আয়ুষ্মান ভাৰত ডিজিটেল মিছনে সহজে ব্যৱহাৰযোগ্য এনে এখন প্লেটফর্ম প্ৰস্তুত কৰিব, যাৰ ডিজিটেল স্বাস্থ্য ইকোছিষ্টেমৰ মাজত অন্যান্য স্বাস্থ্য সম্পর্কিত পোর্টেলবিলাকৰ সৈতে সমন্বয় থাকিব
জন ধন – আধাৰ আৰু মোবাইল – এই ত্রিমুখী ব্যৱস্থাৰ উল্লেখ কৰি প্রধানমন্ত্রীয়ে কয় যে বিশ্বৰ ক'তো ইমান বৃহৎ পৰিমাণৰ পাৰস্পৰিক সম্পর্ক যুক্ত পৰিকাঠামো নাই
ৰেছনৰ পৰা পুষ্টিলৈকে সর্বত্রই ডিজিটেল পৰিকাঠামোৱে দ্রুত আৰু স্বচ্ছতাৰে সাধাৰণ মানুহৰ কাষত পৰিসেৱা উপলব্ধ কৰিছে
টেলিমেডিচিন ক্ষেত্রতো অভাবনীয় অগ্রগতি হৈছে
আয়ুষ্মান ভাৰত – পিএমজেএৱাইয়ে দৰিদ্র মানুহৰ জীৱনত এক ডাঙৰ সমস্যাৰ সমাধান কৰিছে। এতিয়ালৈকে ২ কোটিৰো অধিক দেশবাসীয়ে, যাৰ অর্ধেক মহিলা এই কর্মসূচীৰ সুবিধা লৈছে
আয়ুষ্মান ভাৰত – ডিজিটেল মিছনে সমগ্ৰ দেশত হাস্পতালবিলাকৰ সৈতে ডিজিটেল স্বাস্থ্য পৰিসেৱাৰ ক্ষেত্রত পাৰস্পৰিক যোগসূত্র গঢ়ি তুলিব
চৰকাৰী স্বাস্থ্য পৰিসেৱা দেশৰ বর্তমান আৰু ভৱিষ্যতৰ লক্ষ্যত বৃহৎ বিনিয়োগ
আমাৰ স্বাস্থ্য পৰিকাঠামো যেতিয়া সংহত আৰু শক্তিশালী হ'ব, তেতিয়া পর্যটন ক্ষেত্রৰ বিকাশ ঘটাব

প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদীয়ে আজি ভিডিঅ' কনফাৰেন্সেৰ মাধ্যমত আয়ুষ্মান ভাৰত ডিজিটেল মিছনৰ সূচনা কৰে।

এই উপলক্ষে প্রধানমন্ত্রীয়ে কয় যে স্বাস্থ্য পৰিসেৱা পৰিকাঠামোক মজবুত কৰি তোলাৰ লক্ষ্যত যোৱা সাত বছৰ ধৰি যি অভিযান চলিছে, আজি সেয়া এক নতুন পর্যায়ত প্রবেশ কৰিছে। “আজি আমি এনে এক মিছনৰ সূচনা কৰিছো, যাৰ ফলত ভাৰতৰ স্বাস্থ্য ক্ষেত্রলৈ আমূল পৰিৱর্তন লৈ অহাৰ সম্ভবনা আছে” বুলি প্রধানমন্ত্রীয়ে অভিমত প্রকাশ কৰে।

প্রধানমন্ত্রীয়ে কয় যে ১৩০ কোটি আধাৰ, ১১৮ কোটি মোবাইল গ্রাহক, প্রায় ৮০ কোটি ইন্টাৰনেট ব্যৱহাৰকাৰী আৰু প্রায় ৪৩ কোটি জন ধন বেঙ্ক একাউন্ট লৈ যি পৰিকাঠামো গঢ়ি উঠিছে, সেয়া বিশ্বৰ আন ক'তো নাই। বিশ্বত ইমান বৃহৎ পৰিমাণৰ ডিজিটেল পৰিকাঠামোৱে সাধাৰণ মানুহৰ কাষত ৰেছনৰ পৰা পুষ্টিলৈকে সকলো পৰিসেৱা দ্রুত আৰু স্বচ্ছতাৰে উপলব্ধ কৰিছে। “প্রশাসনিক ক্ষেত্রৰ সংস্কাৰত যেনেকৈ আজি প্রযুক্তিৰ প্রয়োগ হৈছে, সেয়া অভাবনীয়” বুলি প্রধানমন্তীয়ে মন্তব্য কৰে।

