“অম্ৰুত মিছনৰ দ্বিতীয় পৰ্যায়ত দেশে গ্ৰহণ কৰা লক্ষ্য হৈছে পয়-প্ৰণালী প্ৰবন্ধনৰ উত্তৰণ, নিৰাপদ-পানীৰ মহানগৰী হিচাপে গঢ়ি তোলা আৰু কোনো নদীলৈ আৱৰ্জনা পৰিবাহী নলা নোযোৱাটো নিশ্চিত কৰা”;
“স্বচ্ছ ভাৰত অভিযান আৰু অম্ৰুত মিছনৰ যাত্ৰাত এক মিছন, এক সন্মান, এক মৰ্যাদা, এখন দেশৰ আকাংক্ষা আৰু মাতৃভূমিৰ প্ৰতি অতুলনীয় প্ৰেম বিজড়িত হৈ আছে”
“বাবা চাহেব আম্বেডকাৰে বিশ্বাস কৰিছিল যে চহৰাঞ্চলৰ উন্নয়ণ সামাজিক বৈষম্য আঁতৰোৱাৰ বাবে এক উপযুক্ত মাধ্যম ....বাবা চাহেবৰ সপোন সফল কৰাৰ ক্ষেত্ৰত স্বচ্ছ ভাৰত মিছন আৰু অম্ৰুত মিছনৰ পৰৱৰ্তি পৰ্যায় হ’ব এক গুৰুত্বপূৰ্ণ পদক্ষেপ”
“পৰিচ্ছন্নতা প্ৰতিগৰাকী ব্যক্তিৰ, প্ৰতিটো দিনৰ, প্ৰতিটো পষেকৰ, প্ৰতিটো বৰ্ষৰ, প্ৰজন্মৰ পিচত প্ৰজন্মৰ বাবে গুৰুত্বপূৰ্ণ সজাগতা অভিযান। পৰিচ্ছন্নতা এক জীৱনশৈলী, জীৱনৰ এক মন্ত্ৰ”
“২০১৪ত ২০%তকৈয়ো কম পৰিমাণৰ আৱৰ্জনাৰহে সংসাধন কৰা হৈছিল। এতিয়া কিন্তু দৈনিক সংগৃহীত আৱৰ্জনাৰ প্ৰায় ৭০%ই সংসাধিত হয়। ইয়াক ১০০%লৈ নিয়াৰ প্ৰয়াস কৰিব লাগিব আমি”
“মহানগৰীসমূহ সম্পূৰ্ণ ৰূপে আৱৰ্জনা শূণ্য কৰাই হৈছে স্বচ্ছ ভাৰত মিছন-আৰ্বান ২.০ৰ লক্ষ্য”

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ‘স্বচ্ছ ভাৰত মিছন-আৰ্বান ২.০’ আৰু ‘অটল মিছন ফৰ ৰিজুভিনেশ্যন এণ্ড আৰ্বান ট্ৰেন্সফৰমেশ্যন ২.০’, চমুকৈ ‘অম্ৰুত অভিযান’-ৰ দ্বিতীয় পৰ্বৰ শুভাৰম্ভ ঘোষণা কৰে। অনুষ্ঠানত কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী হৰদীপ সিং পুৰী, শ্ৰী গজেন্দ্ৰ সিং শ্বেখাৱট, শ্ৰী প্ৰহ্লাদ সিং পেটেল, শ্ৰী কুশল কিশোৰ, শ্ৰী শ্ৰী বিশ্বেশ্ব টুডু, বহুকেইগৰাকী ৰাজ্যিক মন্ত্ৰী, চহৰাঞ্চলৰ নিকায়-নিগমৰ মেয়ৰ আৰু সভাপতিসকল উপস্থিত থাকে।

এই উপলক্ষে প্ৰদান কৰা ভাষণত প্ৰধানমন্ত্ৰীয়ে কয় ২০১৪চনত দেশবাসীয়ে পণ লৈছিল যে ভাৰতক মুকলিত শৌচমুক্ত স্থান হিচাপে গঢ়ি তুলিব লাগিব, তেওঁলোকে ১০কোটিৰো অধিক শৌচালয় নিৰ্মাণ কৰি এই প্ৰতিজ্ঞা পূৰণ কৰিলে। এতিয়া স্বচ্ছ ভাৰত মিছন-আৰ্বান ২.০ৰ জৰিয়তে দেশৰ মহানগৰীসমূহক সম্পূৰ্ণ ৰূপে আৱৰ্জনা মুক্ত কৰি তোলাৰ লক্ষ্য পূৰণ কৰিব লাগিব। প্ৰধানমন্ত্ৰীয়ে ‘অম্ৰুত অভিযান’ৰ দ্বিতীয় পৰ্বৰ কাৰ্যক্ৰমৰ সবিশেষ দাঙি ধৰি কয় যে ‘অম্ৰুত মিছনৰ দ্বিতীয় পৰ্যায়ত দেশে গ্ৰহণ কৰা লক্ষ্য হৈছে পয়-প্ৰণালী প্ৰবন্ধনৰ উত্তৰণ, নিৰাপদ-পানীৰ মহানগৰী হিচাপে গঢ়ি তোলা আৰু কোনো নদীলৈ আৱৰ্জনা পৰিবাহী নলা নোযোৱাটো নিশ্চিত কৰা’।

