প্ৰাইম মিনিষ্টাৰ্ছ ডেভেলপমেণ্ট ইনিচিয়েটিভ ফৰ নৰ্থ ইষ্টাৰ্ণ ৰিজন (PM-DevINE) আঁচনিৰ অধীনত প্ৰকল্পৰ আধাৰশিলা স্থাপন
সমগ্ৰ অসমতে PMAY-Gৰ অধীনত নিৰ্মিত প্ৰায় ৫.৫ লাখ ঘৰ উদ্বোধন কৰে
অসমত ১৩০০ কোটি টকাতকৈ অধিক মূল্যৰ গুৰুত্বপূৰ্ণ ৰে'ল প্ৰকল্প ৰাষ্ট্ৰক সমৰ্পিত কৰে
“এখন বিকশিত ভাৰতৰ বাবে উত্তৰ-পূবৰ উন্নয়ন অতি জৰুৰী”
“কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান অনন্য, সকলোৱে দৰ্শন কৰিব লাগে”
“বীৰ লাচিত বৰফুকন অসমৰ সাহস আৰু দৃঢ়তাৰ প্ৰতীক”
“বিকাশো আৰু ঐতিহ্যও’ আমাৰ ডাবল ইঞ্জিন চৰকাৰৰ মন্ত্ৰ হৈ আহিছে"
"মোদীয়ে সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলক নিজৰ পৰিয়াল বুলি গণ্য কৰে। সেইবাবেই আমি বছৰ বছৰ ধৰি পৰি থকা প্ৰকল্পসমূহৰ ওপৰতো গুৰুত্ব দিছোঁ”

প্ৰধানমন্ত্ৰী শ্ৰীযুত নৰেন্দ্ৰ মোদীয়ে আজি অসমৰ যোৰহাটত ১৭,৫০০ কোটি টকাতকৈ অধিক মূল্যৰ একাধিক উন্নয়নমূলক প্ৰকল্পৰ শুভাৰম্ভ, ৰাষ্ট্ৰক সমৰ্পিত আৰু আধাৰশিলা স্থাপন কৰে। আজিৰ উন্নয়নমূলক প্ৰকল্পসমূহে স্বাস্থ্য, তেল আৰু গেছ, ৰে'ল আৰু গৃহ নিৰ্মাণ খণ্ডক সামৰি লৈছে।

সভাত ভাষণ দি প্ৰধানমন্ত্ৰীয়ে এই উপলক্ষে উপস্থিত থকা বিপুল জনসমাগমৰ বাবে কৃতজ্ঞতা প্ৰকাশ কৰাৰ লগতে ৰাজ্যৰ ২০০টা ভিন্ন স্থানৰ পৰা ২ লাখ লোকে যোগদান কৰা বুলিও উল্লেখ কৰে। শ্ৰী মোদীয়ে গোলাঘাটৰ জনসাধাৰণে হাজাৰ হাজাৰ বন্তি জ্বলোৱাৰ দৃশ্যও প্ৰত্যক্ষ কৰে আৰু কয় যে জনসাধাৰণৰ মৰম আৰু আদৰেই তেওঁৰ সৰ্ববৃহৎ সম্পদ হিচাপে গঢ় লৈ উঠে। আজি স্বাস্থ্য, গৃহ নিৰ্মাণ আৰু পেট্ৰলিয়াম খণ্ডৰ সৈতে জড়িত প্ৰায় ১৭,৫০০ কোটি টকাৰ উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰি অসমৰ উন্নয়নক গতি প্ৰদান কৰা বুলি তেওঁ দৃঢ়তাৰে কয়।

 

