উন্নত ৰে’ল সংযোগ আৰু থিৰুৱন্তপুৰমক এক মুখ্য ষ্টাৰ্টআপ কেন্দ্ৰলৈ ৰূপান্তৰিত কৰাৰ পদক্ষেপৰ জৰিয়তে কেৰালাৰ উন্নয়নৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ প্ৰচেষ্টাই আজি নতুন গতি লাভ কৰিছেঃ প্ৰধানমন্ত্ৰী
আজি কেৰালাৰ পৰা দৰিদ্ৰ লোকসকলৰ কল্যাণৰ হকে দেশজোৰা এক গুৰুত্বপূৰ্ণ পদক্ষেপ আৰম্ভ কৰা হৈছে; পিএম স্বনিধি ক্ৰেডিট কাৰ্ড ব্যৱস্থাৰ জৰিয়তে সমগ্ৰ দেশৰ পথ বিক্ৰেতা, হকাৰ আৰু পদপথত কাম কৰা লোকসকল উপকৃত হ’বঃ প্ৰধানমন্ত্ৰী
উন্নত ভাৰত গঢ়ি তোলাত আমাৰ চহৰসমূহে এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে, বিগত ১১ বছৰত কেন্দ্ৰীয় চৰকাৰে নগৰীয়া আন্তঃগাঁথনিৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ বিনিয়োগ কৰিছেঃ প্ৰধানমন্ত্ৰী

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি কেৰালাৰ থিৰুৱন্তপুৰমত বিভিন্ন উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰাৰ লগতে কিছুসংখ্যক প্ৰকল্প উদ্বোধন আৰু পতাকা জোকাৰি মুকলি কৰে। এই উপলক্ষে সমবেত লোকসকলক সম্বোধন কৰি শ্ৰী মোদীয়ে কেৰালাৰ উন্নয়নৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ প্ৰচেষ্টাই আজি নতুন গতি লাভ কৰা বুলি মন্তব্য কৰে। তেওঁ উল্লেখ কৰে যে কেৰালাত ৰে’ল সংযোগ অধিক শক্তিশালী কৰা হৈছে আৰু থিৰুৱন্তপুৰমক এক মুখ্য ষ্টাৰ্টআপ কেন্দ্ৰলৈ ৰূপান্তৰিত কৰাৰ বাবে পদক্ষেপ গ্ৰহণ কৰা হৈছে। প্ৰধানমন্ত্ৰীয়ে কয় যে কেৰালাৰ পৰা পিএম স্বনিধি ক্ৰেডিট কাৰ্ড মুকলি কৰাৰ লগে লগে দৰিদ্ৰ কল্যাণৰ বাবে এক গুৰুত্বপূৰ্ণ দেশজোৰা পদক্ষেপো আৰম্ভ হৈছে। শ্ৰী মোদীয়ে গুৰুত্ব আৰোপ কৰি কয় যে ইয়াৰ জৰিয়তে সমগ্ৰ দেশতে পথ বিক্ৰেতা, হকাৰ আৰু পদপথত কাম কৰা লোকসকল উপকৃত হ’ব। এই উন্নয়ন আৰু নিয়োগৰ সুবিধা সৃষ্টি কৰিব পৰা পদক্ষেপৰ বাবে তেওঁ কেৰালাৰ জনসাধাৰণ আৰু সমগ্ৰ দেশৰ নাগৰিকসকলক অভিনন্দন জ্ঞাপন কৰে।

এক উন্নত ভাৰত গঢ়ি তোলাৰ প্ৰচেষ্টাত আজি সমগ্ৰ ৰাষ্ট্ৰ ঐক্যবদ্ধ হোৱাৰ ওপৰত গুৰুত্ব আৰোপ কৰি শ্ৰী মোদীয়ে এই অভিযানত চহৰসমূহৰ এক গুৰুত্বপূৰ্ণ ভূমিকা আছে বুলি উল্লেখ কৰে। বিগত ১১ বছৰত কেন্দ্ৰীয় চৰকাৰে নগৰীয়া আন্তঃগাঁথনিৰ ক্ষেত্ৰত যথেষ্ট বিনিয়োগ কৰিছে বুলি তেওঁ প্ৰকাশ কৰে। প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে কেন্দ্ৰীয় চৰকাৰে চহৰসমূহত বাস কৰা দৰিদ্ৰ পৰিয়ালসমূহৰ বাবেও ব্যাপক কাৰ্যসূচী হাতত লৈছে। তেওঁ কয় যে প্ৰধানমন্ত্ৰী আবাস যোজনাৰ অধীনত সমগ্ৰ দেশতে ৪ কোটিৰো অধিক বাসগৃহ নিৰ্মাণ কৰা হৈছে আৰু চহৰৰ দৰিদ্ৰ লোকসকলৰ বাবে ১ কোটিৰো অধিক স্থায়ী বাসগৃহ নিৰ্মাণ কৰি দৰিদ্ৰ লোকসকলক প্ৰদান কৰা হৈছে। প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে কেৰেলাত প্ৰায় ১.২৫ লাখ নগৰীয়া দৰিদ্ৰ পৰিয়ালে স্থায়ী বাসগৃহ লাভ কৰিছে।

