Lays foundation stone for Thane Borivali Twin Tunnel Project and Tunnel Work at Goregaon Mulund Link Road Project
Lay foundation stone for Kalyan Yard Remodelling and Gati Shakti MultiModal Cargo Terminal at Navi Mumbai
Dedicates to nation new platforms at Lokmanya Tilak Terminus and extension of platforms 10 and 11 at Chhatrapati Shivaji Maharaj Terminus Station
Launches Mukhyamantri Yuva Karya Prashikshan Yojana with outlay of around Rs 5600 crores
“Investors have enthusiastically welcomed the third term of the government”
“I aim to use the power of Maharashtra to transform it into an economic powerhouse of the world; Make Mumbai the fintech capital of the world”
“The people of the country want continuous rapid development and want to make India developed in the next 25 years”
“Skill development and employment in large numbers is India’s need of the hour”
“The development model of the NDA government has been to give priority to the deprived”
“Maharashtra has propagated cultural, social and national consciousness in India”

মহাৰাষ্ট্ৰৰ ৰাজ্যপাল শ্ৰী ৰমেশ বাইছজী, মুখ্যমন্ত্ৰী একনাথ শিন্দেজী, কেন্দ্ৰীয় কেবিনেটৰ মোৰ সহকৰ্মী পীয়ুষ গোৱেলজী, ৰামদাস আঠৱালেজী, উপ-মুখ্যমন্ত্ৰী শ্ৰী দেৱেন্দ্ৰ ফাড়নবিছজী, অজিত দাদা পাৱাৰজী, ৰাজ্য চৰকাৰৰ মন্ত্ৰী মংগল প্ৰভাত জী, দীপক কেচৰকাৰজী, আন সকলো গণ্যমান্য ব্যক্তি, মহিলা আৰু ভদ্ৰলোকসকল।

মহাৰাষ্ট্ৰৰ সকলো ভাই-ভনীলৈ মোৰ শুভেচ্ছা!

 

 

আজি মই মহাৰাষ্ট্ৰ আৰু মুম্বাইৰ বাবে ৩০,০০০ কোটি টকাৰ প্ৰকল্পৰ আধাৰশিলা উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰাৰ সুযোগ পাইছোঁ। এই প্ৰকল্পসমূহে মুম্বাই আৰু ইয়াৰ আশে-পাশে থকা অঞ্চলসমূহৰ যোগাযোগ ব্যৱস্থা আৰু অধিক উন্নত কৰিব। ইয়াৰ ভিতৰত আছে পথ আৰু ৰেল প্ৰকল্প আৰু মহাৰাষ্ট্ৰৰ যুৱক-যুৱতীসকলৰ দক্ষতা বিকাশৰ বাবে এক ডাঙৰ আঁচনি। এইবোৰে মহাৰাষ্ট্ৰত বৃহৎ সংখ্যক নিয়োগৰ সুবিধা সৃষ্টি কৰিব। আপোনালোকে সম্ভৱতঃ বাতৰি কাকতত পঢ়িছে, টিভিত দেখিছে। দুই-তিনি সপ্তাহ আগতে, কেন্দ্ৰীয় চৰকাৰে মহাৰাষ্ট্ৰৰ ৱাধাৱান বন্দৰকো অনুমোদন জনাইছিল। ৭৬ হাজাৰ কোটি টকাৰ এই প্ৰকল্পটোৱে ইয়াত ১০ লাখতকৈও অধিক চাকৰি সৃষ্টি কৰিব।

 

 

বন্ধুসকল,

বিগত এমাহ ধৰি, মুম্বাইত ভাৰত আৰু বিদেশৰ বিনিয়োগকাৰীসকলৰ উৎসৱময় পৰিৱেশ দেখা গৈছে। ডাঙৰ বা সৰু প্ৰতিজন বিনিয়োগকাৰীয়ে আমাৰ চৰকাৰৰ তৃতীয় কাৰ্যকালক উৎসাহেৰে আদৰণি জনাইছে। মানুহে জানে যে কেৱল এন ডি এ চৰকাৰেহে স্থিৰতা, স্থায়িত্ব প্ৰদান কৰিব পাৰে। তৃতীয়বাৰৰ বাবে শপত লোৱাৰ পিছত, মই কৈছিলোঁ যে তৃতীয় কাৰ্যকালত, এন ডি এ চৰকাৰে তিনিগুণ দ্ৰুতগতিত কাম কৰিব। আৰু আজি আমি এয়া কাৰ্যত পৰিণত হোৱা দেখিছোঁ।

