থানে বৰিভালি টুইন টানেল প্ৰকল্প আৰু গোৰেগাঁও মুলুণ্ড লিংক ৰোড প্ৰকল্পত সুৰংগ কামৰ আধাৰশিলা স্থাপন
নৱী মুম্বাইত কল্যাণ য়াৰ্ড ৰিমডেলিং আৰু গতি শক্তি মাল্টিম’ডেল কাৰ্গো টাৰ্মিনেলৰ আধাৰশিলা স্থাপন
লোকমান্য তিলক টাৰ্মিনাছত নতুন প্লেটফৰ্ম আৰু ছত্ৰপতি শিৱাজী মহাৰাজ টাৰ্মিনাছ ষ্টেচনত ১০ আৰু ১১ নং প্লেটফৰ্মৰ সম্প্ৰসাৰণ ৰাষ্ট্ৰৰ নামত উৎসৰ্গা
প্ৰায় ৫৬০০ কোটি টকা ব্যয়ৰে মুখ্যমন্ত্ৰী যুৱ কৰ্ম প্ৰশিক্ষণ যোজনা আৰম্ভ
“বিনিয়োগকাৰীসকলে চৰকাৰৰ তৃতীয় কাৰ্যকালক উৎসাহেৰে আদৰণি জনাইছে”
‘মই মহাৰাষ্ট্ৰৰ শক্তিক ব্যৱহাৰ কৰি ইয়াক বিশ্বৰ অৰ্থনৈতিক শক্তিশালী স্থানলৈ ৰূপান্তৰিত কৰা; মুম্বাইক বিশ্বৰ ফিনটেক ৰাজধানী কৰি তোলাৰ লক্ষ্য ৰাখিছো”
“দেশৰ জনসাধাৰণে নিৰন্তৰ দ্ৰুত বিকাশ বিচাৰে আৰু আগন্তুক ২৫ বছৰত ভাৰতক উন্নত দেশ হিচাপে গঢ়ি তুলিব বিচাৰে”
“দক্ষতা বিকাশ আৰু বৃহৎ সংখ্যক নিয়োগ ভাৰতৰ সমযৰ আহ্বান”
“এন ডি এ চৰকাৰৰ উন্নয়নৰ আৰ্হি হৈছে বঞ্চিতসকলক অগ্ৰাধিকাৰ দিয়া”
“ভাৰতত মহাৰাষ্ট্ৰই সাংস্কৃতিক, সামাজিক আৰু জাতীয় চেতনাৰ প্ৰচাৰ কৰিছে”

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মহাৰাষ্ট্ৰৰ মুম্বাইত ২৯,৪০০ কোটি টকাৰো অধিক মূল্যৰ পথ, ৰে’ল আৰু বন্দৰ খণ্ডৰ সৈতে জড়িত একাধিক প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰি দেশৰ নামত উৎসৰ্গা কৰে।

এই উপলক্ষে সভাত আগবঢ়োৱা ভাষণত প্ৰধানমন্ত্ৰীয়ে মুম্বাই আৰু নিকটৱৰ্তী অঞ্চলসমূহৰ মাজত ২৯,৪০০ কোটিতকৈ অধিক টকা মূল্যৰ পথ আৰু ৰে’ল সংযোগ উন্নত কৰাৰ বাবে একাধিক প্ৰকল্পৰ আধাৰশিলা স্থাপন আৰু ৰাষ্ট্ৰৰ নামত উচৰ্গা কৰাৰ সুযোগ পোৱাৰ বাবে আনন্দ প্ৰকাশ কৰে। তেওঁ মহাৰাষ্ট্ৰৰ যুৱক-যুৱতীসকলৰ বাবে এক বিশাল দক্ষতা বিকাশ প্ৰকল্পৰ বিষয়েও কয় যিয়ে ৰাজ্যখনত কৰ্মসংস্থাপনৰ সুযোগ আৰু অধিক বৃদ্ধি কৰিব। শেহতীয়াকৈ কেন্দ্ৰীয় চৰকাৰে অনুমোদন জনোৱা বাধৱন বন্দৰৰ কথাও ভাষণ প্ৰসংগত উল্লেখ কৰে প্ৰধানমন্ত্ৰীয়ে। “৭৬ হাজাৰ কোটি টকাৰ এই প্ৰকল্পটোৱে ১০ লাখতকৈ অধিক চাকৰিৰ সৃষ্টি কৰিব”, তেওঁ লগতে কয়।

