“Hackathon is a learning opportunity for me too and I eagerly look forward to it”
“India of 21st century is moving forward with the mantra of ‘Jai Jawan, Jai Kisan, Jai Vigyan and Jai Anusandhan’”
“Today we are at a turning point in time, where every effort of ours will strengthen the foundation of the India of the next thousand years”
“The world is confident that in India it will find low-cost, quality, sustainable and scalable solutions to global challenges”
“Understand the uniqueness of the current time as many factors have come together”
“Our Chandrayaan mission has increased the expectations of the world manifold”
“Through Smart India Hackathon, the youth power of the country is extracting the Amrit of solutions for developed India”

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে স্মাৰ্ট ইণ্ডিয়া হেকাথন ২০২৩ৰ চূড়ান্ত প্ৰতিযোগিতাত অংশগ্ৰহণকাৰীসকলৰ সৈতে মত বিনিময় কৰি আজি ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে তেওঁলোকক সম্বোধন কৰে।

কয়লা মন্ত্ৰালয়ৰ পৰিবহণ আৰু লজিষ্টিক বিষয়ত কাম কৰা কৰ্ণাটকৰ মহীচুৰুৰ ৰাষ্ট্ৰীয় অভিযান্ত্ৰিক প্ৰতিষ্ঠানৰ শ্ৰী সোইকত দাস আৰু প্ৰতীক সাহাৰ সৈতে মত বিনিময় কৰে। তেওঁলোকে ৰে’লৱেৰ মালবাহী সামগ্ৰীৰ বাবে আইঅটিভিত্তিক ব্যৱস্থা নিৰ্মাণ কৰি আছে। প্ৰধানমন্ত্ৰীয়ে তেওঁলোকক কয় যে হেকাথন তেওঁৰ বাবেও এক শিক্ষণৰ সুযোগ আৰু তেওঁ অংশগ্ৰহণকাৰীসকলৰ সৈতে মত বিনিময় কৰিবলৈ সদায় আগ্ৰহী। অংশগ্ৰহণকাৰীসকলৰ উজ্বল মুখখনলৈ চাই প্ৰধানমন্ত্ৰীয়ে কয় যে তেওঁলোকৰ উৎসাহ, ইচ্ছাশক্তি আৰু দেশ গঢ় দিয়াৰ আকাংক্ষা ভাৰতৰ যুৱ শক্তিৰ পৰিচয় হৈ পৰিছে। বাংলাদেশৰ ছাত্ৰ-ছাত্ৰীকো অন্তৰ্ভুক্ত কৰা দলটোৱে প্ৰধানমন্ত্ৰীক জনাইছে যে তেওঁলোকে ৰে’লৱে কয়লা ৱেগনৰ কম আৰু অতিৰিক্ত বোজাৰ সমস্যা সমাধানৰ বাবে চেষ্টা কৰিছে যাৰ ফলত লোকচান বা জৰিমনা বিহা হয়। তাৰ বাবে তেওঁলোকে আইঅ’টি আৰু কৃত্ৰিম বুদ্ধিমত্তাভিত্তিক প্ৰযুক্তি ব্যৱহাৰ কৰিছে। দলটোত বাংলাদেশ আৰু ভাৰতৰ পৰা ৩ জনকৈ ৬জন সদস্য আছে। প্ৰধানমন্ত্ৰীয়ে তেওঁলোকৰ এই প্ৰচেষ্টাই পৰিৱৰ্তনশীল পৰ্যায়ত চলি থকা ভাৰতীয় ৰে’লৱে লাভৱান হ’ব বুলি আস্থা প্ৰকাশ কৰে। তেওঁ লজিষ্টিকক মুল ক্ষেত্ৰ বুলি অৱগত কৰি ভৱিষ্যতে বাংলাদেশৰ পৰা আৰু বহু ছাত্ৰ-ছাত্ৰী ভাৰতলৈ আহিব বুলি আশা প্ৰকাশ কৰি ‘ষ্টাডী ইন ইণ্ডিয়া‘ কাৰ্যসূচীয়ে এনে ছাত্ৰ-ছাত্ৰীক সহায় কৰিব বুলি উল্লেখ কৰে।