 

প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে দৰিদ্ৰ পৰিয়ালসমূহৰ বাবে বিদ্যুৎ ব্যয় হ্ৰাস কৰিবলৈ প্ৰধানমন্ত্ৰী সূৰ্য ঘৰ মুক্ত বিজলী যোজনা আৰম্ভ কৰা হৈছে। তেওঁ মন্তব্য কৰে যে আয়ুষ্মান ভাৰতৰ অধীনত, দৰিদ্ৰ নাগৰিকসকলে ৫ লাখ টকাৰ বিনামূলীয়া স্বাস্থ্য চিকিৎসা লাভ কৰাৰ লগতে মহিলাৰ স্বাস্থ্য সুৰক্ষা নিশ্চিত কৰিবলৈ মাত্ৰু বন্দনা যোজনাৰ দৰে আঁচনি প্ৰৱৰ্তন কৰা হৈছে। শ্ৰী মোদীয়ে গুৰুত্ব আৰোপ কৰি কয় যে কেন্দ্ৰীয় চৰকাৰে ১২ লাখ টকালৈকে উপাৰ্জন কৰৰ পৰা ৰেহাই দিয়াৰ ফলত কেৰালাৰ মধ্যবিত্ত শ্ৰেণী আৰু দৰমহা পোৱা লোকসকল যথেষ্ট উপকৃত হৈছে।

শ্ৰী মোদীয়ে উল্লেখ কৰে যে বিগত ১১ বছৰত কোটি কোটি নাগৰিকক বেংকিং ব্যৱস্থাৰ সৈতে সংযোগ কৰাৰ বাবে এক বৃহৎ প্ৰচেষ্টা গ্ৰহণ কৰা হৈছে। প্ৰধানমন্ত্ৰীয়ে কয় যে আনুষ্ঠানিকভাৱে ঋণ লোৱাৰ অনুপযোগী দৰিদ্ৰ, এছ চি, এছ টি, অ’ বি চি সম্প্ৰদায়, মহিলা আৰু মাছমৰীয়াসকলৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰে নিজেই ঋণ গ্ৰহণৰ গেৰাণ্টাৰ হিচাপে পদক্ষেপ গ্ৰহণ কৰাত তেওঁলোকে এতিয়া সহজে বেংকৰ ঋণ লাভ কৰিবলৈ সক্ষম হৈছে।

প্ৰধানমন্ত্ৰীয়ে লগতে মন্তব্য কৰে যে পূৰ্বতে উচ্চ সুদৰ হাৰত কেইবাহাজাৰ টকাও ঋণ ল’বলৈ সংগ্ৰাম কৰা পথ বিক্ৰেতাসকলৰ অৱস্থা পিএম স্বনিধি আঁচনিৰ জৰিয়তে সলনি হৈছে। শ্ৰী মোদীয়ে উল্লেখ কৰে যে প্ৰথমবাৰৰ বাবে সমগ্ৰ দেশৰ লাখ লাখ পথ বিক্ৰেতাই বেংকৰ পৰা ঋণ লাভ কৰাৰ ফলত তেওঁলোকৰ জীৱিকা উন্নত কৰাৰ বাবে গুৰুত্বপূৰ্ণ সমৰ্থন আৰু সুযোগ আহিছে।

 

প্ৰধানমন্ত্ৰী মোদীয়ে মন্তব্য কৰে যে ভাৰত চৰকাৰে পথ বিক্ৰেতাসকলক ক্ৰেডিট কাৰ্ড প্ৰদান কৰি আৰু এক পদক্ষেপ লৈছে। তেওঁ কয় যে কেৰালাৰ ১০,০০০ আৰু থিৰুৱনন্তপুৰমৰ ৬০০ৰো অধিক হিতাধিকাৰীক সামৰি এইমাত্ৰ ইয়াত পিএম স্বনিধি ক্ৰেডিট কাৰ্ড বিতৰণ কৰা হৈছে। প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে পূৰ্বতে কেৱল ধনী লোকৰহে ক্ৰেডিট কাৰ্ডৰ সুবিধা আছিল, কিন্তু এতিয়া পথ বিক্ৰেতাসকলৰো স্বনিধি ক্ৰেডিট কাৰ্ড আছে।

