ভাৰতৰ বিকাশৰ গতিত মুখ্য কাৰ্যবাহী বিষয়াসকলে দৃঢ় আস্থা প্ৰকাশ কৰে
ভাৰতত ব্যৱসায়িক উপস্থিতি সম্প্ৰসাৰণৰ বাবে মুখ্য কাৰ্যবাহী বিষয়াসকলে আগ্ৰহ প্ৰকাশ কৰে
বিশ্বৰ শক্তিৰ চাহিদা-যোগানৰ ভাৰসাম্যত ভাৰতে নিৰ্ণায়ক ভূমিকা পালন কৰিব বুলি প্ৰধানমন্ত্ৰীয়ে কয়
চৰকাৰে প্ৰৱৰ্তন কৰা বিনিয়োগকাৰী-বন্ধুত্বপূৰ্ণ নীতিৰ সংস্কাৰৰ উদাহৰণ দি প্ৰধানমন্ত্ৰীয়ে অন্বেষণ আৰু উৎপাদনত প্ৰায় ১০০ বিলিয়ন মাৰ্কিন ডলাৰ বিনিয়োগৰ সম্ভাৱনাৰ বিষয়ত আলোকপাত কৰে
প্ৰধানমন্ত্ৰীয়ে শক্তিৰ মূল্য শৃংখলত উদ্ভাৱন, সহযোগিতা আৰু অংশীদাৰিত্বৰ আহ্বান জনায়

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি বৰ্তমান চলি থকা ভাৰত শক্তি সপ্তাহ (আই ই ডব্লিউ) ২০২৬ৰ অংশ হিচাপে লোক কল্যাণ মাৰ্গত থকা তেওঁৰ বাসগৃহত বিশ্ব শক্তি খণ্ডৰ মুখ্য কাৰ্যবাহী বিষয়াসকলৰ সৈতে মত বিনিময় কৰে।

মত-বিনিময় অনুষ্ঠানত মুখ্য কাৰ্যবাহী বিষয়াসকলে ভাৰতৰ বৃদ্ধিৰ গতিত দৃঢ় আস্থা প্ৰকাশ কৰে।নীতিগত স্থিতিশীলতা, সংস্কাৰৰ গতিবেগ আৰু দীৰ্ঘম্যাদী চাহিদাৰ দৃশ্যমানতাৰ উদাহৰণ দি তেওঁলোকে ভাৰতত নিজৰ ব্যৱসায়িক উপস্থিতি সম্প্ৰসাৰণ আৰু গভীৰ কৰাৰ প্ৰতি থকা আগ্ৰহৰ কথা প্ৰকাশ কৰে। মুখ্য কাৰ্যবাহী বিষয়াসকলক আদৰণি জনাই প্ৰধানমন্ত্ৰীয়ে কয় যে এই বৈঠকে উদ্যোগ-চৰকাৰৰ সংহতিৰ এক মূল মঞ্চ হিচাপে আত্মপ্ৰকাশ কৰিছে। তেওঁ কয় যে বিশ্ব উদ্যোগৰ নেতাসকলৰ পৰা লাভ কৰা প্ৰত্যক্ষ প্ৰতিক্ৰিয়াই নীতিৰ কাঠামো পৰিশোধন কৰাত সহায় কৰিছে, খণ্ডগত প্ৰত্যাহ্বানসমূহ অধিক ফলপ্ৰসূভাৱে মোকাবিলা কৰাত সহায় কৰিছে আৰু  বিনিয়োগৰ আকৰ্ষণীয়  গন্তব্যস্থান হিচাপে ভাৰতৰ  স্থিতি শক্তিশালী কৰিছে। ভাৰতৰ শক্তিশালী অৰ্থনৈতিক গতিৰ বিষয়ত  আলোকপাত কৰি প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে ভাৰতে বিশ্বৰ তৃতীয় বৃহত্তম অৰ্থনীতি হোৱাৰ দিশত দ্ৰুতগতিত আগবাঢ়িছে আৰু দেশখনে বিশ্বৰ শক্তিৰ চাহিদা-যোগানৰ ভাৰসাম্যত নিৰ্ণায়ক ভূমিকা পালন কৰিব। প্ৰধানমন্ত্ৰীয়ে ভাৰতৰ শক্তি খণ্ডত বিনিয়োগৰ উল্লেখযোগ্য সুযোগৰ প্ৰতিও দৃষ্টি আকৰ্ষণ কৰে। চৰকাৰে প্ৰৱৰ্তন কৰা বিনিয়োগকাৰী অনুকূল নীতিৰ সংস্কাৰৰ উদাহৰণ দি তেওঁ অন্বেষণ আৰু উৎপাদনত প্ৰায় ১০০ বিলিয়ন মাৰ্কিন ডলাৰৰ বিনিয়োগৰ সম্ভাৱনাৰ ওপৰত আলোকপাত কৰে। তেওঁ কম্প্ৰেছড বায়’-গেছ (চিবিজি)ত ৩০ বিলিয়ন মাৰ্কিন ডলাৰৰ় সুযোগৰ বিষয়তো গুৰুত্ব আৰোপ কৰে। ইয়াৰ উপৰি  তেওঁ গেছ ভিত্তিক অৰ্থনীতি, শোধনাগাৰ–পেট্ৰ’কেমিকেল সংহতি আৰু সামুদ্ৰিক আৰু জাহাজ নিৰ্মাণকে ধৰি শক্তিৰ মূল্য শৃংখলৰ বৃহৎ পৰিসৰৰ সুযোগৰ ৰূপৰেখা দাঙি ধৰে।

