পিএম স্বনিধি যোজনাৰ জৰিয়তে এক লাখৰ অধিক লাভাৰ্থীৰ স্বীকৃত ঋণৰ হস্তান্তৰ আৰম্ভ কৰে
মুম্বাই মেট্ৰো ৰে'ল লাইন ২এ আৰু ৭ৰ লোকাৰ্পণ কৰে
ছত্ৰপতি শিৱাজী মহাৰাজ টাৰ্মিনাছৰ পুনৰ্বিকাশ আৰু সাতটা ছিৱেজ ব্যৱস্থাপনা প্লাণ্টৰ শিলান্যাস কৰে
২০ হিন্দুহৃদয়সম্ৰাট বালাচাহেব ঠাকৰে আপলা দৱাখানা উদ্বোধন কৰে
মুম্বাইত প্ৰায় ৪০০ কিলোমিটাৰ পথৰ বাবে পথ পকীকৰণ পৰিকল্পনা আৰম্ভ কৰে
"সমগ্ৰ বিশ্বই ভাৰতৰ সংকল্পৰ ওপৰত বিশ্বাস দেখুৱাই আছে"
"ছত্ৰপতি শিৱাজী মহাৰাজৰ পৰা প্ৰেৰণা লৈ, ডবল ইঞ্জিনৰ চৰকাৰত 'সুৰাজ' আৰু 'স্বৰাজ'ৰ ভাবনা স্পষ্ট ৰূপত দেখা যায়"
"আজি ভাৰতে ফিউচাৰিষ্টিক চিন্তা আৰু মডাৰ্ণ এপ্ৰোচেৰে নিজৰ ফিজিকেল আৰু ছচিয়েল ইনফ্ৰাষ্ট্ৰাকচাৰৰ ওপৰত খৰচ কৰি আছে"
"আজিৰ প্ৰয়োজন আৰু ভৱিষ্যতৰ সম্ভাৱনা দুয়োটাৰ ওপৰত কাম চলি আছে"
"অমৃত কালৰ সময়ছোৱাত, মহাৰাষ্ট্ৰৰ কেইবাখনো চহৰে ভাৰতৰ বিকাশক আগবঢ়াব"
"চহৰসমূহৰ বিকাশৰ বাবে ক্ষমতা আৰু ৰাজনৈতিক ইচ্ছাশক্তিৰ কোনো অভাৱ নাই"
"মুম্বাইৰ বিকাশৰ বাবে কেন্দ্ৰ, ৰাজ্য আৰু স্
ছত্ৰপতি শিৱাজী মহাৰাজৰ পৰা প্ৰেৰণা লৈ, ডবল ইঞ্জিনৰ চৰকাৰত 'সুৰাজ' আৰু 'স্বৰাজ'ৰ ভাবনা স্পষ্ট ৰূপত দেখা যায়"।
তেওঁ কয়, "ই আজিৰ ভাৰতৰ সংকল্পবদ্ধতাক প্ৰতিপন্ন কৰে আৰু এখন বিকশিত ভাৰতৰ অৱধাৰণাও প্ৰতিবিম্বিত কৰে।"

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মুম্বাইত কেইবাটাও উন্নয়নমূলক তৎপৰতাৰ শিলান্যাস, উদ্বোধন আৰু লোকাৰ্পণ কৰে। প্ৰধানমন্ত্ৰীয়ে পিএম স্বনিধি যোজনাৰ জৰিয়তে এক লাখৰ অধিক লাভাৰ্থীৰ স্বীকৃত ঋণ হস্তান্তৰৰো পদক্ষেপ লয়। এই পৰিকল্পনাত মুম্বাই মেট্ৰো ৰে'ল লাইন ২এ আৰু ৭ৰ লোকাৰ্পণ কৰা, ছত্ৰপতি শিৱাজী মহাৰাজ টাৰ্মিনাছৰ পুনৰ্বিকাশ কাৰ্যৰ শিলান্যাস কৰা আৰু সাতটা ছিৱেজ ব্যৱস্থাপনা প্লাণ্ট, ২০ হিন্দুহৃদয়সম্ৰাট বালাচাহেব ঠাকৰে আপলা দৱাখানাৰ উদ্বোধন কৰা আৰু মুম্বাইত পথসমূহৰ প্ৰায় ৪০০ কিলোমিটাৰ দৈৰ্ঘ্যৰ বাবে পথ নিৰ্মাণ পৰিকল্পনা আৰম্ভ কৰা অন্তৰ্ভুক্ত আছে।

