হিতাধিকাৰীসকলক ছিকেল চেল জেনেটিক ষ্টেটাছ কাৰ্ড বিতৰণ কৰে
মধ্যপ্ৰদেশত প্ৰায় ৩.৫৭ কোটি AB-PMJAY কাৰ্ডৰ বিতৰণ আৰম্ভ
ৰাণী দুৰ্গাৱতীৰ ৫০০ সংখ্যক জন্ম বাৰ্ষিকী ৰাষ্ট্ৰীয় পৰ্যায়ত উদযাপন কৰা হ'ব
“ছিকেল চেল এনিমিয়া নিৰ্মূলৰ অভিযান অমৃত কালৰ এক মূল মিছনত পৰিণত হ’ব”
এই কাৰ্যসূচীৰ সময়ত প্ৰধানমন্ত্ৰীয়ে ষোড়শ শতিকাৰ মাজভাগৰ গণ্ডৱানাৰ শাসক ৰাণী দুৰ্গাৱতীক শ্ৰদ্ধা জনায়।
জনজাতীয় জনগোষ্ঠীৰ সৈতে তেওঁৰ ব্যক্তিগত অভিজ্ঞতাক স্মৰণ কৰি প্ৰধানমন্ত্ৰীয়ে ছিকেল চেল এনিমিয়াৰ যন্ত্ৰণাদায়ক লক্ষণ আৰু জিনীয় উৎপত্তিৰ ওপৰত আলোকপাত কৰে।

প্ৰধানমন্ত্ৰী শ্ৰীযুত নৰেন্দ্ৰ মোদীয়ে আজি মধ্যপ্ৰদেশৰ শ্বাহদলত ৰাষ্ট্ৰীয় ছিকেল চেল এনিমিয়া নিৰ্মূলকৰণ অভিযান আৰম্ভ কৰি হিতাধিকাৰীসকলক ছিকেল চেল জেনেটিক ষ্টেটাছ কাৰ্ড বিতৰণ কৰে। প্ৰধানমন্ত্ৰীয়ে মধ্যপ্ৰদেশত প্ৰায় ৩.৫৭ কোটি আয়ুষ্মান ভাৰত প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনাৰ (AB-PMJAY) কাৰ্ড বিতৰণৰ কামো আৰম্ভ কৰে। এই কাৰ্যসূচীৰ সময়ত প্ৰধানমন্ত্ৰীয়ে ষোড়শ শতিকাৰ মাজভাগৰ গণ্ডৱানাৰ শাসক ৰাণী দুৰ্গাৱতীক শ্ৰদ্ধা জনায়। 

সভাত ভাষণ দি প্ৰধানমন্ত্ৰীয়ে ৰাণী দুৰ্গাৱতীক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি কয় যে তেওঁৰ পৰা অনুপ্ৰাণিত হৈ ৰাষ্ট্ৰীয় ছিকেল চেল এনিমিয়া নিৰ্মূল অভিযান আজি আৰম্ভ কৰা হৈছে। তেওঁ লগতে উল্লেখ কৰে যে মধ্যপ্ৰদেশৰ জনসাধাৰণক ১ কোটি আয়ুষ্মান কাৰ্ড প্ৰদান কৰা হৈছে। প্ৰধানমন্ত্ৰীয়ে আলোকপাত কৰে যে এই দুটা বৃহৎ প্ৰচেষ্টাৰ জৰিয়তে আটাইতকৈ ডাঙৰ লাভৱান হৈছে গণ্ডভীল আদি আদিবাসী সমাজৰ জনসাধাৰণ। এই উপলক্ষে তেওঁ ৰাইজ আৰু মধ্যপ্ৰদেশৰ ডবল ইঞ্জিন চৰকাৰক অভিনন্দন জ্ঞাপন কৰে।

 

প্ৰধানমন্ত্ৰীয়ে কয় যে আজি শ্বাহদলৰ ভূমিৰ পৰা জনজাতি জনগোষ্ঠীৰ পৰা জনসাধাৰণৰ জীৱন সুৰক্ষিত কৰাৰ এক বৃহৎ প্ৰতিশ্ৰুতিছিকেল চেল এনিমিয়াৰ পৰা মুক্তিৰ সংকল্প আৰু ২.৫ লাখ শিশু আৰু পৰিয়ালৰ জীৱন ৰক্ষাৰ সংকল্প গ্ৰহণ কৰিছে যিবোৰ ৰোগৰ দ্বাৰা আক্ৰান্ত হয়। জনজাতীয় জনগোষ্ঠীৰ সৈতে তেওঁৰ ব্যক্তিগত অভিজ্ঞতাক স্মৰণ কৰি প্ৰধানমন্ত্ৰীয়ে ছিকেল চেল এনিমিয়াৰ যন্ত্ৰণাদায়ক লক্ষণ আৰু জিনীয় উৎপত্তিৰ ওপৰত আলোকপাত কৰে। 