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান ভ্ৰমণৰ বিষয়ে কোৱাৰ সময়ত প্ৰধানমন্ত্ৰীয়ে ইয়াক এক অনন্য ৰাষ্ট্ৰীয় উদ্যান আৰু বাঘ সংৰক্ষিত বনাঞ্চল আখ্যা দি ইয়াৰ জৈৱ বৈচিত্ৰ্য আৰু ইউনেস্ক’ৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ পৰিৱেশ তন্ত্ৰৰ আকৰ্ষণৰ ওপৰত আলোকপাত কৰে। “এশিঙীয়া গঁড়ৰ ৭০ শতাংশ কাজিৰঙাত আছে”, তেওঁ কয়। লগতে জলাশয় হৰিণ, বাঘ, হাতী, বন্য ম’হ আদি বন্যপ্ৰাণী বিচাৰি পোৱাৰ অভিজ্ঞতাৰ বিষয়েও কয়। প্ৰধানমন্ত্ৰীয়ে গাফিলতি আৰু অপৰাধৰ সৈতে সহযোগিতাৰ ফলত গঁড় কেনেদৰে বিপন্ন হৈ পৰিছিল সেই কথা আঙুলিয়াই দি ২০১৩ চনত এবছৰত ২৭টা গঁড় চিকাৰ হোৱাৰ কথা মনত পেলাই দিয়ে। চৰকাৰৰ প্ৰচেষ্টাত ২০২২ চনত এই সংখ্যা শূন্যলৈ হ্ৰাস কৰা হয়। প্ৰধানমন্ত্ৰীয়ে কাজিৰঙাৰ সোণালী জয়ন্তী বৰ্ষত অসমবাসীক শুভেচ্ছা জনায়, নাগৰিকসকলক ৰাষ্ট্ৰীয় উদ্যানখন পৰিদৰ্শন কৰিবলৈ আহ্বান জনায়।

আজি বীৰ লাচিত বৰফুকনৰ বিশাল প্ৰতিমূৰ্তি উন্মোচন কৰাৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয়, “বীৰ লাচিত বৰফুকন অসমৰ সাহস আৰু দৃঢ়তাৰ প্ৰতীক”। ২০০২ চনত নতুন দিল্লীত তেওঁৰ ৪০০ সংখ্যক জন্ম জয়ন্তী অতি আড়ম্বৰ আৰু সন্মানেৰে উদযাপন কৰাৰ কথাও স্মৰণ কৰি সাহসী যোদ্ধাজনৰ প্ৰতি মূৰ দোঁৱায়।

"বিকাশ ভি ঔৰ বিৰাসত ভি' বিকাশৰ লগতে ঐতিহ্যও আমাৰ ডাবল ইঞ্জিন চৰকাৰৰ মন্ত্ৰ হৈ আহিছে," প্ৰধানমন্ত্ৰীয়ে কয়। আন্তঃগাঁথনি, স্বাস্থ্য আৰু শক্তি খণ্ডত অসমে দ্ৰুত অগ্ৰগতি লাভ কৰিছে। এইমছ, তিনিচুকীয়াৰ দৰে স্বাস্থ্য আন্তঃগাঁথনি, যোৰহাটৰ চিকিৎসা মহাবিদ্যালয়, শিৱসাগৰ চিকিৎসা মহাবিদ্যালয় আৰু কৰ্কট চিকিৎসালয়ে অসমক সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ চিকিৎসা কেন্দ্ৰ হিচাপে গঢ়ি তুলিব বুলিও তেওঁ কয়।

 

প্ৰধানমন্ত্ৰীয়ে পিএম উৰ্জা গংগা যোজনাৰ অধীনত বাৰাউনী - গুৱাহাটী পাইপলাইন ৰাষ্ট্ৰক সমৰ্পণ কৰাৰ কথাও উল্লেখ কৰে। তেওঁ জনোৱা মতে, গেছ পাইপলাইনে উত্তৰ-পূব গ্ৰীডক ৰাষ্ট্ৰীয় গ্ৰীডৰ সৈতে সংযোগ কৰি ৩০ লাখ ঘৰ আৰু ৬০০ৰো অধিক চিএনজি ষ্টেচনত গেছ যোগান ধৰাত সহায় কৰিব, যাৰ ফলত বিহাৰ, পশ্চিমবংগ আৰু অসমৰ ৩০খনতকৈও অধিক জিলাৰ লোকসকল উপকৃত হ’ব।