 

সভাত ভাষণ দি, প্ৰধানমন্ত্ৰীয়ে কয় যে আজিৰ পৰিকল্পনাসমূহে মুম্বাইক এখন উন্নত মহানগৰ কৰি তোলাত এক প্ৰধান ভূমিকা পালন কৰিব আৰু তেওঁ লাভাৰ্থী আৰু মুম্বাইৰ বাসিন্দাসকলক অভিনন্দন জনায়। ভাৰতত যোৱা সময়ছোৱাত দৰিদ্ৰতাৰ ওপৰত কেৱল আলোচনা কৰা হৈছিল আৰু পৃথিৱীৰ পৰা সাহায্য লাভ কৰাই একমাত্ৰ বিকল্প আছিল বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয়, "স্বাধীনতাৰ পাছত প্ৰথমবাৰ আজি ভাৰতে ডাঙৰ সপোন দেখিবলৈ আৰু তাক সম্পূৰ্ণ কৰিবলৈ সাহস কৰি আছে।" তেওঁ এই কথাৰ ওপৰতো আলোকপাত কৰে যে এয়া প্ৰথম উদাহৰণ যে বিশ্বই ভাৰতৰ সংকল্পত বিশ্বাস দেখুৱাই আছে। প্ৰধানমন্ত্ৰীয়ে কয় যে স্বাধীনতাৰ অমৃত কালত বিকশিত ভাৰতৰ নিৰ্মাণৰ যিমান উৎসুকতা ভাৰতীয়ৰ আছে, সিমানেই আশাবাদ পৃথিৱীতো দেখা গৈছে। প্ৰধানমন্ত্ৰীয়ে কয় যে ভাৰতক লৈ পৃথিৱীত ইমান পজিটিভিটী আছে কিয়নো আজি সকলোৰে ধাৰণা যে ভাৰতে নিজৰ সামৰ্থ্যৰ সদ্ব্যৱহাৰ কৰি আছে। প্ৰধানমন্ত্ৰীয়ে কয়, "আজি ভাৰত অভূতপূৰ্ব আত্মবিশ্বাসেৰে পৰিপূৰ্ণ। ছত্ৰপতি শিৱাজী মহাৰাজৰ পৰা প্ৰেৰণা লৈ, ডবল ইঞ্জিনৰ চৰকাৰত 'সুৰাজ' আৰু 'স্বৰাজ'ৰ ভাবনা স্পষ্ট ৰূপত দেখা যায়"।

 

