India is moving forward with the goal of reaching connectivity to every village in the country: PM
21st century India, 21st century Bihar, now moving ahead leaving behind all old shortcomings: PM
New farm bills passed are "historic and necessary" for the country to move forward: PM Modi

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ’ কনফাৰেস্নিং যোগে বিহাৰত ১৪০০০ কোটি টকা মূল্যৰ নটা ৰাষ্ট্ৰীয় ঘাইপথ প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে আৰু ৰাজ্যখনত অপ্টিকেল ফাইবাৰ ইণ্টাৰনেট সেৱাৰ প্ৰকল্প মুকলি কৰে৷

অনুষ্ঠানটোত উপস্থিত থাকি প্ৰধানমন্ত্ৰীয়ে কয় যে ঘাইপথৰ এই প্ৰকল্পসমূহে বিহাৰৰ যোগাযোগ ব্যৱস্থা উন্নত কৰিব৷ এই প্ৰকল্পসমূহত ৩খন বৃহৎ দলং, চাৰিলেন আৰু ছয়লেনযুক্ত ঘাইপথলৈ সম্প্ৰসাৰণ আদিৰ প্ৰকল্প অন্তৰ্ভুক্ত আছে৷ তেওঁ কয় যে বিহাৰৰ সকলো নদীৰ ওপৰত দলঙৰ নিৰ্মাণ একবিংশ শতিকাৰ বৈশিষ্ট অনুসৰি কৰা হ’ব আৰু সকলো প্ৰধান ঘাইপথ বহল কৰা হ’ব৷

প্ৰধানমন্ত্ৰীয়ে আজিৰ দিনটোক কেৱল বিহাৰৰ বাবে ঐতিহাসিক বুলি নকৈ সমগ্ৰ দেশৰ বাবে ঐতিহাসিক বুলি মন্তব্য কৰে৷ তেওঁ কয় যে চৰকাৰে গাঁওসমূহক আত্মনিৰ্ভৰ ভাৰতৰ বীক্ষণেৰে শক্তিশালী কৰিব বিচাৰিছে আৰু এই পদক্ষেপ আজি বিহাৰৰ পৰাই আৰম্ভ হৈছে৷  তেওঁ কয় যে ৬ লাখ গাঁৱক ১০০০ দিনৰ ভিতৰত অপ্টিকেল ফাইবাৰ কেবলৰ জৰিয়তে ইণ্টাৰনেটৰ সুবিধাৰে সংযোজিত কৰা হ’ব৷ ইয়াৰে ভিতৰত ৪৫,৯৪৫খন গাঁৱেই হ’ল বিহাৰৰ৷

প্ৰধানমন্ত্ৰীয়ে কয় যে ডিজিটেল লেনদেনৰ ক্ষেত্ৰত ভাৰত বিশ্বৰ ভিতৰতে অগ্ৰণী৷  ২০২০ চনৰ আগষ্টত ইউপিআইৰ জৰিয়তে প্ৰায় ৩ লাখ কোটি টকাৰ লেনদেন হৈছিল৷ ইণ্টাৰনেটৰ বৰ্ধিত চাহিদাৰ পৰিপ্ৰেক্ষিতত এতিয়া দেশৰ গাঁওসমূহকো উচ্চ গতিৰ ইণ্টাৰনেটেৰে সংযোজিত কৰাটো আৱশ্যক হৈ পৰিছে৷

তেওঁ কয় যে চৰকাৰৰ প্ৰয়াসৰ ফলত ইতিমধ্যেই ১.৫ লাখ গাঁও পঞ্চায়ত আৰু ৩ লক্ষাধিক সাধাৰণ সেৱা কেন্দ্ৰত অপ্টিকেল ফাইবাৰ স্থাপন কৰা হৈছে৷

উচ্চ গতিৰ সংযোগৰ সুবিধাৰ বিষয়ে আলোকপাত কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে ইয়াৰ জৰিয়তে শিক্ষাৰ্থীসকলৰ অধ্যয়ন সামগ্ৰী, টেলিমেডিচিন, বীজৰ তথ্য আজিৰ সুবিধা লাভ কৰিবলৈ সহজ হৈ পৰিব৷ কৃষকসকলে সহজে তেওঁলোকৰ উৎপাদিত সামগ্ৰী দেশৰ যিকোনো প্ৰান্তত বিক্ৰী কৰিবলৈ সুবিধা পাব৷

