“ভাৰতৰ ইতিহাসৰ এই সময়ছোৱাত দেশখনে ব্যাপক উত্থাপনৰ দিশে অগ্ৰসৰ হৈছে”
“ভাৰতৰ বাবে এয়াই সময়, সঠিক সময় (য়হী সময় হ্যে, সহী সময় হ্যে)”
“যেতিয়া জাতীয় প্ৰচেষ্টাসমূহ এটা লক্ষ্যত কেন্দ্ৰীভূত হয়, তেতিয়া আমাৰ স্বাধীনতা সংগ্ৰামক বিশাল প্ৰেৰণা হিচাপে লও”
“আজি আপোনালোকৰ লক্ষ্য, আপোনালোকৰ সংকল্প মাথোঁ এটাই হ’ব লাগে–উন্নত ভাৰত”
“‘যিদৰে আইডিয়া’ এটা ‘আই’ৰে আৰম্ভ হয়, ঠিক যেনেকৈ ‘ইণ্ডিয়া’ এটা ‘আই’ৰে আৰম্ভ হয়, উন্নয়নৰ প্ৰচেষ্টা নিজৰ পৰা আৰম্ভ হয়”
বৰ্তমান যুগত ব্যক্তিত্ব বিকাশৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰি প্ৰধানমন্ত্ৰীয়ে যুৱ কণ্ঠ কৰ্মশালাৰ সফলতাৰ বাবে শুভেচ্ছা জ্ঞাপন কৰে।
“যিদৰে আইডিয়া’ এটা ‘আই’ৰে আৰম্ভ হয়, ঠিক যেনেকৈ ‘ইণ্ডিয়া’ এটা ‘আই’ৰে আৰম্ভ হয়, উন্নয়নৰ প্ৰচেষ্টা নিজৰ পৰা আৰম্ভ হয়”, প্ৰধানমন্ত্ৰীয়ে কয়৷
এনে পৰিবেশ আমি পৰিয়াল হিচাপে গঢ়ি তুলিব লাগিব”, প্ৰধানমন্ত্ৰীয়ে সজোৰে কয়।
প্ৰধানমন্ত্ৰীয়ে দেশৰ যুৱক-যুৱতীসকলৰ কণ্ঠক উন্নত ভাৰত গঢ়াৰ নীতিগত কৌশলত গঢ় দিয়াত গুৰুত্ব আৰোপ কৰে আৰু যুৱক-যুৱতীসকলৰ সৈতে সৰ্বাধিক যোগাযোগ বজাই ৰখা শিক্ষানুষ্ঠানসমূহৰ ভূমিকাক আলোকপাত কৰে।

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে ‘বিকশিত ভাৰত @২০৪৭: যুৱ কণ্ঠ’ উন্মোচন কৰে। কাৰ্যসূচীৰ সময়ত প্ৰধানমন্ত্ৰী মোদীয়ে এই পদক্ষেপৰ আৰম্ভণি উপলক্ষে সমগ্ৰ দেশৰ ৰাজভৱনত আয়োজন কৰা কৰ্মশালাত বিশ্ববিদ্যালয়ৰ উপাচাৰ্য, প্ৰতিষ্ঠানৰ মুৰব্বী আৰু অধ্যাপক সদস্যসকলক উদ্দেশ্যি ভাষণ আগবঢ়ায়৷