যোৱা এমাহত মুম্বাইত বিনিয়োগকাৰীৰ মেজাজ সম্পৰ্কে উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে ক্ষুদ্ৰ আৰু ডাঙৰ উভয় বিনিয়োগকাৰীয়ে চৰকাৰৰ তৃতীয় কাৰ্যকালক উৎসাহেৰে আদৰণি জনাইছে। তেওঁ উল্লেখ কৰে যে এখন সুস্থিৰ চৰকাৰে তৃতীয় কাৰ্যকালত তিনিগুণ গতিৰে কাম কৰিব।

 

প্ৰধানমন্ত্ৰীয়ে মন্তব্য কৰে যে মহাৰাষ্ট্ৰৰ গৌৰৱময় ইতিহাস, শক্তিশালী বৰ্তমান আৰু সমৃদ্ধিশালী ভৱিষ্যতৰ সপোন আছে। ভাৰতক উন্নত ৰাষ্ট্ৰ হিচাপে গঢ়ি তোলাত মহাৰাষ্ট্ৰ ৰাজ্যৰ ভূমিকাক আলোকপাত কৰি প্ৰধানমন্ত্ৰীয়ে উদ্যোগ, কৃষি আৰু বিত্ত খণ্ডৰ শক্তিৰ কথা উল্লেখ কৰে আৰু মুম্বাইক দেশৰ বিত্তীয় কেন্দ্ৰ কৰি তোলাৰ কথা কয়। ‘মই মহাৰাষ্ট্ৰৰ শক্তিক ব্যৱহাৰ কৰি ইয়াক বিশ্বৰ অৰ্থনৈতিক শক্তিশালী স্থানলৈ ৰূপান্তৰিত কৰা; মুম্বাইক বিশ্বৰ ফিনটেক ৰাজধানী হিচাপে গঢ়ি তোলাৰ লক্ষ্য ৰাখিছো।” মহাৰাষ্ট্ৰৰ শিৱাজী মহাৰাজৰ বিশাল দুৰ্গ, কংকন উপকূল আৰু সাহাদ্ৰী পৰ্বতমালাৰ আলোকপাত কৰি শ্ৰী মোদীয়ে মহাৰাষ্ট্ৰই পৰ্যটনৰ ক্ষেত্ৰত শীৰ্ষস্থান দখল কৰাৰ ইচ্ছা প্ৰকাশ কৰে। চিকিৎসা পৰ্যটন আৰু কনফাৰেন্স পৰ্যটনৰ ক্ষেত্ৰত ৰাজ্যখনৰ সম্ভাৱনাৰ বিষয়েও তেওঁ কয়। আজিৰ এই অনুষ্ঠানটো এনে সংকল্পৰ প্ৰতি চৰকাৰৰ দায়বদ্ধতা বুলি আলোকপাত কৰি প্ৰধানমন্ত্ৰী মোদীয়ে কয়, “মহাৰাষ্ট্ৰই ভাৰতৰ উন্নয়নৰ এক নতুন অধ্যায় লিখিবলৈ ওলাইছে আৰু আমি ইয়াৰ সহ-যাত্ৰী”।

একবিংশ শতিকাত ভাৰতীয় নাগৰিকৰ উচ্চ আকাংক্ষাৰ বিষয়ে বিশদভাৱে উল্লেখ কৰি প্ৰধানমন্ত্ৰী মোদীয়ে আগন্তুক ২৫ বছৰত বিকশিত ভাৰতৰ ৰাষ্ট্ৰীয় সংকল্প পুনৰবাৰ দোঁহাৰে। এই যাত্ৰাত তেওঁ মুম্বাই আৰু মহাৰাষ্ট্ৰৰ ভূমিকাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। ‘মুম্বাই আৰু মহাৰাষ্ট্ৰৰ সকলোৰে বাবে জীৱনৰ মানদণ্ড বৃদ্ধি হোৱাটো আমাৰ লক্ষ্য। আমি মুম্বাইৰ ওচৰৰ অঞ্চলসমূহত সংযোগ উন্নত কৰাৰ বাবে চেষ্টা কৰিছো”, তেওঁ কয়। তেওঁ উপকূলীয় পথ আৰু অটল সেতুৰ কাম সম্পূৰ্ণ হোৱাৰ কথা উল্লেখ কৰে। তেওঁ অৱগত কৰে যে দৈনিক প্ৰায় ২০ হাজাৰ বাহনে অটল সেতু ব্যৱহাৰ কৰিছে, যাৰ ফলত আনুমানিক ২০-২৫ লাখ টকাৰ ইন্ধন ৰাহি হৈছে। তেওঁ কয় যে মেট্ৰ’ ব্যৱস্থাটো মুম্বাইত দ্ৰুতগতিত বিকশিত হৈছে কাৰণ মেট্ৰ’ লাইনৰ দৈৰ্ঘ্য এক দশক পূৰ্বে ৮ কিলোমিটাৰৰ পৰা আজি ৮০ কিলোমিটাৰলৈ বৃদ্ধি পাইছে আৰু ২০০ কিলোমিটাৰ মেট্ৰ’ নেটৱৰ্কৰ কাম চলি আছে।