প্ৰধানমন্ত্ৰীয়ে দুৰ্নীতিৰ সময়ক স্মৰণ কৰে যি দেশ আৰু কোটি কোটি নাগৰিকৰ হানি কৰিলে। প্ৰধানমন্ত্ৰীয়ে কয়, "আমি এই ভাবনা সলাই দিলো আৰু আজি প্ৰত্যেকৰে ধাৰণা হৈছে যে ভাৰতে সেই কাম কৰি আছে যি দ্ৰুত বিকাশৰ বাবে, সমৃদ্ধিৰ বাবে আৱশ্যক। আজি ভাৰতে ফিউচাৰিষ্টিক চিন্তা আৰু মডাৰ্ণ এপ্ৰোচেৰে নিজৰ ফিজিকেল আৰু ছচিয়েল ইনফ্ৰাষ্ট্ৰাকচাৰৰ ওপৰত খৰচ কৰি আছে।" তেওঁ কয় যে য'ত এফালে আৱাস, শৌচাগাৰ, বিদ্যুৎ, পানী, ৰন্ধন গেছ, বিনামূলীয়া চিকিৎসা, মেডিকেল কলেজ, এইমছ, আইআইটি আৰু আইআইএমৰ দ্ৰুতগতিত বিস্তাৰ হৈ আছে, একেদৰে আনফালে আধুনিক কানেক্টিভিটীও সিমানেই শক্তিশালী হৈছে। তেওঁ কয় যে যিধৰণৰ আধুনিক ইনফ্ৰাষ্ট্ৰাকচাৰৰ কেতিয়াবা কল্পনা হৈছিল, আজি তেনেকুৱা ইনফ্ৰাষ্ট্ৰাকচাৰ দেশত নিৰ্মাণ হৈ আছে, অৰ্থাৎ দেশত আজিৰ প্ৰয়োজন আৰু ভৱিষ্যতৰ সমৃদ্ধিৰ সম্ভাৱনা, দুয়োটাৰ ওপৰত একেলগে কাম চলি আছে। তেওঁ কয় যে এই কঠিন সময়তো ভাৰতে ৮০ কোটি নাগৰিকক বিনামূলীয়া ৰেছন প্ৰদান কৰি আছে আৰু বুনিয়াদী আন্তঃগাঁথনিৰ বিকাশত অভূতপূৰ্ব বিনিয়োগো কৰি আছে। তেওঁ কয়, "ই আজিৰ ভাৰতৰ সংকল্পবদ্ধতাক প্ৰতিপন্ন কৰে আৰু এখন বিকশিত ভাৰতৰ অৱধাৰণাও প্ৰতিবিম্বিত কৰে।"

প্ৰধানমন্ত্ৰীয়ে কয় যে বিকশিত ভাৰতৰ নিৰ্মাণত আমাৰ চহৰসমূহৰ ভূমিকা সবাতোকৈ বিশেষ। তেওঁ কয় যে অমৃত কালৰ সময়ছোৱাত মহাৰাষ্ট্ৰৰ কেইবাখনো চহৰে ভাৰতৰ বিকাশক গতি দিব। তেওঁ কয়, "সেয়ে মুম্বাইক ভৱিষ্যতৰ বাবে প্ৰস্তুত কৰা ডবল ইঞ্জিনৰ চৰকাৰৰ প্ৰধান প্ৰাথমিকতাৰ অন্যতম।" শ্ৰী মোদীয়ে মুম্বাইত মেট্ৰোৰ উদাহৰণ দি কয় যে ২০১৪ত মুম্বাইত ১০-১১ কিলোমিটাৰ দীঘল মেট্ৰো ৰুট আছিল, ডবল ইঞ্জিনৰ সৈতে চৰকাৰী মেট্ৰোৱে এটা নতুন গতি আৰু বিস্তাৰ লাভ কৰিলে, কিয়নো মুম্বাইয়ে দ্ৰুতগতিত ৩০০ কিলোমিটাৰ মেট্ৰো নেটৱৰ্কৰ দিশত অগ্ৰসৰ হৈছে।

