SVAMITVA Scheme helps in making rural India self-reliant: PM Modi
Ownership of land and house plays a big role in the development of the country. When there is a record of property, citizens gain confidence: PM
SVAMITVA Scheme will help in strengthening the Panchayati Raj system for which efforts are underway for the past 6 years: PM

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে স্বামিত্ব আঁচনিৰ অধীনত প্ৰপাৰ্টি কাৰ্ডৰ আনুষ্ঠানিক বিতৰণৰ শুভাৰম্ভ কৰে আৰু এই আঁচনিখনৰ হিতাধিকাৰীসকলৰ সৈতে মত-বিনিময় কৰে।

প্ৰধানমন্ত্ৰীয়ে ‘স্বামিত্ব আঁচনি’ৰ অধীনত আজি ঘৰৰ প্ৰপাৰ্টি কাৰ্ডসমূহ লাভ কৰা হিতাধিকাৰীসকলক অভিনন্দন জনাই আৰু কয় ইয়াৰ জৰিয়তে এতিয়া হিতাধিকাৰীসকলে তেওঁলোকৰ ঘৰৰ মালিকানাৰ এখনি আইনী নথি তথা অধিকাৰ লাভ কৰিব। এই আঁচনিখনে দেশখনৰ গাঁওসমূহৰ ঐতিহাসিক পৰিৱৰ্তন সাধন কৰিবলৈ আগবাঢ়িছে। তেখেতে লগতে কয়, গ্ৰাম্য ভাৰতক এই আঁচনিখনে আত্ম-নিৰ্ভৰ কৰি তোলাৰ পৰিপ্ৰেক্ষিতত দেশখনে আত্মনিৰ্ভৰ ভাৰতৰ অভিমুখে আন এক মূল পদক্ষেপ গ্ৰহণ কৰিলে।

তেখেতে কয়, আজি হাৰিয়ানা, কৰ্ণাটক, মধ্য প্ৰদেশ, মহাৰাষ্ট্ৰ, উত্তৰাখণ্ড আৰু উত্তৰ প্ৰদেশৰ এক লাখ হিতাধিকাৰীক তেওঁলোকৰ ঘৰৰ আইনী পত্ৰ অৰ্পণ কৰা হৈছে অহা তিনি-চাৰি বছৰত দেশখনৰ প্ৰতিখন গাঁৱৰ প্ৰতিঘৰ গৃহস্থীলৈ এনে প্ৰপাৰ্টি কাৰ্ড আগবঢ়োৱাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে।

জয় প্ৰকাশ নাৰায়ণ আৰু নানা জী দেশমুখ এই দুগৰাকী মহান নেতাৰ জন্ম বাৰ্ষিকীত এই প্ৰপাৰ্টি কাৰ্ড বিতৰণ কৰিবলৈ পাই প্ৰধানমন্ত্ৰীয়ে সন্তোষ প্ৰকাশ কৰে। তেখেতে লগতে কয় যে এই দুগৰাকী মহান লোকৰ জন্ম বাৰ্ষিকীয়েই কেৱল এটা তিথিত পৰা নহয়, বৰঞ্চ তেখেত দুগৰাকীৰ সংগ্ৰাম আৰু আদৰ্শও আছিল একে। তেখেতে সোঁৱৰণ কৰি কয় যে নানাজী আৰু জেপিয়ে তেখেতসকলৰ সমগ্ৰ জীৱনটো গ্ৰাম্য ভাৰত আৰু দৰিদ্ৰৰ সবলীকৰণৰ অৰ্থে কৰা সংগ্ৰামত উৎসৰ্গা কৰিছিল।

নানাজীয়ে “যেতিয়ালৈকে গাঁৱৰ লোক বাদানুবাদৰ মাজত আৱদ্ধ হৈ থাকিব, তেতিয়ালৈকে তেওঁলোকে নিজকে আগুৱাই নিব নোৱাৰিব বা সমাজখনৰো উন্নতি নহ’ব” বুলি কোৱা কথাষাৰৰ উদ্ধৃতিৰে শ্ৰী মোদীয়ে কয়, তেখেতেও এই কথা বিশ্বাস কৰে যে আমাৰ গাঁওসমূহৰ বহু বাদানুবাদৰ অৱসানৰ অৰ্থে মালিকানা এটা উৎকৃষ্ট পন্থা হৈ উঠিব।

