দেশে #10YearsOfMUDRA উদযাপনৰ মুহূৰ্তত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ‘প্ৰধানমন্ত্ৰী মুদ্ৰা যোজনা’ (পিএমএমৱাই)ৰ হিতাধিকাৰীসকলক আন্তৰিক অভিনন্দন জ্ঞাপন কৰে।

সপোনৰ সৱলীকৰণ আৰু সামগ্ৰিক অৰ্থনৈতিক বিকাশৰ এটা দশক উদযাপন কৰি প্ৰধানমন্ত্ৰীয়ে ‘মুদ্ৰা আঁচনি’য়ে প্ৰান্তীয় সম্প্ৰদায়সমূহক উন্নত কৰা আৰু সমগ্ৰ ভাৰতত উদ্যোগীসকলক উদগনি দিয়াত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰাৰ কথা উল্লেখ কৰে।

প্ৰধানমন্ত্ৰীয়ে ‘এক্স’-ত প্ৰেৰণ কৰা এলানি ‘পোষ্ট’ত কয়;

"আজি আমি #10YearsOfMUDRA উদযাপন কৰিছোঁ, এই আঁচনিৰ বাবে যিসকলৰ জীৱন সলনি হৈছে তেওঁলোকক অভিনন্দন জনাইছোঁ। এইটো দশকত ‘মুদ্ৰা যোজনা’ই কেবাটাও সপোনক বাস্তৱত পৰিণত কৰিছে, যিসকল লোকক আগতে বিত্তীয় সমৰ্থনৰ ক্ষেত্ৰত উপেক্ষা কৰা হৈছিল তেওঁলোকক উজলাই তোলাৰ ক্ষেত্ৰত সহযোগিতা আগবঢ়াইছে। ই সূচিত কৰিছে যে ভাৰতৰ জনসাধাৰণৰ বাবে একোৱেই অসম্ভৱ নহয়!"


"এইটো বিশেষভাৱে আনন্দদায়ক যে মুদ্ৰা হিতাধিকাৰীসকলৰ অৰ্দ্ধেকেই অনুসূচিত জাতি, অনুসূচিত জনজাতি আৰু অ'বিচি সম্প্ৰদায়ৰ, আৰু ৭০% ৰো অধিক হিতাধিকাৰী মহিলা! প্ৰতিটো মুদ্ৰা ঋণে ইয়াৰ সৈতে মৰ্যাদা, আত্মসন্মান আৰু সুযোগ বহন কৰে। বিত্তীয় অন্তৰ্ভুক্তিৰ উপৰিও এই আঁচনিয়ে সামাজিক অন্তৰ্ভুক্তি আৰু অৰ্থনৈতিক স্বাধীনতাও নিশ্চিত কৰিছে।"

"আগন্তুক সময়ত আমাৰ চৰকাৰে এক শক্তিশালী পৰিস্থিতিতন্ত্ৰ নিশ্চিত কৰাত গুৰুত্ব দিয়াটো অব্যাহত ৰাখিব য'ত প্ৰতিগৰাকী উচ্চাকাংক্ষী উদ্যোগীয়ে ঋণ প্ৰাপ্ত কৰিব পাৰিব আৰু এনেদৰে তেওঁলোকক আত্মবিশ্বাস আৰু বিকাশৰ সুযোগ প্ৰদান কৰিব।"

 

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
ISRO Successfully Tests CE20 Cryogenic Engine At Uprated 220 KN Thrust For C32 Stage Of Upcoming LVM3 Mission

Media Coverage

ISRO Successfully Tests CE20 Cryogenic Engine At Uprated 220 KN Thrust For C32 Stage Of Upcoming LVM3 Mission
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 11 ছেপ্টেম্বৰ 2026
September 11, 2026

Seva Pakhwada to Superpower Status: Why Citizens Are Hailing PM Modi’s Relentless Push