প্ৰধানমন্ত্ৰীয়ে কয় যে চৰকাৰৰ লক্ষ্য হ’ল দেশৰ গ্ৰামাঞ্চলত নগৰৰ সুবিধা প্ৰদান কৰা৷ শ্ৰী মোদীয়ে কয় যে পূৰ্বতে আন্তঃগাঁথনি নিৰ্মাণৰ ক্ষেত্ৰত মনোযোগ দিয়া নহৈছিল আৰু শ্ৰী অটল বিহাৰী বাজপেয়ীৰ প্ৰধানমন্ত্ৰীত্বৰ কালছোৱাতহে উপযুক্ত উত্তৰণে গতি লাভ কৰিছিল৷

প্ৰধানমন্ত্ৰীয়ে কয় যে চৰকাৰৰ লক্ষ্য হ’ল দেশৰ গ্ৰামাঞ্চলত নগৰৰ সুবিধা প্ৰদান কৰা৷ শ্ৰী মোদীয়ে কয় যে পূৰ্বতে আন্তঃগাঁথনি নিৰ্মাণৰ ক্ষেত্ৰত মনোযোগ দিয়া নহৈছিল আৰু শ্ৰী অটল বিহাৰী বাজপেয়ীৰ প্ৰধানমন্ত্ৰীত্বৰ কালছোৱাতহে উপযুক্ত উত্তৰণে গতি লাভ কৰিছিল৷

প্ৰধানমন্ত্ৰীয়ে কয় যে বৰ্তমানৰ লক্ষ্য হ’ল যে মাল্টি –মোডাল পৰিবহণ নেটৱৰ্ক গঢ়ি তোৱা যাতে পৰস্পৰে পৰস্পৰৰ সৈতে পৰিবহণ সংযোজিত হয়৷  সেয়ে এতিয়া আন্তঃগাঁথনিমূলক কামৰ লক্ষ্য নিৰ্ধাৰণ  কৰা হৈছে৷ আজি ঘাইপথসমূহ ২০১৪ চনৰ পূৰ্বৰ তুলনাত দুগুণ অধিক গতিত নিৰ্মাণ কৰা হৈছে৷ ২০১৪ চনৰ পূৰ্বে যিমান ব্যয় নিৰ্ধাৰণ কৰা হৈছিল আজি তাৰে পাঁচ গুণ পৰ্যন্ত বৃদ্ধি হৈছে৷

তেওঁ কয় যে চৰকাৰে আগন্তুক ৪-৫ বছৰৰ ভিতৰত আন্তঃগাঁথনিত ১১০ লাখ কোটি টকা ব্যয় কৰাৰ বিষয়ে ঘোষণা কৰিছে৷ ইয়াৰে ১৯ লাখ কোটি টকা ঘাইপথৰ বাবে নিৰ্ধাৰণ কৰা হৈছে৷

প্ৰধানমন্ত্ৰীয়ে কয় যে বিহাৰো এই আন্তঃগাঁথনিমূলক প্ৰকল্পসমূহৰ দ্বাৰা উপকৃত হ’ব৷ ২০১৫ চনত ঘো৷ষণা কৰা প্ৰধানমন্ত্ৰীৰ পেকেজৰ অধীনত ৩০০০ কিলোমিটাৰৰ ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণৰ প্ৰস্তাৱ দিয়া হৈছিল৷ তাৰোপৰি ভাৰতমালা প্ৰকল্পৰ অধীনত চাৰে ছয় কিলোমিটাৰৰ ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণ কৰা হৈছে৷ পূব আৰু পশ্চিম বিহাৰত ৫টা প্ৰকল্পৰ কাম চলি আছে৷