 

গুজৰাট প্ৰযুক্তিবিদ্যা বিশ্ববিদ্যালয়, আহমেদাবাদৰ পৰা শ্ৰীমতী তিৱাৰী হৰ্ষিতা এছ আৰু শ্ৰীযুত জেথৱা জে পিয়ে ইছৰোৰ মুনলেণ্ডাৰে লাভ কৰা মিডিয়াম ৰিজ’লিউচনৰ ছবিসমূহ ইমেজ প্ৰচেছিং আৰু কৃত্ৰিম বুদ্ধিমত্তা ব্যৱহাৰ কৰি ছুপাৰ ৰিজ’লিউচন ছবিলৈ ৰূপান্তৰিত কৰি উন্নত কৰাৰ প্ৰকল্পত কাম কৰিছিল যাতে ইমেজ প্ৰচেছিং আৰু কৃত্ৰিম বুদ্ধিমত্তা ব্যৱহাৰ কৰি জোনটোৰ মানচিত্ৰ তৈয়াৰ কৰিব পাৰে৷ প্ৰকল্পটোৰ আউটপুটে ভৱিষ্যতৰ অভিযানৰ বাবে নিৰাপদ লেণ্ডিং স্পট আৰু নেভিগেচন পথ নিৰ্ধাৰণ কৰাত সহায় কৰিব। প্ৰধানমন্ত্ৰীয়ে দেশৰ বিভিন্ন মহাকাশ ষ্টাৰ্টআপৰ লগতে ইছৰোৰ দলটোৰ পৰা তত্বাৱধান আৰু পথ প্ৰদৰ্শনৰ পৰামৰ্শ আগবঢ়ায়। প্ৰধানমন্ত্ৰীয়ে কয় যে চন্দ্ৰযান-৩ৰ সফলতাৰ পিছত ভাৰতৰ মহাকাশ কাৰ্যসূচী বিশ্বৰ বাবে আশাৰ কিৰণ হৈ পৰিছে আৰু ভাৰতৰ প্ৰতি বিদেশী ৰাষ্ট্ৰৰ দৃষ্টিভংগী সলনি কৰিছে। ভাৰতৰ মহাকাশ খণ্ডৰ দিশত অৰিহণা যোগাব বিচৰা যুৱক-যুৱতীসকলৰ বাবে বৰ্তমানৰ যুগটো এক নিখুঁত সময়সীমা বুলি তেওঁ আঙুলিয়াই দিয়ে কাৰণ তেওঁ যুৱক-যুৱতীসকলৰ বাবে মহাকাশ খণ্ড ব্যক্তিগত খণ্ডৰ বাবে মুকলি কৰাৰ কথা উল্লেখ কৰে। তেওঁ ইছৰ’ই নতুন যুগৰ ষ্টাৰ্টআপৰ বাবে নিজৰ সুবিধা মুকলি কৰাৰ কথাও উল্লেখ কৰি আহমেদাবাদত অৱস্থিত ইন-স্পেচৰ মুখ্য কাৰ্যালয়লৈ যাবলৈ পৰামৰ্শ দিয়ে।