প্ৰধানমন্ত্ৰীয়ে কয় যে আজি দেশজুৰি ৰে'লৱেক আধুনিক কৰিবলৈ মিছন মোডত কাম চলি আছে আৰু মুম্বাই লোকেল আৰু মহাৰাষ্ট্ৰৰ ৰে'ল কানেক্টিভিটীও ইয়াৰ ফলত লাভৱান হৈছে। তেওঁ কয় যে ডবল ইঞ্জিনৰ চৰকাৰে সাধাৰণ জনতাক সেই উন্নত সেৱা, স্বচ্ছতা আৰু যাত্ৰাৰ গতিৰ অনুভৱ কৰোৱাৰ প্ৰয়াস কৰি আছে যি কেৱল সেইসকল লোকৰ আওতাৰ ভিতৰত আছিল যাৰ ওচৰত সম্পদ আছিল। প্ৰধানমন্ত্ৰীয়ে কয়, "ইয়াৰ পৰিণতিত, আজি ৰে'লৱে ষ্টেচনকো এয়াৰপৰ্টৰ দৰেই বিকশিত কৰি থকা হৈছে আৰু এতিয়া দেশৰ সবাতোকৈ পুৰণি ৰে'লৱে ষ্টেচন ছত্ৰপতি শিৱাজী মহাৰাজ টাৰ্মিনাছৰো কায়কল্প হ'বলৈ গৈ আছে আৰু ইয়াক ২১শ শতিকাৰ ভাৰতৰ এটা চমকপ্ৰদ উদাহৰণ হিচাপে বিকশিত কৰি থকা হৈছে।" তেওঁ কয়, "আমাৰ প্ৰধান উদ্দেশ্য হৈছে সাধাৰণ জনতাৰ বাবে উন্নত সেৱা উপলব্ধ কৰোৱা আৰু যাত্ৰাৰ অভিজ্ঞতা সুচল কৰা।" তেওঁ লগতে কয় যে ৰে'লৱে ষ্টেচন কেৱল ৰে'লৱেৰ সৈতে সম্পৰ্কযুক্ত সেৱাতেই সীমিত নহ'ব, বৰং মাল্টিমডেল কানেক্টিভিটীৰ বাবে এটা হাব হিচাপেও কাম কৰিব।

 

প্ৰধানমন্ত্ৰীয়ে কয় যে অনাগত বছৰবোৰত মুম্বাই চহৰে মুম্বাই লোকেলৰ টেকনিকেল প্ৰগতি, মেট্ৰো নেটৱৰ্কৰ বিস্তাৰ, বন্দে ভাৰত ট্রেইন আৰু বুলেট ট্রেইনৰ তুলনাত দ্ৰুতগতিত উন্নত কানেক্টিভিটীৰ সৈতে নতুন ৰূপ পাব। প্ৰধানমন্ত্ৰীয়ে কয়, "মুম্বাইত থকা গৰীব মজদুৰ আৰু কৰ্মচাৰীৰ পৰা আৰম্ভ কৰি দোকানী আৰু বূহৎ ব্যৱসায়ীলৈকে সকলোৰে বাবে সুবিধাজনক হ'ব।" তেওঁ লগতে কয় যে এতিয়া চুবুৰীয়া জিলাসমূহৰ পৰা মুম্বাইলৈ অহা-যোৱা সহজ হ'ব। প্ৰধানমন্ত্ৰীয়ে কয় যে কোষ্টেল ৰোড, ইন্দু মিল্স স্মাৰক, নভী মুম্বাই এয়াৰপৰ্ট, ফ্ৰাঞ্চ হাৰ্বাৰ লিংকৰ দৰে পৰিকল্পনাই মুম্বাইক নতুন শক্তি দিছে। তেওঁ এইবুলিও কয় যে ধাৰাৱীৰ পুনৰ্বিকাশৰ দৰে পৰিকল্পনা বলৱৎ কৰা হৈছে আৰু তেওঁ শ্ৰী একনাথ শিন্দে আৰু তেওঁৰ টীমক এই মহত্বপূৰ্ণ প্ৰাপ্তিৰ বাবে অভিনন্দন জনায়।

 

