰে'লখনৰ বিষয়েও কয়, য'ত এতিয়া ২০ টা ডবা আছে। তেওঁ জনায় যে দেশৰ ১২৫ খনতকৈয়ো অধিক বন্দে ভাৰত ৰে'লে প্ৰতিদিনে হাজাৰ হাজাৰ লোকৰ বাবে উন্নত ভ্ৰমণৰ অভিজ্ঞতা প্ৰদা কৰি আছে।

গুজৰাটৰ জনসাধাৰণে সময়ৰ মূল্য বুজি পাই বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে বৰ্তমান সময়কাল হৈছে সোণালী কাল বা ভাৰতৰ ‘অমৃত কাল’। তেওঁ জনসাধাৰণক অহা ২৫টা বছৰত ভাৰতক বিকশিত কৰিবলৈ আহ্বান জনায় আৰু গুজৰাটৰ ইয়াত যথেষ্ট ডাঙৰ ভূমিকা আছে বুলি মন্তব্য দোহাৰে। শ্ৰী মোদীয়ে আনন্দ প্ৰকাশ কৰে যে গুজৰাট আজি উৎপাদনৰ এক বৃহৎ কেন্দ্ৰ হৈ উঠিছে আৰু ভাৰতৰ আটাইতকৈ সুসংযোজিত ৰাজ্যসমূহৰ ভিতৰত অন্যতম হৈছে। আশা ব্যক্ত কৰি শ্ৰী মোদীয়ে ঘোষণা কৰে যে সেই দিনটো বেছি দূৰত নাই যিদিনা গুজৰাটে ভাৰতক প্ৰথম ‘মে’ড-ইন-ইণ্ডিয়া পৰিবহন বিমান চি-২৯৫’ প্ৰদান কৰিব। তেওঁ অৰ্ধপৰিবাহী অভিযানত গুজৰাটৰ নেতৃত্বক অভূতপূৰ্ব বুলি প্ৰশংসা কৰে। প্ৰধানমন্ত্ৰীয়ে মন্তব্য কৰে যে আজি গুজৰাটত পেট্ৰ'লিয়াম, ফৰেনচিকৰ পৰা সুস্থতালৈকে বহুতো বিশ্ববিদ্যালয় আছে আৰু গুজৰাটত প্ৰতিটো আধুনিক বিষয় অধ্যয়ন কৰাৰ বাবে উৎকৃষ্ট সুযোগ আছে। তেওঁ যোগ দি কয় যে বিদেশী বিশ্ববিদ্যালয়সমূহে গুজৰাটত তেওঁলোকৰ চৌহদ মুকলি কৰি আছে। তেওঁ লগতে কয় যে গুজৰাটে এতিয়া বিদেশলৈ শস্য আৰু শস্যবীজ ৰপ্তানি কৰি আছে যিবোৰৰ কথা কেতিয়াও ভাবিব পৰা নাছিল আৰু এই সকলোবোৰ গুজৰাটৰ জনসাধাৰণৰ দৃঢ়তা আৰু পৰিশ্ৰমী প্ৰকৃতিৰ দ্বাৰাই সম্ভৱ হৈছে।

 

প্ৰধানমন্ত্ৰীয়ে কয় যে এটা প্ৰজন্মই ৰাজ্যখনৰ উন্নয়নৰ বাবে নিজকে সমৰ্পিত কৰিছে আৰু ৰাজ্যখনক নতুন উচ্চতালৈ লৈ যোৱাত অধিক বিশ্বাস প্ৰকাশ কৰিছে। ভাৰতত নিৰ্মাণ কৰা সামগ্ৰীৰ মান সন্দৰ্ভত লালকিল্লাৰ পৰা তেওঁৰ ভাষণৰ কথা সোঁৱৰাই দি প্ৰধানমন্ত্ৰীয়ে জনসাধাৰণক এই মানসিকতাৰ পৰা আঁতৰি আহিবলৈ আহ্বান জনায় যে ৰপ্তানি নকৰা সামগ্ৰীবোৰ নিম্ন মানৰ। তেওঁ গুজৰাটক ভাৰত আৰু বিদেশত উচ্চ মানৰ নিৰ্মিত সামগ্ৰীৰ ৰাজ্য হিচাপে গঢ়ি তোলাৰ ইচ্ছা ব্যক্ত কৰে।