প্ৰধানমন্ত্ৰীয়ে ভাষণৰ আৰম্ভণিতে বিকশিত ভাৰতৰ উন্নয়নৰ বাবে আজিৰ কৰ্মশালাৰ আয়োজন কৰা সকলো ৰাজ্যপালক ধন্যবাদ জ্ঞাপন কৰি কয় যে আজি এই সংকল্প সন্দৰ্ভত এক বিশেষ অনুষ্ঠান আয়োজন কৰা হৈছে। তেওঁ বিকশিত ভাৰত ২০৪৭ৰ লক্ষ্যত উপনীত হোৱাৰ ক্ষেত্ৰত দেশৰ যুৱক-যুৱতীসকলক পথ প্ৰদৰ্শনৰ দায়িত্ব লোৱা সকলো অংশীদাৰক একত্ৰিত কৰাৰ ক্ষেত্ৰত তেওঁলোকৰ অৱদানৰ প্ৰশংসা কৰে। প্ৰধানমন্ত্ৰী মোদীয়ে এজন ব্যক্তিৰ ব্যক্তিত্ব বিকাশত শিক্ষানুষ্ঠানৰ ভূমিকাক আলোকপাত কৰি কয় যে দেশ নিজৰ জনসাধাৰণৰ উন্নয়নৰ সমান্তৰালভাৱে বিকশিত হয়। বৰ্তমান যুগত ব্যক্তিত্ব বিকাশৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰি প্ৰধানমন্ত্ৰীয়ে যুৱ কণ্ঠ কৰ্মশালাৰ সফলতাৰ বাবে শুভেচ্ছা জ্ঞাপন কৰে।

 

প্ৰধানমন্ত্ৰীয়ে কয় যে যিকোনো দেশৰ জীৱনত ইতিহাসে এনে এক সময়সীমা প্ৰদান কৰে যেতিয়া দেশে ইয়াৰ উন্নয়ন যাত্ৰাত প্ৰচণ্ড অগ্ৰগতি লাভ কৰিব পাৰে। ভাৰতৰ বাবে “এই অমৃত কাল চলি আছে” আৰু “এইটো ভাৰতৰ ইতিহাসৰ সেইছোৱা সময়, যেতিয়া দেশখনে এক প্ৰচণ্ড উত্থান দিশে অগ্ৰসৰ হৈছে”। তেওঁ ওচৰৰ বহু দেশৰ উদাহৰণ দাঙি ধৰে, যিয়ে নিৰ্দিষ্ট সময়সীমাত এনে প্ৰচণ্ড উত্থানেৰে উন্নত ৰাষ্ট্ৰলৈ ৰূপান্তৰিত হৈছিল। “ভাৰতৰ বাবে এইটোৱেই সময়, সঠিক সময় (য়হী সময় হ্যে, সহী সময় হ্যে)”, এই অমৃত কালৰ প্ৰতিটো মুহূৰ্ত ব্যৱহাৰ কৰা উচিত বুলিও তেওঁ কয়।

প্ৰধানমন্ত্ৰীয়ে প্ৰেৰণাৰ উৎস হিচাপে স্বাধীনতাৰ গৌৰৱময় সংগ্ৰামক পুনৰবাৰ উল্লেখ কৰে। তেওঁ কয় যে সেই সময়ছোৱাত সত্যগ্ৰহ, বিপ্লৱী পথ, অসহযোগিতা, স্বদেশী, সামাজিক আৰু শৈক্ষিক সংস্কাৰৰ দৰে প্ৰতিটো প্ৰচেষ্টা স্বাধীনতাৰ দিশত ধাৱিত হৈছিল। এই সময়ছোৱাত কাশী, লক্ষ্ণৌ, বিশ্ব ভাৰতী, গুজৰাট বিদ্যাপীঠ, নাগপুৰ বিশ্ববিদ্যালয়, আন্নামলাই, অন্ধ্ৰ আৰু কেৰালা বিশ্ববিদ্যালয়ৰ দৰে বিশ্ববিদ্যালয়ে দেশৰ চেতনাক শক্তিশালী কৰি তুলিছিল। দেশৰ স্বাধীনতাৰ প্ৰতি উৎসৰ্গিত যুৱ সমাজৰ এক সমগ্ৰ প্ৰজন্মৰ সৃষ্টি হৈছিল যাৰ সকলো প্ৰচেষ্টা স্বাধীনতাৰ লক্ষ্যৰ দিশত নিৰ্দেশিত হৈছিল। “আজি প্ৰতিটো প্ৰতিষ্ঠান আৰু প্ৰতিজন ব্যক্তিয়ে এই সংকল্প লৈ আগবাঢ়িব লাগে যে প্ৰতিটো প্ৰচেষ্টা আৰু কাৰ্য্যই বিকশিত ভাৰতৰ বাবে হ’ব। আপোনালোকৰ লক্ষ্য, আপোনালোকৰ সংকল্প মাত্ৰ এটাই হ’ব লাগে–উন্নত ভাৰত”। প্ৰধানমন্ত্ৰীয়ে গুৰুত্ব আৰোপ কৰে যে শিক্ষক আৰু বিশ্ববিদ্যালয়সমূহে ভাৰতক দ্ৰুতগতিত উন্নত দেশ হিচাপে গঢ়ি তোলাৰ উপায় বিচাৰি উলিওৱাৰ কথা চিন্তা কৰে আৰু লগতে উন্নত দেশ হোৱাৰ দিশত উন্নতিৰ বাবে নিৰ্দিষ্ট খণ্ডসমূহ চিনাক্ত কৰে।