 

ছত্ৰপতি শিৱাজী টাৰ্মিনাছ আৰু নাগপুৰ ষ্টেচনৰ পুনৰ উন্নয়নৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰী মোদীয়ে কয়  “ভাৰতীয় ৰে’লৱেৰ পৰিৱৰ্তনে মুম্বাই আৰু মহাৰাষ্ট্ৰক ব্যাপক ৰূপত লাভৱান কৰিছে”। “আজি ছত্ৰপতি শিৱাজী টাৰ্মিনাছ আৰু লোকমান্য তিলক ষ্টেচনত দেশবাসীৰ নামত নতুন প্লেটফৰ্ম উৎসৰ্গা কৰা হৈছে যাৰ ফলত ২৪টা ডবা দীঘলীয়া ৰে’ল তাৰ পৰা যাত্ৰা কৰিবলৈ সক্ষম হৈছে”, তেওঁ লগতে কয়।

 

প্ৰধানমন্ত্ৰীয়ে জনায় যে বিগত ১০ বছৰত মহাৰাষ্ট্ৰৰ ৰাষ্ট্ৰীয় ঘাইপথৰ দৈৰ্ঘ্য তিনিগুণ বৃদ্ধি পাইছে। গোৰেগাঁও মুলুণ্ড লিংক ৰোড (জিএমএলআৰ) প্ৰকল্প প্ৰকৃতি আৰু প্ৰগতিৰ এক ডাঙৰ নিদৰ্শন বুলিও তেওঁ কয়। থানে বৰিভালি দ্বৈত সুৰংগ প্ৰকল্পৰ জৰিয়তে থানে আৰু বৰিভেলীৰ মাজৰ দূৰত্ব কেইমিনিটমানলৈ হ্ৰাস পাব। প্ৰধানমন্ত্ৰীয়ে দেশৰ তীৰ্থস্থানসমূহৰ উন্নয়নৰ লগতে যাতায়ত সহজ কৰি তীৰ্থযাত্ৰীসকলৰ সেৱা সম্প্ৰসাৰণৰ বাবে চৰকাৰৰ প্ৰচেষ্টাক পুনৰ দোঁহাৰে। তেওঁ পান্ধৰপুৰ ৱাৰীত লাখ লাখ তীৰ্থযাত্ৰীয়ে অংশগ্ৰহণ কৰা বুলি উল্লেখ কৰি তীৰ্থযাত্ৰীসকলৰ যাতায়ত সহজ কৰি তুলিবলৈ প্ৰায় ২০০ কিলোমিটাৰলৈ সন্ত জ্ঞানেশ্বৰ পালখি মাৰ্গ নিৰ্মাণৰ কথা উল্লেখ কৰে আৰু প্ৰায় ১১০ কিলোমিটাৰ দূৰত্বলৈকে সন্ত টুকাৰাম পালখী মাৰ্গ নিৰ্মাণৰ কথা সদৰি কৰে। শীঘ্ৰে এই পথ দুটা কাৰ্যক্ষম হ’ব বুলি তেওঁ আশ্বাস দিয়ে।

শ্ৰী মোদীয়ে কয় যে এই সংযোগ আন্তঃগাঁথনিয়ে পৰ্যটন, কৃষি আৰু উদ্যোগত সহায় কৰিছে, কৰ্মসংস্থাপন আৰু মহিলাসকলৰ জিৰণি লোৱাৰ সুবিধা উন্নত কৰিছে। ‘এন ডি এ চৰকাৰৰ এই কামবোৰে দৰিদ্ৰ, কৃষক, নাৰী শক্তি আৰু যুৱ শক্তিক সবল কৰি তুলিছে’ বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰী যুৱ কৰ্ম প্ৰশিক্ষণ যোজনাৰ অধীনত ১০ লাখ যুৱক-যুৱতীক দক্ষতা প্ৰদান আৰু বৃত্তি প্ৰদানৰ দৰে পদক্ষেপৰ বাবে ডাবল ইঞ্জিন চৰকাৰক প্ৰশংসা কৰে।