 

বন্ধুসকল,

মহাৰাষ্ট্ৰৰ এক গৌৰৱময় ইতিহাস আছে। মহাৰাষ্ট্ৰৰ এক শক্তিশালী বৰ্তমান আছে আৰু মহাৰাষ্ট্ৰই এক সমৃদ্ধ ভৱিষ্যতৰ সপোন দেখিছে। মহাৰাষ্ট্ৰ এনে এখন ৰাজ্য যাৰ উন্নত ভাৰত গঢ়াত এক বৃহৎ ভূমিকা আছে। মহাৰাষ্ট্ৰত উদ্যোগৰ শক্তি আছে। মহাৰাষ্ট্ৰত কৃষিৰ শক্তি আছে। মহাৰাষ্ট্ৰত বিত্ত খণ্ডৰ শক্তি আছে। এই শক্তিয়ে মুম্বাইক দেশৰ বিত্তীয় কেন্দ্ৰ কৰি তুলিছে। এতিয়া মোৰ লক্ষ্য হৈছে মহাৰাষ্ট্ৰৰ এই শক্তিৰে মহাৰাষ্ট্ৰক বিশ্বৰ এক ডাঙৰ অৰ্থনৈতিক শক্তিক্ষেত্ৰ তৈয়াৰ কৰা। মোৰ লক্ষ্য হৈছে মুম্বাইক বিশ্বৰ ফিনটেক ৰাজধানী কৰা। মই বিচাৰো যে মহাৰাষ্ট্ৰ পৰ্যটনৰ ক্ষেত্ৰত ভাৰতৰ এক নম্বৰ ৰাজ্য হওক। ছত্ৰপতি শিৱাজী মহাৰাজৰ বীৰত্বৰ সাক্ষী বৃহৎ কিলা আছে। কোংকনৰ সমুদ্ৰতীৰৰ মনোমোহা দৃশ্য ইয়াত আছে। ইয়াত সহ্যাদ্ৰীৰ পাহাৰত ভ্ৰমণ কৰাৰ শিহৰণ আছে। ইয়াত সন্মিলন পৰ্যটন আৰু চিকিৎসা পৰ্যটনৰ অপৰিসীম সম্ভাৱনা আছে। মহাৰাষ্ট্ৰই ভাৰতত উন্নয়নৰ এটা নতুন কাহিনী ৰচিবলৈ গৈ আছে। আৰু আমি সকলো ইয়াৰ সহযাত্ৰী। আজিৰ কাৰ্যসূচী মহায়ুতি চৰকাৰৰ এই লক্ষ্যসমূহৰ বাবে উৎসৰ্গিত।

 