প্ৰধানমন্ত্ৰী মোদীয়ে প্ৰতিখন বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী আৰু যুৱক-যুৱতীসকলৰ শক্তিক ‘বিকশিত ভাৰত’ৰ উমৈহতীয়া লক্ষ্যত উপনীত হোৱাৰ দিশত আগুৱাই নিয়াৰ প্ৰয়োজনীয়তাৰ ওপৰত আলোকপাত কৰে। ধাৰণাসমূহৰ বৈচিত্ৰ্যতাক লক্ষ্য কৰি প্ৰধানমন্ত্ৰীয়ে উন্নত ভাৰত গঢ়াৰ দিশত সকলো ধাৰাক সংযোগ কৰাত গুৰুত্ব আৰোপ কৰে। শ্ৰী মোদীয়ে সকলোকে নিজৰ সীমাৰ ঊৰ্ধ্বত গৈ বিকশিত ভাৰত @২০৪৭ৰ দৃষ্টিভংগীত অৰিহণা যোগাবলৈ আহ্বান জনায়। তেওঁ এই অভিযানৰ সৈতে অধিক সংখ্যক যুৱক-যুৱতীক সংযোগ কৰিবলৈ দেশৰ প্ৰতিখন কলেজ আৰু বিশ্ববিদ্যালয়ত বিশেষ অভিযান চলাবলৈ পৰামৰ্শ আগবঢ়ায়। প্ৰধানমন্ত্ৰীয়ে বিকশিত ভাৰতৰ সৈতে জড়িত আইডিয়াছ পৰ্টেল মুকলি কৰাৰ কথা উল্লেখ কৰি ৫টা ভিন্ন বিষয়বস্তুৰ ওপৰত পৰামৰ্শ দিব পৰা যাব বুলি অৱগত কৰে। “শ্ৰেষ্ঠ ১০টা পৰামৰ্শৰ বাবেও পুৰস্কাৰৰ ব্যৱস্থা কৰা হৈছে। আপোনালোকেও মাইগভত আপোনালোকৰ পৰামৰ্শ আগবঢ়াব পাৰে”, তেওঁ লগতে কয়। “যিদৰে আইডিয়া’ এটা ‘আই’ৰে আৰম্ভ হয়, ঠিক যেনেকৈ ‘ইণ্ডিয়া’ এটা ‘আই’ৰে আৰম্ভ হয়, উন্নয়নৰ প্ৰচেষ্টা নিজৰ পৰা আৰম্ভ হয়”, প্ৰধানমন্ত্ৰীয়ে কয়৷

 