“দক্ষতা বিকাশ আৰু বৃহৎ সংখ্যক নিয়োগ ভাৰতৰ সময়ৰ আহ্বান”, বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে ক’ভিড মহামাৰীৰ সত্ত্বেও ভাৰতত বিগত ৪-৫ বছৰত অভিলেখ সংখ্যক প্ৰাৰ্থীক নিযুক্তি দিয়া হৈছে। শ্ৰী মোদীয়ে ভাৰতীয় ৰিজাৰ্ভ বেংকে শেহতীয়াকৈ প্ৰকাশ কৰা নিয়োগ সম্পৰ্কীয় এক বিশদ প্ৰতিবেদনৰ আলোকপাত কৰি কয় যে যোৱা ৩-৪ বছৰত প্ৰায় ৮ কোটি চাকৰিৰ সৃষ্টি হৈছে, যাৰ ফলত সমালোচকসকল নিশ্চুপ হৈ আছে। ভাৰতৰ উন্নয়নৰ বিৰুদ্ধে চলোৱা ভুৱা প্ৰচাৰৰ বিৰুদ্ধেও নাগৰিকসকলক সতৰ্ক হৈ থাকিবলৈ কয় প্ৰধানমন্ত্ৰীয়ে। তেওঁ কয় যে দলং নিৰ্মাণ হ’লে, ৰে’লপথ স্থাপন কৰিলে, পথ নিৰ্মাণ হ’লে, স্থানীয় ৰে’ল নিৰ্মাণ হ’লেই কৰ্মসংস্থাপনৰ সৃষ্টি হয়। তেওঁ উল্লেখ কৰে যে দেশত নিয়োগৰ হাৰ আন্তঃগাঁথনি উন্নয়নৰ সৈতে প্ৰত্যক্ষ সমানুপাতিক।

“এন ডি এ চৰকাৰৰ উন্নয়নৰ আৰ্হি হৈছে বঞ্চিতসকলক অগ্ৰাধিকাৰ দিয়া হৈছে”, বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে দৰিদ্ৰ লোকৰ বাবে ৩ কোটি ঘৰ নিৰ্মাণৰ নতুন চৰকাৰৰ প্ৰথম সিদ্ধান্তৰ কথা দৃঢ়তাৰে কয়। ইতিমধ্যে ৪ কোটি পৰিয়ালে ঘৰ লাভ কৰিছে। মহাৰাষ্ট্ৰৰ লাখ লাখ দলিত আৰু বঞ্চিত লোকেও আৱাস যোজনাৰ দ্বাৰা উপকৃত হৈছিল। “চহৰত বাস কৰা দৰিদ্ৰ আৰু মধ্যবিত্ত শ্ৰেণী উভয়ৰে বাবে ঘৰৰ মালিক হোৱাৰ সপোন পূৰণৰ বাবে আমি প্ৰতিশ্ৰুতিবদ্ধ”, ​​তেওঁ লগতে কয়।

 

তেওঁ ৰাজপথৰ ব্যৱসায়ীসকলৰ জীৱনত স্বাভিমান পুনৰুদ্ধাৰত স্বনিধি আঁচনিয়ে যি ভূমিকা পালন কৰি আছে সেই বিষয়েও কয় প্ৰধানমন্ত্ৰীয়ে। তেওঁ জনোৱা মতে, মহাৰাষ্ট্ৰৰ ১৩ লাখ আৰু খোদ মুম্বাইত ১.৫ লাখ ঋণকে ধৰি এই আঁচনিৰ অধীনত প্ৰায় ৯০ লাখ ঋণ অনুমোদন কৰা হৈছে। তেওঁ এক অধ্যয়নৰ উদ্ধৃতি দি কয় যে এই আঁচনিৰ ফলত এই বিক্ৰেতাসকলৰ আয় মাহিলী ২ হাজাৰ টকা বৃদ্ধি পাইছে।

