গয়া জীৰ আধ্যাত্মিক আৰু সাংস্কৃতিক উভয় ঐতিহ্যই প্ৰাচীন আৰু অসীম চহকীঃ প্ৰধানমন্ত্ৰী
অপাৰেচন সিন্দূৰে ভাৰতৰ প্ৰতিৰক্ষা কৌশলত এক নতুন সাঁচ বহুৱালেঃ প্ৰধানমন্ত্ৰী
কেন্দ্ৰৰ এনডিএ চৰকাৰে বিহাৰৰ ক্ষীপ্ৰ উন্নয়ন সাধনত মূল অগ্ৰাধিকাৰ প্ৰদান কৰিছেঃ প্ৰধানমন্ত্ৰী
প্ৰতিজন অনুপ্ৰৱেশকাৰীকে বাদ নপৰাকৈ দেশৰ পৰা বহিষ্কাৰ কৰা হ’বঃ প্ৰধানমন্ত্ৰী

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি বিহাৰৰ গয়াত ১৩,০০০ কোটি টকা মূল্যৰ একাধিক উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন আৰু উদ্বোধন কৰে। প্ৰধানমন্ত্ৰীগৰাকীয়ে জ্ঞান আৰু মুক্তিৰ পবিত্ৰ নগৰী গয়া জীক প্ৰণাম জনাই বিষ্ণুপদ মন্দিৰৰ গৌৰৱময় ভূমিৰ পৰা সকলোকে শুভেচ্ছা জ্ঞাপন কৰে। শ্ৰী মোদীয়ে কয় যে গয়া জীৰ ভূমি আধ্যাত্মিকতা আৰু শান্তিৰ ক্ষেত্ৰ। তেখেতে কয় যে এই পবিত্ৰ ভূমিতে ভগৱান বুদ্ধই জ্ঞান লাভ কৰিছিল। “গয়া জীৰ আধ্যাত্মিক আৰু সাংস্কৃতিক উভয় ঐতিহ্যই প্ৰাচীন আৰু অসীম চহকী”, শ্ৰী মোদীয়ে কয়। অঞ্চলটোৰ জনসাধাৰণে চহৰখনক কেৱল “গয়া” বুলিয়েই নহয়, সন্মান সহকাৰে “গয়া জী” বুলি অভিহিত হোৱাটো কামনা কৰিছিল বুলি উল্লেখেৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে এই আৱেগক সন্মান জনোৱাৰ বাবে বিহাৰ চৰকাৰক অভিনন্দন জনায়। কেন্দ্ৰ আৰু বিহাৰত তেওঁলোকৰ চৰকাৰে গয়া জীৰ দ্ৰুত বিকাশৰ দিশত ধাৰাবাহিকভাৱে কাম কৰি থকাত তেখেতে সন্তোষ প্ৰকাশ কৰে।

আজি গয়া জীৰ পবিত্ৰ ভূমিৰ পৰা এদিনতে ১২,০০০ কোটি টকা মূল্যৰ প্ৰকল্পৰাজি উদ্বোধন কৰা হৈছে আৰু আধাৰশিলা স্থাপন কৰা হৈছে বুলি উল্লেখ কৰি শ্ৰী মোদীয়ে কয় যে এই প্ৰকল্পসমূহে শক্তি, স্বাস্থ্যসেৱা আৰু নগৰ উন্নয়নকে ধৰি মূল খণ্ডসমূহক সামৰি লৈছে। তেওঁ এই পদক্ষেপসমূহে বিহাৰৰ উদ্যোগিক ক্ষমতা শক্তিশালী কৰিব আৰু যুৱক-যুৱতীসকলৰ বাবে নতুন কৰ্মসংস্থাপনৰ সুযোগ সৃষ্টি কৰিব বুলি মন্তব্য প্ৰদানেৰে এই ৰূপান্তৰশীল প্ৰকল্পসমূহৰ বাবে বিহাৰবাসীক অভিনন্দন জনায়। প্ৰধানমন্ত্ৰীগৰাকীয়ে আৰু কয় যে ৰাজ্যখনৰ স্বাস্থ্যসেৱাৰ সুবিধাসমূহ বৃদ্ধিৰ বাবে আজি এখন চিকিৎসালয় আৰু গৱেষণা কেন্দ্ৰ উদ্বোধন কৰা হৈছে। তেখেতে উল্লেখ কৰে যে ইয়াৰ লগে-লগে বিহাৰৰ জনসাধাৰণে এতিয়া কৰ্কট ৰোগৰ চিকিৎসাৰ বাবে অতিৰিক্ত সুবিধা লাভ কৰিছে।

 

দৰিদ্ৰ লোকৰ জীৱন-যাত্ৰাৰ পৰা কষ্ট লাঘৱেৰে নাৰীৰ জীৱন-যাত্ৰাক সহজ কৰি তোলা কাৰ্য্যই জনসাধাৰণৰ সেৱক হিচাপে সৰ্বাধিক সন্তুষ্টি প্ৰদান কৰা বুলি দৃঢ়তাৰে উল্লেখ কৰি প্ৰধানমন্ত্ৰী গৰাকীয়ে পুনৰ কয় যে দৰিদ্ৰ লোকক পকী ঘৰ প্ৰদান কৰাটো তেওঁৰ অন্যতম প্ৰধান প্ৰতিশ্ৰুতি আছিল। তেখেতে ঘোষণা কৰে যে যেতিয়ালৈকে প্ৰতিজন আৰ্তজনে পকী ঘৰ নাপায় তেতিয়ালৈকে তেখেতে জিৰণি নলয়। তেখেতে কয় যে এই সংকল্পৰ পিছত, বিগত ১১ বছৰত সমগ্ৰ দেশতে দৰিদ্ৰসকলৰ বাবে ৪ কোটি পকী ঘৰ নিৰ্মাণ কৰা হৈছে। কেৱল বিহাৰতে ৩৮ লাখৰো অধিক ঘৰ নিৰ্মাণ কৰা হৈছে আৰু গয়া জিলাৰ ২ লাখৰো অধিক পৰিয়ালে নিজাকৈ পকী ঘৰ লাভ কৰিছে বুলি উল্লেখ কৰি শ্ৰী মোদীয়ে কয় যে এয়া কেৱল ঘৰেই নহয়, বৰঞ্চ দৰিদ্ৰ লোকসকলৰ বাবে মৰ্য্যাদাৰো প্ৰতীক। তেখেতে কয় যে এই ঘৰবোৰ বিদ্যুৎ, পানী, শৌচাগাৰ আৰু গেছৰ সংযোগেৰে সজ্জিত হৈছে— এনে ব্যৱস্থাই দৰিদ্ৰ পৰিয়ালসমূহেও সুবিধা, নিৰাপত্তা আৰু মৰ্য্যাদাৰে জীয়াই থকা কাৰ্য্য নিশ্চিত কৰিছে।