বিশ্বৰ ৫০ শতাংশতকৈও অধিক ছিকল চেল এনিমিয়া ৰোগী স্বয়ং ভাৰততে উদ্ভৱ হয় যদিও বিগত ৭০ বছৰ ধৰি ছিকেল চেল এনিমিয়া বিষয়টোৰ প্ৰতি কোনো গুৰুত্ব দিয়া হোৱা নাছিল বুলি প্ৰধানমন্ত্ৰীয়ে আক্ষেপ প্ৰকাশ কৰে। তেওঁ আদিবাসী জনগোষ্ঠীৰ প্ৰতি বিগত চৰকাৰসমূহৰ উদাসীনতাক আলোকপাত কৰি কয় যে বৰ্তমানৰ চৰকাৰখনেই ইয়াৰ সমাধান বিচাৰি আগবাঢ়িছিল। প্ৰধানমন্ত্ৰীয়ে কয় যে বৰ্তমান চৰকাৰৰ বাবে আদিবাসী সম্প্ৰদায় কেৱল নিৰ্বাচনী সংখ্যা নহয় বৰঞ্চ অতি সংবেদনশীলতা আৰু আৱেগৰ বিষয়। প্ৰধানমন্ত্ৰীয়ে জনোৱা মতেতেওঁ প্ৰথমে গুজৰাটৰ মুখ্যমন্ত্ৰী হোৱাৰ পূৰ্বে এই দিশত প্ৰচেষ্টা চলাই আহিছে যত তেওঁ আৰু মধ্যপ্ৰদেশৰ বৰ্তমানৰ ৰাজ্যপাল শ্ৰী মংগুভাই চি পেটেলে আদিবাসী জনগোষ্ঠীসমূহ ভ্ৰমণ কৰি ছিকেল চেল এনিমিয়া সম্পৰ্কে সজাগতা সৃষ্টি কৰিব। গুজৰাটৰ মুখ্যমন্ত্ৰী হিচাপে ৰাজ্যত বিভিন্ন প্ৰচাৰ আৰম্ভ কৰাৰ কথাও তেওঁ স্মৰণ কৰে। তেওঁ ভাৰতৰ প্ৰধানমন্ত্ৰী হিচাপে জাপান ভ্ৰমণৰ সময়ত এজন নোবেল বঁটা বিজয়ী বিজ্ঞানীৰ পৰা সহায় বিচৰাৰ বিষয়েও অৱগত কৰে।

 

প্ৰধানমন্ত্ৰীয়ে কয় যে ছিকেল চেল এনিমিয়া নিৰ্মূলৰ এই অভিযান অমৃত কালৰ এক মূল মিছনত পৰিণত হব। ২০৪৭ চনৰ ভিতৰত জনজাতীয় জনগোষ্ঠী আৰু দেশক ছিকেল চেল এনিমিয়াৰ বিপদৰ পৰা মুক্ত কৰাৰ সংকল্প প্ৰকাশ কৰি চৰকাৰস্বাস্থ্য কৰ্মী আৰু জনজাতীয় লোকৰ সমন্বিত পন্থাৰ প্ৰয়োজনীয়তাৰ ওপৰত আলোকপাত কৰে। তেওঁ জনাইছে যে ৰোগীসকলৰ বাবে ব্লাড বেংক স্থাপন কৰা হৈছেহাড়ৰ মজ্জা সংৰোপণৰ ব্যৱস্থা বৃদ্ধি কৰা হৈছেআৰু ছিকেল চেল এনিমিয়াৰ পৰীক্ষাৰ নতুন ৰূপ দিয়া হৈছে। তেওঁ ৰাইজক স্ক্ৰীনিঙৰ বাবে আগবাঢ়ি আহিবলৈ কয়।

 