প্ৰধানমন্ত্ৰীয়ে স্বনিধি আঁচনিৰ এটা বিশেষত্বৰ ওপৰত আলোকপাত কৰি দৰিদ্ৰ লোকসকলৰ আত্মসন্মান আৰু ক্ষমতাৰ কথা উল্লেখ কৰে, বিশেষকৈ দেশৰ ৰাজপথৰ ব্যৱসায়ীসকলে যিসকলে আঁচনিৰ অধীনত বেংক ঋণৰ সুবিধা লৈ লগতে সময়মতে পৰিশোধ কৰিছে। তেওঁ অৱগত কৰে যে স্বনিধি আঁচনিৰ হিতাধিকাৰীসকলে এই পৰ্যন্ত ৩.২৫ লাখ কোটি টকাৰ ডিজিটেল লেনদেন কৰিছে।

“ভাৰতত মহাৰাষ্ট্ৰই সাংস্কৃতিক, সামাজিক আৰু জাতীয় চেতনাৰ প্ৰচাৰ কৰিছে”, বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে ছত্ৰপতি শিৱাজী মহাৰাজ, বাবাছাহেব আম্বেদকাৰ, মহাত্মা জ্যোতিবা ফুলে, সাবিত্ৰীবাই ফুলে, অন্নভাউ সাথে, লোকমান্য তিলক আৰু বীৰ ছাৱাৰকাৰে এৰি থৈ যোৱা উত্তৰাধিকাৰৰ কথা ব্যাখ্যা কৰে। প্ৰধানমন্ত্ৰীয়ে নাগৰিকসকলক আগবাঢ়ি যাবলৈ আৰু এক সুসম সমাজ আৰু শক্তিশালী দেশৰ দৃষ্টিভংগী পূৰণ কৰিবলৈ আহ্বান জনায়। ভাষণৰ সামৰণিত প্ৰধানমন্ত্ৰীয়ে নাগৰিকসকলক সমৃদ্ধিৰ পথ যে সম্প্ৰীতি আৰু সৌহাৰ্দ্যত নিহিত হৈ আছে সেই কথা মনত ৰাখিবলৈ কয়।

 

এই উপলক্ষে সভাত মহাৰাষ্ট্ৰৰ ৰাজ্যপাল শ্ৰী ৰমেশ বাইছ, মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী শ্ৰী একনাথ সিন্দে, মহাৰাষ্ট্ৰৰ উপ-মুখ্যমন্ত্ৰী শ্ৰী দেৱেন্দ্ৰ ফাডনাবীছ আৰু শ্ৰী অজিত পাৱাৰ, কেন্দ্ৰীয় বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী শ্ৰী পীয়ুষ গোৱেল আৰু কেন্দ্ৰীয় সামাজিক ন্যায় আৰু সবলীকৰণ বিভাগৰ ৰাজ্যিক মন্ত্ৰী শ্ৰী ৰামদাস আঠাৱালেৰ লগতে অন্যান্য বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে।

 

সম্পূৰ্ণ ভাষণ পঢ়িবলৈ ইয়াত ক্লিক কৰক

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
PM walks among Yoga participants, guides them: Asanas performed on boats, swimming pools; soldiers practise at 14,000 feet

Media Coverage

PM walks among Yoga participants, guides them: Asanas performed on boats, swimming pools; soldiers practise at 14,000 feet
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister shares Sanskrit Subhashitam highlighting the transformative impact of Yoga
June 22, 2026

The Prime Minister, Shri Narendra Modi, said that the remarkable success of the International Day of Yoga is proof that Yoga is not only helping millions of people across the world achieve physical well-being, but is also inspiring them to lead positive lives with confidence.

The Prime Minister shared a Sanskrit Subhashitam-

“चित्तप्रशमनोपायो योग इत्यभिधीयते। प्राणस्पन्दनिरोधो वा द्वेधा योगस्य धारणा॥”

The Subhashitam conveys that yoga is the means of completely calming and quieting the mind. To attain this goal, two principal methods of yoga are prescribed: calming the mind and regulating the flow of the breath.

The Prime Minister wrote on X;

“अंतर्राष्ट्रीय योग दिवस की बड़ी सफलता इस बात का प्रमाण है कि योग न केवल दुनियाभर में करोड़ों लोगों को शारीरिक रूप से स्वस्थ बना रहा है, बल्कि उन्हें आत्मविश्वास के साथ सकारात्मक जीवन जीने के लिए प्रेरित भी कर रहा है।

चित्तप्रशमनोपायो योग इत्यभिधीयते। प्राणस्पन्दनिरोधो वा द्वेधा योगस्य धारणा॥”