প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে এই পদক্ষেপ অব্যাহত ৰাখি বিহাৰৰ মগধ অঞ্চলৰ ১৬ হাজাৰৰো অধিক পৰিয়ালে এতিয়া নিজৰ পকী ঘৰ লাভ কৰিছে। তেখেতে মন্তব্য কৰে যে এইবাৰ এই ঘৰসমূহত দীপাৱলী আৰু ছঠ পূজা উদযাপন অধিক উজ্জ্বল হ’ব। ঘৰ পোৱা সকলো হিতাধিকাৰী পৰিয়াললৈ অভিনন্দন জ্ঞাপন কৰি শ্ৰী মোদীয়ে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত এতিয়াও সুবিধাৰ বাবে অপেক্ষা কৰি থকাসকলক আশ্বাস প্ৰদানেৰে কয় যে প্ৰতিজন দৰিদ্ৰ নাগৰিকে এটা পকী ঘৰ নোপোৱালৈকে এই অভিযান অব্যাহত থাকিব।

“বিহাৰ চন্দ্ৰগুপ্ত মৌৰ্য্য আৰু চাণক্যৰ ভূমি। ভাৰতে যেতিয়াই শত্ৰুৰ পৰা প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে, তেতিয়াই বিহাৰে ৰাষ্ট্ৰৰ বাবে ঢাল হিচাপে থিয় দিছে”, বিহাৰৰ মাটিত লোৱা যিকোনো সংকল্প কেতিয়াও অপূৰ্ণ নহয় বুলি উল্লেখেৰে শ্ৰী মোদীয়ে এইদৰে কয়। কাশ্মীৰৰ পেহেলগামত সংঘটিত সন্ত্ৰাসবাদীৰ আক্ৰমণৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে স্মৰণ কৰে যে বিহাৰৰ ভূমিৰ পৰাই তেখেতে সন্ত্ৰাসবাদ নিৰ্মূল কৰাৰ প্ৰতিজ্ঞা কৰিছিল। তেখেতে দৃঢ়তাৰে কয় যে আজি বিশ্বই বিহাৰৰ মাটিত লোৱা সেই সংকল্পৰ পূৰ্ণতা প্ৰত্যক্ষ কৰিছে। শ্ৰী মোদীয়ে ৰাষ্ট্ৰখনক সোঁৱৰাই দিয়ে যে পাকিস্তানে ড্ৰোন আৰু মিছাইল আক্ৰমণ চলাই থকাৰ সময়ত ভাৰতে সেই ক্ষেপণাস্ত্ৰবোৰ আকাশৰ মাজভাগতে বাধা দি নিষ্ক্ৰিয় কৰি তুলিছিল। তেখেতে দৃঢ়তাৰে কয় যে পাকিস্তানৰ পৰা অহা এটাও ক্ষেপণাস্ত্ৰই ভাৰতৰ ক্ষতি কৰিব পৰা নাছিল।

 

“অপাৰেচন সিন্দূৰে ভাৰতৰ প্ৰতিৰক্ষা কৌশলত এক নতুন সাঁচ বহুৱালে” বুলি উল্লেখেৰে শ্ৰী মোদীয়ে দৃঢ়তাৰে কয় যে এতিয়া ভাৰতলৈ সন্ত্ৰাসবাদী পঠিয়াই বা আক্ৰমণৰ আয়োজন কৰাৰ পিছত কোনোৱেই সাৰি যাব নোৱাৰে। তেখেতে মন্তব্য কৰে যে সন্ত্ৰাসবাদীয়ে পৃথিৱীৰ গভীৰতাত লুকাই থাকিলেও ভাৰতৰ ক্ষেপণাস্ত্ৰই সিহঁতক তাতেই পুতি থ’ব।

“কেন্দ্ৰৰ এনডিএ চৰকাৰে বিহাৰৰ ক্ষীপ্ৰ উন্নয়ন সাধনত মূল অগ্ৰাধিকাৰ প্ৰদান কৰিছে” বুলি উল্লেখেৰে বিহাৰ এতিয়া সৰ্বাংগীন উন্নয়নৰ পথত আগবাঢ়িছে বুলি প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়। তেওঁ আঙুলিয়াই দিয়ে যে শেহতীয়া বছৰবোৰত দীৰ্ঘদিনীয়া সমস্যাৰ সমাধান পোৱা গৈছে আৰু অগ্ৰগতিৰ নতুন পথৰ সৃষ্টি হৈছে। “লালটেন যুগ”-ৰ সময়ত হোৱা ভয়াৱহ পৰিস্থিতিৰ কথা মনত পেলাই শ্ৰী মোদীয়ে কয় যে সেই সময়ছোৱাত অঞ্চলটো ৰেড সন্ত্ৰাসৰ মাজত আৱদ্ধ আছিল আৰু মাওবাদী কাৰ্যকলাপৰ বাবে সূৰ্যাস্তৰ পিছত ফুৰা-চকা কৰাটো অত্যন্ত কঠিন আছিল। তেখেতে কয় যে গয়া জীৰ দৰে চহৰসমূহক লালটেন যুগৰ শাসনে অন্ধকাৰত বুৰাই ৰাখিছিল। প্ৰধানমন্ত্ৰীগৰাকীয়ে আঙুলিয়াই দিয়ে যে হাজাৰ-হাজাৰ গাঁৱত আনকি বিদ্যুতৰ খুঁটাৰ দৰে মৌলিক আন্তঃগাঁথনিৰো অভাৱ আছিল। তেখেতে দৃঢ়তাৰে কয় যে লালটেন যুগত শাসন কৰাসকলে বিহাৰৰ ভৱিষ্যতক অন্ধকাৰলৈ ঠেলি দিছিল। তেখেতে আৰু কয় যে শিক্ষা বা কৰ্মসংস্থাপনো নাছিল আৰু এই অৱস্থাৰ বাবে বিহাৰৰ প্ৰজন্মৰ পিছত প্ৰজন্মই প্ৰব্ৰজন কৰিবলৈ বাধ্য হৈছিল।