প্ৰধানমন্ত্ৰীয়ে কয় যে ৰোগে পৰিয়ালটোক দৰিদ্ৰতাৰ গ্ৰাসলৈ ঠেলি দিয়াৰ লগতে সমগ্ৰ পৰিয়ালটোক প্ৰভাৱিত কৰে। নিজৰ দৰিদ্ৰতাৰ পটভূমিৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে চৰকাৰে এই যন্ত্ৰণা জানে আৰু ৰোগীসকলক সহায় কৰাৰ ক্ষেত্ৰত সংবেদনশীল। এই প্ৰচেষ্টাসমূহৰ ফলত টিবি ৰোগৰ সংক্ৰমণ হ্ৰাস পাইছে আৰু ২০২৫ চনৰ ভিতৰত টিবি সম্পূৰ্ণৰূপে নিৰ্মূল কৰাৰ বাবে দেশে কাম কৰি আছে। বিভিন্ন ৰোগৰ প্ৰাদুৰ্ভাৱৰ তথ্য দি প্ৰধানমন্ত্ৰীয়ে কয় যে ২০১৩ চনত কলা আজাৰৰ ১১ হাজাৰ ৰোগী আছিলএতিয়া সেইবোৰ হ্ৰাস পাই হৈছে হাজাৰতকৈও কম। ২০১৩ চনত ১০ লাখ মেলেৰিয়া ৰোগী আছিল যি এতিয়া ২০২২ চনত ২ লাখতকৈও কম হৈছে। একেদৰে কুষ্ঠ ৰোগৰ সংখ্যা ১.২৫ লাখৰ পৰা ৭০-৭৫ হাজাৰলৈ হ্ৰাস পাইছে। 

বৰ্তমানৰ চৰকাৰে কেৱল অসুস্থতা হ্ৰাস কৰাই নহয়যিকোনো ৰোগৰ খৰচো কম কৰিবলৈ চেষ্টা কৰে”, প্ৰধানমন্ত্ৰীয়ে আয়ুষ্মান ভাৰত আঁচনিৰ ওপৰত আলোকপাত কৰি মন্তব্য কৰে যে ই চিকিৎসা ব্যয়ৰ বাবে জনসাধাৰণৰ ওপৰত আৰ্থিক বোজা বহু পৰিমাণে হ্ৰাস কৰিছে। তেওঁ জনোৱা মতেআজি ১ কোটি হিতাধিকাৰীক আয়ুষ্মান কাৰ্ড প্ৰদান কৰা হৈছে যিয়ে চিকিৎসালয়লৈ যাবলগীয়া হোৱা দৰিদ্ৰ লোকসকলৰ বাবে ৫ লাখ টকাৰ এটিএম কাৰ্ড হিচাপে কাম কৰিব। ভাৰতৰ যিকোনো অংশই হওকআপুনি তেওঁলোকক এই কাৰ্ড দেখুৱাই ৫ লাখ টকাৰ বিনামূলীয়া চিকিৎসা লাভ কৰিব পাৰে”, শ্ৰী মোদীয়ে দৃঢ়তাৰে কয়।

 

প্ৰধানমন্ত্ৰীয়ে জনোৱা মতেআয়ুষ্মান আঁচনিৰ অধীনত প্ৰায় ৫ কোটি ৰোগীয়ে বিনামূলীয়া চিকিৎসাৰ সুবিধা লাভ কৰিছেসমগ্ৰ দেশতেযাৰ ফলত এক লাখ কোটিতকৈ অধিক ৰোগীৰ ৰাহি হৈছে। এই আয়ুষ্মান কাৰ্ডখনেই হৈছে দুখীয়াৰ আটাইতকৈ ডাঙৰ চিন্তা দূৰ কৰাৰ নিশ্চয়তা। ৫ লাখ টকাৰ এই নিশ্চয়তা বিগত সময়ত কোনেও দিয়া নাইএই চৰকাৰেইমোদীয়েইএই নিশ্চয়তা দিছে”, প্ৰধানমন্ত্ৰীয়ে কয়। 