প্ৰধানমন্ত্ৰীয়ে কয় যে আজি আমি দেশৰ চহৰসমূহৰ সম্পূৰ্ণ ৰূপান্তৰৰ ওপৰত কাম কৰি আছো। প্ৰদূষণৰ পৰা আৰম্ভ কৰি স্বচ্ছতালৈকে, চহৰসমূহৰ প্ৰতিটো সমস্যাৰ সমাধান বিচাৰি থকা হৈছে। ইলেক্ট্ৰিক মবিলিটী ইনফ্ৰাষ্ট্ৰাকচাৰ, বায়োফিউৱেল আধাৰিত ট্ৰান্সপৰ্ট ছিষ্টেম, হাইড্রোজেন ফিউৱেলৰ ওপৰত মিছন মোড ফকাছ, ৱেষ্ট-টু-ৱেল্থ মুভমেণ্ট আৰু নদীসমূহৰ স্বচ্ছতা সুনিশ্চিত কৰিবলৈ জল উপচাৰ প্লাণ্ট এই দিশত কিছুমান মহত্বপূৰ্ণ পদক্ষেপ। প্ৰধানমন্ত্ৰীয়ে কয়, "চহৰসমূহৰ বিকাশৰ বাবে ক্ষমতা আৰু ৰাজনৈতিক ইচ্ছাশক্তিৰ কোনো অভাৱ নাই। তথাপিও, মুম্বাইৰ দৰে চহৰত বিকাশ তেতিয়ালৈকে হ'ব নোৱাৰে, যেতিয়ালৈকে চহৰৰ স্থানীয় নিকায়ো দ্ৰুতগতিত বিকাশৰ বাবে সমানে প্ৰাথমিকতা নাৰাখে। সেয়ে মুম্বাইৰ বিকাশত স্থানীয় চহৰীয়া নিকায়ৰ ভূমিকা মহত্বপূৰ্ণ।" তেওঁ দুখ প্ৰকাশ কৰে যে স্বনিধিৰ দৰে আগৰ যোজনা, যি ৩৫ লাখ পদপথৰ ব্যৱসায়ীক লাভজনক আৰু ক'লেটাৰেল ফ্ৰী ঋণেৰে লাভৱান কৰিছে, মহাৰাষ্ট্ৰত ৫ লাখ লাভাৰ্থী আছে, অতীতত ৰাজনৈতিক কাৰণত বাধাগ্ৰস্ত হৈছিল। ইয়াৰ বাবে তেওঁ সঠিক সামঞ্জস্য আৰু কেন্দ্ৰৰ পৰা আৰম্ভ কৰি মহাৰাষ্ট্ৰ আৰু মুম্বাইলৈকে একেলগে কাম কৰা ব্যৱস্থাৰ প্ৰয়োজনৰ ওপৰত জোৰ দিয়ে। প্ৰধানমন্ত্ৰীয়ে কয় যে আমাৰ চহৰসমূহত পদপথৰ ব্যৱসায়ী, ঠেলাৱালা বন্ধুসকল যি চহৰসমূহৰ অৰ্থব্যৱস্থাৰ বিশেষ অংশ, তেওঁলোকৰ বাবে আমি প্ৰথমবাৰ যোজনা চলাওঁ, আমি এই সৰু বেপাৰীসকলৰ বাবে বেংকৰ পৰা সস্তা আৰু বিনা গেৰাণ্টিৰ ঋণ সুনিশ্চিত কৰোঁ। তেওঁ লগতে কয় যে স্বনিধি যোজনা কেৱল লোণ দিয়াৰ যোজনাই নহয়, বৰং ই পদপথৰ আৰু ঠেলাৱালা আমাৰ বন্ধুসকলৰ আৰ্থিক সামৰ্থ্য বঢ়োৱাৰ অভিযান। লাভাৰ্থীৰ প্ৰশংসা কৰি, প্ৰধানমন্ত্ৰীয়ে এই কথাৰো প্ৰশংসা কৰে যে তেওঁলোকে খুব কম সময়ত ৫০ হাজাৰ কোটি টকাৰ ডিজিটেল লেনদেন কৰে। তেওঁ কয়, "ডিজিটেল ইণ্ডিয়া এই কথাৰ জীৱন্ত উদাহৰণ যে যেতিয়া সকলোৰে প্ৰয়াস থাকে তেতিয়া একোৱেই অসম্ভৱ নহয়।"