শ্ৰী মোদীয়ে উল্লেখ কৰে যে বিৰোধী আৰু ইয়াৰ মিত্ৰসকলে বিহাৰৰ জনসাধাৰণক কেৱল ভোট বেংক হিচাপেহে লয়। তেখেতে মন্তব্য কৰে যে তেওঁলোকৰ কোনো চিন্তা নাই দৰিদ্ৰৰ আনন্দ-দুখৰ প্ৰতি, তেওঁলোকৰ মৰ্য্যাদা আৰু সন্মানৰ প্ৰতিও কোনো চিন্তা নাই। প্ৰধানমন্ত্ৰীগৰাকীয়ে স্মৰণ কৰি কয় যে এটা নিৰ্দিষ্ট দলৰ এজন প্ৰাক্তন মুখ্যমন্ত্ৰীয়ে এবাৰ এখন মঞ্চৰ পৰা ৰাজহুৱাভাৱে ঘোষণা কৰিছিল যে বিহাৰৰ লোকক তেওঁৰ ৰাজ্যত প্ৰৱেশ কৰিবলৈ দিয়া নহ’ব। এনে নেতাৰ বিহাৰৰ জনসাধাৰণৰ প্ৰতি থকা গভীৰ ঘৃণা আৰু অৱজ্ঞাক তীব্ৰ সমালোচনা কৰি শ্ৰী মোদীয়ে উল্লেখ কৰে যে এনে দুৰ্ব্যৱহাৰ প্ৰত্যক্ষ কৰাৰ পিছতো বিৰোধী দলৰ নেতৃত্ব গভীৰ নিদ্ৰাত আছিল।

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে উল্লেখ কৰে যে বৰ্তমানৰ বিহাৰ চৰকাৰে বিৰোধী মিত্ৰতাৰ বিভাজনমূলক অভিযানৰ প্ৰতি সঁহাৰি জনাইছে। তেখেতে কয় যে বিহাৰৰ পুত্ৰ-কন্যাই যাতে ৰাজ্যৰ ভিতৰতে কৰ্মসংস্থাপন লাভ কৰে তাৰ বাবে প্ৰচেষ্টা অব্যাহত আছে। সমগ্ৰ বিহাৰত এতিয়া বৃহৎ প্ৰকল্পৰ বিকাশ ঘটিছে বুলি আলোকপাত কৰি শ্ৰী মোদীয়ে অৱগত কৰে যে গয়া জী জিলাৰ দোভিত বিহাৰৰ সৰ্ববৃহৎ ঔদ্যোগিক এলেকা স্থাপন কৰা হৈছে আৰু গয়া জীতো এটা প্ৰযুক্তি কেন্দ্ৰ স্থাপন কৰা হৈছে। তেখেতে আজি বক্সাৰ তাপ বিদ্যুৎ কেন্দ্ৰ উদ্বোধনৰ কথাও উল্লেখ কৰে। মাত্ৰ কেইমাহমানৰ আগতে ঔৰংগাবাদত নবীনগৰ ছুপাৰ থাৰ্মেল পাৱাৰ প্ৰজেক্টৰ আধাৰশিলা স্থাপন কৰা বুলি স্মৰণ কৰি শ্ৰী মোদীয়ে আৰু কয় যে ভাগলপুৰৰ পিৰপাইন্টিত নতুন তাপ শক্তি কেন্দ্ৰ নিৰ্মাণ কৰা হ’ব। তেখেতে লগতে কয় যে এই বিদ্যুৎ কেন্দ্ৰসমূহে বিহাৰত বিদ্যুৎ যোগান যথেষ্ট বৃদ্ধি কৰিব। বিদ্যুৎ উৎপাদন বৃদ্ধিৰ ফলত ঘৰত বিদ্যুতৰ উপলব্ধতা বৃদ্ধি পাব আৰু উদ্যোগসমূহৰ বাবে অধিক যোগান প্ৰশস্ত হ’ব বুলি উল্লেখেৰে শ্ৰী মোদীয়ে কয় যে শক্তিৰ আন্তঃগাঁথনিৰ এই সম্প্ৰসাৰণেও নতুন কৰ্মসংস্থাপনৰ সুযোগ সৃষ্টি কৰিব।

 