প্ৰধানমন্ত্ৰীয়ে ভুৱা নিশ্চয়তা প্ৰদান কৰাসকলৰ সন্দৰ্ভত সকীয়াই দি ৰাইজক তেওঁলোকৰ অভাৱ চিনাক্ত কৰিবলৈ কয়। বিনামূলীয়া বিদ্যুতৰ নিশ্চয়তাৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে ইয়াৰ অৰ্থ হৈছে বিদ্যুতৰ ব্যয় বৃদ্ধি পাব। একেদৰে যেতিয়া কোনো চৰকাৰে বিনামূলীয়াকৈ যাতায়াতৰ ব্যৱস্থা কৰি আছেতেতিয়া ইয়াৰ অৰ্থ হল ৰাজ্যখনৰ পৰিবহণ ব্যৱস্থা ধ্বংস হবলৈ ওলাইছেযেতিয়া অধিক পেঞ্চনৰ প্ৰতিশ্ৰুতি দিয়া হয়তেতিয়া ইয়াৰ কৰ্মচাৰীৰ দৰমহা পলম হব বুলি স্পষ্ট ইংগিত পোৱা যায়। লগতে তেওঁ আগবঢ়োৱা সস্তীয়া পেট্ৰলৰ মূল্যৰ কথা উল্লেখ কৰি কয় যে ইয়াৰ অৰ্থ হল জনসাধাৰণৰ বাবে কৰ হাৰ বৃদ্ধিহে। নিয়োগৰ নিশ্চয়তা সন্দৰ্ভত প্ৰধানমন্ত্ৰীয়ে কয় যে নতুনকৈ প্ৰৱৰ্তন কৰা নীতিসমূহে ৰাজ্যখনৰ উদ্যোগসমূহ ধ্বংস কৰিব বুলি নিশ্চিত। বিৰোধীক তীব্ৰ সমালোচনা কৰি প্ৰধানমন্ত্ৰীয়ে কয়, ‘কিছুমান ৰাজনৈতিক দলৰ অৰ্থ হল নিয়ত মেখোট ঔৰ গৰীব পৰ চোট’ (দুষ্ট উদ্দেশ্য আৰু দুখীয়াক আঘাত দিয়াৰ প্ৰৱণতা)। বিগত ৭০ বছৰত পূৰ্বৰ চৰকাৰসমূহে দুখীয়াৰ বাবে খাদ্য টেবুলত কষ্টেৰে ৰাখিব পাৰিছিলকিন্তু বৰ্তমানৰ চৰকাৰখনে গৰীব কল্যাণ যোজনাৰ জৰিয়তে ৮০ কোটি পৰিয়ালক বিনামূলীয়া খাদ্য শস্যৰ নিশ্চয়তা প্ৰদান কৰি টেবুল ঘূৰাইছে। আয়ুষ্মান যোজনাৰ জৰিয়তে ৫০ কোটি হিতাধিকাৰীক স্বাস্থ্য সুৰক্ষা প্ৰদানউজ্জ্বলা যোজনাৰ ১০ কোটি মহিলা হিতাধিকাৰীক বিনামূলীয়া গেছ সংযোগমুদ্ৰা যোজনাৰ জৰিয়তে ৮.৫ কোটি হিতাধিকাৰীক ঋণ প্ৰদানৰ কথাও তেওঁ উল্লেখ কৰে।

 

প্ৰধানমন্ত্ৰীয়ে পূৰ্বৰ জনজাতি বিৰোধী নীতিৰ কথাও কয়। প্ৰধানমন্ত্ৰীয়ে কয় যে নতুন ৰাষ্ট্ৰীয় শিক্ষা নীতিয়ে জনজাতীয় ছাত্ৰ-ছাত্ৰীৰ সন্মুখত ভাষাৰ প্ৰত্যাহ্বানৰ সমাধান কৰিছে। মিছা নিশ্চয়তা দিয়া লোকসকলে এনইপিৰ বিৰোধিতা কৰাত তেওঁ দুখ প্ৰকাশ কৰে। তেওঁ ৪০০ৰো অধিক নতুন একলব্য বিদ্যালয়ৰ বিষয়ে অৱগত কৰে যিয়ে জনজাতীয় শিশুসকলক আৱাসিক বিদ্যালয়ৰ শিক্ষা প্ৰদান কৰিছে। কেৱল মধ্যপ্ৰদেশতে এনে ২৪ হাজাৰ ছাত্ৰ-ছাত্ৰীয়ে শিক্ষা লাভ কৰি আছে। 

পূৰ্বৰ অৱহেলাৰ বিপৰীতে প্ৰধানমন্ত্ৰীয়ে কয় যে বৰ্তমানৰ চৰকাৰে জনজাতি কল্যাণৰ বাবে সুকীয়া মন্ত্ৰালয় গঠন কৰি মন্ত্ৰালয়ৰ বাজেট তিনিবাৰ বৃদ্ধি কৰি জনজাতীয় জনগোষ্ঠীক অগ্ৰাধিকাৰ দিছে। বন অধিকাৰ আইনৰ অধীনত ২০ লাখ টাইটেল বিতৰণ কৰা হৈছে। পূৰ্বৰ লুটপাতৰ দৰে নহয়শ্ৰী মোদীয়ে কয় যে জনজাতীয় সম্প্ৰদায়ক তেওঁলোকৰ অধিকাৰ দিয়া হৈছে আৰু তেওঁলোকৰ পৰম্পৰাক আদী মহোৎসৱৰ দৰে অনুষ্ঠানেৰে সন্মানিত কৰা হৈছে।