শ্ৰী মোদীয়ে গুৰুত্ব আৰোপ কৰি কয় যে কেন্দ্ৰীয় চৰকাৰে সংযোগ, বিজ্ঞান আৰু উদ্ভাৱন তথা স্বাস্থ্যসেৱাত গুৰুত্বপূৰ্ণ বিনিয়োগ কৰি আছে। তেওঁ কেৰালাত চি এছ আই আৰ উদ্ভাৱন কেন্দ্ৰৰ উদ্বোধন আৰু চিকিৎসা মহাবিদ্যালয়খনত এটা ৰেডিঅ’ ছাৰ্জাৰী কেন্দ্ৰৰ শুভাৰম্ভৰ কথা উল্লেখ কৰি এই কেন্দ্ৰই কেৰালাক বিজ্ঞান, উদ্ভাৱন আৰু স্বাস্থ্যসেৱাৰ কেন্দ্ৰ হিচাপে প্ৰতিষ্ঠা কৰাত সহায় কৰিব বুলি আশা প্ৰকাশ কৰে।

প্ৰধানমন্ত্ৰীয়ে লগতে মন্তব্য কৰে যে অমৃত ভাৰত এক্সপ্ৰেছ ৰে’লৰ শুভাৰম্ভৰ জৰিয়তে কেৰালাৰ ৰে’ল সংযোগ ব্যৱস্থা শক্তিশালী কৰা হৈছে। এই পদক্ষেপে ভ্ৰমণৰ সূচলতা বৃদ্ধি কৰাৰ উপৰি পৰ্যটন খণ্ডক উপকৃত কৰিব বুলি তেওঁ আশা প্ৰকাশ কৰে। তেওঁ লগতে কয় যে গুৰুবায়ুৰ আৰু ত্ৰিশূৰৰ মাজত নতুন যাত্ৰীবাহী ৰেলে তীৰ্থযাত্ৰীসকলৰ বাবে যাত্ৰা সূচল কৰি তুলিব। এই সকলোবোৰ প্ৰকল্পই কেৰালাৰ উন্নয়ন ত্বৰান্বিত কৰিব বুলি শ্ৰী মোদীয়ে আশা প্ৰকাশ কৰে। কেন্দ্ৰীয় চৰকাৰে কেৰালাৰ জনসাধাৰণৰ সৈতে দৃঢ়ভাৱে থিয় দিয়া বুলি উল্লেখ কৰি তেওঁ কয় যে উন্নত ভাৰতৰ সপোন বাস্তৱায়িত কৰাৰ বাবে এখন উন্নত কেৰালা অত্যাৱশ্যকীয়। তেওঁ পুনৰবাৰ সকলোকে শুভেচ্ছা জ্ঞাপন কৰি ভাষণৰ সামৰণি মাৰে।

 

অনুষ্ঠানত কেৰালাৰ ৰাজ্যপাল শ্ৰী ৰাজেন্দ্ৰ আৰ্লেকাৰ, কেৰালাৰ মুখ্যমন্ত্ৰী শ্ৰী পিনাৰাই বিজয়ন, কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী ভি সোমান্না, শ্ৰী জৰ্জ কুৰিয়ান, থিৰুৱনন্তপুৰমৰ মেয়ৰ শ্ৰী ভি ভি ৰাজেশৰ লগতে অন্যান্য গণ্যমান্য ব্যক্তিসকল উপস্থিত থাকে।

পটভূমি

এই প্ৰকল্পসমূহে ৰে’ল সংযোগ, নগৰীয়া জীৱিকা, বিজ্ঞান আৰু উদ্ভাৱন, নাগৰিক-কেন্দ্ৰিক সেৱা আৰু উন্নত স্বাস্থ্যসেৱাকে ধৰি গুৰুত্বপূৰ্ণ খণ্ডসমূহক সামৰি লৈছে, যিয়ে নাগৰিকসকলৰ বাবে সামগ্ৰিক বিকাশ, প্ৰযুক্তিগত উন্নতি আৰু জীৱনৰ মান উন্নত কৰাৰ ওপৰত প্ৰধানমন্ত্ৰীৰ নিৰন্তৰ গুৰুত্ব প্ৰতিফলিত কৰে।

