“গণতন্ত্ৰৰ মহত্ব পৰীক্ষণৰ অন্যতম গুৰুত্বপূৰ্ণ মাপক হৈছে অভিযোগ মীমাংসা ব্যৱস্থাৰ শক্তিশালী উপস্থিতি। এই দিশত ‘সংহত লোকপাল আঁচনি’য়ে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব”
“মধ্যবিত্ত, কৰ্মচাৰী, ক্ষুদ্ৰ ব্যৱসায়ী আৰু জ্যেষ্ঠ নাগৰিকৰ ক্ষুদ্ৰ সঞ্চয়সমূহ চৰকাৰী প্ৰতিভূতিত প্ৰত্যক্ষ আৰু সুৰক্ষিত ভাবে অন্তৰ্ভূক্ত কৰিব বাবেই অৰ্থনীতিত সকলোকে সমাৱেশিত কৰাত সামৰ্থ্য প্ৰদান কৰিব ‘খুচুৰা প্ৰত্যক্ষ আঁচনি’য়ে”
“চৰকাৰে গ্ৰহণ কৰা পদক্ষেপসমূহৰ সুবাদতে বেংকসমূহৰ শাসন পদ্ধতি উন্নত হোৱাৰ লগতে এই ব্যৱস্থাৰ প্ৰতি গ্ৰাহকসকলৰ আস্থাও বাঢ়িবলৈ ধৰিছে”
“চৰকাৰে শেহতীয়া ভাবে গ্ৰহণ কৰা বৃহত্ সিদ্ধান্তসমূহৰ প্ৰভাৱ বৃদ্ধিত ‘আৰবিআই’-ৰ সিদ্ধান্তসমূহেও সহযোগিতা আগবঢ়াইছে”
“৬-৭বছৰৰ আগলৈকে ভাৰতত বেংকিং, পেন্সন আৰু বীমা যেন ‘আচুতীয়া ক্লাব’ৰহে বস্তু আছিল”
“ডিজিটেল লেন-দেনৰ ক্ষেত্ৰত ৭টা বছৰৰ ভিতৰতে ভাৰতে ১৯টা ঢাপৰ দীঘলীয়া জাপ মাৰিবলৈ সক্ষম হৈছে। আজিৰ তাৰিখত আমাৰ দেশৰ যিকোনো স্থানতে বেংক ব্যৱস্থা বছৰৰ ১২টামাহৰ প্ৰতিটো সপ্তাহৰ প্ৰতিটো দিনৰ ২৪ঘণ্টাই কাৰ্যক্ষম হৈ থাকে”
“আমি দেশৰ নাগৰিকসকলৰ প্ৰয়োজনীয়তাসমূহক কেন্দ্ৰত ৰখাৰ ল

‘ভাৰতীয় ৰিজাৰ্ভ বেংক’(আৰবিআই)-য়ে গ্ৰহণ কৰিব খোজা উপভোক্তা-কেন্দ্ৰিক দুটা উদ্ভাৱনশীল পদক্ষেপৰ আনুষ্ঠানিক ভাবে শুভাৰম্ভ ঘোষণা কৰে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে। ‘ভিডিঅ’ কনফাৰেন্সিং’ ব্যৱস্থাৰে আজি শুভাৰম্ভ কৰা পদক্ষেপ দুটা হৈছে- ‘খুচুৰা প্ৰত্যক্ষ আঁচনি’ আৰু ‘ৰিজাৰ্ভ বেংক- সংহত লোকপাল আঁচনি’। অনুষ্ঠানত বিত্ত আৰু কৰ্পোৰেট পৰিক্ৰমা দপ্তৰৰ কেন্দ্ৰীয় মন্ত্ৰী নিৰ্মলা সীতাৰমণ আৰু ৰিজাৰ্ভ বেংকৰ গৱৰ্ণৰ শ্ৰী শক্তিকান্ত দাসো উপস্থিত থাকে।

অনুষ্ঠানত ভাষণ দি প্ৰধানমন্ত্ৰীয়ে মহামাৰীৰ সময়ত দেশৰ বিত্ত মন্ত্ৰালয়ৰ লগতে ৰিজাৰ্ভ বেংকৰ দৰে বিত্তীয় সংস্থাসমূহে গ্ৰহণ কৰা প্ৰয়াসৰ প্ৰশংসা কৰে। “একৈশ শতিকাৰ এইটো দশক, অমৃত মহোতসৱৰ এইছোৱা সময় দেশৰ বিকাশৰ বাবে নিতান্তই গুৰুত্বপূৰ্ণ। এনে এক পৰিস্থিতিত ‘আৰবিআই’-ৰ ভূমিকাও নিতান্তই গুৰুত্বপূৰ্ণ। ‘আৰবিআই’-য়ে দেশৰ আশা-আকাংক্ষা পূৰণত সফলতা লাভ কৰিবই বুলি মই নিশ্চিত” বুলি অভিমত ব্যক্ত কৰে প্ৰধানমন্ত্ৰীয়ে।

