ৰাষ্ট্ৰীয় শিক্ষণ সপ্তাহত নতুন শিক্ষণে ২০৪৭ চনৰ ভিতৰত আমাৰ বিকশিত ভাৰতৰ লক্ষ্যত উপনীত হোৱাত সহায় কৰিবঃ প্ৰধানমন্ত্ৰী
উদ্ভাৱনী চিন্তা আৰু নাগৰিককেন্দ্ৰিক দৃষ্টিভংগী অনুসৰণ কৰাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ প্ৰধানমন্ত্ৰীৰ
সামৰিক সেৱা প্ৰশিক্ষণ প্ৰতিষ্ঠানসমূহক যোগাযোগ কৰিবলৈ, ইজনে সিজনৰ পৰা শিকিবলৈ আৰু বৈশ্বিক উত্তম পদ্ধতি গ্ৰহণ কৰিবলৈ আহ্বান জনালে প্ৰধানমন্ত্ৰীয়ে
আকাংক্ষিত ভাৰতৰ দিশত আগুৱাই যাবলৈ কৃত্ৰিম বুদ্ধিমত্তাৰ সফলতাৰে ব্যৱহাৰ কৰিলে ৰূপান্তৰশীল পৰিৱৰ্তন হ’ব পাৰেঃ প্ৰধানমন্ত্ৰী

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীৰ ড আম্বেদকাৰ আন্তঃৰাষ্ট্ৰীয় কেন্দ্ৰত ‘কৰ্মযোগী সপ্তাহ’ - ৰাষ্ট্ৰীয় শিক্ষণ সপ্তাহৰ শুভাৰম্ভ কৰে।

সভাত আগবঢ়োৱা ভাষণত প্ৰধানমন্ত্ৰীয়ে কয় যে মিছন কৰ্মযোগীৰ জৰিয়তে আমাৰ লক্ষ্য হৈছে মানৱ সম্পদ সৃষ্টি কৰা যিয়ে আমাৰ দেশৰ উন্নয়নৰ চালিকা শক্তি হিচাপে পৰিগণিত হ’ব। ইয়াৰ অগ্ৰগতিত সন্তুষ্টি প্ৰকাশ কৰি প্ৰধানমন্ত্ৰীয়ে লগতে কয় যে যদি আমি এই আবেগেৰে কাম কৰি যাওঁ তেন্তে দেশৰ প্ৰগতিত কোনেও বাধা দিব নোৱাৰে। তেওঁ উল্লেখ কৰে যে ৰাষ্ট্ৰীয় শিক্ষণ সপ্তাহত নতুন শিক্ষণ আৰু অভিজ্ঞতাই কৰ্ম ব্যৱস্থাৰ উন্নতিৰ ক্ষেত্ৰত শক্তি আৰু সহায় আগবঢ়াব যিয়ে ২০৪৭ চনৰ ভিতৰত আমাৰ লক্ষ্য বিকশিত ভাৰতৰ লক্ষ্যত উপনীত হোৱাত সহায় কৰিব।

প্ৰধানমন্ত্ৰীয়ে বিগত দহ বছৰত চৰকাৰৰ মানসিকতা সলনিৰ বাবে গ্ৰহণ কৰা পদক্ষেপসমূহৰ বিষয়ে আলোচনা কৰে, যাৰ প্ৰভাৱ আজি মানুহে অনুভৱ কৰি আছে। চৰকাৰৰ হৈ কৰ্মৰত ৰাইজৰ প্ৰচেষ্টাৰ বাবে আৰু মিছন কৰ্মযোগীৰ দৰে পদক্ষেপৰ প্ৰভাৱৰ ফলত এয়া সম্ভৱ হৈ উঠিছে বুলিও তেওঁ কয়।

প্ৰধানমন্ত্ৰীয়ে দৃঢ়তাৰে কয় যে বিশ্বই কৃত্ৰিম বুদ্ধিমত্তা (এআই)ক এক সুযোগ হিচাপে গণ্য কৰিলেও ভাৰতৰ বাবে ই এক প্ৰত্যাহ্বান আৰু সুযোগ দুয়োটাকে সূচায়। তেওঁ দুটা এআইৰ কথা কয়, এটা হ’ল কৃত্ৰিম বুদ্ধিমত্তা আৰু আনটো হ’ল আকাংক্ষিত ভাৰত। প্ৰধানমন্ত্ৰীয়ে দুয়োটাৰে ভাৰসাম্য ৰক্ষাৰ গুৰুত্বৰ ওপৰত গুৰুত্ব আৰোপ কৰি কয় যে যদি আমি আকাংক্ষিত ভাৰতক প্ৰগতিৰ দিশত আগুৱাই নিবলৈ কৃত্ৰিম বুদ্ধিমত্তাৰ সফলতাৰে ব্যৱহাৰ কৰো তেন্তে ই ৰূপান্তৰশীল পৰিৱৰ্তনৰ সূচনা কৰাৰ সম্ভাৱনা আছে।

 