পৰামৰ্শ বিচৰাৰ অভ্যাসৰ বিষয়ে বিশদভাৱে উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে ৰাষ্ট্ৰীয় স্বাৰ্থক সৰ্বোচ্চ কৰি ৰখা অমৃত প্ৰজন্ম সৃষ্টি কৰাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। তেওঁ শিক্ষা আৰু দক্ষতাৰ ঊৰ্ধ্বত যোৱাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰি নাগৰিকসকলৰ মাজত জাতীয় স্বাৰ্থ আৰু নাগৰিক জ্ঞানৰ বাবে সজাগতাৰ আহ্বান জনায়। “যেতিয়া নাগৰিকে, যি ভূমিকাতেই নহওক কিয়, নিজৰ কৰ্তব্য পালন কৰিবলৈ আৰম্ভ কৰে, তেতিয়া দেশ আগবাঢ়ি যায়”, প্ৰধানমন্ত্ৰীয়ে কয়। তেওঁ পানী সংৰক্ষণৰ জৰিয়তে প্ৰাকৃতিক সম্পদ সংৰক্ষণ, বিদ্যুৎ ৰাহি, খেতিৰ ক্ষেত্ৰত কম ৰাসায়নিক পদাৰ্থ ব্যৱহাৰ আৰু ৰাজহুৱা পৰিবহণ ব্যৱহাৰৰ উদাহৰণ দাঙি ধৰে। তেওঁ শিক্ষাবিদসকলক স্বচ্ছতা অভিযানক নতুন শক্তি প্ৰদানৰ উপায়, জীৱনশৈলীৰ সমস্যাৰ বিৰুদ্ধে যুঁজ দিয়া আৰু যুৱক-যুৱতীসকলে মোবাইলৰ বাহিৰেও পৃথিৱীৰ অন্বেষণ কৰিবলৈ পৰামৰ্শ আগবঢ়ায়। তেওঁ তেওঁলোকক ছাত্ৰ-ছাত্ৰীৰ বাবে আদৰ্শ হ’বলৈ কয়। তেওঁ কয় যে সামাজিক চিন্তাধাৰা শাসন ব্যৱস্থাতো প্ৰতিফলিত হয় আৰু ডিগ্ৰীধাৰীসকলৰ অন্ততঃ এটা বৃত্তিগত দক্ষতা থাকিব লাগে বুলি সভাখনক চাবলৈ কয়। “আপোনালোকে প্ৰতিটো পদক্ষেপ, প্ৰতিটো প্ৰতিষ্ঠান আৰু ৰাজ্যিক পৰ্যায়ত এই বিষয়সমূহৰ ওপৰত চিন্তাচৰ্চাৰ এক বিস্তৃত প্ৰক্ৰিয়া আগবঢ়াই নিব লাগে”, তেওঁ লগতে কয়।

‘বিকশিত ভাৰত’ৰ বিকাশৰ সময়ছোৱাৰ এটা পৰীক্ষাৰ সৈতে ৰিজাই লৈ প্ৰধানমন্ত্ৰীয়ে ছাত্ৰ-ছাত্ৰীৰ আত্মবিশ্বাস, প্ৰস্তুতি আৰু নিষ্ঠাৰ লগতে লক্ষ্য পূৰণৰ বাবে প্ৰয়োজনীয় অনুশাসন বজাই ৰখাত পৰিয়ালসমূহৰ অৱদানৰ কথা উল্লেখ কৰে। তেওঁ কয় যে দেশৰ নাগৰিক হিচাপে আমাৰ বাবেও পৰীক্ষাৰ তাৰিখ ঘোষণা কৰা হৈছে। ‘আমাৰ সন্মুখত ২৫ বছৰীয়া অমৃত কাল আছে। বিকশিত ভাৰতৰ লক্ষ্যৰ বাবে আমি ২৪ ঘণ্টাই কাম কৰিব লাগিব। এনে পৰিবেশ আমি পৰিয়াল হিচাপে গঢ়ি তুলিব লাগিব”, প্ৰধানমন্ত্ৰীয়ে সজোৰে কয়।