বন্ধুসকল,

একবিংশ শতিকাৰ ভাৰতৰ আশা ভাৰতৰ আকাংক্ষা এই সময়ত অতি উচ্চ স্তৰত আছে। এই শতিকাৰ পৰা প্ৰায় ২৫ বছৰ পাৰ হৈ গৈছে। দেশৰ জনসাধাৰণে দ্ৰুত উন্নয়ন অব্যাহত থকাটো বিচাৰে, অহা ২৫ বছৰত ভাৰতক বিকশিত হোৱাটো বিচাৰে। আৰু ইয়াত মুম্বাইৰ ভূমিকা বিশাল। মহাৰাষ্ট্ৰত মুম্বাইত জীৱনৰ মানদণ্ড উন্নত কৰাটো আমাৰ লক্ষ্য। সেয়েহে, মুম্বাইৰ চাৰিওফালৰ অঞ্চলসমূহৰ সংযোগ উন্নত কৰাৰ বাবে প্ৰচেষ্টা কৰা হৈছে। মুম্বাইৰ উপকূলীয় পথ আৰু অটল সেতু এতিয়া সম্পূৰ্ণ হৈছে। আৰু আপোনাসৱৰ মনত থাকিব পাৰে যে যেতিয়া অটল সেতু নিৰ্মাণ কৰা হৈ আছিল, ইয়াৰ বিৰুদ্ধে বিভিন্নধৰণৰ অপপ্ৰচাৰ বিয়পোৱা হৈছিল। ইয়াক বাধা দিয়াৰ চেষ্টা কৰা হৈছিল। কিন্তু সকলোৱে আজি ইয়াৰ পৰা কিমান সুফল লাভ হৈছে সেয়া অনুভৱ কৰিছে। মোক কোৱা হৈছিল যে প্ৰতিদিনে প্ৰায় ২০ হাজাৰ বাহনে এই পথেৰে চলাচল কৰি আছে। আৰু অনুমান কৰা হৈছে যে অটল সেতুৰ বাবে প্ৰতিদিনে ২০-২৫ লাখ টকাৰ ইন্ধন ৰাহি কৰা হৈছে। আৰু কেৱল এয়াই নহয়, মানুহে এতিয়া পানভেল পাবলৈ প্ৰায় ৪৫ মিনিট কম সময় লাগে। ইয়াৰ অৰ্থ হৈছে সময়ৰ ৰাহি আৰু পৰিৱেশৰ সুবিধা। এই পদ্ধতিৰে আমি মুম্বাইৰ পৰিবহণ ব্যৱস্থাৰ আধুনিকীকৰণ কৰি আছো। মুম্বাই মেট্ৰ'ৰ সম্প্ৰসাৰণৰ কামো দ্ৰুত গতিত চলি আছে। ১০ বছৰ আগতে, মুম্বাইত মাত্ৰ 8 কিলোমিটাৰ মেট্ৰ' লাইন আছিল, ১০ বছৰ আগতে মাত্ৰ ৮ কিমি। আনহাতে আজি ই প্ৰায় ৮০ কিলোমিটাৰত উপনীত হৈছে। কেৱল এয়াই নহয়, মুম্বাইত প্ৰায় ২০০ কিলোমিটাৰ মেট্ৰ' নেটৱৰ্কৰ কাম চলি আছে।

 

বন্ধুসকল,

আজি ভাৰতীয় ৰে'লৰ পৰিৱৰ্তন ঘটিছে, মুম্বাই আৰু মহাৰাষ্ট্ৰও যথেষ্ট লাভান্বিত হৈছে। ছত্ৰপতি শিৱাজী মহাৰাজ টাৰ্মিনাছ, নাগপুৰ আৰু আজনি ষ্টেচনৰ পুনৰ বিকাশ দ্ৰুত গতিত আগবাঢ়িছে। আজি ছত্ৰপতি শিৱাজী মহাৰাজ টাৰ্মিনাছ আৰু লোকমান্য তিলক ষ্টেচনত নতুন প্লেটফৰ্ম উদ্বোধন কৰা হৈছে। ইয়াৰ ফলত, ২৪ ডবাৰ ৰেল অৰ্থাৎ দীঘলীয়া ৰে'লো ইয়াৰ পৰা চলিব পাৰিব।

 

বন্ধুসকল,

যোৱা ১০ বছৰত, মহাৰাষ্ট্ৰত ৰাষ্ট্ৰীয় ঘাইপথৰ দৈৰ্ঘ্য তিনিগুণ বৃদ্ধি পাইছে। গোৰেগাঁও-মুলুন্দ সংযোগী পথ প্ৰকল্প হৈছে প্ৰগতি আৰু প্ৰকৃতিৰ সমন্বয়ৰ এক উজ্জ্বল উদাহৰণ। আজি, থানেৰ পৰা বৰিভালিলৈ দুটা সুৰংগ প্ৰকল্পৰ কামো আৰম্ভ হৈছে। এইটোৱে থানে আৰু বৰিভালিৰ মাজৰ দূৰত্ব মাত্ৰ কেইমিনিটমানলৈ হ্ৰাস কৰিব। আমাৰ তীৰ্থযাত্ৰাৰ বিকাশ আৰু তীৰ্থযাত্ৰাৰ সুবিধা বৃদ্ধি কৰাটো এনডিএ চৰকাৰৰ নিৰন্তৰ প্ৰচেষ্টা। আমি সকলোৱে জানো যে এই সময়ত লাখ লাখ ভক্তই সম্পূৰ্ণ ভক্তিৰে পান্ধৰপুৰ ৱাৰীত অংশগ্ৰহণ কৰিছে। এনডিএ চৰকাৰ পুনেৰ পৰা পান্ধৰপুৰলৈ যাত্ৰাৰ সুবিধা আৰু ভক্তসকলক সুবিধা প্ৰদান কৰাৰ বিষয়ে চিন্তিত। সন্ত দনেশ্বৰ পালখি মাৰ্গ প্ৰায় ২০০কিলোমিটাৰ সম্পূৰ্ণ হৈছে, সন্ত তুকাৰাম পাল্কি মাৰ্গৰো ১১০ কিলোমিটাৰৰো অধিক সম্পূৰ্ণ হৈছে। অতি সোনকালেই এই দুয়োটা পথে যাত্ৰীসকলক সেৱা আগবঢ়াবলৈ সাজু হ'ব। सर्व वारकर्‍यांना मी अतिशय मनापासून शुभेच्छा देतो, आणि पंढरीच्या विठुरायाला कोटि-कोटि नमन करतो!