প্ৰধানমন্ত্ৰীয়ে কয় যে ভাৰতে যিধৰণে নতুন সংকল্পৰে কাম কৰি আছে, ই বিশ্বত এক প্ৰভাৱ পেলাইছে। শ্ৰী মোদীয়ে কয় যে বহুতো দেশৰ বহুতো ডাঙৰ মঞ্চত ভাৰতক প্ৰতিনিধিত্ব কৰা কথাটোক ভাৰতৰ মৰ্যাদা বৃদ্ধিৰ নিদৰ্শন বুলিও গণ্য কৰিব পাৰি", বিশ্বৰ সকলোৱে ভাৰত আৰু ভাৰতীয়সকলক দুহাত মেলি স্বাগত জনাইছে। সকলোৱে ভাৰতৰ সৈতে ভাল সম্পৰ্ক ৰাখিব বিচাৰে। সংকটৰ সময়ত সমাধানৰ বাবে বিশ্বৰ মানুহে ভাৰতৰ ফালে চায়", প্ৰধানমন্ত্ৰীয়ে গুৰুত্ব সহকাৰে মন্তব্য কৰে। তেওঁ উল্লেখ কৰে যে ভাৰতৰ জনসাধাৰণে একেৰাহে তৃতীয়বাৰৰ বাবে এখন স্থিৰ চৰকাৰ গঠন কৰাৰ ফলত বিশ্বৰ প্ৰত্যাশা আৰু বৃদ্ধি পাইছে। তেওঁ কয় যে কৃষক আৰু যুৱপ্ৰজন্ম হৈছে দক্ষ যুৱক-যুৱতীৰ চাহিদা বৃদ্ধিৰ প্ৰত্যক্ষ হিতাধিকাৰী। তেওঁ আৰু কয় যে বিশ্বাস বৃদ্ধিয়ে ৰপ্তানি বৃদ্ধি কৰে আৰু বিদেশী বিনিয়োগকাৰীসকলৰ বাবে সুযোগ সৃষ্টি কৰে।

প্ৰধানমন্ত্ৰীয়ে মন্তব্য কৰে যে যদিও এফালে দেশৰ প্ৰতিগৰাকী নাগৰিকে তেওঁলোকৰ দেশৰ শক্তিৰ প্ৰচাৰত জড়িত হৈ সমগ্ৰ বিশ্বতে ভাৰতৰ ‘ব্ৰেণ্ড এম্বেছেডৰ’ হ'ব বিচাৰিছে, তথাপিও দেশত নেতিবাচকতা থকা আৰু ঠিক বিপৰীতে কাম কৰা কিছুমান লোকো আছে। তেওঁ লগতে কয় যে এনে লোকসকলে দেশৰ ঐক্যক আক্ৰমণ কৰি আছে। চৰ্দাৰ পেটেলে কেনেকৈ ৫০০ তকৈয়ো অধিক ৰাজকীয় ৰাজ্য একত্ৰিত কৰি ভাৰতক একত্ৰিত কৰিছিল শ্ৰী মোদীয়ে সেই কথা স্মৰণ কৰে। তেওঁ আৰু কয় যে ক্ষমতাৰ বাবে ক্ষুধাৰ্ত একাংশ মানুহে ভাৰতক টুকুৰা টুকুৰ কৰিব বিচাৰি আছে। শ্ৰী মোদীয়ে গুজৰাটৰ জনসাধাৰণক এনে বিভাজনকাৰী উপাদানবোৰৰ প্ৰতি সতৰ্ক হ'বলৈ আৰু এনে লোকসকলৰ প্ৰতি সাৱধান হ'বলৈ সঁকীয়াই দিয়ে।

 

ভাৰত উন্নয়নৰ পথত আগবাঢ়িছে আৰু এনে নেতিবাচক শক্তিৰ সন্মুখীন হ'বলৈ সাহসেৰে সক্ষম বুলিও প্ৰধানমন্ত্ৰীয়ে দৃঢ়তা প্ৰকাশ কৰে। "অপচয়ৰ বাবে সময় এতিয়া ভাৰতৰ নাই। আমি ভাৰতৰ প্ৰতি ভাৰতৰ বিশ্বাসযোগ্যতা বৃদ্ধি কৰিব লাগিব আৰু প্ৰতিগৰাকী ভাৰতীয়ক মৰ্যাদাপূৰ্ণ জীৱন প্ৰদান কৰিব লাগিব", প্ৰধানমন্ত্ৰীয়ে কয় যে গুজৰাটে এই ক্ষেত্ৰতো এক নেতা হিচাপে আত্মপ্ৰকাশ কৰিব। আমাৰ প্ৰতিটো সংকল্প আমাৰ সকলোৰে প্ৰচেষ্টাৰে পূৰণ কৰা হ'ব। "আমাৰ সকলো প্ৰস্তাৱ সবকা প্ৰয়াসৰ সৈতে পূৰণ কৰা হ'ব", শ্ৰী মোদীয়ে ভাষণৰ সামৰণি মাৰে।