চহৰাঞ্চলৰ ৰূপান্তৰৰ সাফল্য আৰু পৰিচ্ছন্নতাক মহাত্মা গান্ধীৰ নামত উচৰ্গা কৰিছে প্ৰধানমন্ত্ৰীয়ে। এইবোৰ অভিযানৰ সাফল্য মহাত্মা গান্ধীয়ে প্ৰদান কৰা অনুপ্ৰেৰণাৰেই পৰিণতি আৰু তেওঁ আগবঢ়োৱা চিন্তাৰ আধাৰতহে এয়া বাস্তৱ হৈছে বুলি প্ৰধানমন্ত্ৰীয়ে অভিমত ব্যক্ত কৰে। প্ৰসংগক্ৰমে তেওঁ ‘শৌচালয়সমূহৰ নিৰ্মাণে মাতৃ-ভগ্নীসকলৰ জীৱন স্বাচ্ছন্দ্যপূৰ্ণ কৰি তুলিছে’ বুলিও মন্তব্য কৰে।

ৰাষ্ট্ৰই বহণ কৰা ভাৱনাক প্ৰণিপাত জনাই প্ৰধানমন্ত্ৰীয়ে কয় যে ‘স্বচ্ছ ভাৰত অভিযান আৰু অম্ৰুত অভিযানে এই পৰ্যন্ত সমাপন কৰা যাত্ৰাই প্ৰতিগৰাকী দেশবাসীক গৌৰাৱান্বিত কৰিব’। এই প্ৰসংগত তেওঁ অনুভৱ ব্যক্ত কৰি কয় ‘স্বচ্ছ ভাৰত অভিযান আৰু অম্ৰুত মিছনৰ যাত্ৰাত এক মিছন, এক সন্মান, এক মৰ্যাদা, এখন দেশৰ আকাংক্ষা আৰু মাতৃভূমিৰ প্ৰতি অতুলনীয় প্ৰেম বিজড়িত হৈ আছে’।

‘আম্বেডকাৰ ইণ্টাৰনেশ্যনেল চেণ্টাৰ’ত অনুষ্ঠিত আজিৰ অনুষ্ঠানৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় ‘বাবা চাহেব আম্বেডকাৰে বিশ্বাস কৰিছিল যে চহৰাঞ্চলৰ উন্নয়ণ সামাজিক বৈষম্য আঁতৰোৱাৰ বাবে এক উপযুক্ত মাধ্যম’। বহু লোক গাঁৱৰ পৰা চহৰলৈ আহে এক উন্নত জীৱন কটোৱাৰ আকাংক্ষা লৈ। তেওঁলোকে নিযুক্তি পাই ঠিকেই, কিন্তু তেওঁলোকৰ জীৱনৰ ধাৰণৰ মান এক কঠিন পৰিস্থিতিৰ মাজেৰেই চলি থাকিবলগীয়া হয় আনকি গাঁৱত কটোৱা জীৱনটোতকৈ শোচনীয় হৈহে পৰে। সেয়ে সামাজিক বৈষম্য আঁতৰাই এই পৰিস্থিতিৰ পৰিৱৰ্তন সাধানত বাবা চাহেবে গুৰুত্ব প্ৰদান কৰিছিল বুলি উল্লেখ কৰে প্ৰধানমন্ত্ৰীয়ে। প্ৰধানমন্ত্ৰীয়ে কয়, ‘বাবা চাহেবৰ সপোন সফল কৰাৰ ক্ষেত্ৰত স্বচ্ছ ভাৰত মিছন আৰু অম্ৰুত মিছনৰ পৰৱৰ্তি পৰ্যায় হ’ব এক গুৰুত্বপূৰ্ণ পদক্ষেপ’।