 

ভাই-ভনীসকল,

যোগাযোগ ব্যৱস্থাৰ এনে আন্তঃগাঁথনিৰ ফলত পৰ্যটন, কৃষি আৰু উদ্যোগ লাভান্বিত হৈছে। ই নতুন নিযুক্তিৰ সুযোগ সৃষ্টি কৰিছে। যেতিয়া ভাল যোগাযোগ ব্যৱস্থা থাকে, ই মহিলাসকলক সুবিধা, সুৰক্ষা আৰু সন্মান প্ৰদান কৰে। অৰ্থাৎ, এনডিএ চৰকাৰৰ এই কামবোৰে দৰিদ্ৰ, কৃষক, মহিলা শক্তি আৰু যুৱ শক্তিক শক্তিশালী কৰি তুলিছে। মহাৰাষ্ট্ৰৰ মহায়ুতি চৰকাৰেও একে প্ৰতিশ্ৰুতিৰে কাম কৰি আছে। মই সুখী যে মহাৰাষ্ট্ৰ চৰকাৰে প্ৰতি বছৰে ১০ লাখ যুৱক-যুৱতীক দক্ষতাৰ প্ৰশিক্ষণ প্ৰদান কৰাৰ সংকল্প লৈছে। মুখ্যমন্ত্ৰীৰ যুৱ কৰ্ম প্ৰশিক্ষণ আঁচনিৰ অধীনত প্ৰশিক্ষণৰ সময়ত বৃত্তিও প্ৰদান কৰা হৈছে।

 

বন্ধুসকল,

ভাৰতত বৃহৎ সংখ্যক দক্ষতা বিকাশ আৰু নিযুক্তি আমাৰ প্ৰয়োজনীয়তা। আমাৰ চৰকাৰে এই দিশত নিৰন্তৰ কাম কৰি আছে। যোৱা ৪-৫ বছৰত, কৰোনাৰ দৰে বৃহৎ সংকটৰ সত্বেও, ভাৰতত অভিলেখ চাকৰি সৃষ্টি হৈছে। শেহতীয়াকৈ আৰবিআইয়ে নিযুক্তিৰ ওপৰত এক বিতং প্ৰতিবেদন প্ৰকাশ কৰিছে। এই প্ৰতিবেদন অনুসৰি, যোৱা ৩-৪ বছৰত দেশত প্ৰায় ৮ কোটি নতুন চাকৰি সৃষ্টি গৈছে। এই পৰিসংখ্যাবোৰে নিযুক্তিৰ বিষয়ে মিছা আখ্যান সৃষ্টি কৰা লোকসকলৰ মুখ বন্ধ কৰিছে। এই মিছা আখ্যানবোৰ হৈছে বিনিয়োগৰ শত্ৰু, আন্তঃগাঁথনি নিৰ্মাণৰ শত্ৰু, ভাৰতৰ বিকাশৰ শত্ৰু। তেওঁলোকৰ প্ৰতিটো নীতি হৈছে যুৱক-যুৱতীসকলক বিশ্বাসঘাতকতা কৰা আৰু নিযুক্তি বন্ধ কৰা। আৰু এতিয়া তেওঁলোকৰ মুখা খোল খাইছে। ভাৰতৰ বুদ্ধিমান লোকসকলে তেওঁলোকৰ প্ৰতিটো মিছা আৰু প্ৰতিটো কৌশল প্ৰত্যাখ্যান কৰিছে। যেতিয়াই দলং এখন নিৰ্মাণ কৰা হয়, ৰেলপথ নিৰ্মাণ কৰা হয়, এটা পথ নিৰ্মাণ কৰা হয়, স্থানীয় ৰেলৰ এটা ডবা নিৰ্মাণ কৰা হয়, তেতিয়া কোনোবাই নহয় কোনোবাই নিযুক্তি লাভ কৰে। যিহেতু ভাৰতত আন্তঃগাঁথনি নিৰ্মাণৰ গতি ত্বৰান্বিত হৈছে, নিযুক্তি সৃষ্টিৰ গতিও বৃদ্ধি পাইছে। আগন্তুক সময়ত নতুন বিনিয়োগৰ সৈতে, এই সুযোগবোৰ আৰু অধিক বৃদ্ধি হ'ব।

