প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ, ৬ ফেব্ৰুৱাৰীৰ পুৱা ১০ বজাত অনুষ্ঠিত হ'বলগীয়া #পৰীক্ষা পে চৰ্চা ২৬ত যোগদান কৰিবলৈ সকলোকে আমন্ত্ৰণ জনায়। তেওঁ কয় যে এইবাৰৰ সংস্কৰণত পৰীক্ষাৰ সৈতে জড়িত অতি আকৰ্ষণীয় বিষয়সমূহ উল্লেখ কৰা হ’ব, বিশেষকৈ মানসিক চাপমুক্ত হৈ থকা আৰু শিক্ষণত মনোনিৱেশ কৰাৰ গুৰুত্বৰ বিষয়ে ।
প্ৰধানমন্ত্ৰীয়ে দৃঢ়তাৰে কয় যে এই মঞ্চ সদায় তেওঁ উপভোগ কৰা মঞ্চ, কিয়নো ই তেওঁক দেশৰ বিভিন্ন প্ৰান্তৰ উজ্জ্বল মনবোৰৰ সৈতে মত বিনিময় কৰাৰ সুযোগ প্ৰদান কৰে।
এক্সৰ এটা পোষ্টত শ্ৰী মোদীয়ে কয়-
"কাইলৈ, ৬ ফেব্ৰুৱাৰীৰ পুৱা ১০ বজাত #পৰীক্ষা পে চৰ্চা ২৬ চাওক। এইবাৰৰ পিপিচিত পৰীক্ষাৰ সৈতে জড়িত অতি আকৰ্ষণীয় বিষয়সমূহ সন্নিবিষ্ট কৰা হৈছে, বিশেষকৈ মানসিক চাপমুক্ত হৈ থকাৰ প্ৰয়োজনীয়তা, শিক্ষণত মনোনিৱেশ কৰা আৰু বহুতো । এই মঞ্চ সদায় মই উপভোগ কৰা মঞ্চ, কিয়নো ই মোক দেশৰ বিভিন্ন প্ৰান্তৰ উজ্জ্বল মনবোৰৰ সৈতে মত বিনিময় কৰাৰ সুযোগ প্ৰদান কৰে"।
Do watch #ParikshaPeCharcha26 tomorrow, 6th February at 10 AM. This year’s PPC features very interesting topics relating to examinations, notably the need to remain stress free, focus on learning and more. This is a platform I’ve always enjoyed, as it gives me an opportunity to…
— Narendra Modi (@narendramodi) February 5, 2026