আৰোগ্য সেতু এপে কৰোণা সংক্রমণ প্রতিৰোধত গুৰুত্বপূর্ণ ভূমিকা লৈছে বুলি উল্লেখ কৰি প্রধানমন্ত্রীয়ে নিঃশুল্ক টীকাকৰণ অভিযানৰ আওতাত ৰেকর্ড প্রায় ৯০ কোটি টীকাৰ ডোজ দি যি সাফল্য অর্জিত হৈছে, তাৰ অন্তৰালত কো-উইন ব্যৱস্থাৰ ভূমিকাৰ প্রশংসা কৰে।

স্বাস্থ্য ক্ষেত্রত প্রযুক্তিৰ ব্যৱহাৰ সম্পর্কে ক'বলৈ গৈ প্রধানমন্ত্রীয়ে জনায় যে কৰোণাৰ সময়ত টেলিমেডিচিন ক্ষেত্রত অভাবনীয় অগ্রগতি হৈছে। তেওঁ জনায় যে ই-সঞ্জিৱনী ব্যৱস্থাৰ মাধ্যমত এতিয়ালৈকে প্রায় ১২৫ কোটি পৰামর্শ দিয়া হৈছে। দৰাচলতে ই-সঞ্জিৱনী ব্যৱস্থাৰ মাধ্যমত দেশৰ প্রত্যন্ত অঞ্চলৰ হাজাৰ হাজাৰ মানুহে ঘৰত থাকিয়েই চহৰবিলাকৰ ডাঙৰ হাস্পতালৰ চিকিৎসকসকলৰ পৰা পৰামর্শ লৈছে।

প্রধানমন্ত্রীয়ে কয় যে আয়ুষ্মান ভাৰত – প্রধানমন্ত্রী জন আৰোগ্য যোজনা (পিএমজেএৱাই)য়ে দৰিদ্র মানুহৰ জীৱনত এক ডাঙৰ সমস্যাৰ সমাধান কৰিছে। এতিয়ালৈকে দেশৰ ২ কোটিৰো অধিক মানুহে এই কর্মসূচীৰ সুবিধা লৈছে। সুবিধা প্রাপকসকলৰ অর্ধেকেই মহিলা বুলিও তেওঁ জনায়। প্রধানমন্ত্রীয়ে জোৰ দি কয় যে অসুস্থতা এনে এটা বিষয়, যি পৰিয়ালক নিদাৰুণ দাৰিদ্র্যৰ দিশলৈ ঠেলি দিয়ে। আৰু ইয়াৰ সর্বাধিক প্রভাব পৰে পৰিয়ালৰ মহিলাসকলৰ ওপৰত। আচলতে মহিলাসকলে সর্বদাই নিজৰ স্বাস্থ্যৰ বিষয়টোক অৱহেলা কৰে। শ্রী মোদীয়ে লগতে কয় যে তেওঁ ব্যক্তিগতভাৱে আয়ুষ্মান ভাৰত কর্মসূচীৰ কেইবাজনো সুফলভোগীৰ সৈতে কথা পাতিছে আৰু তেওঁলোকৰ মুখৰ পৰা এই কর্মসূচীৰ সুযোগ-সুবিধা সম্পর্কে জানিছে। তেওঁ কয় যে স্বাস্থ্য পৰিসেৱা ক্ষেত্রত এনে ধৰণৰ উদ্যোগ দেশৰ বর্তমান আৰু ভৱিষ্যতৰ নিৰিখত ডাঙৰ বিনিয়োগ।