 

প্ৰধানমন্ত্ৰীয়ে লক্ষ্য কৰে যে বিশ্ব শক্তিৰ পৰিৱেশ অনিশ্চয়তা ভৰা   হ’লেও ই অপৰিসীম সুযোগো আনি দিছে। তেওঁ উদ্ভাৱন, সহযোগিতা আৰু  অংশীদাৰিত্বৰ আহ্বান জনাই কয় যে ভাৰত সমগ্ৰ শক্তি মূল্য শৃংখলতে এক নিৰ্ভৰযোগ্য আৰু বিশ্বাসযোগ্য অংশীদাৰ হিচাপে সাজু হৈ আছে।

 

উচ্চ পৰ্যায়ৰ বৈঠকখনত টটেলএনাৰ্জিজ, বিপি, ভিটল, এইচডি হুণ্ডাই, এইচডি কেএছঅ’ই, আকাৰ, লাঞ্জাটেক, বেদান্তা, আন্তঃৰাষ্ট্ৰীয় শক্তি মঞ্চ (আইইএফ), এক্সেলেৰেট, উড মেকেঞ্জী, ট্ৰেফিগাৰ, ষ্টেটছ’লি, প্ৰাজ, ৰিনিউ আৰু এমঅ’এলকে ধৰি বিশ্বৰ প্ৰতিষ্ঠান আৰু ভাৰতীয় শক্তি কোম্পানী তথা প্ৰতিষ্ঠানসমূহক প্ৰতিনিধিত্ব কৰা ২৭জন মুখ্য কাৰ্যবাহী বিষয়াৰ লগতে   কৰ্পৰেটৰ গণ্যমান্য জ্যেষ্ঠ ব্যক্তিয়ে অংশগ্ৰহণ কৰে । এই মত-বিনিময় অনুষ্ঠানত  কেন্দ্ৰীয় পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ দপ্তৰৰ মন্ত্ৰী শ্ৰী হৰদীপ সিং পুৰী তথা পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী শ্ৰী সুৰেশ গোপী আৰু মন্ত্ৰালয়ৰ উচ্চপদস্থ বিষয়াসকলেও অংশগ্ৰহণ কৰে।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Technical textiles critical to footwear sector

Media Coverage

Technical textiles critical to footwear sector
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 29 এপ্ৰিল 2026
April 29, 2026

Leadership That Plays, Builds & Delivers: PM Modi’s Vision Igniting Youth, Women & Northeast India