ৰে’ল সংযোগক এক গুৰুত্বপূৰ্ণ গতি প্ৰদান কৰি প্ৰধানমন্ত্ৰীয়ে তিনিখন অমৃত ভাৰত এক্সপ্ৰেছ ৰে’ল আৰু এখন যাত্ৰীবাহী ৰে’লকে ধৰি চাৰিটা নতুন ৰে’ল সেৱাৰ শুভাৰম্ভ কৰে। ইয়াৰ ভিতৰত আছে নাগৰকোইল-মাংগালুৰু অমৃত ভাৰত এক্সপ্ৰেছ, থিৰুৱনন্তপুৰম-তাম্বৰম অমৃত ভাৰত এক্সপ্ৰেছ, থিৰুৱন্তপুৰম-চাৰলাপল্লী অমৃত ভাৰত এক্সপ্ৰেছ তথা ত্ৰিশূৰ আৰু গুৰুবায়ুৰৰ মাজত এখন নতুন যাত্ৰীবাহী ৰে’ল। এই সেৱাসমূহৰ প্ৰৱৰ্তনে কেৰালা, তামিলনাডু, কৰ্ণাটক, তেলেংগানা আৰু অন্ধ্ৰ প্ৰদেশৰ মাজত দীৰ্ঘ দূৰত্ব আৰু আঞ্চলিক সংযোগ যথেষ্ট বৃদ্ধি কৰাৰ ফলত যাত্ৰীসকলৰ বাবে ভ্ৰমণ অধিক সুলভ, সুৰক্ষিত আৰু সময়-নিৰ্ধাৰিত হ’ব। উন্নত সংযোগে সমগ্ৰ অঞ্চলটোত পৰ্যটন, বাণিজ্য, শিক্ষা, নিযুক্তি আৰু সাংস্কৃতিক বিনিময়ৰ ক্ষেত্ৰত এক শক্তিশালী গতি প্ৰদান কৰিব।

 

নগৰীয়া জীৱিকা শক্তিশালী কৰাৰ প্ৰচেষ্টাৰ অংশ হিচাপে, প্ৰধানমন্ত্ৰীয়ে পথ বিক্ৰেতাসকলৰ বাবে বিত্তীয় অন্তৰ্ভুক্তিৰ পৰৱৰ্তী পৰ্যায় চিহ্নিত কৰি পিএম স্বনিধি ক্ৰেডিট কাৰ্ড মুকলি কৰে। ইউ পি আই সংযোজিত, সুদ-মুক্ত নমনীয় ঋণৰ সুবিধাই তাৎক্ষণিক নগদ ধন প্ৰদান কৰাৰ লগতে ডিজিটেল লেনদেনৰ প্ৰচাৰ কৰিব আৰু হিতাধিকাৰীসকলক আনুষ্ঠানিক ঋণৰ ইতিবৃত্ত গঢ়ি তোলাত সহায় কৰিব। প্ৰধানমন্ত্ৰীয়ে কেৰালাৰ পথ বিক্ৰেতাসকলকে ধৰি এক লাখ হিতাধিকাৰীক প্ৰধানমন্ত্ৰী স্বনিধি ঋণ বিতৰণ কৰে। ২০২০ চনত সূচনাকালৰে পৰা, পিএম স্বনিধি আঁচনিখনে বৃহৎ সংখ্যক হিতাধিকাৰীক প্ৰথমবাৰৰ বাবে আনুষ্ঠানিক ঋণ লাভ কৰিবলৈ সক্ষম কৰিছে আৰু নগৰীয়া অনানুষ্ঠানিক শ্ৰমিকসকলৰ মাজত দৰিদ্ৰতা নিৰ্মূল তথা জীৱিকা সুৰক্ষাত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে।