 

জনজাতীয় ঐতিহ্যক সন্মান জনোৱাৰ কাম অব্যাহত ৰাখি প্ৰধানমন্ত্ৰীয়ে বিগত ৯ বছৰত গ্ৰহণ কৰা পদক্ষেপৰ কথা কয়। তেওঁ ১৫ নৱেম্বৰভগৱান বীৰছা মুণ্ডাৰ জন্ম বাৰ্ষিকীক জনজাতীয় গৌৰৱ দিৱস হিচাপে ঘোষণা কৰাৰ দৰে পদক্ষেপ আৰু বিভিন্ন জনজাতীয় স্বাধীনতা সংগ্ৰামীৰ বাবে উৎসৰ্গিত সংগ্ৰহালয়ৰ কথা উল্লেখ কৰে। ভাৰতৰ ৰাষ্ট্ৰপতি পদত এগৰাকী জনজাতীয় মহিলা নিৰ্বাচনৰ ক্ষেত্ৰত বহু ৰাজনৈতিক দলৰ মনোভাৱৰ কথাও তেওঁ উল্লেখ কৰে। স্থানীয় উদাহৰণ দি প্ৰধানমন্ত্ৰীয়ে জনজাতীয় অঞ্চলতো একক পৰিয়ালৰ নামেৰে প্ৰতিষ্ঠানৰ নামকৰণৰ পূৰ্বৰ প্ৰথাৰ ওপৰত আলোকপাত কৰে আৰু শিৱৰাজ সিং চৰকাৰে মহান গণ্ড বিপ্লৱী ৰাজা শংকৰ শ্বাহৰ নামেৰে চিণ্ডৱাৰা বিশ্ববিদ্যালয়ৰ নামকৰণ আৰু পাটলপানী ষ্টেচনৰ নাম তন্ত্য মামাৰ নামেৰে ৰখাৰ উদাহৰণ দাঙি ধৰে। তেওঁ লগতে উল্লেখ কৰে যে বর্তমানৰ চৰকাৰে শ্রীদলবীৰ সিঙৰ দৰে গণ্ড নেতাৰ অৱহেলা আৰু অসন্মান শুধৰাই দিলে৷

 

প্ৰধানমন্ত্ৰীয়ে ঘোষণা কৰে যে ৰাণী দুৰ্গাৱতীৰ ৫০০ সংখ্যক জন্ম জয়ন্তী ভাৰত চৰকাৰে ৰাষ্ট্ৰীয় পৰ্যায়ত পালন কৰিব। তেওঁৰ জীৱনক লৈ এখন ছবি নিৰ্মাণ কৰা হব আৰু স্মৃতিচাৰণ মুদ্ৰা আৰু ডাকটিকট প্ৰদান কৰা হব। 

ভাষণৰ সামৰণিত প্ৰধানমন্ত্ৰীয়ে এই প্ৰচেষ্টাসমূহ আৰু অধিক আগুৱাই নিবলৈ ৰাইজৰ সহযোগিতা আৰু আশীৰ্বাদ বিচাৰিলে। ৰাণী দুৰ্গাৱতীৰ আশীৰ্বাদ আৰু প্ৰেৰণাই মধ্যপ্ৰদেশক উন্নয়নৰ নতুন উচ্চতালৈ উৰি যাবলৈ আৰু একেলগে উন্নত ভাৰতৰ সপোন বাস্তৱায়িত কৰিবলৈ সক্ষম কৰিব বুলি তেওঁ আস্থা প্ৰকাশ কৰে।

 

এই উপলক্ষে অন্যান্যসকলৰ লগতে মধ্যপ্ৰদেশৰ ৰাজ্যপালমধ্য প্ৰদেশৰ মুখ্যমন্ত্ৰী শ্ৰী মংগুভাই চি পেটেলকেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী শ্ৰী শিৱৰাজ সিং চৌহানকেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰীসংসদৰ সদস্যমধ্যপ্ৰদেশ চৰকাৰৰ মন্ত্ৰী আৰু বিধানসভাৰ সদস্যসকল উপস্থিত থাকে।

 

পৃষ্ঠভূমি

 