ওড়িশাৰ চম্বলপুৰৰ বীৰ সুৰেন্দ্ৰ ছাই প্ৰযুক্তিবিদ্যা বিশ্ববিদ্যালয়ৰ পৰা অংকিত কুমাৰ আৰু চৈয়দ ছিদ্দিকী হুছেইনে শিশুৰ মানসিক স্বাস্থ্যৰ প্ৰেক্ষাপটত মুক্ত উদ্ভাৱনৰ সন্দৰ্ভত কাম কৰি এনে এটা ৰেটিং প্ৰস্তুত কৰিছিল যিয়ে অভিভাৱক আৰু চিকিৎসা পেছাদাৰীসকলক আগতীয়াকৈ সতৰ্ক কৰাত সহায় কৰিব। প্ৰধানমন্ত্ৰীৰ আহ্বানত দলটোৰ এগৰাকী মহিলা সদস্যই প্ৰধানমন্ত্ৰীক এই প্ৰকল্পৰ বিষয়ে অৱগত কৰে। এটা গুৰুত্বপূৰ্ণ ক্ষেত্ৰ তুলি লোৱাৰ বাবে দলটোক অভিনন্দন জনাই প্ৰধানমন্ত্ৰীয়ে যুৱ প্ৰজন্মৰ মাজত মানসিক স্বাস্থ্যৰ সমস্যাৰ বিষয়ে বিশদভাৱে কয় আৰু শিক্ষা বিভাগে এনে বিষয়সমূহৰ ওপৰত কাম কৰাৰ লগতে আৱিষ্কৃত সমাধানটোক শিক্ষানুষ্ঠানসমূহত পৰিসৰ বৃদ্ধি কৰি নিয়োগ কৰাৰ উপায় বিচাৰি উলিওৱাৰ গুৰুত্বৰ ওপৰত জোৰ দিয়ে৷ “ভাৰতক বিকশিত দেশত পৰিণত কৰাৰ বাবে যুৱক-যুৱতীসকলৰ মানসিক স্বাস্থ্য গুৰুত্বপূৰ্ণ”, তেওঁ কয়। তেওঁ মাই ইণ্ডিয়া পৰ্টেলৰ বিষয়েও তেওঁলোকক জনায়৷

অসম ৰয়েল গ্ল’বেল ইউনিভাৰ্চিটি, গুৱাহাটী, অসমৰ পৰা শ্ৰীমতী ৰেশমা মস্তুথা আৰে কৃত্ৰিম বুদ্ধিমত্তা সঁজুলি ভাষিণী ব্যৱহাৰ কৰি প্ৰধানমন্ত্ৰীৰ সৈতে মত বিনিময় কৰে। এনে এক অনুষ্ঠানত প্ৰথমবাৰৰ বাবে সঠিক সময়ৰ অনুবাদৰ বাবে ভাষিনী সঁজুলি ব্যৱহাৰ কৰা হৈছিল। প্ৰধানমন্ত্ৰীয়ে সজোৰে কয় যে দক্ষিণ ভাৰতৰ পৰা শ্ৰীমতী ৰেশমা আৰু তেওঁৰ দলটো এক ভাৰত শ্ৰেষ্ঠ ভাৰতৰ প্ৰকৃত ৰাষ্ট্ৰদূত। তেওঁৰ দলটোৱে ৱেব এপ্লিকেচন ব্যৱহাৰ কৰি জলবিদ্যুৎ কেন্দ্ৰৰ উপাদানসমূহৰ ইনপুট ভিত্তিক কৃত্ৰিম বুদ্ধিমত্তা জেনেৰেটিভ ডিজাইন তৈয়াৰ কৰাত কাম কৰিছিল, যাৰ ফলত ভাৰতক শক্তিৰ ক্ষেত্ৰত স্বনিৰ্ভৰশীল ৰাষ্ট্ৰ হিচাপে গঢ়ি তোলাত সহায় কৰিছিল আৰু জীৱাশ্ম ইন্ধনৰ ওপৰত নিৰ্ভৰশীলতা হ্ৰাস পাইছিল। প্ৰধানমন্ত্ৰীয়ে শক্তি খণ্ডক কৃত্ৰিম বুদ্ধিমত্তাৰ সৈতে সংযোগ কৰাৰ উপায় বিচাৰি উলিওৱাৰ ওপৰত গুৰুত্ব আৰোপ কৰে কাৰণ দুয়োটা বিকশিত ভাৰতৰ বাবে আৰু ভাৰতৰ ভৱিষ্যত গঢ় দিয়াৰ বাবে অতি গুৰুত্বপূৰ্ণ। তেওঁ শক্তি উৎপাদনত কৃত্ৰিম বুদ্ধিমত্তাভিত্তিক সমাধান ব্যৱহাৰ কৰি দক্ষতা অৰ্জনৰ প্ৰয়োজনীয়তাৰ ওপৰতো গুৰুত্ব আৰোপ কৰে আৰু শক্তি সঞ্চাৰণৰ লগতে ব্যৱহাৰ নিৰীক্ষণ কৰে। বিগত বছৰবোৰত প্ৰতিখন গাঁও আৰু পৰিয়াললৈ বিদ্যুৎ সঞ্চাৰণৰ ক্ষেত্ৰত চৰকাৰৰ সাফল্যৰ ওপৰত আলোকপাত কৰি প্ৰধানমন্ত্ৰী মোদীয়ে কৃষি পথাৰত ক্ষুদ্ৰ পৰিসৰৰ সৌৰ উদ্যোগ আৰু চহৰৰ ছাদৰ ওপৰত সৌৰ উদ্যোগৰ ওপৰত চৰকাৰে গুৰুত্ব আৰোপ কৰাত জোৰ দিয়ে আৰু একেখিনিৰ কৃত্ৰিম বুদ্ধিমত্তা সমাধান বিচাৰি উলিওৱাৰ পৰামৰ্শ আগবঢ়ায়। তেওঁ সকলোকে উত্তৰ-পূৰ্বাঞ্চল ভ্ৰমণ কৰিবলৈও অনুৰোধ জনায়।

