“সমগ্ৰ দেশৰ হৈ মই সম্পূৰ্ণ টীমকে ধন্যবাদ জনাইছো, কিয়নো বহু দশকৰ পিচত ভাৰতীয় পতাকা শক্তিশালী ৰূপত উত্তোলিত হ’ল, এয়া কোনো সাধাৰণ কথা নহয়”
“এতিয়া ভাৰত পিচুৱাই থাকিব নোৱাৰে, আপোনালোকৰ বিজয়ে বহু প্ৰজন্মৰ খেলুৱৈক অনুপ্ৰাণিত কৰিব”
“এনে ধৰণৰ সাফল্যই দেশৰ ক্ৰীড়া-প্ৰেক্ষাপটটোতে অত্যধিক প্ৰেৰণা আৰু আত্মবিশ্বাস সঞ্চাৰিত কৰে”
“আমাৰ মহিলা টীমটোৱে বাৰে বাৰে নিজৰ উত্কৃষ্টতা প্ৰতিপন্ন কৰিছে, এতিয়া মাথোঁ সময়ৰহে অপেক্ষা, এইবাৰ নোৱাৰিলেও অহাবাৰ নিশ্চয় জিকিব”
“এতিয়াতো খেলিবও লাগিব আৰু প্ৰস্ফূতি হ’বও লাগিব”
“মই এয়া কৰিব পাৰিম- এয়াই হৈছে নতুন ভাৰতৰ ভাৱনা”
“এয়া ভাৰতৰ ক্ৰীড়া-ইতিহাসৰ এক সোণালী অধ্যায়ৰ দৰেই আৰু আপোনালোকৰ দৰে চেম্পিয়ন আৰু আপোনালোকৰ প্ৰজন্মৰ খেলুৱৈসকল ইয়াৰ মুখ্য প্ৰণেতা”
টেলিফোনত হোৱা কথা-বতৰাৰ সময়ত দিয়া প্ৰতিশ্ৰুতি ৰাখি ‘বাল মিঠাই’ অনাৰ বাবে লক্ষ্য সেনক ধন্যবাদ জনালে প্ৰধানমন্ত্ৰীয়ে

প্ৰধানমন্ত্ৰীয়ে ‘থমাছ কাপ’ আৰু ‘উবেৰ কাপ’ৰ বেডমিণ্টন চেম্পিয়ন টীম দুটাৰে বৰ্তালাপত মিলিত হয় আৰু দল দুটাৰ সদস্যসকলে তেওঁলোকৰ অভিজ্ঞতা বৰ্ণনা কৰে। খেলুৱৈসকলে নিজ নিজ খেলৰ বিভিন্ন দিশ, বেডমিণ্টনৰ পৰা পৃথকে তেওঁলোকৰ নিজা জীৱন আৰু অন্য বিষয় সন্দৰ্ভতো কথা-বতৰা পাতে।

 

কিদাম্বী শ্ৰীকান্তে ইমান গৰ্বৰে প্ৰধানমন্ত্ৰীয়ে পৰিচিতি প্ৰদান কৰাকে ধৰি খেলুৱৈসকলৰ মাজৰ ভাল লগা কথাবোৰৰ বিষয়ে উল্লেখ কৰে। প্ৰধানমন্ত্ৰীয়ে টীমৰ কেপ্টেইনৰ পৰা তেওঁলোকৰ নেতৃত্ব শৈলী আৰু তেওঁলোকে সন্মুখীন হোৱা প্ৰত্যাহ্বানসমূহৰ বিষয়ে জানিবলৈ বিচাৰে। শ্ৰীকান্তে কয় যে ব্যক্তিগত ভাবে প্ৰতিগৰাকী খেলুৱৈয়েই খুউব ভাল প্ৰদৰ্শন দাঙি ধৰিছিল। আৰু প্ৰয়াস কৰা হৈছিল যে সকলোৱে এটা টীমৰ ৰূপত আমাৰ সৰ্বশ্ৰেষ্ঠ খেল খেলিব পাৰো। তেওঁ নিৰ্ণায়ক খেলখন খেলিবলৈ সুযোগ পোৱাৰ বাবে তেওঁৰ প্ৰসন্নতা ব্যক্তি কৰে। বিশ্ব ৰেংকিঙত ১নম্বৰ হোৱা আৰু ‘থমাছ কাপ’ত স্বৰ্ণ জয় কৰা সন্দৰ্ভত প্ৰধানমন্ত্ৰীয়ে সোধা প্ৰশ্নৰ উত্তৰত অগ্ৰণী বেডমিণ্টন খেলুৱৈগৰাকীয়ে কয় যে এই দুয়োটা সাফল্যৰ জৰিয়তে তেওঁৰ বহুদিনীয়া সপোন সাৰ্থক হ’ল আৰু ইয়াৰ বাবে তেওঁ খুবেই সুখী। প্ৰধানমন্ত্ৰীয়ে যে ‘প্ৰদৰ্শন ইমান ভাল নোহোৱাৰ বাবেই আগৰ ‘থমাছ কাপ’ৰ আলোচনা ইমানকৈ হোৱা নাছিল আৰু দেশেও এইটো দলে আহৰণ কৰা মহান সাফল্যৰ কথা বুজি উঠোতে কিছু সময় ল’লে’। প্ৰধানমন্ত্ৰীয়ে কয়, “সমগ্ৰ দেশৰ হৈ মই আপোনালোক সকলোকে অভিনন্দন জ্ঞাপন কৰিছো, কিয়নো বহু দশকৰ পিচত ভাৰতীয় পতাকাখনক শক্তিশালী ৰূপত উত্তোলিত কৰা হ’ল। এয়া কোনো সাধাৰণ কথা নহয়...অত্যধিক ছাপত নিজকে আৰু টীমক একত্ৰিত কৰি ৰখাটো কিমান টান সেই কথা মই ভালকৈয়ে বুজো। মই আপোনালোকক ফোনত অভিনন্দন জনাইছিলো, কিন্তু এতিয়া মই ব্যক্তিগত ভাবে আপোনালোকক প্ৰশংসা কৰি আনন্দ লোৱাৰ সুযোগ গ্ৰহণ কৰিছো”।