 

বন্ধুসকল,

এনডিএ চৰকাৰৰ উন্নয়নৰ আৰ্হি হৈছে দুখীয়াসকলক অগ্ৰাধিকাৰ দিয়া। যিসকলে কেইবা দশক ধৰি অন্তিম শাৰীত আছে, সেইসকলক আমি অগ্ৰাধিকাৰ দিছো। নতুন চৰকাৰে শপত লোৱাৰ লগে লগে, আমি দৰিদ্ৰ আৰু কৃষকসকলৰ বাবে পকী ঘৰ সম্পৰ্কীয় গুৰুত্বপূৰ্ণ সিদ্ধান্ত লৈছো। এতিয়ালৈকে, ৪ কোটি দৰিদ্ৰই পকী ঘৰ পাইছে। অনাগত বছৰবোৰত, আৰু ৩ কোটি দৰিদ্ৰ পৰিয়ালে পকী ঘৰ পাব। ইয়াৰ ভিতৰত আছে মহাৰাষ্ট্ৰৰ লাখ লাখ দৰিদ্ৰ, দলিত, পিছপৰা আৰু জনজাতীয় পৰিয়াল। এটা ভাল আৱাস প্ৰতিটো পৰিয়ালৰ প্ৰয়োজনীয়তাই নহয়, ইয়াৰ মৰ্যাদাৰ সৈতেও সম্পৰ্কিত। সেয়েহে, আমি চহৰত বাস কৰা দৰিদ্ৰ আৰু মধ্যবিত্ত দুয়োটা শ্ৰেণীৰ বাসস্থানৰ সপোন পূৰণ কৰিবলৈ কাম কৰি আছো।

 

বন্ধুসকল,

এইটো আমাৰ প্ৰতিশ্ৰুতি যে পথৰ বিক্ৰেতাসকলেও এক সন্মানীয় জীৱন লাভ কৰিব লাগে। স্বনিধি আঁচনিখন ইয়াত অতি উপযোগী। এতিয়ালৈকে, এই আঁচনিৰ অধীনত ৯০ লাখ ঋণ মঞ্জুৰ কৰা হৈছে। ইয়াৰ ভিতৰত, ইয়াত মহাৰাষ্ট্ৰৰ সহকৰ্মীসকলক প্ৰায় ১৩ লাখ ঋণ দিয়া হৈছে। মুম্বাইতো, ১.৫ লাখ পথ বিক্ৰেতাই স্বনিধি আঁচনিৰ সুবিধা লাভ কৰিছে। বেংকৰ পৰা লাভ কৰা স্বনিধিৰ সহায়েৰে তেওঁলোকৰ ব্যৱসায় শক্তিশালী হৈছে। আৰু এক অধ্যয়নত কোৱা হৈছে যে যিসকল স্বনিধি আঁচনিৰ সৈতে জড়িত, তেওঁলোকৰ উপাৰ্জন প্ৰতি মাহে প্ৰায় ২ হাজাৰ টকা বৃদ্ধি পাইছে, অৰ্থাৎ বছৰটোত ২০-২৫ হাজাৰ টকাৰ অতিৰিক্ত উপাৰ্জন বৃদ্ধি পাইছে।