উত্তৰ প্ৰদেশৰ গ্ৰেটাৰ নয়ডাৰ নয়ডা ইনষ্টিটিউট অৱ ইঞ্জিনিয়াৰিং এণ্ড টেকন’লজিৰ মিষ্টাৰ ঋষভ এছ বিশ্বমিত্ৰই কৃত্ৰিম বুদ্ধিমত্তা ব্যৱহাৰ কৰি ফিছিং ডমেইন ধৰা পেলোৱাৰ সমাধান প্ৰদানৰ বাবে এনটিআৰঅ’ৰ ব্লকচেইন আৰু চাইবাৰ ছিকিউৰিটিৰ কাম কৰিছিল। প্ৰধানমন্ত্ৰীয়ে চাইবাৰ জালিয়াতিৰ নিৰন্তৰ বিকাশশীল প্ৰত্যাহ্বানৰ বিষয়ে আলোচনা কৰি নতুন প্ৰযুক্তিৰ প্ৰেক্ষাপটত ব্যাপক সজাগতাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। তেওঁ জেনেৰেটিভ কৃত্ৰিম বুদ্ধিমত্তাৰ ভুৱা ভিডিঅ’ৰ কথা উল্লেখ কৰি যিকোনো ফটো বা ভিডিঅ’ বিশ্বাস কৰাৰ আগতে সজাগ হোৱাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। তেওঁ কৃত্ৰিম বুদ্ধিমত্তাৰ বাবে এক বৈশ্বিক কাঠামো সৃষ্টিৰ বাবে ভাৰতৰ অভিযানৰ কথা উল্লেখ কৰে।

 

সভাত ভাষণ প্ৰসংগত প্ৰধানমন্ত্ৰীয়ে দেশৰ সমস্যাৰ সমাধানৰ বাবে যুৱ প্ৰজন্মৰ নিষ্ঠাক লৈ সন্তুষ্টি প্ৰকাশ কৰে। তেওঁ পূৰ্বৰ হেকাথনৰ সফলতাৰ কথা পুনৰবাৰ উল্লেখ কৰে। পূৰ্বৰ হেকাথনৰ পৰা ওলোৱা ষ্টাৰ্টআপ আৰু সমাধানে চৰকাৰ আৰু সমাজ দুয়োটাকে সহায় কৰিছে।