শ্রী মোদীয়ে লগতে কয় যে আয়ুষ্মান ভাৰত – ডিজিটেল ভাৰতে এতিয়াৰ পৰা দেশৰ হাস্পতালবিলাকৰ ডিজিটেল স্বাস্থ্য পৰিসেৱাৰ সৈতে যোগসূত্র গঢ়ি তুলিব। আনকি, এই ব্যৱস্থাৰ ফলত হাস্পতালত ভর্তি হোৱা আৰু চিকিৎসা পৰিসেৱা ব্যৱস্থা অধিক সহজ হৈ উঠিব। পক্ষান্তৰত, সাধাৰণ মানুহ লাভবান হ'ব। ডিজিটেল স্বাস্থ্য মিছনৰ মাধ্যমত প্রত্যেককে ডিজিটেল পৰিচয়পত্র দিয়া হ'ব আৰু তেওঁলোকৰ স্বাস্থ্য সম্পর্কিত যাৱতীয় তথ্য ডিজিটেল পদ্ধতিত সুৰক্ষিত থাকিব বুলিও প্রধানমন্ত্রীয়ে জনায়।

ভাৰতত এটা সার্বিক তথা সুসংহত স্বাস্থ্য মডেল গঢ়ি তোলাৰ কাম চলিছে বুলি জনাই প্রধানমন্ত্রীয়ে কয় যে এই ব্যৱস্থাৰ মাধ্যমত ৰোগ প্রতিকাৰৰ ওপৰত গুৰুত্ব দিয়াৰ সমান্তৰালকৈ, অসুস্থতাৰ ক্ষেত্রত সহজে আৰু সুলভে চিকিৎসা পৰিসেৱা উপলব্ধ কৰোৱা হ'ব। স্বাস্থ্য-শিক্ষা ক্ষেত্রত অভাবনীয় সংস্কাৰৰ প্রসঙ্গ উল্লেখ কৰি প্রধানমন্ত্রীয়ে কয় যে যোৱা ৭-৮ বছৰৰ তুলনাত এতিয়া চিকিৎসক আৰু আধা-চিকিৎসকসকলৰ সংখ্যা ক্রমশঃ বাঢ়িছে। দেশত এইমছ চিকিৎসা প্রতিষ্ঠান আৰু অন্যান্য আধুনিক স্বাস্থ্য প্রতিষ্ঠানসমূহৰ মাজত সুসংবদ্ধ নেটৱর্ক গঢ়ি তোলা হৈছে। আনকি, প্রতি তিনিটা লোকসভা কেন্দ্রত কমেও এখনকৈ মেডিকেল কলেজ স্থাপনৰ কাম চলিছে। গাঁৱত স্বাস্থ্য পৰিসেৱা সম্পর্কে প্রধানমন্ত্রীয়ে জনায় যে প্রাথমিক স্বাস্থ্য কেন্দ্র আৰু ৰোগী কল্যাণ কেন্দ্রসমূহৰ পৰিসেৱাৰ মান বঢ়োৱা হৈছে। সমগ্ৰ দেশত গাঁওবিলাকত এনে ধৰণৰ ৮০ হাজাৰৰো অধিক কেন্দ্র চলি আছে বুলিও প্রধানমন্ত্রীয়ে জনায়।

বিশ্ব পর্যটন দিৱসত ডিজিটেল স্বাস্থ্য মিছন কর্মসূচীৰ সূচনা হৈছে বুলি উল্লেখ কৰি প্রধানমন্ত্রীয়ে কয় যে পর্যটনৰ সৈতে স্বাস্থ্য ক্ষেত্রৰ গভীৰ সম্পর্ক আছে। “সেয়ে, আমাৰ স্বাস্থ্য পৰিকাঠামো সংহত আৰু শক্তিশালী হৈ উঠিলে, সেয়া পক্ষান্তৰত পর্যটন ক্ষেত্রৰ বিকাশতো সহায়ক হ'ব” বুলি শ্রী মোদীয়ে অভিমত প্রকাশ কৰে।

 

সম্পূৰ্ণ ভাষণ পঢ়িবলৈ ইয়াত ক্লিক কৰক

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Commendable performance of India’s marine exports amid uncertain times

Media Coverage

Commendable performance of India’s marine exports amid uncertain times
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Governor of Haryana meets the Prime Minister
May 02, 2026

Governor of Haryana, Prof. Ashim Kumar Ghosh, met Prime Minister Shri Narendra Modi today.

The Prime Minister posted on X:

"Governor of Haryana, Prof. Ashim Kumar Ghosh met Prime Minister @narendramodi."