পৰিচ্ছন্নতাৰ বাবে সজাগতা সৃষ্টিৰ ক্ষেত্ৰত ‘সকলোৰে সৈতে, সকলোৰে বিকাশ, সকলোৰে বিশ্বাসৰ লগতে সকলোৰে প্ৰয়াস’ও গুৰুত্বপূৰ্ণ হ’ব বুলি তেওঁ মন্তব্য কৰে। পৰিচ্চন্নতাৰ অভিযানত ৰাইজৰ অংশগ্ৰহণত সন্তুষ্টি প্ৰকাশ কৰি প্ৰধানমন্ত্ৰীয়ে কয় বৰ্তমানৰ প্ৰজন্মই এই পৰিচ্ছন্নতাৰ অভিযানক সবলভাবে আগুৱাই নিয়াৰ ক্ষেত্ৰত আগভাগ লৈছে। আনকি শিশুসকলেও আজিকালি টফী মেৰিওৱা কাগজখন দলিয়াই নিদি নিজৰ জেপতহে সুমুৱাই লয়। তেওঁলোকে ডাঙৰসকলকো আজিকালি সকীয়াইহে দিয়ে। তেওঁ কয়, ‘পৰিচ্ছন্নতা প্ৰতিগৰাকী ব্যক্তিৰ, প্ৰতিটো দিনৰ, প্ৰতিটো পষেকৰ, প্ৰতিটো বৰ্ষৰ, প্ৰজন্মৰ পিচত প্ৰজন্মৰ বাবে গুৰুত্বপূৰ্ণ সজাগতা অভিযান। পৰিচ্ছন্নতা এক জীৱনশৈলী, জীৱনৰ এক মন্ত্ৰ’। প্ৰধানমন্ত্ৰীয়ে গুজৰাটৰ মুখ্যমন্ত্ৰী হিচাপে তেওঁ গ্ৰহণ কৰা পদক্ষেপৰ কথা স্মৰণ কৰি কয় যে গুজৰাটৰ পৰ্যটন সম্ভাৱনীয়তাৰ পৰিসৰ বৃদ্ধিৰ বাবে লোৱা পদক্ষেপৰ অংশ হিচাপে পৰিচ্ছন্নতাক উৱলক্ষ কৰি আৰম্ভ কৰা ‘নিৰ্মল গুজৰাট কাৰ্যক্ৰমে’ই এদিন জন-আন্দোলনলৈ ৰূপান্তৰিত হৈছিল।

পৰিচ্ছন্নতাৰ অভিযানক পৰৱৰ্তি পৰ্যায়লৈ লৈ যোৱাৰ বাবে গ্ৰহণ কৰা পদক্ষেপসমূহৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় আজিৰ তাৰিখত ভাৰতে প্ৰতি দিনে প্ৰায় ১লাখ টন পৰিমাণৰ আৱৰ্জনাৰ সংসাধন কৰে। ২০১৪চনত যেতিয়া দেশে স্বচছতাৰ অভিযান আৰম্ভ কৰিছিল তেতিয়া দেশত সংগৃহিত মুঠ আৱৰ্জনাৰ ২০শতাংশৰো কম অংশ এটাৰহে সংসাধন কৰা হৈছিল। পিচে, এতিয়া ইয়াৰ পৰিমাণ ৭০শতাংশলৈ বৃদ্ধি পাইছে। এতিয়া আমি এই পৰিমাণ ১০০শতাংশলৈ নিয়াৰ দিহা কৰিব লাগিব। প্ৰসংগক্ৰমে তেও চহৰাঞ্চল উন্নয়ণ মন্ত্ৰালয়লৈ পুঁজি বৃদ্ধিৰ কথা উল্লেখ কৰে। ২০১৪চনত মন্ত্ৰালয়টোলৈ আৱণ্টিত পুঁজিৰ পৰিমাণ আছিল প্ৰায় ১.২৫লাখ কোটি টকা, আৰু ৭বছৰৰ পিচত এতিয়া মন্ত্ৰালয়টোলৈ অনুমোদন জনোৱা পুঁজিৰ পৰিমাণ হৈছেগৈ প্ৰায় ৪লাখ কোটি টকা।

ভাষণ প্ৰসংগত তেওঁ মহানগৰীসমূহৰ অভিন্ন অংগ স্বৰূপ পথৰ কাষৰ দোকানী আৰু পোহাৰীসকলৰ কথা উল্লেখ কৰাৰ লগতে এইসকল লোকক সকাহ দিয়াৰ বাবে চৰকাৰে আৰম্ভ কৰা ‘পিএম স্বনিধি যোজনা’ এতিয়া পথৰ কাষৰ দোকানী আৰু পোহাৰীসকলৰ বাবে নতুন আশাৰ কিৰণ হৈ উজলিছে বুলি মন্তব্য কৰে।

 

সম্পূৰ্ণ ভাষণ পঢ়িবলৈ ইয়াত ক্লিক কৰক

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Nepal praises India's efforts in times of crisis; calls PM Modi 'exceptionally generous'

Media Coverage

Nepal praises India's efforts in times of crisis; calls PM Modi 'exceptionally generous'
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 30 আগষ্ট 2026
August 30, 2026

Tiranga in Tashkent, Relief in Nepal: Soft Power Meets First Responder

Vocal for Local, Nari Shakti, Real Heroes: Mann Ki Baat’s Atmanirbhar Hour