মুখ্যমন্ত্ৰী শ্ৰী নীতিশ কুমাৰে বিহাৰৰ যুৱক-যুৱতীসকলক স্থায়ী চৰকাৰী চাকৰি প্ৰদানৰ বাবে এক বৃহৎ অভিযান আৰম্ভ কৰা বুলি উল্লেখ কৰি শ্ৰী মোদীয়ে কয় যে শ্ৰী নীতিশ কুমাৰৰ নেতৃত্বৰ বাবেই ৰাজ্যত শিক্ষক নিযুক্তি প্ৰক্ৰিয়া সম্পূৰ্ণ স্বচ্ছতাৰে সম্পন্ন কৰা হৈছে। তেখেতে কয় যে বিহাৰৰ সৰ্বাধিক সংখ্যক যুৱক-যুৱতীয়ে যাতে চাকৰিৰ বাবে প্ৰব্ৰজন নকৰাকৈয়ে ৰাজ্যখনৰ ভিতৰতে কৰ্মসংস্থাপন লাভ কৰে, তাৰ বাবে প্ৰচেষ্টা চলোৱা হৈছে। কেন্দ্ৰীয় চৰকাৰৰ এক নতুন পদক্ষেপে এই লক্ষ্যক উল্লেখযোগ্যভাৱে সমৰ্থন কৰিব বুলি আলোকপাত কৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে স্বাধীনতা দিৱসৰ ভাষণত প্ৰধানমন্ত্ৰী বিকশিত ভাৰত ৰোজগাৰ যোজনাৰ কথা ঘোষণা কৰা হৈছিল। এই আঁচনিৰ অধীনত যুৱক-যুৱতীসকলে ব্যক্তিগত খণ্ডত প্ৰথম চাকৰি কৰা মাত্ৰেকে কেন্দ্ৰীয় চৰকাৰে তেওঁলোকক পোনপটীয়াকৈ ১৫,০০০ টকা প্ৰদান কৰিব। তেখেতে লগতে কয় যে যুৱক-যুৱতীসকলক কৰ্মসংস্থাপন প্ৰদান কৰা ব্যক্তিগত কোম্পানীসমূহেও আৰ্থিক সহায় লাভ কৰিব। প্ৰধানমন্ত্ৰীগৰাকীয়ে দৃঢ়তাৰে কয় যে আঁচনিখনে বিহাৰৰ যুৱক-যুৱতীসকলক যথেষ্ট উপকৃত কৰিব।

বিৰোধী দল আৰু চৰকাৰক কেতিয়াও ৰাজহুৱা ধনৰ মূল্য নিদিয়াৰ বাবে সমালোচনা কৰি শ্ৰী মোদীয়ে কয় যে তেওঁলোকৰ বাবে ৰাজহুৱা ধন কেৱল নিজৰ পকেট ভৰোৱাৰ এক মাধ্যমহে। তেখেতে আলোকপাত কৰে যে বিৰোধীৰ শাসনত বছৰ-বছৰ ধৰি প্ৰকল্পসমূহ অসম্পূৰ্ণ হৈ আছিল। এখন আঁচনি যিমানেই পলম হৈছিল সিমানেই তেওঁলোকে তাৰ পৰা ধন উপাৰ্জন কৰিছিল। প্ৰধানমন্ত্ৰীগৰাকীয়ে দৃঢ়তাৰে কয় যে এই ত্ৰুটিপূৰ্ণ মানসিকতাক এতিয়া তেওঁলোকৰ চৰকাৰে সলনি কৰিছে। তেখেতে জোৰ দি কয় যে আধাৰশিলা স্থাপন কৰাৰ পিছত যিমান পাৰি সোনকালে কাম সম্পূৰ্ণ কৰাৰ প্ৰয়াস কৰা হৈছে। আজিৰ কাৰ্যসূচীক এই পন্থাৰ উদাহৰণ হিচাপে উল্লেখ কৰি শ্ৰী মোদীয়ে স্মৰণ কৰে যে তেখেতে আউতা - চিমৰিয়া শাখাৰ আধাৰশিলা স্থাপন কৰিছিল আৰু এতিয়া তেখেতে নিজেই উদ্বোধন কৰিছে। তেখেতে উল্লেখ কৰে যে এই দলংখনে কেৱল পথ সংযোগ কৰাই নহয়, বৰঞ্চ উত্তৰ আৰু দক্ষিণ বিহাৰকো সংযোগ কৰিব। তেখেতে উল্লেখ কৰে যে পূৰ্বে গান্ধী সেতু হৈ ১৫০ কিমি দৈৰ্ঘ্যৰ বাট যাবলগীয়া হোৱা গধুৰ বাহনসমূহৰ এতিয়া পোনপটীয়া পথ থাকিব। প্ৰধানমন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে যে ইয়াৰ দ্বাৰা বাণিজ্য ত্বৰান্বিত হ’ব, উদ্যোগসমূহ শক্তিশালী হ’ব আৰু তীৰ্থযাত্ৰীসকলৰ বাবে যাতায়াত সহজ হ’ব। তেওঁলোকৰ চৰকাৰৰ অধীনত আৰম্ভ কৰা উন্নয়নমূলক প্ৰকল্পসমূহ সম্পূৰ্ণ হ’ব বুলি তেখেতে দৃঢ়তাৰে কয়—এয়া নিশ্চিত।

প্ৰধানমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে যে কেন্দ্ৰ আৰু ৰাজ্যৰ তেওঁলোকৰ চৰকাৰে বিহাৰৰ ৰেল উন্নয়নক আগুৱাই নিয়াৰ বাবে ক্ষীপ্ৰতাৰে কাম কৰি আছে। তেখেতে আলোকপাত কৰে যে অমৃত ভাৰত ষ্টেচন আঁচনিৰ অধীনত গয়া জী ৰেলৱে ষ্টেচনক আধুনিকীকৰণ কৰি যাত্ৰীসকলক বিমানবন্দৰৰ দৰে সুবিধা প্ৰদান কৰা হৈছে। শ্ৰী মোদীয়ে উল্লেখ কৰে যে গয়া এতিয়া ৰাজধানী, জন শতাব্দী আৰু মেড-ইন-ইণ্ডিয়া বন্দে ভাৰত ৰেলৰ সুবিধা থকা এখন চহৰ। তেখেতে কয় যে গয়া জীৰ পৰা সাসাৰাম, প্ৰয়াগৰাজ আৰু কানপুৰ হৈ দিল্লীলৈ পোনপটীয়া ৰেল সংযোগে বিহাৰৰ যুৱক-যুৱতী আৰু উদ্যোগীসকলৰ বাবে নতুন সুযোগৰ সৃষ্টি কৰিছে।