দেশৰ দ্ৰুতগতিত বৃদ্ধি পোৱা জনসংখ্যা যুৱক-যুৱতীসকলৰ দ্বাৰা সবলীকৰণ কৰা বুলি উল্লেখ কৰি শ্ৰী মোদীয়ে অৱগত কৰে যে আগন্তুক ২৫-৩০ বছৰলৈ শ্ৰমিক বয়সৰ জনসংখ্যাৰ ক্ষেত্ৰত ভাৰত আগশাৰীৰ হ’বলৈ গৈ আছে আৰু বিশ্বই ইয়াক স্বীকাৰ কৰিছে। প্ৰধানমন্ত্ৰী মোদীয়ে কয়, ‘যুৱ শক্তি পৰিৱৰ্তনৰ এজেণ্টৰ লগতে পৰিৱৰ্তনৰ হিতাধিকাৰীও। তেওঁ সজোৰে কয় যে আগন্তুক ২৫ বছৰ আজিৰ মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়ত যুৱক-যুৱতীসকলৰ কেৰিয়াৰৰ বাবে নিৰ্ণায়ক হ’ব। ভৱিষ্যতে যুৱক-যুৱতীসকলেই নতুন পৰিয়াল আৰু নতুন সমাজ গঢ়ি তুলিবলৈ গৈ আছে বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে উন্নত ভাৰত কেনে হ’ব লাগে সেইটো নিৰ্ণয় কৰাৰ অধিকাৰ তেওঁলোকৰহে আছে। এই মনোভাৱেৰে প্ৰধানমন্ত্ৰীয়ে লগতে কয় যে চৰকাৰে এখন উন্নত ভাৰতৰ কৰ্ম পৰিকল্পনাৰ সৈতে দেশৰ প্ৰতিজন যুৱক-যুৱতীক সংযোগ কৰিব বিচাৰে। প্ৰধানমন্ত্ৰীয়ে দেশৰ যুৱক-যুৱতীসকলৰ কণ্ঠক উন্নত ভাৰত গঢ়াৰ নীতিগত কৌশলত গঢ় দিয়াত গুৰুত্ব আৰোপ কৰে আৰু যুৱক-যুৱতীসকলৰ সৈতে সৰ্বাধিক যোগাযোগ বজাই ৰখা শিক্ষানুষ্ঠানসমূহৰ ভূমিকাক আলোকপাত কৰে।

 

ভাষণৰ সামৰণিত প্ৰধানমন্ত্ৰীয়ে আলোকপাত কৰে যে প্ৰগতিৰ ৰোডমেপ কেৱল চৰকাৰে নহয়, দেশেহে নিৰ্ধাৰণ কৰিব। “দেশৰ প্ৰতিজন নাগৰিকে ইয়াত অৱদান আগবঢ়োৱাৰ লগতে সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰি লাগিব”, বুলি উনুকিয়াই শ্ৰী মোদীয়ে কয় যে আটাইতকৈ ডাঙৰ সংকল্পসমূহো সবকা প্ৰয়াসৰ মন্ত্ৰ অৰ্থাৎ জনসাধাৰণৰ অংশগ্ৰহণেৰে সম্পন্ন কৰিব পৰা যায়। স্বচ্ছ ভাৰত অভিযান, ডিজিটেল ইণ্ডিয়া অভিযান, ক’ৰোনা মহামাৰীৰ সময়ত সুস্থিৰতা আৰু সবকা প্ৰয়াসৰ শক্তিক উজ্জ্বল কৰি তোলা ভোকেল ফৰ লোকেল আদিৰ উদাহৰণ দাঙি ধৰে। “বিকশিত ভাৰত কেৱল সবকা প্ৰয়াসৰ জৰিয়তেহে নিৰ্মাণ কৰিব পৰা যাব”, প্ৰধানমন্ত্ৰীয়ে কয়। শ্ৰী মোদীয়ে এই উপলক্ষে উপস্থিত পণ্ডিতসকলৰ পৰা বহু আশা কৰা বুলি পুনৰ উল্লেখ কৰে কাৰণ তেওঁলোকেই দেশৰ উন্নয়নৰ দৃষ্টিভংগী গঢ় দিয়ে আৰু যুৱ শক্তিক আগুৱাই নিয়ে৷ “দেশৰ ভৱিষ্যত লিখাৰ বাবে এইটো এটা ডাঙৰ অভিযান”, বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে বিকশিত ভাৰত আৰু অধিক বৃদ্ধিৰ বাবে তেওঁলোকৰ পৰামৰ্শ আগবঢ়াবলৈ আহ্বান জনায়।