ডিজিটেল বিপ্লৱ আৰু ছ’চিয়েল মিডিয়াৰ প্ৰভাৱৰ বাবে তথ্য সমতা এক নিয়মত পৰিণত হোৱা বুলিও প্ৰধানমন্ত্ৰীয়ে কয়। এআইৰ সহায়ত তথ্য প্ৰক্ৰিয়াকৰণো সমানে সহজ হৈ পৰিছে যাৰ ফলত নাগৰিকসকলক অৱগত কৰা হৈছে আৰু চৰকাৰৰ সকলো কাৰ্য্যকলাপৰ ওপৰত চকু ৰাখিবলৈ তেওঁলোকক ক্ষমতা প্ৰদান কৰা হৈছে। গতিকে, চৰকাৰী কৰ্মচাৰীসকলে নিজকে শেহতীয়া প্ৰযুক্তিগত উন্নয়নৰ সৈতে খাপ খুৱাই ৰখাটো প্ৰয়োজন যাতে বৰ্ধিত মানদণ্ড পূৰণ কৰিব পাৰে, য’ত মিছন কৰ্মযোগীয়ে সহায়ক বুলি প্ৰমাণিত হ’ব পাৰে।

 

তেওঁ উদ্ভাৱনী চিন্তা আৰু নাগৰিককেন্দ্ৰিক দৃষ্টিভংগী অনুসৰণ কৰাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। তেওঁ নতুন ধাৰণা লাভৰ বাবে ষ্টাৰ্টআপ, গৱেষণা সংস্থা আৰু যুৱক-যুৱতীসকলৰ পৰা সহায় বিচৰাৰ কথা উল্লেখ কৰে। তেওঁ বিভাগসমূহক মতামত প্ৰদানৰ ব্যৱস্থা কৰিবলৈ আহ্বান জনায়।

 

প্ৰধানমন্ত্ৰীয়ে আইগট(iGOT) প্লেটফৰ্মক প্ৰশংসা কৰি কয় যে এই প্লেটফৰ্মত ইতিমধ্যে ৪০ লাখৰো অধিক চৰকাৰী কৰ্মচাৰীয়ে পঞ্জীয়ন কৰিছে। ১৪০০ৰো অধিক পাঠ্যক্ৰম উপলব্ধ আৰু বিভিন্ন পাঠ্যক্ৰমত সম্পূৰ্ণ হোৱাৰ ১.৫ কোটিৰো অধিক প্ৰমাণ পত্ৰ বিষয়াসকলে লাভ কৰিছে।

প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে অসামৰিক সেৱাৰ প্ৰশিক্ষণ প্ৰতিষ্ঠানসমূহ একঘেয়ামীভাৱে কাম কৰাৰ প্ৰথাৰ বলি হৈছে। তেওঁ কয় যে আমি তেওঁলোকৰ মাজত অংশীদাৰিত্ব আৰু সহযোগিতা বৃদ্ধিৰ চেষ্টা কৰিছো। তেওঁ প্ৰশিক্ষণ প্ৰতিষ্ঠানসমূহক যোগাযোগৰ সঠিক মাধ্যম স্থাপন কৰিবলৈ, ইজনে সিজনৰ পৰা শিকিবলৈ, বিশ্ব উত্তম পদ্ধতিসমূহৰ বিষয়ে আলোচনা আৰু গ্ৰহণ কৰিবলৈ আৰু সমগ্ৰ চৰকাৰৰ দৃষ্টিভংগীৰ বীজ সিঁচিবলৈ আহ্বান জনায়।

ভাৰতীয় নীতি-নিয়মত শিপাই থকা ভৱিষ্যতৰ বাবে সাজু অসামৰিক সেৱাৰ কল্পনা কৰি, বৈশ্বিক দৃষ্টিভংগীৰে ২০২০ চনৰ ছেপ্টেম্বৰ মাহত মিছন কৰ্মযোগী আৰম্ভ কৰা হৈছিল। ৰাষ্ট্ৰীয় শিক্ষণ সপ্তাহে (এনএলডব্লিউ) অসামৰিক কৰ্মচাৰীসকলৰ বাবে ব্যক্তিগত আৰু সাংগঠনিক ক্ষমতা বিকাশৰ দিশত নতুন গতি প্ৰদান কৰি “এক চৰকাৰ” বাৰ্তা সৃষ্টি কৰিব আৰু সকলোকে ৰাষ্ট্ৰীয় লক্ষ্যৰ সৈতে একাকাৰ কৰি আজীৱন শিক্ষণক প্ৰসাৰিত কৰিব।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
PM Modi hails Skyroot's Vikram-1 success, says India's youngsters have proven they can be trusted

Media Coverage

PM Modi hails Skyroot's Vikram-1 success, says India's youngsters have proven they can be trusted
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Eminent industry leader Shri Ravi Kant meets the Prime Minister
July 18, 2026

Eminent industry leader Shri Ravi Kant met Prime Minister, Shri Narendra Modi earlier today and presented a copy of his book 'Leading from the Back - To Achieve the Impossible'.

The Prime Minister posted on X;

Eminent industry leader Shri Ravi Kant met PM @narendramodi earlier today and presented a copy of his book 'Leading from the Back - To Achieve the Impossible'.