একবিংশ শতিকাৰ ভাৰতৰ মন্ত্ৰ অৰ্থাৎ জয় জোৱান, জয় কিষাণ, জয় বিজ্ঞান আৰু জয় অনুসন্ধানৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে প্ৰতিজন ভাৰতীয়ই যথাৰ্থ অৱস্থাৰ জড়তাক পৰিত্যাগ কৰিছে। ভাৰতৰ তৃতীয় বৃহত্তম অৰ্থনীতি হিচাপে উত্থানৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে ভাৰতৰ ইউপিআইৰ সফলতা, মহামাৰীৰ সময়ত ভেকচিনৰ সফলতাৰ কথা কয়।

যুৱ উদ্ভাৱক আৰু ডমেইন বিশেষজ্ঞসকলক সম্বোধন কৰি প্ৰধানমন্ত্ৰী মোদীয়ে আগন্তুক এহাজাৰ বছৰৰ দিশ নিৰ্ণয় কৰিব পৰা বৰ্তমানৰ সময়সীমাৰ গুৰুত্ব পুনৰবাৰ উল্লেখ কৰে। প্ৰধানমন্ত্ৰীয়ে তেওঁলোকক সাম্প্ৰতিক সময়ৰ স্বকীয়তা বুজিবলৈ কয় কিয়নো বহু কাৰক একত্ৰিত হৈছে, যেনে ভাৰত বিশ্বৰ অন্যতম কম বয়সীয়া দেশ, ইয়াৰ প্ৰতিভাৰ প্ৰচুৰতা, সুস্থিৰ আৰু শক্তিশালী চৰকাৰ, উত্থানশীল অৰ্থনীতি আৰু বিজ্ঞান আৰু প্ৰযুক্তি “প্ৰযুক্তি আজি আমাৰ জীৱনৰ এটা ডাঙৰ অংশ হৈ পৰিছে”, প্ৰধানমন্ত্ৰীয়ে সজোৰে কয়। যুৱ উদ্ভাৱকৰ ভূমিকাত গুৰুত্ব আৰোপ কৰি তেওঁ আঙুলিয়াই দিয়ে যে প্ৰযুক্তিৰ এটা উন্নীত সংস্কৰণ ঠিক তেতিয়াই আহি পৰে যেতিয়া কোনোবাই অভ্যস্ত হ’বলৈ আৰম্ভ কৰে।

 

প্ৰধানমন্ত্ৰীয়ে পুনৰ কয় যে ভাৰতৰ অমৃত কালৰ অহা ২৫ বছৰ যুৱ উদ্ভাৱকসকলৰ বাবে এক সংজ্ঞায়িত সময় হ’ব। তেওঁ স্বাৱলম্বী ভাৰতৰ উমৈহতীয়া লক্ষ্যৰ ওপৰত আলোকপাত কৰি কোনো নতুন আমদানি নকৰা আৰু অন্য দেশৰ ওপৰত নিৰ্ভৰশীল হোৱাৰ উদ্দেশ্য উল্লেখ কৰে। আত্মনিৰ্ভৰশীলতাৰ দিশত কাম কৰা প্ৰতিৰক্ষা খণ্ডৰ উদাহৰণ দি তেওঁ আঙুলিয়াই দিয়ে যে ভাৰতে কিছুমান প্ৰতিৰক্ষা প্ৰযুক্তি আমদানি কৰিবলৈ বাধ্য হৈছে। তেওঁ অৰ্ধপৰিবাহী আৰু চিপ প্ৰযুক্তিৰ আত্মনিৰ্ভৰশীলতাৰ প্ৰয়োজনীয়তাৰ ওপৰতো গুৰুত্ব আৰোপ কৰে। প্ৰধানমন্ত্ৰী মোদীয়ে কোৱাণ্টাম প্ৰযুক্তি আৰু হাইড্ৰজেন শক্তি খণ্ডত ভাৰতৰ উচ্চ আকাংক্ষাৰ ওপৰতো আলোকপাত কৰে। তেওঁ কয় যে চৰকাৰে একবিংশ শতিকাৰ আধুনিক পৰিস্থিতিতন্ত্ৰ সৃষ্টি কৰি এনে সকলো খণ্ডকে বিশেষ গুৰুত্ব প্ৰদান কৰিছে যদিও ইয়াৰ সফলতা নিৰ্ভৰ কৰে যুৱক-যুৱতীসকলৰ সফলতাৰ ওপৰত।

