বঁটা-প্ৰাপকসকলক প্ৰশংসা প্ৰধানমন্ত্ৰীৰ, সমাজ আৰু দেশৰ বাবে তেওঁলোকে আগবঢ়োৱা অৱদানৰ ভূয়সী প্ৰশংসা
আপোনালোকৰ কৰ্মৰাজী সেৱা আৰু উদ্ভাৱনী মনোভাৱৰে সংপৃক্ত : প্ৰধানমন্ত্ৰী
সকলোৰে প্ৰয়াস সুনিশ্চিত কৰাত গুৰুত্ব আৰোপ কৰিছে চৰকাৰে : প্ৰধানমন্ত্ৰী
দেশৰ শীৰ্ষ নেতৃত্বক তেওঁলোকৰ বক্তব্য শুনাব পৰা এনে এখন মঞ্চ প্ৰদান কৰাৰ বাবে প্ৰধানমন্ত্ৰীক প্ৰশংসা কৰিলে বঁটা-প্ৰাপককলে

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি লোক কল্যাণ মাৰ্গত অনুষ্ঠিত এক অনুষ্ঠানত ২০২০ আৰু ২০২১ বৰ্ষৰ ‘নাৰী শক্তি পুৰস্কাৰ’ প্ৰাপকসকলৰ সৈতে বাৰ্তালাপত মিলিত হয়। বাৰ্তালাপৰ এই অনুষ্ঠানে মহিলা সবলীকৰণৰ বাবে প্ৰধানমন্ত্ৰীয়ে গ্ৰহণ কৰা নিৰবিচ্ছিন্ন প্ৰয়াসকে পুনৰাই প্ৰতীয়মান কৰিছে।

প্ৰধানমন্ত্ৰীয়ে বঁটা-প্ৰাপকসকলে সমাজ আৰু দেশৰ বাবে আগবঢ়োৱা অৱদানৰ ভূয়সী প্ৰশংসা কৰে। এই সন্দৰ্ভত তেওঁ কয়, আপোনালোকৰ কৰ্মৰাজী সেৱা আৰু উদ্ভাৱনী মনোভাৱৰে সংপৃক্ত। আজিৰ প্ৰেক্ষাপটত এনে এটা ক্ষেত্ৰ নাই য’ত মহিলাসকলে তেওঁলোকৰ কৰ্ম-দক্ষতাৰ স্বাক্ষৰ ৰাখিবলৈ সক্ষম হোৱা নাই আৰু ইয়ে দেশক গৌৰৱান্বিত কৰিছে।

অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে কয় যে, মহিলাসকলে বহণ কৰা বিপুল সম্ভাৱনীয়তাক কামক্ষেত্ৰত লগোৱাৰ বাবে চৰকাৰে দায়বদ্ধতাৰে কাম কৰি আছে আৰু তেনে সম্ভাৱনীয়তাসমূহক বিচাৰি উলিওৱাৰ বাবে নীতি যুগুতাই আহিছে। তেওঁ পৰিয়াল পৰ্যায়ৰ পৰা সকলো ক্ষেত্ৰতে নীতি-নিৰ্দ্ধাৰণৰ ক্ষেত্ৰত মহিলাসকলক জড়িত কৰাটো অতিকে গুৰুত্বপূৰ্ণ বুলি উল্লেখ কৰি ইয়াৰ পৰিণতিয়ে তেওঁলোকৰ অৰ্থনৈতিক সবলীকৰণ সুনিশ্চিত কৰিব বুলি অভিমত ব্যক্ত কৰে।

‘স্বাধীনতাৰ অমৃত মহোত্সৱ’ উদযাপনৰ সময়ছোৱাত সকলোৰে প্ৰয়াস সুনিশ্চিত কৰাত গুৰুত্ব আৰোপ কৰিছে চৰকাৰে। তেওঁ কয় ‘ভোকেল ফৰ লোকেল’ৰ দৰে কাৰ্যক্ৰমৰ সাফল্য মহিলাসকলৰ সক্ৰিয় অংশগ্ৰহণৰেহে সম্ভৱ হ’ব।

ইফালে, দেশৰ শীৰ্ষ নেতৃত্বক তেওঁলোকৰ বক্তব্য শুনাব পৰা এনে এখন মঞ্চ প্ৰদান কৰাৰ বাবে বঁটা-প্ৰাপকসকলে প্ৰধানমন্ত্ৰীৰ প্ৰশংসা কৰে।

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
AI engineering jobs rise by 51%, Vijayawada sees highest growth: India LinkedIn Head

Media Coverage

AI engineering jobs rise by 51%, Vijayawada sees highest growth: India LinkedIn Head
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 22 আগষ্ট 2026
August 22, 2026

Citizens Appreciate PM Modi’s Leadership Driving India’s Growth, Innovation and Connectivity