তেওঁ কয় যে বিহাৰৰ যোগাযোগ ব্যৱস্থাৰ প্ৰধান অন্তৰায় আছিল বৃহৎ নদীকেইখন৷ সেয়ে প্ৰধানমন্ত্ৰী পেকেজ ঘোষণা কৰাৰ সময়ত দলঙৰ নিৰ্মাণৰ ক্ষেত্ৰত বিশেষ মনোযোগ প্ৰদান কৰা হৈছিল৷ প্ৰধানমন্ত্ৰী পেকেজৰ অধীনত গংগা নদীৰ ওপৰত ১৭খন দলঙৰ নিৰ্মাণৰ কাম চলি আছে আৰু ইয়াৰে অধিকাংশই নিৰ্মাণ কৰা হৈছে৷ ঠিক সেইদৰে গন্দক আৰু কুশী নদীৰ ওপৰতো দলং নিৰ্মাণৰ কাম চলি আছে৷

প্ৰধানমন্ত্ৰীয়ে কয় যে মহাত্মা গান্ধী সেতু সেতু আৰু বিক্ৰমশীলা সেতুৰ সমান্তৰালকৈ পাটনা ৰিং ৰোড আৰু দলং নিৰ্মাণৰ কাম চলি আছে৷

কালি সংসদত গৃহীত হোৱা কৃষি বিধেয়কৰ বিষয়ে উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে কৃষকসকলক বিভিন্ন অন্তৰায়ৰ পৰা মুক্ত কৰিবলৈ আৱশ্যকীয় সংস্কাৰ সাধন কৰা হৈছে৷ তেওঁ কয় যে এই ঐতিহাসিক আইনে কৃষকসকলক নতুন অধিকাৰ প্ৰদান কৰিব৷

প্ৰধানমন্ত্ৰীয়ে কয় যে পূৰ্বতে স্বাৰ্থপৰ লোকসকলে সহায়বিহীন কৃষকসকলক ভ্ৰাৰাক্ৰাত কৰিছিল৷ শ্ৰী মোদীয়ে কয় যে নতুন সংস্কাৰৰ অধীনত কৃষকসকলে কৃষি বজাৰসমূহৰ উপৰিও অন্যান্য বৈকল্পিক সুবিধা লাভ কৰিব৷ এতিয়াৰে পৰা এজন কৃষকে তেওঁৰ উৎপাদিত সামগ্ৰী অধিক লাভত বিক্ৰী কৰিব পাৰিব৷

কৃষি বজাৰসমূহ বন্ধ নহয় আৰু এইসমূহ পূৰ্বৰ দৰেই চলি থাকিব বুলি প্ৰধানমন্ত্ৰীয়ে তেওঁৰ ভাষণত উল্লেখ কৰে৷

সমগ্ৰ দেশতে পূৰ্বৰ দৰে এমএছপিৰ সুবিধা বাহাল থাকিব বুলি শ্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰতিজন কৃষকক আশ্বস্ত কৰে৷

ৰাজ্যখনৰ কৃষকসকলক উদ্দেশ্যি প্ৰধানমন্ত্ৰীয়ে কয় যে আমাৰ ওচৰত ৮৫ শতাংশতকৈও অধিক ক্ষুদ্ৰ অথবা প্ৰান্তৱৰ্তী কৃষক আছে৷ আৰু তেওঁলোকে নিম্ন উৎপাদনৰ ফলত লাভ উপাৰ্জন কৰিব নোৱাৰে৷ প্ৰধানমন্ত্ৰীয়ে কয় যে যদি কৃষকসকলে গোট গঠন কৰিব পাৰে তেন্তে তেওঁলোকে উন্নত ইনপুট ব্যয় আৰু অধিক উপাৰ্জন আশা কৰিব পাৰে৷ তেওঁলোকে ক্ৰেতাৰ সৈতে উন্নত সংযোগ গঢ়ি তুলিব পাৰে৷ ইয়াৰ জৰিয়তে কৃষি খণ্ডত সংস্কাৰমূলক কাৰ্য বৃদ্ধি হ’ব, কৃষকসকলে উন্নত প্ৰযুক্তি লাভ কৰিব, কৃষকসকলে সহজে আন্তৰ্জাতিক বজাৰৰ সৈতে সংযোজিত হ’ব৷