ভূমি

দেশৰ ৰাষ্ট্ৰীয় পৰিকল্পনা, অগ্ৰাধিকাৰ আৰু লক্ষ্য প্ৰণয়নত দেশৰ যুৱক-যুৱতীসকলক সক্ৰিয়ভাৱে জড়িত কৰাৰ প্ৰধানমন্ত্ৰীৰ দৃষ্টিভংগীৰ সৈতে সংগতি ৰাখি ‘বিকশিত ভাৰত @২০৪৭: যুৱ কণ্ঠ’ৰ পদক্ষেপে দেশৰ যুৱক-যুৱতীসকলক বিকশিত ভাৰত @২০৪৭ৰ দৃষ্টিভংগীত ধাৰণা অৱদান আগবঢ়াবলৈ এখন মঞ্চ প্ৰদান কৰিব৷ কৰ্মশালাসমূহে যুৱক-যুৱতীসকলক তেওঁলোকৰ ধাৰণা আৰু পৰামৰ্শসমূহ বিকশিত ভাৰত @২০৪৭ৰ বাবে ভাগ-বতৰা কৰিবলৈ জড়িত কৰাৰ প্ৰক্ৰিয়া আৰম্ভ কৰাৰ দিশত এক মূল পদক্ষেপ হ’ব।

বিকশিত ভাৰত @২০৪৭ স্বাধীনতাৰ ১০০সংখ্যক বছৰ ২০৪৭ চনৰ ভিতৰত ভাৰতক এখন উন্নত ৰাষ্ট্ৰ হিচাপে গঢ়ি তোলাৰ দৃষ্টিভংগী। এই দৃষ্টিভংগীয়ে অৰ্থনৈতিক বৃদ্ধি, সামাজিক প্ৰগতি, পৰিৱেশ বহনক্ষমতা আৰু সুশাসনকে ধৰি উন্নয়নৰ বিভিন্ন দিশ সামৰি লৈছে।

 

 

 

 

 

 

সম্পূৰ্ণ ভাষণ পঢ়িবলৈ ইয়াত ক্লিক কৰক

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Project Cheetah: How A Species Declared Extinct During Nehru Era Returned To India Under Modi Govt

Media Coverage

Project Cheetah: How A Species Declared Extinct During Nehru Era Returned To India Under Modi Govt
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister visits L&T complex at Hazira, Gujarat
June 05, 2026

Prime Minister Shri Narendra Modi today visited the Larsen & Toubro (L&T) complex at Hazira, Gujarat, where he witnessed pioneering innovations being developed by the company across various sectors.

The Prime Minister highly commended the significant role played by L&T in furthering self-reliance in India's defence sector. Sharing glimpses from the visit, Shri Modi appreciated the engineering achievements and advancements being spearheaded at the facility.

In a series of posts on X, the Prime Minister shared:

"This afternoon, went to the L&T complex at Hazira. Witnessed some of their pioneering innovations across different sectors. The role played by L&T in furthering self-reliance in the defence sector is commendable.
@larsentoubro"

"Here are some more glimpses from the visit to the L&T complex in Hazira, Gujarat."