ডিগবৈ শোধনাগাৰ আৰু গুৱাহাটী শোধনাগাৰৰ সম্প্ৰসাৰণৰ শুভাৰম্ভণিৰ সন্দৰ্ভত প্ৰধানমন্ত্ৰীয়ে কয় যে অসমত শোধনাগাৰৰ ক্ষমতা বৃদ্ধিৰ বাবে জনসাধাৰণৰ দীৰ্ঘদিনীয়া দাবীক পূৰ্বৰ চৰকাৰসমূহে অৱহেলা কৰিছিল। তেওঁ জোৰ দি কয় যে বৰ্তমান চৰকাৰৰ প্ৰচেষ্টাত অসমৰ শোধনাগাৰৰ মুঠ ক্ষমতা এতিয়া দুগুণ হোৱাৰ বিপৰীতে নুমলীগড় শোধনাগাৰৰ ক্ষমতা তিনিগুণ বৃদ্ধি পাব। “যিকোনো অঞ্চলৰ উন্নয়ন দ্ৰুত গতিত হয় যেতিয়া উন্নয়নৰ উদ্দেশ্য শক্তিশালী হয়”, তেওঁ লগতে কয়।

তেওঁ আজি পকা ঘৰ পোৱা ৫.৫ লাখ পৰিয়ালক অভিনন্দন জ্ঞাপন কৰে। তেওঁ কয় যে এই ঘৰবোৰ কেৱল ঘৰ নহয় বৰঞ্চ শৌচাগাৰ, গেছ সংযোগ, বিদ্যুৎ আৰু পাইপৰ পানী সংযোগ আদি সুবিধাৰে সজ্জিত কৰা হৈছে। এতিয়ালৈকে ১৮ লাখ পৰিয়ালক এনে ঘৰৰ ব্যৱস্থা কৰা হৈছে বুলিও তেওঁ জনায়। এই ঘৰবোৰৰ বেছিভাগেই মহিলাৰ নামত থকা বুলি কৈ তেওঁ সুখ প্ৰকাশ কৰে।

 

অসমৰ প্ৰতিগৰাকী মহিলাৰ জীৱন সহজ কৰি তোলা আৰু তেওঁলোকৰ সঞ্চয়ৰ উন্নতিৰ বাবে চৰকাৰৰ দায়বদ্ধতাক পুনৰবাৰ উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে নাৰী দিৱসত গেছ চিলিণ্ডাৰৰ মূল্য ১০০ টকা হ্ৰাস কৰাৰ কালিৰ সিদ্ধান্তৰ কথা উল্লেখ কৰে। আয়ুষ্মান কাৰ্ডৰ দৰে আঁচনিসমূহেও মহিলাসকলক উপকৃত কৰিছে। জল জীৱন অভিযানৰ অধীনত অসমত ৫০ লাখৰো অধিক পৰিয়ালে পাইপৰ পানীৰ সংযোগ লাভ কৰিছে। লগতে ৩ কোটি লাখপতি দিদি সৃষ্টিৰ প্ৰতিশ্ৰুতিও দোহাৰে।

২০১৪ চনৰ পিছত অসমত যি ঐতিহাসিক পৰিৱৰ্তন ঘটে, তাৰ ওপৰত আলোকপাত কৰি প্ৰধানমন্ত্ৰীয়ে ২.৫ লাখতকৈ অধিক ভূমিহীন থলুৱা লোকক ভূমিৰ অধিকাৰ প্ৰদান কৰাৰ লগতে প্ৰায় ৮ লাখ চাহ বাগিচাৰ শ্ৰমিকক বেংকিং ব্যৱস্থাৰ সৈতে সংযোগ কৰি চৰকাৰী সুবিধাসমূহ পোনপটীয়াকৈ তেওঁলোকৰ বেংক একাউণ্টলৈ স্থানান্তৰিত কৰাৰ কথা উল্লেখ কৰে। ইয়াৰ ফলত মধ্যভোগীৰ বাবে সকলো দুৱাৰ বন্ধ হৈ পৰিল বুলি প্ৰধানমন্ত্ৰীয়ে কয়।