 

ৰাষ্ট্ৰবাসীৰ আশীৰ্বাদ আৰু অদম্য আস্থাৰ বাবে কৃতজ্ঞতা প্ৰকাশ কৰি তেখেতে কয় যে ইয়াৰ বাবেই ২০১৪-ত তেখেতে প্ৰধানমন্ত্ৰী হিচাপে কাৰ্য্যকাল আৰম্ভ কৰিবলৈ সক্ষম হৈছিল। এতিয়াও এই কাৰ্য্যকাল নিৰৱচ্ছিন্নভাৱে অব্যাহত আছে। শ্ৰী মোদীয়ে দৃঢ়তাৰে কয় যে এই বছৰ কেইটাত তেখেতৰ চৰকাৰৰ গাত দুৰ্নীতিৰ এটাও দাগ পৰা নাই। ইয়াৰ বিপৰীতে তেখেতে মন্তব্য কৰি কয় যে স্বাধীনতাৰ ছয়ৰ পৰা চাৰে-ছয় দশক শাসন কৰা বিৰোধী চৰকাৰসমূহৰ দুৰ্নীতিৰ গোচৰৰ দীঘলীয়া তালিকা আছে আৰু লগতে কয় যে বিৰোধী দলসমূহে কৰা দুৰ্নীতি সম্পৰ্কে বিহাৰৰ প্ৰতিটো শিশুও জ্ঞাত। প্ৰধানমন্ত্ৰীগৰাকীয়ে স্পষ্টকৈ উল্লেখ কৰে যে দুৰ্নীতিৰ বিৰুদ্ধে যুঁজখনক যুক্তিসংগত সিদ্ধান্তলৈ লৈ যাবলৈ কোনেও কাৰ্য্যৰ পৰিসৰৰ বাহিৰত থাকিব নালাগে। তেখেতে বৰ্তমানৰ আইনখনৰ কথা উল্লেখ কৰে, যাৰ অধীনত চৰকাৰী কনিষ্ঠ কৰ্মচাৰীকো ৪৮ ঘন্টা জিম্মাত ৰাখিলে স্বয়ংক্ৰিয়ভাৱে নিলম্বন কৰা হয়। তেখেতে প্ৰশ্ন উত্থাপন কৰে যে কাৰাগাৰত থাকিও এজন মুখ্যমন্ত্ৰী বা মন্ত্ৰীয়ে ক্ষমতাৰ বিশেষ সুবিধা ভোগ কৰিব পৰাটো কেনেকৈ সম্ভৱ। শেহতীয়াকৈ তেখেতে ফাইলত স্বাক্ষৰ কৰা আৰু জেলৰ পৰা পোনপটীয়াকৈ চৰকাৰী আদেশ জাৰি কৰা দৃষ্টান্তৰ উদাহৰণ দাঙি ধৰে। শ্ৰী মোদীয়ে কয় যে যদি ৰাজনৈতিক নেতাৰ এনে মনোভাৱ হয়, তেন্তে দুৰ্নীতিৰ বিৰুদ্ধে যুঁজখনক কেনেকৈ ফলপ্ৰসূভাৱে আগবঢ়াই নিব পাৰি।

ভাৰতীয় সংবিধানে প্ৰতিজন জনপ্ৰতিনিধিৰ পৰা সততা আৰু নিকা ভাৱমূৰ্তি আশা কৰা বুলি জোৰ দি প্ৰধানমন্ত্ৰীগৰাকীয়ে সংবিধানৰ মৰ্য্যাদা হানি হ’বলৈ দিব নালাগে বুলি কয়। তেখেতে ঘোষণা কৰে যে তেওঁলোকৰ চৰকাৰে দুৰ্নীতি বিৰোধী কঠোৰ আইন প্ৰণয়ন কৰিছে যিখন দেশৰ প্ৰধানমন্ত্ৰীৰ ক্ষেত্ৰতো প্ৰযোজ্য হ’ব। তেখেতে লগতে কয় যে এই আইনৰ অধীনত মুখ্যমন্ত্ৰী আৰু মন্ত্ৰীসকলকো সামৰি লোৱা হ’ব। ইয়াৰ বিষয়ে আৰু ব্যাখ্যা কৰি শ্ৰী মোদীয়ে কয় যে এই আইনখন এবাৰ প্ৰণয়ন হ’লে গ্ৰেপ্তাৰ হোৱা যিকোনো প্ৰধানমন্ত্ৰী, মুখ্যমন্ত্ৰী বা মন্ত্ৰীয়ে ৩০ দিনৰ ভিতৰত জামিন লাভ কৰিব লাগিব। জামিন মঞ্জুৰ নকৰিলে ৩১ নম্বৰৰ দিনা পদ ত্যাগ কৰিব লাগিব। তেখেতে দৃঢ়তাৰে কয় যে চৰকাৰে এনে কঠোৰ আইন প্ৰণয়নৰ উদ্দেশ্যেৰে আগবাঢ়িছে।