‘খুচুৰা প্ৰত্যক্ষ আঁচনি’ আৰু ‘ৰিজাৰ্ভ বেংক- সংহত লোকপাল আঁচনি’ দুখনৰ সন্দৰ্ভত মন্তব্য কৰি প্ৰধানমন্ত্ৰীয়ে কয়, “মধ্যবিত্ত, কৰ্মচাৰী, ক্ষুদ্ৰ ব্যৱসায়ী আৰু জ্যেষ্ঠ নাগৰিকৰ ক্ষুদ্ৰ সঞ্চয়সমূহ চৰকাৰী প্ৰতিভূতিত প্ৰত্যক্ষ আৰু সুৰক্ষিত ভাবে অন্তৰ্ভূক্ত কৰিব বাবেই অৰ্থনীতিত সকলোকে সমাৱেশিত কৰাত সামৰ্থ্য প্ৰদান কৰিব ‘খুচুৰা প্ৰত্যক্ষ আঁচনি’য়ে”। ইফালে, দেশৰ বেংকিং ব্যৱস্থাত ‘এক ৰাষ্ট্ৰ এক লোকপাল ব্যৱস্থা’ই থন্ ধৰি উঠাৰ প্ৰসংগ উথ্থাপন কৰি প্ৰধানমন্ত্ৰীয়ে কয় “গণতন্ত্ৰৰ মহত্ব পৰীক্ষণৰ অন্যতম গুৰুত্বপূৰ্ণ মাপক হৈছে অভিযোগ মীমাংসা ব্যৱস্থাৰ শক্তিশালী উপস্থিতি। এই দিশত ৰিজাৰ্ভ বেংকে আৰম্ভ কৰিব খোজা ‘সংহত লোকপাল আঁচনি’য়ে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব”।

ভাষণ প্ৰসংগত তেওঁ কয়, “চৰকাৰে গ্ৰহণ কৰা পদক্ষেপসমূহৰ সুবাদতে বেংকসমূহৰ শাসন পদ্ধতি উন্নত হোৱাৰ লগতে এই ব্যৱস্থাৰ প্ৰতি গ্ৰাহকসকলৰ আস্থাও বাঢ়িবলৈ ধৰিছে”। সেইদৰে, “চৰকাৰে শেহতীয়া ভাবে গ্ৰহণ কৰা বৃহত্ সিদ্ধান্তসমূহৰ প্ৰভাৱ বৃদ্ধিত আৰবিআই-ৰ সিদ্ধান্তসমূহেও সহযোগিতা আগবঢ়াইছে” বুলি তেওঁ মন্তব্য কৰে। প্ৰসংগক্ৰমে তেওঁ অনুভৱ ব্যক্ত কৰি কয়, “৬-৭বছৰৰ আগলৈকে ভাৰতত বেংকিং, পেন্সন আৰু বীমা যেন ‘আচুতীয়া ক্লাব’ৰহে বস্তু আছিল”।

ইফালে, ডিজিটেল লেন-দেনৰ ক্ষেত্ৰত “৭টা বছৰৰ ভিতৰতে ভাৰতে ১৯টা ঢাপৰ দীঘলীয়া জাপ মাৰিবলৈ সক্ষম হৈছে” বুলি মন্তব্য কৰা প্ৰধানমন্ত্ৰীয়ে কয়, “আজিৰ তাৰিখত আমাৰ দেশৰ যিকোনো স্থানতে বেংক ব্যৱস্থা বছৰৰ ১২টামাহৰ প্ৰতিটো সপ্তাহৰ প্ৰতিটো দিনৰ ২৪ঘণ্টাই কাৰ্যক্ষম হৈ থাকে”।

“আমি দেশৰ নাগৰিকসকলৰ প্ৰয়োজনীয়তাসমূহক কেন্দ্ৰত ৰখাৰ লগতে বিনিয়োগকাৰীসকলৰ আস্থাক শক্তিশালী কৰি ৰাখিব লাগিব” বুলি মন্তব্য কৰা প্ৰধানমন্ত্ৰীয়ে “আৰবিআই’-য়ে সংবেদনশীল আৰু বিনিয়োগকাৰী-অনুকূল লক্ষ্যস্থান হিচাপে গঢ়ি উঠা ভাৰতৰ নতুন পৰিচিতিক শক্তিশালী কৰি ৰাখিব বুলি মই নিশ্চিত” বুলিও অভিমত ব্যক্ত কৰে।

अमृत महोत्सव का ये कालखंड, 21वीं सदी का ये दशक देश के विकास के लिए बहुत अहम है।

ऐसे में RBI की भी भूमिका बहुत बड़ी है।

मुझे पूरा विश्वास है कि टीम RBI, देश की अपेक्षाओं पर खरा उतरेगी: PM @narendramodi

— PMO India (@PMOIndia) November 12, 2021

সম্পূৰ্ণ ভাষণ পঢ়িবলৈ ইয়াত ক্লিক কৰক

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Teachers: The artists of education

Media Coverage

Teachers: The artists of education
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 7 ছেপ্টেম্বৰ 2026
September 07, 2026

Vasudhaiva Kutumbakam in Action: Tech Hub, Border Villages, Global Leadership by PM Modi