 

সাত্বিকসাইৰাজ ৰকীৰেড্ডীয়ে বিগত দহোটা দিনত লাভ কৰা আনন্দ আৰু প্ৰতিটো ক্ষণত লাভ কৰা অভিজ্ঞতাৰ কথা অৱগত কৰে। তেওঁ টীমৰ লগতে সহায়ক দলৰ পৰা লাভ কৰা সুন্দৰ সমৰ্থনৰ কথাও স্মৰণ কৰে। তেওঁ কয় যে দলে এতিয়াও বিজয়ৰ সেই মুহূৰ্তকেইটাকে সুঁৱৰি সময় অতিবাহিত কৰিছে। প্ৰধানমন্ত্ৰীয়ে মনৰ আনন্দ প্ৰকাশ কৰাৰ লগতে বিজয়ৰ পিচত খেলুৱৈসকলে কৰা টুইটসমূহৰ কথা সুঁৱৰি তেওঁলোকে কেনেদৰে পদকটোকে সাৱটি ধৰি ওৰে ৰাতি শুইছিল, অথচ তেওঁলোকৰ চকুত টোপনি নথকাৰ কথা উল্লেখ কৰে। ৰকীৰেড্ডীয়ে প্ৰশিক্ষকজনৰ সৈতে তেওঁলোকৰ প্ৰদৰ্শন সন্দৰ্ভত কৰা সমীক্ষাৰ বিষয়েও প্ৰধানমন্ত্ৰীক অৱগত কৰে। প্ৰধানমন্ত্ৰীয়ে পৰিস্থিতি অনুযায়ী তেওঁলোকে নিজকে সাজু কৰি তোলাত দেখুওৱা পাৰদৰ্শিতাৰ শলাগ লয়। প্ৰধানমন্ত্ৰীয়ে খেলুৱৈসকলক আগন্তুক ভৱিষ্যতৰ বাবে শুভকামনা জনায়।

চিৰাগ চেট্টীয়েও টুৰ্ণামেণ্টত নিজৰ পৰিক্ৰমাৰ কথা কোৱাৰ লগতে অলিম্পিক দলৰ সৈতে প্ৰধানমন্ত্ৰীৰ আবাসলৈ অহাৰ কথা স্মৰণ কৰে। প্ৰধানমন্ত্ৰীয়ে কেইগৰাকীমান খেলুৱৈৰ মুখত নিৰাশ দেখিবলৈ পাইছে বুলি মন্তব্য কৰি কয় যে তেওঁলোকে অলিম্পিকত পদক অৰ্জন কৰিব পৰা নাছিল। তেওঁ অৱশ্যে খেলুৱৈসকল যে দৃঢ়-সংকল্প আছিল আৰু এতিয়া তেওঁলোকে সকলোৱে প্ৰকাশ কৰা আস্থা যে শুদ্ধ আছিল তাকে প্ৰতিপন্ন কৰিলে বুলি উল্লেখ কৰে। তেওঁ কয়, “এবাৰৰ পৰাজয়েই শেষ কথা নহয়, জীৱনত দৃঢ়-সংকল্প আৰু দুৰ্বাৰ আকাংক্ষা থকাতো খুবেই জৰুৰী”।