 

বন্ধুসকল,

মই আপোনালোকক স্বনিধি আঁচনিৰ আন এটা বিশেষত্ব উল্লেখ কৰিব বিচাৰো। এই আঁচনিৰ অধীনত ঋণ গ্ৰহণ কৰি থকা মোৰ পথৰ বিক্ৰেতা, ভাই-ভনীসকলেও সততাৰে সমগ্ৰ ঋণ ঘূৰাই দিছে। আৰু এয়া হৈছে মোৰ দৰিদ্ৰসকলৰ আত্মসন্মান, এয়া হৈছে মোৰ দৰিদ্ৰ ভাই-ভনীসকলৰ শক্তি। আৰু আপোনালোকে জানি আচৰিত হ'ব যে স্বনিধিৰ হিতাধিকাৰীসকলে এতিয়ালৈকে ৩.২৫ লাখ কোটি টকাৰ ডিজিটেল লেনদেন কৰিছে। অৰ্থাৎ তেওঁলোকে ডিজিটেল ইণ্ডিয়াক তেওঁলোকৰ কামৰ দ্বাৰা শক্তি প্ৰদান কৰিছে, ভাৰতক এক নতুন পৰিচয় প্ৰদান কৰিছে।

 

বন্ধুসকল,

মহাৰাষ্ট্ৰই ভাৰতত সাংস্কৃতিক, সামাজিক আৰু জাতীয়তাবাদী চেতনাও সঞ্চাৰিত কৰিছে। ছত্ৰপতি শিৱাজী মহাৰাজ, বাবাচাহেব আম্বেদকাৰ, মহাত্মা জ্যোতিবা ফুলে, সাবিত্ৰীবাই ফুলে, অন্নাভাউ সাথে, লোকমান্য তিলক, বীৰ সাভাৰকাৰ আৰু এনে বহুতো মহান সন্তানৰ উত্তৰাধিকাৰ এই ভূমিত আছে। আমি এক সুসংগত সমাজ, এক শক্তিশালী ৰাষ্ট্ৰৰ দিশত আগবাঢ়িব লাগিব যিটো মহাৰাষ্ট্ৰৰ মহান সন্তানসকলে কল্পনা কৰিছিল। আমি মনত ৰাখিব লাগিব যে সদ্ভাৱ আৰু সৌহাৰ্দ্যৰ মাজতেই আছে সমৃদ্ধিৰ পথ। এই মনোভাৱৰ সৈতে, এই উন্নয়নমূলক কামবোৰৰ বাবে আপোনালোক সকলোকে আকৌ এবাৰ অভিনন্দন জনাইছোঁ। বহুত ধন্যবাদ!

 

ভাৰত মাতা দীৰ্ঘজীৱী হওক!

ভাৰত মাতা দীৰ্ঘজীৱী হওক!

ভাৰত মাতা দীৰ্ঘজীৱী হওক!

বহুত ধন্যবাদ।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India launches UPI at department store in France

Media Coverage

India launches UPI at department store in France
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
PM Modi highlights India's defence transformation over the last decade
June 17, 2026

The Prime Minister, Shri Narendra Modi has highlighted the significant transformation witnessed in India’s defence capabilities over the last decade.

Shri Modi said that India’s defence capabilities have undergone a major transformation, guided by the vision of self-reliance and powered by innovation, technology and indigenous manufacturing.

The Prime Minister noted that the progress made in the defence sector over the last 12 years reflects India’s growing focus on strengthening national security through self-reliance.

The Prime Minister further stated that India has strengthened its defence capabilities across air, land and sea, advanced indigenous technologies and built a stronger foundation for self-reliance and national security.

The Prime Minister wrote on X;

“India’s defence capabilities have witnessed significant transformation over the last decade, guided by the vision of self-reliance and powered by innovation, technology and indigenous manufacturing.

This thread gives a glimpse of the strides India has made in the defence sector over the last 12 years.

#12YearsOfSurakshitBharat”

“This thread explains how India has strengthened its defence capabilities across air, land and sea, advanced indigenous technologies and built a stronger foundation for self-reliance and national security.

#12YearsOfSurakshitBharat”