গুজৰাটৰ ৰাজ্যপাল আচাৰ্য দেৱব্ৰত আৰু গুজৰাটৰ মুখ্যমন্ত্ৰী শ্ৰী ভূপেন্দ্ৰ পেটেল এই অনুষ্ঠানত উপস্থিত আছিল।

পটভূমি

প্ৰধানমন্ত্ৰীয়ে ‘চামাখিয়ালী– গান্ধীধাম আৰু গান্ধীধাম- আদিপুৰ ৰে'লপথ’ৰ চতুৰ্ভুজ, এএমচি, আহমেদাবাদত ‘আইকনিক’ পথৰ বিকাশ আৰু বাক্ৰোল, হাতীজান, ৰামোল আৰু পাঞ্জাৰপোল জংশ্যনৰ ওপৰত ‘ফ্লাইঅভাৰ’ নিৰ্মাণকে ধৰি কেবাটাও গুৰুত্বপূৰ্ণ প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে।

প্ৰধানমন্ত্ৰীয়ে কচ্ছৰ ‘কচ্ছ লিগ্নাইট তাপ বিদ্যুৎ কেন্দ্ৰ’ত ৩০ মেগাৱাটৰ সৌৰ প্ৰণালী, ৩৫ মেগাৱাটৰ ‘বিইএছএছ সৌৰ পিভি প্ৰকল্প’ আৰু মৰবি আৰু ৰাজকোটত ২২০ কিলোভল্টৰ উপকেন্দ্ৰ উদ্বোধন কৰে।

প্ৰধানমন্ত্ৰীয়ে ‘আন্তঃৰাষ্ট্ৰীয় বিত্তীয় সেৱা কেন্দ্ৰ প্ৰাধিকৰণ’ৰ ‘ছিংগল উইণ্ডো আইটি ছিষ্টেম’ (এছডব্লিউআইটিএছ) মুকলি কৰে, যিটো বিত্তীয় সেৱাসমূহক সুশৃংখল কৰাৰ বাবে প্ৰস্তুত কৰা হৈছে।

 

প্ৰধানমন্ত্ৰীয়ে ‘প্ৰধানমন্ত্ৰী আৱাস যোজনা-গ্ৰামীণ’ৰ অধীনত ৩০,০০০ তকৈয়ো অধিক ঘৰ মঞ্জুৰ কৰে আৰু এই ঘৰসমূহৰ বাবে প্ৰথম কিস্তি মুকলি কৰে। তেওঁ ‘পিএমএওৱাই আঁচনি’ৰ অধীনত ঘৰ নিৰ্মাণৰ কাম আৰম্ভ কৰে আৰু ‘পিএমএওৱাইৰ নগৰ আৰু গ্ৰাম্য’ দুয়োটা খণ্ডৰ অধীনত সম্পূৰ্ণ হোৱা ঘৰসমূহ ৰাজ্যখনৰ হিতাধিকাৰীসকলক হস্তান্তৰ কৰে।

তদুপৰি, তেওঁ আহমেদাবাদ আৰু ভুজৰ মাজত ভাৰতৰ প্ৰথমখন ‘নমো ভাৰত ৰে'ল’ আৰু নাগপুৰৰ পৰা চেকেন্দ্ৰাবাদ, কোলহাপুৰৰ পৰা পুনে, আগ্ৰা কেণ্টৰ পৰা বেনাৰস, দূৰ্গৰ পৰা বিশাখাপত্তনম, পুনেৰ পৰা হুবলিলৈ  প্ৰথম ২০-কোচ্চ বন্দে ভাৰত ৰে'ল আৰু বাৰাণসীৰ পৰা দিল্লীলৈ প্ৰথমখন ‘২০-কোচ্চ বৰ্গৰ বন্দে ভাৰত ৰে'ল’ৰ যাত্ৰাৰম্ভ ঘোষণা কৰে।

 

সম্পূৰ্ণ ভাষণ পঢ়িবলৈ ইয়াত ক্লিক কৰক

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
From welfare to opportunity: How DPI 2.0 and AI will unlock India’s productivity

Media Coverage

From welfare to opportunity: How DPI 2.0 and AI will unlock India’s productivity
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister pays homage to former PM Shri PV Narasimha Rao Ji on his birth anniversary
June 28, 2026

The Prime Minister, Shri Narendra Modi, today, paid tributes to former Prime Minister Shri PV Narasimha Rao Ji on his birth anniversary. Shri Modi remarked that Shri PV Narasimha Rao Ji made enduring contributions to India’s progress during a critical phase of our nation’s history.

The Prime Minister posted on X:

Tributes to former Prime Minister Shri PV Narasimha Rao Ji on his birth anniversary. He made enduring contributions to India’s progress during a critical phase of our nation’s history. He made a mark as an able administrator. He was also a distinguished scholar, blessed with immense knowledge and understanding of India’s diverse culture.