বিহাৰৰ এক চাউল ব্যৱসায় সংস্থাৰ সৈতে কৃষক উৎপাদক সংস্থাই কিদৰে চুক্তি সম্পন্ন কৰি লাভান্বিত হৈছিল সেই বিষয়ে শ্ৰী মোদীয়ে তেওঁৰ ভাষণত উল্লেখ কৰে৷

প্ৰধানমন্ত্ৰীয়ে কয় যে অত্যাৱশ্যকীয় সামগ্ৰী আইনতো সংস্কাৰ সাধন কৰা হৈছে৷ তেওঁ কয় যে এই আইনৰ কিছুমান প্ৰণালীয়ে কৃষকসকলক বিভিন্ন ক্ষেত্ৰত বাধা প্ৰদান কৰি আহিছিল৷ এই আইনৰ পৰা মাহ, তৈল বীজ, আলু, পিঁয়াজ আদিক ৰেহাই দিয়া হৈছে বুলি তেওঁ জানিবলৈ দিয়ে৷ এতিয়া কৃষকসকলে তেওঁলোকৰ উৎপাদিত সামগ্ৰী শীতলীকৰণ ভৱনত বৃহৎ সংখ্যাত জমা কৰিব পাৰে তেওঁ জানিবলৈ দিয়ে৷

প্ৰধানমন্ত্ৰীয়ে কয় যে কিছুমান স্বাৰ্থপৰ লোকে কৃষকসকলক এই ঐতিহাসিক সংস্কাৰমূলক কাৰ্যৰ বিৰুদ্ধে অপব্যাখ্যা প্ৰদান কৰি আহিছে৷ তেওঁ কয় যে ক’ৰোনাৰ এই সময়ছোৱাত কৃষকসকলৰ পৰা অভিলেখ সংখ্যাত ঘেঁহু ক্ৰয় কৰা হৈছে৷

তেওঁ কয় যে চলিত ৰবি ঋতুত কৃষকসকলক ঘেঁহু, গোটাশস্য, মাহ আৰু তৈলবীজৰ বাবে ১ লাখ ১৩ হাজাৰ কোটি টকাৰ এমএছপি প্ৰদান কৰা হৈছে৷ পূৰ্বৰ বৰ্ষতকৈ এই পৰিমাণ ৩০ শতাংশ অধিক হৈছে৷

অৰ্থাৎ ক’ৰোনাৰ সময়ছোৱাত কেৱল চৰকাৰী ক্ৰয়ৰ পৰিমাণ বৃদ্ধিয়েই নহয়, কৃষকসকলক অভিলেখ সংখ্যক পৰিশোধো প্ৰদান কৰা হৈছে৷ ভাষণ প্ৰসংগত প্ৰধানমন্ত্ৰীয়ে এয়া একবিংশ শতিকাৰ প্ৰয়োজনীয়তা অনুসৰি পদক্ষেপসমূহ গ্ৰহণ কৰা হৈছে বুলি জানিবলৈ দিয়ে৷

Click here to read full text speech

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Cabinet approves Rs 4,415 crore upgrade of 233 km NH-347B in Madhya Pradesh

Media Coverage

Cabinet approves Rs 4,415 crore upgrade of 233 km NH-347B in Madhya Pradesh
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
UK Foreign Secretary meets Prime Minister
June 04, 2026

UK Foreign Secretary Yvette Cooper today met Prime Minister Shri Narendra Modi.

The Prime Minister expressed his pleasure upon the meeting and appreciated the deepening of the India-UK partnership in recent times which has unlocked unprecedented growth opportunities for both countries.

The Prime Minister affirmed that the India-UK Vision 2035 will continue to guide the partnership and strengthen joint efforts for the global good.

The Prime Minister posted on X:

"Pleased to meet UK Foreign Secretary Yvette Cooper. Appreciated the deepening of the India-UK partnership in recent times that has unlocked unprecedented growth opportunities for both our countries.

India-UK Vision 2035 will continue to guide our partnership and strengthen our joint efforts for global good.@YvetteCooperMP"