“বিকশিত ভাৰতৰ বাবে উত্তৰ-পূবৰ উন্নয়ন অতি প্ৰয়োজনীয়,” প্ৰধানমন্ত্ৰীয়ে দৃঢ়তাৰে কয়। তেওঁ আৰু কয়, “মোদীয়ে সমগ্ৰ উত্তৰ-পূবক নিজৰ পৰিয়াল বুলি গণ্য কৰে। সেইবাবেই আমি বছৰ বছৰ ধৰি পৰি থকা প্ৰকল্পসমূহৰ ওপৰতো গুৰুত্ব দিছোঁ”। তেওঁ শৰাইঘাটৰ দলং, ধলা-শদিয়া দলং, বগীবিল দলং, বৰাক উপত্যকালৈকে ৰে'লপথৰ ব্ৰড গজ সম্প্ৰসাৰণ, মাল্টি মডেল লজিষ্টিক পাৰ্ক, যোগীঘোপা, ব্ৰহ্মপুত্ৰ নদীত দুখন নতুন দলং আৰু অসমত ২০১৪ত ১ৰ বিপৰীতে উত্তৰ-পূবত ১৮খন জলপথৰ দৰে প্ৰকল্পৰ কথা উল্লেখ কৰে। তেওঁ কয় যে এই প্ৰকল্পসমূহে অঞ্চলটোত নতুন সম্ভাৱনাৰ সৃষ্টি কৰিছে। তেওঁ যোৱা কেবিনেট বৈঠকত বিস্তাৰিত পৰিসৰৰ সৈতে নতুন ৰূপত অনুমোদন জনোৱা উন্নতি আঁচনিৰ কথাও উল্লেখ কৰে। কেবিনেটে মৰাপাটৰ বাবে এমএছপিও বৃদ্ধি কৰিছে যাৰ ফলত ৰাজ্যৰ মৰাপাট খেতিয়কসকল উপকৃত হ’ব।

 

প্ৰধানমন্ত্ৰীয়ে ৰাইজৰ মৰম আৰু আদৰৰ বাবে কৃতজ্ঞতা প্ৰকাশ কৰি কয় যে প্ৰতিজন ভাৰতীয়ই তেওঁৰ পৰিয়াল। "ভাৰতৰ ১৪০ কোটি নাগৰিকক তেওঁৰ পৰিয়াল বুলি বিশ্বাস কৰাৰ বাবেই নহয়, দিনে-নিশাই তেওঁলোকক সেৱা আগবঢ়াই থকাৰ বাবেই মোদীৰ ওপৰত জনতাৰ মৰমৰ সূচনা হয়”, আজিৰ অনুষ্ঠানটোৱে এই বিশ্বাসক প্ৰতিনিধিত্ব কৰা বুলি আলোকপাত কৰি প্ৰধানমন্ত্ৰীয়ে কয়। তেওঁ সামৰণি মাৰে আজিৰ উন্নয়নমূলক প্ৰকল্পৰ বাবে নাগৰিকসকলক অভিনন্দন জনাই, ‘ভাৰত মাতা কী জয়’ ধ্বনি দৃশ্যপটত প্ৰতিধ্বনিত হয়।

এই উপলক্ষে অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা আৰু কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ লগতে অন্যান্যসকল উপস্থিত থাকে।

 

পটভূমি

প্ৰধানমন্ত্ৰীয়ে শিৱসাগৰৰ মেডিকেল কলেজ এণ্ড হস্পিতাল আৰু গুৱাহাটীত হেমাট’-লিম্ফ’ইড চেণ্টাৰকে ধৰি পিএম ডেভেলপমেণ্ট ইনিচিয়েটিভ ফৰ নৰ্থ ইষ্টাৰ্ণ ৰিজন (PM-DevINE) আঁচনিৰ অধীনত প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে। ডিগবৈ শোধনাগাৰৰ ক্ষমতা ০.৬৫ৰ পৰা ১ এমএমটিপিএ (বছৰি মিলিয়ন মেট্ৰিক টন)লৈ সম্প্ৰসাৰণকে ধৰি তেল আৰু গেছ খণ্ডৰ গুৰুত্বপূৰ্ণ প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে; ইয়াৰ ভিতৰত আছে গুৱাহাটী শোধনাগাৰ সম্প্ৰসাৰণ (১.০ৰ পৰা ১.২ এমএমটিপিএ)ৰ লগতে কেটালাইটিক ৰিফৰ্মিং ইউনিট (চিআৰইউ) স্থাপন; আৰু বেতকুচি (গুৱাহাটী) টাৰ্মিনেল: ইণ্ডিয়ান অইল কৰ্পৰেশ্যন লিমিটেডত সুবিধাসমূহ বৃদ্ধি কৰা, আদি।