আইনখনৰ বিৰোধিতা কৰা বিৰোধী দলসমূহক সমালোচনা কৰি শ্ৰী মোদীয়ে মন্তব্য কৰে যে তেওঁলোকৰ ক্ষোভ ভয়ৰ পৰাই উদ্ভৱ হৈছে— যিসকলে অন্যায় কাম কৰিছে তেওঁলোকে হয়তো আনৰ পৰা লুকুৱাই ৰাখিব পাৰে, কিন্তু তেওঁলোক নিজেই নিজৰ কৰ্মৰ প্ৰতি সচেতন। তেখেতে উল্লেখ কৰে যে বিৰোধী দলৰ কিছুমান নেতা জামিনত ওলাই আহিছে, আনহাতে আন কিছুমান কেলেংকাৰিৰ সৈতে জড়িত আইনী কাৰ্য্যবিধিত জড়িত হৈ আছে আৰু এই ব্যক্তিসকলে আশংকা কৰিছে যে যদি তেওঁলোকে জেললৈ যায় তেন্তে তেওঁলোকৰ ৰাজনৈতিক সপোন ছিন্নভিন্ন হ’ব। এই কাৰণেই তেওঁলোকে প্ৰস্তাৱিত আইনখনৰ বিৰোধিতা কৰিছে বুলিও তেখেতে কয়। প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে ৰাজেন্দ্ৰ বাবু আৰু ডঃ বাবাছাহেব আম্বেদকাৰৰ দৰে লোকে কেতিয়াও কল্পনা কৰিব নোৱাৰিছিল যে ক্ষমতালোভী ব্যক্তিয়ে দুৰ্নীতি সংঘটিত কৰি কাৰাগাৰত থাকিও কাৰ্যভাৰক আঁকোৱালি ল’ব। তেখেতে দৃঢ়তাৰে কয় যে নতুন আইনখনৰ অধীনত দুৰ্নীতিগ্ৰস্ত ব্যক্তিয়ে কেৱল জেললৈ যোৱাই নহয়, ক্ষমতাও হেৰুৱাব। “ভাৰতক দুৰ্নীতিৰ পৰা মুক্ত কৰাৰ সংকল্প কোটি-কোটি নাগৰিকৰ সামূহিক সংকল্প— আৰু এই সংকল্প পূৰণ হ’ব”, প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়।

 

লালকিল্লাৰ পৰা এক গুৰুতৰ উদ্বেগ উত্থাপন কৰা বুলি উল্লেখ কৰি শ্ৰী মোদীয়ে মন্তব্য কৰে যে দেশত অনুপ্ৰৱেশকাৰীৰ সংখ্যা বৃদ্ধি পোৱাটো এক গুৰুতৰ চিন্তাৰ বিষয়। বিহাৰৰ সীমান্তৱৰ্তী জিলাসমূহৰ জনগাঁথনি দ্ৰুতগতিত পৰিৱৰ্তিত হোৱাৰ কথা উল্লেখ কৰি তেখেতে দৃঢ়তাৰে কয় যে তেওঁলোকৰ চৰকাৰে অনুপ্ৰৱেশকাৰীক ৰাষ্ট্ৰখনৰ ভৱিষ্যৎ নিৰ্ণয় কৰিবলৈ নিদিবলৈ সংকল্প লৈছে। প্ৰধানমন্ত্ৰীগৰাকীয়ে জোৰ দি কয় যে অনুপ্ৰৱেশকাৰীক বিহাৰৰ যুৱক-যুৱতীসকলৰ পৰা কৰ্মসংস্থাপনৰ সুযোগ কাঢ়ি ল’বলৈ দিয়া নহ’ব। তেখেতে জোৰ দি কয় যে ভাৰতীয় নাগৰিকৰ বাবে নিৰ্ধাৰিত সুবিধাসমূহ অনুপ্ৰৱেশকাৰীয়ে যাতে লুটপাত কৰিব নোৱাৰে, সেই ব্যৱস্থা গ্ৰহণ কৰা হ’ব। এই ভাবুকিৰ সৈতে মোকাবিলা কৰিবলৈ প্ৰধানমন্ত্ৰীগৰাকীয়ে ডেম’গ্ৰাফী মিছন আৰম্ভ কৰাৰ কথা ঘোষণা কৰে, ইয়াৰ কাম অতি শীঘ্ৰে আৰম্ভ হ’ব। তেখেতে প্ৰতিজন অনুপ্ৰৱেশকাৰীক দেশৰ পৰা বহিষ্কাৰ কৰা হ’ব বুলি দৃঢ়তাৰে কয়, দেশৰ ভিতৰত অনুপ্ৰৱেশকাৰীক সমৰ্থন কৰাসকলৰ বিৰুদ্ধে বিহাৰৰ জনসাধাৰণক সজাগ হৈ থাকিবলৈ আহ্বান জনায়। বিহাৰৰ লোকসকলক অধিকাৰৰ পৰা বঞ্চিত কৰি অনুপ্ৰৱেশকাৰীৰ হাতত গতাই দিয়াৰ চেষ্টা কৰা বিৰোধী দলসমূহক তীব্ৰ সমালোচনা কৰে শ্ৰী মোদীয়ে। তেখেতে কয় যে তুষ্টিকৰণ আৰু ভোট-বেংকৰ ৰাজনীতিৰ বাবে সেই দলসমূহে যিকোনো পৰিসৰলৈ যাবলৈ ইচ্ছুক। প্ৰধানমন্ত্ৰীয়ে বিহাৰবাসীক অত্যন্ত সজাগ হৈ থাকিবলৈ আহ্বান জনায়।

বিৰোধী দলসমূহৰ ক্ষতিকাৰক উদ্দেশ্যৰ পৰা বিহাৰক সুৰক্ষিত কৰিব লাগিব বুলি জোৰ দি শ্ৰী মোদীয়ে কয় যে এয়া বিহাৰৰ বাবে অতি গুৰুত্বপূৰ্ণ সময়। তেখেতে বিহাৰৰ যুৱক-যুৱতীসকলৰ সপোন পূৰণ হ’ব বুলি আশা প্ৰকাশ কৰি লগতে কয় যে বিহাৰৰ জনসাধাৰণৰ আকাংক্ষাক নতুন ৰূপ প্ৰদান কৰিব লাগিব। এই উদ্দেশ্যে কেন্দ্ৰীয় চৰকাৰে শ্ৰী নীতিশ কুমাৰৰ সৈতে হাতে-হাত ধৰি কাম কৰি আছে বুলি আলোকপাত কৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে বিহাৰৰ উন্নয়নৰ গতি অক্ষুণ্ণ ৰাখিবলৈ কেন্দ্ৰ আৰু ৰাজ্যৰ তেওঁলোকৰ চৰকাৰসমূহে অহৰহ কঠোৰ পৰিশ্ৰম কৰি আছে তথা আজিৰ উন্নয়নমূলক প্ৰকল্পসমূহ এই দিশত এক গুৰুত্বপূৰ্ণ পদক্ষেপ বুলি কৈ তেওঁৰ ভাষণৰ সামৰণি মাৰে।