প্ৰধানমন্ত্ৰীয়ে বিজয়ৰ মুহূৰ্তচেৰেকৰ ভিতৰতে টেলিফোনৰে হোৱা কথা-বতৰাৰ সময়ত দিয়া প্ৰতিশ্ৰুতি ৰাখিয়েই ‘বাল মিঠাই’ অনাৰ বাবে লক্ষ্য সেনক ধন্যবাদ জনায়। লক্ষ্য সেনে কয় যে তেওঁ প্ৰথমে ‘য়ুথ অলিম্পিক’ত বিজয়ৰ পিচত আৰু এতিয়া ‘থমাছ কাপ’ জিকাৰ পিচত প্ৰধানমন্ত্ৰীৰে মিলিত হৈছে। তেওঁ এনে ধৰণৰ কাৰ্যক্ৰমে খেলুৱৈসকলক বাৰুকৈয়ে অনুপ্ৰাণিত কৰে বুলিও মন্তব্য কৰে। যুৱ খেলুৱৈগৰাকীয়ে কয়, “মই ভাৰতৰ বাবে এনেকৈয়ে পদক জিকি থাকিব বিচাৰো আৰু আপোনাকো এনেদৰেই লগ পাই থাকিব বিচাৰো”। প্ৰধানমন্ত্ৰীয়ে টুৰ্ণামেণ্টৰ মাজতে লক্ষ্যই খাদ্য-বিসংগতিৰ সমস্যাত ভূগিবলগীয়া হোৱা কথাৰো বুজ লয়।

এছএছ প্ৰণয়ে কয় যে এয়া নিতান্তই গৰ্বৰ ক্ষণ, কিয়নো দলে ভাৰতৰ স্বাধীনতাৰ ৭৫ সংখ্যক বছৰটোতে প্ৰসিদ্ধ টুৰ্ণামেণ্টত বিজয় সাব্যস্ত কৰিবলৈ সক্ষম হৈছে।

প্ৰধানমন্ত্ৰীয়ে আটাইতকৈ কম বয়সীয়া খেলুৱৈ উন্নতি হুড্ডাক অভিনন্দন জনায়। ইয়াৰ উত্তৰত খেলুৱৈগৰাকীয়ে পদক বিজয়ীসকলৰ লগতে পদক আনিব নোৱাৰা খেলুৱৈসকলৰ মাজত কোনো ভেদাভেদ নৰাখাৰ বাবে প্ৰধানমন্ত্ৰীক প্ৰশংসা কৰে।

বাৰ্তালাপত খেলুৱৈসকলক সম্বোধি কৰা মন্তব্যত প্ৰধানমন্ত্ৰীয়ে প্ৰসংগক্ৰমে কয়, “এতিয়া ভাৰত পিচুৱাই থাকিব নোৱাৰে, আপোনালোকৰ বিজয়ে বহু প্ৰজন্মৰ খেলুৱৈক অনুপ্ৰাণিত কৰিব। এনে ধৰণৰ সাফল্যই দেশৰ ক্ৰীড়া-প্ৰেক্ষাপটটোতে অত্যধিক প্ৰেৰণা আৰু আত্মবিশ্বাস সঞ্চাৰিত কৰে”।

মহিলা দলটোৰ প্ৰচুৰ সম্ভাৱনাৰ কথা সাৰোগত কৰি প্ৰধানমন্ত্ৰীয়ে কয়, “আমাৰ মহিলা টীমটোৱে বাৰে বাৰে নিজৰ উত্কৃষ্টতা প্ৰতিপন্ন কৰিছে, এতিয়া মাথোঁ সময়ৰহে অপেক্ষা। এইবাৰ নোৱাৰিলেও অহাবাৰ নিশ্চয় জিকিব পাৰিব”। তেওঁ কয়, “এতিয়াতো খেলিবও লাগিব আৰু প্ৰস্ফূতি হ’বও লাগিব। ‘মই এয়া কৰিব পাৰিম’- এয়াই হৈছে নতুন ভাৰতৰ ভাৱনা”।

“এয়া ভাৰতৰ ক্ৰীড়া-ইতিহাসৰ এক সোণালী অধ্যায়ৰ দৰেই আৰু আপোনালোকৰ দৰে চেম্পিয়ন আৰু আপোনালোকৰ প্ৰজন্মৰ খেলুৱৈসকল ইয়াৰ মুখ্য প্ৰণেতা”।

সম্পূৰ্ণ ভাষণ পঢ়িবলৈ ইয়াত ক্লিক কৰক

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
UPI at 10: From payments pipe to backbone of India’s digital financial ecosystem

Media Coverage

UPI at 10: From payments pipe to backbone of India’s digital financial ecosystem
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister expresses deep concern over hospitalization of Asha Bhosle Ji
April 12, 2026
PM prays for her good health and speedy recovery

Prime Minister Shri Narendra Modi today expressed deep concern upon hearing that Asha Bhosle Ji has been admitted to the hospital.

The Prime Minister stated that he is praying for her good health and a speedy recovery.

The Prime Minister wrote on X:

"Deeply concerned to hear that Asha Bhosle Ji has been admitted to hospital. Praying for her good health and a speedy recovery."