বিশেষকৈ জনজাতীয় জনসংখ্যাৰ মাজত ছিকেল চেল ৰোগে সৃষ্টি কৰা জৰুৰী স্বাস্থ্যজনিত প্ৰত্যাহ্বানসমূহ মোকাবিলা কৰাৰ লক্ষ্য এই মিছনৰ। ২০৪৭ চনৰ ভিতৰত জনস্বাস্থ্য সমস্যা হিচাপে ছিকেল চেল ৰোগ নিৰ্মূল কৰাৰ বাবে চৰকাৰে চলাই থকা প্ৰচেষ্টাত এই মিছনৰ এক গুৰুত্বপূৰ্ণ মাইলৰ খুঁটি হিচাপে পৰিগণিত হব। ২০২৩ চনৰ কেন্দ্ৰীয় বাজেটত ঘোষণা কৰা হয় ৰাষ্ট্ৰীয় ছিকেল চেল এনিমিয়া নিৰ্মূলকৰণ অভিযান। এই অভিযান দেশৰ ১৭খন হাই-কাছ ৰাজ্য ক্ৰমে গুজৰাটমহাৰাষ্ট্ৰৰাজস্থানমধ্যপ্ৰদেশঝাৰখণ্ডছত্তীশগড়পশ্চিম বংগওড়িশাতামিলনাডুতেলেংগানাঅন্ধ্ৰপ্ৰদেশকৰ্ণাটকঅসমউত্তৰ প্ৰদেশকেৰালাবিহাৰআৰু উত্তৰাখণ্ডৰ ২৭৮খন জিলাত কাৰ্যকৰী কৰা হব। 

প্ৰধানমন্ত্ৰীয়ে মধ্যপ্ৰদেশত প্ৰায় ৩.৫৭ কোটি আয়ুষ্মান ভাৰত প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনাৰ (AB-PMJAY) কাৰ্ড বিতৰণৰ কামো আৰম্ভ কৰে। সমগ্ৰ ৰাজ্যৰ নগৰ সমিতিগ্ৰাম পঞ্চায়ত আৰু উন্নয়ন খণ্ডসমূহত আয়ুষ্মান কাৰ্ড বিতৰণৰ ব্যৱস্থা কৰি থকা হৈছে। আয়ুষ্মান কাৰ্ড বিতৰণ অভিযান কল্যাণমূলক আঁচনিৰ ১০০ শতাংশ পৰিপূৰকতা নিশ্চিত কৰিবলৈ প্ৰতিজন হিতাধিকাৰীৰ ওচৰলৈ যোৱাৰ প্ৰধানমন্ত্ৰীৰ দৃষ্টিভংগী বাস্তৱায়িত কৰাৰ দিশত এক পদক্ষেপ।

এই কাৰ্যসূচীৰ সময়ত প্ৰধানমন্ত্ৰীয়ে ষোড়শ শতিকাৰ মাজভাগত গণ্ডৱানাৰ শাসক ৰাণী দুৰ্গাৱতীক শ্ৰদ্ধা জনায়। মোগলৰ বিৰুদ্ধে স্বাধীনতাৰ বাবে যুঁজ দিয়া এগৰাকী নিৰ্ভীক আৰু সাহসী যোদ্ধা হিচাপে তেওঁক স্মৰণ কৰা হয়। 

Click here to read full text speech

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Rural commercial vehicle retail sales growth outpaces urban: Fada data

Media Coverage

Rural commercial vehicle retail sales growth outpaces urban: Fada data
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
PM condoles loss of lives in firecracker factory mishap in Kaushambi
August 31, 2026
PM announces ex-gratia from Prime Minister’s National Relief Fund

The Prime Minister, Shri Narendra Modi has expressed deep sorrow over the loss of lives in a mishap at a firecracker factory in Kaushambi, Uttar Pradesh. Shri Modi conveyed his condolences to the bereaved families and prayed for the speedy recovery of the injured.

Shri Modi also announced an ex-gratia of ₹2 lakh from the Prime Minister’s National Relief Fund (PMNRF) to the next of kin of each deceased and ₹50,000 for the injured.

The Prime Minister posted on X;

Extremely saddened by the loss of lives due to a mishap at a firecracker factory in Kaushambi, Uttar Pradesh. My thoughts are with the bereaved families in this hour of grief. May the injured recover at the earliest.

An ex-gratia of Rs. 2 lakh from PMNRF would be given to the next of kin of each deceased. The injured would be given Rs. 50,000: PM @narendramodi