এই কাৰ্য্যসূচীত বিহাৰৰ ৰাজ্যপাল শ্ৰী আৰিফ মহম্মদ খান, বিহাৰৰ মুখ্যমন্ত্ৰী শ্ৰী নীতিশ কুমাৰ, কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী ৰাজীৱ ৰঞ্জন সিং, শ্ৰী জিতন ৰাম মাঝি, শ্ৰী গিৰিৰাজ সিং, শ্ৰী চিৰাগ পাছোৱান, শ্ৰী নিত্যানন্দ ৰায়, শ্ৰী ৰামনাথ ঠাকুৰ, ডঃ ৰাজ ভূষণ চৌধাৰী, শ্ৰী সতীশ চন্দ্ৰ ডুবেকে প্ৰমুখ্য কৰি আন-আন গণ্যমান্য ব্যক্তিসকলে ভাগ লয়।

পটভূমি

যোগাযোগ ব্যৱস্থাৰ অগ্ৰগতি সাধনৰ প্ৰতি অংগীকাৰেৰে সংগতি ৰাখি প্ৰধানমন্ত্ৰীগৰাকীয়ে ১,৮৭০ কোটি টকা ব্যয় সাপেক্ষে গংগা নৈত ১.৮৬ কিমি দৈৰ্ঘ্যৰ ৬ লেনৰ সেতুকে প্ৰমুখ্য কৰি ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথত ৮.১৫ কিমি দৈৰ্ঘ্যৰ আউতা - চিমৰিয়া দলং প্ৰকল্প উদ্বোধন কৰে। ই পাটনাৰ মৌকামা আৰু বেগুচৰাইৰ মাজত পোনপটীয়া যোগাযোগ ব্যৱস্থা প্ৰশস্ত কৰিব।

 

পুৰণি ২ লেনযুক্ত ৰেল-আৰু-পথ দলং “ৰাজেন্দ্ৰ সেতু”-ৰ সমান্তৰালভাৱে নিৰ্মাণ কৰা হৈছে দলংখন। নতুন দলংখনে উত্তৰ বিহাৰ (বেগুচৰাই, সুপৌল, মধুবনী, পূৰ্ণেয়া, আৰৰিয়া ইত্যাদি) আৰু দক্ষিণ বিহাৰ অঞ্চল (শ্বেখপুৰা, নৱাদা, লক্ষীচৰাই আদি)-ৰ মাজত যাত্ৰা কৰা গধুৰ যান-বাহনৰ বাবে ১০০ কিমি-ৰো অধিক অতিৰিক্ত যাত্ৰা দূৰত্ব হ্ৰাস কৰিব।

বিশেষকৈ প্ৰয়োজনীয় কেঁচামাল লাভৰ বাবে দক্ষিণ বিহাৰ আৰু ঝাৰখণ্ডৰ ওপৰত নিৰ্ভৰশীল উত্তৰ বিহাৰৰ কাষৰীয়া অঞ্চলসমূহৰ অৰ্থনৈতিক বিকাশত সহায় কৰিব। ইয়াৰ উপৰিও বিখ্যাত তীৰ্থস্থান চিমৰিয়া ধামৰ সৈতেও উন্নত সংযোগ স্থাপন কৰিব, যি স্থান বিখ্যাত কবি প্ৰয়াত ৰামধৰি সিং দীনকাৰৰ জন্মস্থানো।

প্ৰধানমন্ত্ৰীয়ে ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথৰ চাৰিলেনযুক্ত বাখতিয়াৰপুৰৰ পৰা মৌকামালৈকে অংশটোও উদ্বোধন কৰে। প্ৰায় ১৯০০ কোটি টকা ব্যয় সাপেক্ষে প্ৰকল্পটো ৰূপায়ণ কৰা হৈছে। প্ৰকল্পটোৱে যানজঁট লাঘৱ কৰিব, যাত্ৰাৰ সময় হ্ৰাস কৰিব আৰু যাত্ৰীৰ আহ-যাহ আৰু মাল-বস্তুৰ সৰবৰাহ বৃদ্ধি কৰিব। তদুপৰি, বিহাৰৰ ১২০ নং ৰাষ্ট্ৰীয় ঘাইপথৰ বিক্ৰমগঞ্জ–দাৱথ–নৱনগৰ–ডুমৰাওন অংশৰ পকী কান্ধৰ সৈতে দ্বৈত-লেনৰ অগ্ৰগতি সাধনে গ্ৰামাঞ্চলত সংযোগৰ উন্নতি সাধন কৰিব, স্থানীয় জনসাধাৰণক নতুন অৰ্থনৈতিক সুযোগ প্ৰদান কৰিব।

 

বিহাৰৰ শক্তি খণ্ডৰ আন্তঃগাঁথনি শক্তিশালী কৰি প্ৰধানমন্ত্ৰীয়ে প্ৰায় ৬,৮৮০ কোটি টকাৰ বক্সাৰ তাপ বিদ্যুৎ কেন্দ্ৰ (৬৬০x১ মেগাৱাট) উদ্বোধন কৰে। ইয়াৰ দ্বাৰা বিদ্যুৎ উৎপাদন ক্ষমতা যথেষ্ট বৃদ্ধি পাব, শক্তি সুৰক্ষা উন্নত হ’ব আৰু অঞ্চলটোৰ ক্ৰমবৰ্ধমান বিদ্যুতৰ চাহিদা পূৰণ হ’ব।