বিজ্ঞান আৰু উদ্ভাৱনৰ ক্ষেত্ৰত প্ৰধানমন্ত্ৰীয়ে থিৰুৱন্তপুৰমত চিএছআইআৰ-এনআইআইএছটি উদ্ভাৱন, প্ৰযুক্তি আৰু উদ্যোগশীলতা কেন্দ্ৰৰ আধাৰশিলা স্থাপন কৰে। এই কেন্দ্ৰই জীৱ বিজ্ঞান আৰু জৈৱ-অৰ্থনীতিৰ ওপৰত গুৰুত্ব আৰোপ কৰাৰ লগতে আয়ুৰ্বেদৰ পৰম্পৰাগত জ্ঞান প্ৰণালীক আধুনিক জৈৱ প্ৰযুক্তি, বহনক্ষম পেকেজিং আৰু সেউজ হাইড্ৰ’জেনৰ সৈতে একত্ৰিত কৰি ষ্টাৰ্টআপ সৃষ্টি, প্ৰযুক্তি স্থানান্তৰ আৰু আন্তৰ্জাতিক সহযোগিতাৰ সংবৰ্ধন কৰিব। ই গৱেষণাক বজাৰৰ বাবে সাজু সমাধান আৰু উদ্যোগলৈ ৰূপান্তৰিত কৰাৰ এক মঞ্চ হিচাপে কাম কৰিব।

স্বাস্থ্যসেৱা আন্তঃগাঁথনি শক্তিশালী কৰাটো এই ভ্ৰমণৰ আন এক গুৰুত্বপূৰ্ণ বিষয় হ’ব। প্ৰধানমন্ত্ৰীয়ে থিৰুৱন্তপুৰমৰ শ্ৰী চিত্ৰ তিৰুনাল চিকিৎসা বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠানত এক অত্যাধুনিক ৰেডিঅ’ ছাৰ্জাৰী কেন্দ্ৰৰ আধাৰশিলা স্থাপন কৰে। এই সুবিধাই মগজুৰ জটিল বিকাৰৰ বাবে অত্যন্ত নিখুঁত, ন্যূনতম স্থানত অস্ত্ৰোপচাৰেৰে চিকিৎসা কৰাৰ সামৰ্থ্য প্ৰদান কৰাৰ লগতে উন্নত স্তৰৰ আঞ্চলিক স্বাস্থ্যসেৱাৰ ব্যৱস্থা ত্বৰান্বিত কৰিব।

প্ৰধানমন্ত্ৰীয়ে থিৰুৱনন্তপুৰমত নতুন পূজাপ্পুৰা মুখ্য ডাকঘৰো উদ্বোধন কৰে। এই আধুনিক, প্ৰযুক্তি-সক্ষম ডাকঘৰটোৱে ডাক, বেংকিং, বীমা আৰু ডিজিটেল সেৱাৰ এক বিস্তৃত পৰিসৰ প্ৰদান কৰি নাগৰিক-কেন্দ্ৰিক সেৱা প্ৰদান ব্যৱস্থা অধিক শক্তিশালী কৰিব।

 

 

 

সম্পূৰ্ণ ভাষণ পঢ়িবলৈ ইয়াত ক্লিক কৰক

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India's auto sector to commission ₹703 billion of projects by FY29: Report

Media Coverage

India's auto sector to commission ₹703 billion of projects by FY29: Report
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister announces fast-track courts for paper leak cases to safeguard the future of youth
July 23, 2026

Prime Minister Shri Narendra Modi today emphasized that nothing is more important than the welfare and future of the youth.

The Prime Minister stated that the government has decided to set up fast-track courts to ensure swift and stringent punishment for those involved in paper leaks. Shri Modi noted that he has directed the concerned authorities and officials to take all necessary steps in this regard, adding that this continues a series of measures aimed at safeguarding the interests of students.

The Prime Minister firmly asserted that those who try to harm the future of the youth will not be spared.

In a post on X, the Prime Minister shared:

"Nothing is more important than the welfare and future of our youth!

We have decided to set up fast-track courts to ensure swift and stringent punishment for those involved in paper leaks. Have directed the concerned authorities and officials to take all necessary steps in this regard. This continues our series of steps for safeguarding the interests of students.

Those who try to harm the future of our youth will not be spared.

देश के युवाओं का हित और उनका भविष्य हमारी सर्वोच्च प्राथमिकता है।

पेपर लीक के सभी मामलों में दोषियों को जल्द से जल्द कठोर दंड देने के लिए, केस के त्वरित निस्तारण के लिए फास्ट ट्रैक कोर्ट्स का गठन किया जाएगा। इस संबंध में निर्देश दे दिए गए हैं कि संबंधित विभाग आवश्यक कार्रवाई सुनिश्चित करें।

विद्यार्थियों के हितों को सुरक्षित करने के लिए, सरकार द्वारा लिए जा रहे निर्णयों की श्रृंखला में ये एक महत्वपूर्ण कदम है।

युवाओं के भविष्य के साथ खिलवाड़ करने वाले किसी भी व्यक्ति को बख्शा नहीं जाएगा।"