প্ৰধানমন্ত্ৰীয়ে কয়, ভূমি আৰু ঘৰৰ মালিকানাই দেশখনৰ উন্নয়নত এটা মূল ভূমিকা পালন কৰিছে। তেখেতে কয়, যেতিয়া সম্পত্তিৰ এটা ৰেকৰ্ড থাকে, নাগৰিকৰ মনত বিশ্বাসৰ ভাৱ জন্ম আৰু বিনিয়োগৰ এটা নতুন পথ মুকলি হয়। সম্পত্তিৰ ৰেকৰ্ডত বেংকৰপৰা সহজে লোন লাভৰ পৰিপ্ৰেক্ষিতত নিয়োগ আৰু স্ব-নিয়োজনৰ পথো প্ৰশস্ত হৈ উঠে। কিন্তু পৰিতাপৰ কথা এয়ে যে আজি বিশ্বখনৰ মুঠ জনসংখ্যাৰ এক তৃতীয়াংশ লোকৰহে তেওঁলোকৰ সম্পত্তিৰ আইনী ৰেকৰ্ড আছে। তেখেতে কয়, এই প্ৰপাৰ্টি কাৰ্ডে গ্ৰামাঞ্চলৰ লোকসকলৰ বাবে কোনো ধৰণৰ বাদানুবাদ অবিহনেই সম্পত্তি কিনা আৰু বেচাৰ পথ পৰিষ্কাৰ কৰি তুলিব। তেখেতে কয়, আজি এই গাঁওসমূহত এনে বহু যুৱক-যুৱতী আছে যিয়ে নিজাববীয়াকৈ কিবা এটা কৰাৰ আগ্ৰহ পুহি ৰাখিছে। এই প্ৰপাৰ্টি কাৰ্ড লাভ কৰাৰ পাছত, তেওঁলোকৰ ঘৰৰ বিপৰীতে বেংকৰপৰা সহজেই লোন লাভ কৰাটো নিশ্চিত কৰি তুলিব। তেখেতে কয়, মানচিত্ৰণ আৰু সমীক্ষাত ড্ৰোণৰ ব্যৱহাৰৰ দৰে নতুন প্ৰযুক্তিৰে, প্ৰতিখন গাঁৱৰে সঠিক ভূমিৰ ৰেকৰ্ড যুগুত কৰিবপৰা গৈছে। সঠিক ভূমিৰ ৰেকৰ্ডৰ ফলশ্ৰুতিত, গাঁৱসমূহৰ উন্নয়ন সম্পৰ্কীয় কাম-কাজসমূহো সুচল হৈ পৰিব যি হ’ব এই প্ৰপাৰ্টি কাৰ্ডৰ আন লাভা-লাভ।

প্ৰধানমন্ত্ৰীয়ে কয়, ‘স্বামিত্ব আঁচনি' এ পঞ্চায়তীৰাজ প্ৰণালীটোৰ সবলীকৰণত সহায় কৰিব যাৰ অৰ্থেই যোৱা ৬ টা বছৰে প্ৰচেষ্টা গ্ৰহণ কৰি অহা হৈছে। তেখেতে যোৱা ৬টা বছৰে গাঁও পঞ্চায়তসমূহৰ শক্তিশালীকৰণৰ অৰ্থে গ্ৰহণ কৰা প্ৰচেষ্টাসমূহৰ উল্লেখ কৰে আৰু কয়, স্বামিত্ব আঁচনিয়ে আমাৰ গাঁও পঞ্চায়তসমূহক পৌৰ সভা আৰু পৌৰ নিগমসমূহৰ দৰে প্ৰণালীবদ্ধভাৱে গাঁও ব্যৱস্থাপনাৰ পথ সুচল কৰি তুলিব। তেখেতে কয়, যোৱা ৬টা বছৰত, গাঁওসমূহৰ দীৰ্ঘস্থায়ী অভাৱসমূহ দূৰ কৰিবলৈ অবিৰত প্ৰচেষ্টা গ্ৰহণ কৰি অহা হৈছে।