স্বাস্থ্য আন্তঃগাঁথনিৰ এক বৃহৎ উত্থান স্বৰূপে প্ৰধানমন্ত্ৰীয়ে মুজাফ্ফৰপুৰত হোমী ভাৱা কেন্সাৰ হাস্পতাল এণ্ড ৰিচাৰ্চ চেন্টাৰ উদ্বোধন কৰে। এই কেন্দ্ৰটোত উন্নত অংক’লজী অ’পিডি, আইপিডি ৱাৰ্ড, অপাৰেচন থিয়েটাৰ, আধুনিক লেব, ব্লাড বেংক আৰু ২৪ বিচনাযুক্ত আইচিইউ (ইন্টেনচিভ কেয়াৰ ইউনিট) আৰু এইচডিইউ (হাই ডিপেণ্ডেন্সি ইউনিট) আছে। এই অত্যাধুনিক সুবিধাই বিহাৰ আৰু চুবুৰীয়া ৰাজ্যৰ ৰোগীসকলক উন্নত আৰু সুলভ মূল্যৰ কৰ্কট ৰোগৰ চিকিৎসা আগবঢ়াব, ইয়াৰ ফলশ্ৰুতিত চিকিৎসাৰ বাবে দূৰৈৰ মেট্ৰ’লৈ যোৱাৰ প্ৰয়োজনীয়তা হ্ৰাস পাব।

স্বচ্ছ ভাৰতৰ দৃষ্টিভংগীক আগুৱাই নিয়াৰ লগতে গংগা নদীৰ স্বতঃস্ফূর্ত আৰু নিৰ্মল ধাৰা নিশ্চিত কৰি প্ৰধানমন্ত্ৰীয়ে ৫২০ কোটিৰো অধিক মূল্যৰ নমামি গংগাৰ অধীনত মুংগেৰত নিৰ্মিত নলা পৰিশোধন প্লান্ট (STP) আৰু নলা নেটৱৰ্ক উদ্বোধন কৰে। এই ব্যৱস্থাই গংগাত প্ৰদূষণৰ বোজা হ্ৰাস কৰাত সহায় কৰিব আৰু অঞ্চলটোৰ অনাময় ব্যৱস্থাৰ উন্নতি সাধন কৰিব।

 

প্ৰধানমন্ত্ৰীয়ে প্ৰায় ১,২৬০ কোটি টকাৰ এলানি নগৰ আন্তঃগাঁথনি প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে। ইয়াৰ ভিতৰত ঔৰংগাবাদৰ দৌদনগৰ আৰু জেহানাবাদত এছটিপি আৰু নলা নেটৱৰ্ক; লখিচৰাইৰ বৰাহিয়া আৰু জামুইত এছটিপি আৰু ইন্টাৰচেপচন তথা ডাইভাৰচনৰ কাম অন্তৰ্ভুক্ত হৈছে। অমৰুত ২.০-ৰ অধীনত তেখেতে ঔৰংগাবাদ, বুদ্ধগয়া আৰু জেহানাবাদত পানী যোগান প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে। এই প্ৰকল্পসমূহে বিশুদ্ধ খোৱাপানী, আধুনিক নলা ব্যৱস্থা আৰু উন্নত অনাময় ব্যৱস্থা প্ৰশস্তৰে অঞ্চলটোৰ স্বাস্থ্যৰ মানদণ্ড আৰু জীৱনৰ মানদণ্ডৰ অগ্ৰগতি সাধন কৰিব।

অঞ্চলটোত ৰেল সংযোগৰ বৰ্ধনেৰে প্ৰধানমন্ত্ৰীয়ে দুখন ৰেলৰ ফ্লেগ-অফ কৰে। গয়া আৰু দিল্লীৰ মাজত অমৃত ভাৰত এক্সপ্ৰেছে আধুনিক সুবিধা, আৰাম আৰু সুৰক্ষাৰ সৈতে যাত্ৰীৰ সুবিধা উন্নত কৰিব। আৰু বৈশালী-কোডেৰ্মাৰ মাজত বৌদ্ধ চাৰ্কিট ট্ৰেইনে অঞ্চলটোৰ গুৰুত্বপূৰ্ণ বৌদ্ধ স্থানসমূহৰ মাজেৰে পৰ্যটন আৰু ধৰ্মীয় ভ্ৰমণক এক নতুন মাত্ৰা প্ৰদান কৰিব।

পিএমএৱাই-গ্ৰামীণৰ অধীনত ১২,০০০ গ্ৰাম্য হিতাধিকাৰী আৰু পিএমএৱাই-নগৰীয়াৰ অধীনত ৪,২৬০ হিতাধিকাৰীৰ গ্ৰহ প্ৰৱেশ অনুষ্ঠানতো প্ৰধানমন্ত্ৰীয়ে দুই-এজন হিতাধিকাৰীক প্ৰতীকীভাৱে চাবি অৰ্পণ কৰে, ইয়াৰ জৰিয়তে হাজাৰ-হাজাৰ পৰিয়ালৰ ঘৰৰ গৰাকী হোৱাৰ সপোন পূৰণ হয়।

 

সম্পূৰ্ণ ভাষণ পঢ়িবলৈ ইয়াত ক্লিক কৰক

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Cabinet approves Rs 4,415 crore upgrade of 233 km NH-347B in Madhya Pradesh

Media Coverage

Cabinet approves Rs 4,415 crore upgrade of 233 km NH-347B in Madhya Pradesh
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
UK Foreign Secretary meets Prime Minister
June 04, 2026

UK Foreign Secretary Yvette Cooper today met Prime Minister Shri Narendra Modi.

The Prime Minister expressed his pleasure upon the meeting and appreciated the deepening of the India-UK partnership in recent times which has unlocked unprecedented growth opportunities for both countries.

The Prime Minister affirmed that the India-UK Vision 2035 will continue to guide the partnership and strengthen joint efforts for the global good.

The Prime Minister posted on X:

"Pleased to meet UK Foreign Secretary Yvette Cooper. Appreciated the deepening of the India-UK partnership in recent times that has unlocked unprecedented growth opportunities for both our countries.

India-UK Vision 2035 will continue to guide our partnership and strengthen our joint efforts for global good.@YvetteCooperMP"