 

হম্বোধন সমাপ্ত কৰি প্ৰধানমন্ত্ৰীয়ে পদপথৰ ব্যৱসায়ীক কয়, "মই আপোনালোকৰ লগত আছো। যদি আপোনালোক দহ খোজ যায়, তেন্তে মই এঘাৰ খোজ যাবলৈ সাজু আছো।" তেওঁ বিশ্বাস ব্যক্ত কৰে যে দেশত ক্ষুদ্ৰ কৃষকৰ কাম আৰু সমৰ্পণেৰে দেশে নতুন উচ্চতা স্পৰ্শ কৰিব, যি এটা ডাঙৰ পৰিৱৰ্তন আনিব। তেওঁ মুম্বাই আৰু মহাৰাষ্ট্ৰৰ জনসাধাৰণক আজিৰ বিকাশ কাৰ্যৰ বাবে অভিনন্দন জনায় আৰু আশ্বাস দিয়ে যে শিন্দেজী আৰু দেৱেন্দ্ৰজীৰ যুটীয়ে মহাৰাষ্ট্ৰৰ সপোন সাকাৰ কৰিব।

এই উপলক্ষে মহাৰাষ্ট্ৰৰ ৰাজ্যপাল শ্ৰী ভগত সিংহ কোহশ্যাৰী, মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী শ্ৰী একনাথ শিন্দে, মহাৰাষ্ট্ৰৰ উপ-মুখ্যমন্ত্ৰী শ্ৰী দেৱেন্দ্ৰ ফাড়ণৱীস, কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী পীযুষ গোয়েল, শ্ৰী নাৰায়ণ ৰাণে, কেন্দ্ৰীয় ৰাজ্য মন্ত্ৰী, সংসদ সদস্য আৰু মহাৰাষ্ট্ৰ চৰকাৰৰ মন্ত্ৰীসহ অন্য গণ্যমান্য ব্যক্তি উপস্থিত আছিল।

 

পৃষ্ঠভূমি

প্ৰধানমন্ত্ৰীয়ে প্ৰায় ৩৮,৮০০ কোটি টকাৰ পৰিকল্পনাৰ উদ্বোধন আৰু শিলান্যাস কৰে। নিৰ্বাধ চহৰী গতিশীলতা প্ৰদান কৰা প্ৰধানমন্ত্ৰীৰ প্ৰধান ক্ষেত্ৰসমূহৰ অন্যতম। এই দিশত, তেওঁ প্ৰায় ১২,৬০০ কোটি টকাৰ মুম্বাই মেট্ৰো ৰে'ল লাইন ২এ আৰু ৭ৰ লোকাৰ্পণ কৰে। দহিসৰ ই আৰু ডিএন নগৰ (য়েলো লাইন)ক সংযুক্ত কৰা মেট্ৰো লাইন ২এ প্ৰায় ১৮.৬ কিলোমিটাৰ দীঘল, অন্ধেৰী ই-দহিসৰ ই (ৰেড লাইন)ক সংযুক্ত কৰা মেট্ৰো লাইন ৭ প্ৰায় ১৬.৫ কিলোমিটাৰ দীঘল। প্ৰধানমন্ত্ৰীয়ে ২০১৫ত এই লাইনকেইটাৰ আধাৰশিলা স্থাপন কৰিছিল।

 

প্ৰধানমন্ত্ৰীয়ে প্ৰায় ১৭,২০০ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ'বলগা সাতটা ছিৱেজ ট্ৰিটমেণ্ট প্লাণ্টৰ আধাৰশিলা স্থাপন কৰে। এই ছিৱেজ ট্ৰিটমেণ্ট প্লাণ্ট মলাড, ভাণ্ডুপ, বৰ্সোৱা, ঘাটকোপৰ, বান্দ্ৰা, ধাৰাৱী আৰু ৱৰ্লিত স্থাপন কৰা হ'ব। সিবিলাকৰ সংযুক্ত ক্ষমতা প্ৰায় ২,৪৬০ এমএলডি হ'ব।