প্ৰধানমন্ত্ৰী মোদীয়ে যুৱ উদ্ভাৱকসকলক কয় “বিশ্বই আত্মবিশ্বাসী যে ভাৰতত ই বিশ্বজনীন প্ৰত্যাহ্বানৰ কম খৰচী, মানসম্পন্ন, বহনক্ষম আৰু মাপযোগ্য সমাধান বিচাৰি পাব। আমাৰ চন্দ্ৰযান অভিযানে বিশ্ব বহুবিধৰ আশা বৃদ্ধি কৰিছে” আৰু সেই অনুসৰি তেওঁলোকক উদ্ভাৱন কৰিবলৈ কয়। হেকাথনৰ লক্ষ্য ব্যাখ্যা কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে “স্মাৰ্ট ইণ্ডিয়া হেকাথনৰ লক্ষ্য হৈছে দেশৰ সমস্যা সমাধান আৰু সমাধানৰ জৰিয়তে কৰ্মসংস্থাপন সৃষ্টি কৰা। স্মাৰ্ট ইণ্ডিয়া হেকাথনৰ জৰিয়তে দেশৰ যুৱ শক্তিয়ে উন্নত ভাৰতৰ বাবে সমাধানৰ অমৃত উলিয়াইছে।” দেশৰ যুৱ শক্তিৰ ওপৰত আস্থা প্ৰকাশ কৰি প্ৰধানমন্ত্ৰীয়ে তেওঁলোকক যিকোনো সমস্যাৰ সমাধান বিচাৰি উলিওৱাৰ সমান্তৰালকৈ বিকশিত ভাৰতৰ সংকল্প মনত ৰাখিবলৈ কয়। “আপুনি যিয়েই নকৰক কিয়, সেয়াই শ্ৰেষ্ঠ হওক। এনে কাম কৰিব লাগিব যে বিশ্ববাসীয়ে আপোনালোকক অনুসৰণ কৰে” এইদৰে কয় প্ৰধানমন্ত্ৰী মোদীয়ে৷

অনুষ্ঠানত কেন্দ্ৰীয় শিক্ষামন্ত্ৰী শ্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে ভাৰ্চুৱেলী উপস্থিত থাকে৷

 

 

Click here to read full text speech

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
PM Modi becomes first world leader to cross 100 million Instagram followers

Media Coverage

PM Modi becomes first world leader to cross 100 million Instagram followers
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister Condoles the Passing of Shri Maroof Raza Ji
February 26, 2026

Prime Minister Narendra Modi has expressed grief over the passing of Shri Maroof Raza Ji, honoring his legacy in the fields of journalism.

The Prime Minister stated that Shri Maroof Raza Ji made a rich contribution to the world of journalism. He noted that Shri Raza enriched public discourse through his nuanced understanding of defence, national security, and strategic affairs.

Expressing his sorrow, the Prime Minister said he is pained by his passing and extended his condolences to his family and friends.
The Prime Minister shared on X:

“Shri Maroof Raza Ji made a rich contribution to the world of journalism. He enriched public discourse with his nuanced understanding of defence, national security as well as strategic affairs. Pained by his passing. Condolences to his family and friends”