প্ৰধানমন্ত্ৰীয়ে অন্যান্যৰ লগতে গুৰুত্বপূৰ্ণ প্ৰকল্প যেনে তিনিচুকীয়াত নতুন চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়; আৰু প্ৰায় ৩,৯৯২ কোটি টকা ব্যয়ৰে নিৰ্মাণ কৰা ৭১৮ কিলোমিটাৰ দৈৰ্ঘ্যৰ বাৰাউনী - গুৱাহাটী পাইপলাইন (প্ৰধানমন্ত্ৰী উৰ্জা গংগা প্ৰকল্পৰ অংশ) ৰাষ্ট্ৰক সমৰ্পিত কৰে। প্ৰধানমন্ত্ৰীয়ে প্ৰায় ৮,৪৫০ কোটি টকা ব্যয়েৰে নিৰ্মাণ কৰা প্ৰধানমন্ত্ৰী আৱাস যোজনা - গ্ৰামিন (পিএমএৱাই-জি)ৰ অধীনত প্ৰায় ৫.৫ লাখ ঘৰ উদ্বোধন কৰে;

 

প্ৰধানমন্ত্ৰীয়ে ধূপধৰা-ছয়গাঁও খণ্ড (নতুন বঙাইগাঁও – গুৱাহাটী ভায়া গোৱালপাৰা ডাবলিং প্ৰকল্পৰ অংশ) আৰু নতুন বঙাইগাঁও – সৰভোগ খণ্ড (নতুন বঙাইগাঁও – আজ্ঞাঠুৰী ডাবলিং প্ৰকল্পৰ অংশ)কে ধৰি অসমৰ ১৩০০ কোটি টকাৰো অধিক মূল্যৰ গুৰুত্বপূৰ্ণ ৰে'ল প্ৰকল্পসমূহ ৰাষ্ট্ৰক সমৰ্পিত কৰে।

 

 

 

 

 

 

Click here to read full text speech

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India adds 1.26 million credit cards in July as spending rises; HDFC, SBI lead the way

Media Coverage

India adds 1.26 million credit cards in July as spending rises; HDFC, SBI lead the way
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
PM to Address Youth at Khelo India Dialogue on 27th August
August 26, 2026
Khelo India Dialogue will bring together sports, youth leadership, civic responsibility, volunteering, fitness and nation-building on a common platform
Yuva Samvaad under Khelo India Dialogue to Focus on Five Key Themes: Sports, Olympic Aspirations, Youth Leadership, Viksit Bharat and Nasha Mukt Yuva

Prime Minister Shri Narendra Modi will address Khelo India Dialogue on 27th August at 11 AM via video conferencing. The programme aims to help the youth engage with India's sporting journey, share their aspirations, and contribute ideas for a stronger youth-led Viksit Bharat.

Organised by Mera Yuva Bharat (MY Bharat), as part of the National Sports Day 2026 celebrations, the programme will be conducted across the country with participation of youth at two colleges in every district across States and Union Territories. The programme is being held in line with the Prime Minister's vision of building a fit, disciplined and sporting nation while placing the aspirations of youth at the centre of the national development agenda.

The nationwide Khelo India Dialogue will bring together sports, youth leadership, civic responsibility, volunteering, fitness and nation-building on a common platform. It will provide a direct channel for young people to engage with the country's sporting ambitions, while ensuring that their ideas and perspectives become part of the continuing conversation on India's youth and sports ecosystem.

The national programme will be followed by local interactions involving young participants, MY Bharat volunteers, local sportspersons and public representatives. A major feature of the initiative will be direct interaction between youth having interest in sports and leading Indian athletes and medal winners. A central feature of the programme will be Yuva Samvaad where Young participants will be invited to articulate their own ideas, perspectives and aspirations. The dialogue will be structured around five themes:

  • improving India's sports ecosystem through better facilities, coaching, sports science and inclusive participation;
  • nurturing talent for the 2036 Olympics via scientific talent identification, transparent selection and long-term athlete development;
  • creating youth leaders through governance platforms and MY Bharat-led volunteering;
  • empowering youth for Viksit Bharat by building civic mindedness, future-ready skills and structured volunteering;
  • promoting a Nasha Mukt Yuva movement that leverages sport and peer networks to fight substance abuse, reinforced by weekly Jan Bhagidari activities under PM's 100-week nationwide campaign launched on 2 August 2026.