মুম্বাইত স্বাস্থ্য যতনৰ বুনিয়াদী আন্তঃগাঁথনি শক্তিশালী কৰাৰ প্ৰয়াসত প্ৰধানমন্ত্ৰীয়ে ২০ হিন্দুহৃদয়সম্ৰাট বালাচাহেব ঠাকৰে আপলা দৱাখানাৰ উদ্বোধন কৰে। এই নতুন পদক্ষেপে মানুহক স্বাস্থ্য পৰীক্ষা, ঔষধ, চিকিৎসা আৰু নিদানৰ দৰে আৱশ্যকীয় চিকিৎসা সেৱা সম্পূৰ্ণৰূপে বিনামূলীয়াকৈ প্ৰদান কৰে। প্ৰধানমন্ত্ৰীয়ে মুম্বাইত তিনিখন হাস্পতাল-৩৬০-বিছনাযুক্ত ভাণ্ডুপ মাল্টিস্পেচিয়েলিটী মিউনিচিপাল হাস্পতাল, ৩০৬-বিছনাযুক্ত সিদ্ধাৰ্থ নগৰ হাস্পতাল, গোৰেগাঁও (পশ্চিম) আৰু ১৫২-বিছনাযুক্ত ওশিৱাৰা মেটাৰনিটী হোমৰ পুনৰ্বিকাশ কাৰ্যৰ শিলান্যাসো কৰে। ইয়াৰ ফলত চহৰখনৰ কেইবালাখ বাসিন্দাৰ লাভ হ'ব আৰু তেওঁলোকে উচ্চ পৰ্যায়ৰ চিকিৎসা সুবিধা পাব।

প্ৰধানমন্ত্ৰীয়ে মুম্বাইত প্ৰায় ৪০০ কিলোমিটাৰ পথৰ বাবে পথ পকীকৰণ পৰিকল্পনাও আৰম্ভ কৰে। এই পৰিকল্পনা প্ৰায় ৬,১০০ কোটি টকা ব্যয়েৰে বিকশিত কৰা হ'ব। মুম্বাইত প্ৰায় ২০৫০ কিলোমিটাৰলৈকে বিয়পা মুঠ পথৰ ভিতৰত, ১২০০ কিলোমিটাৰৰ অধিক পথ হয় পকা হৈছে নাইবা পকা হোৱাৰ প্ৰক্ৰিয়াত আছে। অৱশ্যে, প্ৰায় ৮৫০ কিলোমিটাৰ দৈৰ্ঘ্যৰ অন্তিম পথে গাঁতৰ প্ৰত্যাহ্বানৰ সন্মুখীন হয় যি পৰিবহনক গম্ভীৰভাৱে প্ৰভাৱিত কৰে। এই প্ৰত্যাহ্বানৰ মোকাবিলা কৰিবলৈ পথ পকীকৰণ পৰিকল্পনাৰ লক্ষ্য লোৱা হৈছে।

তেওঁ ছত্ৰপতি শিৱাজী মহাৰাজ টাৰ্মিনাছৰ পুনৰ্বিকাশৰ বাবে আধাৰশিলাও স্থাপন কৰে। পুনৰ্বিকাশৰ যোজনা টাৰ্মিনাছৰ দক্ষিণ ঐতিহ্য নোড কম কৰা, সুবিধা বৃদ্ধি, উন্নত মাল্টিমডেল একীকৰণ আৰু বিশ্বপ্ৰসিদ্ধ প্ৰতিষ্ঠিত আন্তঃগাঁথনিক নিজৰ অতীতৰ গৌৰৱৰ সংৰক্ষণ আৰু পুনৰ প্ৰতিষ্ঠা কৰাৰ দৃষ্টিৰে বনোৱা হৈছে। পৰিকল্পনা ১,৮০০ কোটি টকাৰ অধিক ব্যয়েৰে কৰা হ'ব। ইয়াৰ উপৰিও, প্ৰধানমন্ত্ৰীয়ে পিএম স্বনিধি যোজনাৰ জৰিয়তে এক লাখৰ অধিক লাভাৰ্থীৰ স্বীকৃত ঋণৰ হস্তান্তৰো আৰম্ভ কৰে।