তেখেতে কয়, যোৱা ৬টা বছৰত গাঁওসমূহত অতুলনীয় উন্নয়ন সাধন হৈছে যি স্বাধীনতাৰ যোৱা সাতটা দশকে হৈ উঠা নাছিল। তেখেতে যোৱা ৬টা বছৰে গ্ৰামাঞ্চলৰ লোকসকলে লাভ কৰা সা-সুবিধাৰ কথা উল্লেখ কৰি কয় যে এই সময়ছোৱাত গাঁওবাসীয়ে বেংক একাউন্ট, বিদ্যুতৰ সংযোগ, শৌচালয়, গেছৰ সংযোগ, পকী গৃহ আৰু পাইপেৰে খোৱা পানীৰ সংযোগ লাভ কৰিলে। তেখেতে কয় যে দেশখনৰ প্ৰতিখন গাঁৱক অপ্টিকেল ফাইবাৰেৰে সংযোগ কৰাৰ নিমিত্তে এটা ব্যাপক অভিযান তীব্ৰ গতিত ৰূপায়ণ কৰি থকা হৈছে।

বিৰোধীক সমালোচনা কৰি, প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়, যিসকলে আমাৰ কৃষক ৰাইজ আত্ম নিৰ্ভৰশীল হৈ উঠোটো কামনা কৰা নাই, সেই সকলেই কৃষি খণ্ডত সাধন কৰা সংস্কাৰক লৈ আপত্তি দৰ্শাইছে। ক্ষুদ্ৰ কৃষক, পশুপালক আৰু মৎস্যজীৱিসকলৰ অৰ্থে কিষাণ ক্ৰেডিট কাৰ্ডৰ প্ৰৱৰ্তনত অবৈধ আয়ৰ পথ বন্ধ হৈ পৰাৰ বাবে দালাল আৰু মধ্যভোগীসকল অসন্তুষ্ট হৈ উঠিছে। তেখেতে তদুপৰি ইউৰিয়াৰ নীম ক’টিং, কৃষকৰ বেংক একাউন্টলৈ প্ৰত্যক্ষ লাভ হস্তান্তৰ ইত্যাদিৰ দৰে লীকেজ ৰুদ্ধকাৰী পদক্ষেপৰ কথা সদৰী কৰে আৰু কয়, লীকেজ দূৰ কৰাত যিসকল প্ৰভাৱিত হৈছে, সেইসকলেই আজি কৃষি সংস্কাৰৰ বিৰোধিতা কৰিছে। তেখতে কয়, এইসকলৰ বাবে দেশখনৰ উন্নয়নৰ গতি ৰুদ্ধ হৈ নপৰে আৰু গাঁও আৰু দৰিদ্ৰক আত্ম-নিৰ্ভৰ কৰি তুলিবলৈ প্ৰচেষ্টা অব্যাহত থাকিব। তেখেতে লগতে কয়, এই লক্ষ্যক বাস্তৱায়িত কৰি তুলিবলৈ ‘স্বামিত্ব আঁচনি’ৰ ভূমিকা অতিশয় গুৰুত্বপূৰ্ণ।

 

Click here to read full text speech

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Sanand 2.0's swift semicon wave accelerates India's chip ambitions

Media Coverage

Sanand 2.0's swift semicon wave accelerates India's chip ambitions
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister congratulates successful candidates of Civil Services Examination, 2025
March 06, 2026

The Prime Minister, Shri Narendra Modi has congratulated all those who have successfully cleared the Civil Services Examination, 2025. He said that their dedication, perseverance and hard work have enabled them to achieve this significant milestone.

The Prime Minister noted that clearing the Civil Services Examination marks the beginning of an important journey of public service. He wished the successful candidates the very best as they embark on the path of serving the nation and fulfilling the aspirations of the people.

The Prime Minister also conveyed his message to those who may not have secured the desired outcome in the examination. He acknowledged that such moments can be difficult, but emphasised that this is only one step in a larger journey.

Highlighting that many opportunities lie ahead, both in future examinations and in the many avenues through in which individuals can contribute to the nation, the Prime Minister extended his best wishes to them for the road ahead.

The Prime Minister wrote on X;

“Congratulations to all those who have successfully cleared the Civil Services Examination, 2025. Their dedication, perseverance and hard work have led to this significant milestone.

Wishing them the very best as they embark on a journey of serving the nation and fulfilling the aspirations of the people.”

“To those who may not have secured the desired outcome in the Civil Services Examination, I understand that such moments can be difficult. However, this is only one step in a larger journey. Many opportunities lie ahead, both in future examinations and in the many avenues through which you can contribute to our nation. My best wishes for the road ahead.”