 

সম্পূৰ্ণ ভাষণ পঢ়িবলৈ ইয়াত ক্লিক কৰক

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
UPI — an eventful journey

Media Coverage

UPI — an eventful journey
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
PM chairs 53rd PRAGATI Meeting
August 25, 2026
PM reviews six key infrastructure projects across the Railway, Road and Power sectors
Projects reviewed span across 9 States with cumulative investment of more than ₹30,000 crore
PM says Infrastructure projects should be viewed as an integrated whole, rather than as individual sections or packages
PM calls for continuous reforms across all stages of project implementation and a proactive work culture across Ministries and States
PM says Speed must go hand-in-hand with quality
While reviewing AgriStack, PM emphasises the need to leverage the latest digital technologies including AI to derive greater value from agricultural data
On cyber fraud and ‘digital arrest’, PM stresses training, public awareness, cyber-safety education and coordinated action

Prime Minister Shri Narendra Modi chaired the 53rd meeting of PRAGATI, the ICT-enabled, multi-modal platform for Pro-Active Governance and Timely Implementation, at Seva Teerth earlier today.

During the meeting, Prime Minister reviewed six key infrastructure projects across the Railway, Road and Power sectors, spanning nine States with a cumulative cost of more than ₹30,000 crore. The projects, significant for strengthening connectivity, supporting industrial and economic activity and improving public services, were reviewed with particular emphasis on adherence to timelines, inter-agency coordination, resolution of pending issues and expeditious completion.

Prime Minister emphasised that delays in infrastructure projects have consequences beyond cost escalation, as they also postpone the benefits intended for citizens, businesses and the economy. He said that infrastructure projects should be viewed and monitored as an integrated whole, rather than as isolated sections, stretches or packages. He noted that progress in individual packages should ultimately translate into timely completion and operationalisation of the entire project. Ministries and States were therefore asked to adopt an end-to-end approach, and address critical gaps that could delay the overall commissioning and delivery of benefits. He called for fostering a proactive work culture across Ministries and State Governments, with greater ownership at every level of project implementation.

Prime Minister stressed the need to explore common utility corridors for infrastructure services, wherever feasible, particularly while planning major transport and infrastructure projects. He called upon Ministries and States to examine such integrated approaches at the planning stage itself, keeping in view their technical and economic feasibility.

Prime Minister said that speed of execution must be accompanied by uncompromising quality. He called upon Ministries, States and implementing agencies to adopt modern technologies and strengthen quality assurance and supervision at every stage.

While reviewing AgriStack under the Digital Agriculture Mission, Prime Minister emphasised the need to leverage the latest digital technologies, including Artificial Intelligence, to derive greater value from agricultural data. He stressed that the data ecosystem should be effectively utilised across the agricultural value chain, from input planning to processing, enabling more informed interventions, better targeting and data-driven decision-making. He appreciated the efforts of the States and the Central Government in building the AgriStack ecosystem and called for further strengthening its use for delivering better outcomes for farmers.

During the review of cyber fraud cases, including incidents of digital arrest, Prime Minister said that prevention must be strengthened through a sustained focus on training, awareness and education. He stressed the need for continuous and targeted public-awareness campaigns, particularly for senior citizens, youth and other vulnerable sections, to familiarise them with common fraud techniques, warning signs and safe digital practices. He also called for regular capacity-building of personnel involved so that emerging modes of cyber fraud are identified and acted upon swiftly.