দ্ৰুত প্ৰযুক্তিগত সমাধান সূত্ৰ আগবঢ়োৱাৰ ক্ষেত্ৰত যুৱ-উদ্ভৱকসকলে প্ৰদৰ্শন কৰা প্ৰয়াসৰ প্ৰশংসা
শিকাৰুসকলৰ প্ৰয়োজনীয়তা অনুসৰি শিকণৰ সুযোগ প্ৰদান কৰিব পৰা শিথিল, জড়তাশূণ্য অথচ পাৰদৰ্শী শিক্ষাৰ আৰ্হি বিকশিত কৰাৰ দিশত আগবঢ়াৰ প্ৰয়োজন আছে : প্ৰধানমন্ত্ৰী
সমাগত দশক-‘ভাৰতৰ কাৰিকৰী দশক’ত আমাৰ প্ৰযুক্তিগত আৰু ‘গৱেষণা তথা উন্নয়ণ প্ৰতিষ্ঠান’সমূহে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব : প্ৰধানমন্ত্ৰী
সম্প্ৰতি চলি থকা গৱেষণা তথা উন্নয়ণ সম্পৰ্কীয়, বিশেষকৈ ক’ভিড সম্পৰ্কীয় কাম-কাজৰ বিষয়ে অৱগত কৰিলে প্ৰধানমন্ত্ৰীক

কেন্দ্ৰীয় চৰকাৰৰ পুঁজিৰে পৰিচালিত কাৰিকৰী প্ৰতিষ্ঠানসমূহৰ সঞ্চালকসকলৰে মত-বিনিময় কৰিলে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে। ৮জুলাই, ২০২১ত ‘ভিডিঅ’ কনফাৰেন্সিং’ ব্যৱস্থাৰে অনুষ্ঠিত সভাখনত দেশৰ ১০০ৰো অধিক প্ৰতিষ্ঠানৰ মূৰব্বীসকলে অংশগ্ৰহণ কৰে।

সভাত প্ৰধানমন্ত্ৰীয়ে ক’ভিডে সৃষ্টি কৰা প্ৰত্যাহ্বানৰে মোকাবিলা কৰাৰ ক্ষেত্ৰত এই প্ৰতিষ্ঠানসমূহে গ্ৰহণ কৰা গৱেষণা তথা উন্নয়ণী কাম-কাজৰ ভূয়সী প্ৰশংসা কৰে। তেওঁ, দ্ৰুত প্ৰযুক্তিগত সমাধান সূত্ৰ আগবঢ়োৱাৰ ক্ষেত্ৰত যুৱ-উদ্ভৱকসকলে প্ৰদৰ্শন কৰা প্ৰয়াসৰো শলাগ লয়।

তেওঁ প্ৰত্যাহ্বানপূৰ্ণ পৰিৱেশৰে সমতা ৰাখি আগবাঢ়িব পৰাকৈ পৰিৱৰ্তিত সময়ৰ ঢালত তাল মিলাই দেশৰ উচ্চতৰ শিক্ষা আৰু কাৰিকৰী শিক্ষাক আগবঢ়াই নিয়াৰ প্ৰয়োজনীয়তা দোহাৰে।

ভাষণ প্ৰসংগত তেওঁ, শিকাৰুসকলৰ প্ৰয়োজনীয়তা অনুসৰি শিকণৰ সুযোগ প্ৰদান কৰিব পৰা শিথিল, জড়তাশূণ্য অথচ পাৰদৰ্শী শিক্ষাৰ আৰ্হি বিকশিত কৰাৰ দিশত আগবঢ়াৰ প্ৰয়োজন আছে বুলি অভিমত প্ৰকাশ কৰে। ‘প্ৰৱেশ, ব্যয়সাধ্যতা, সমতা আৰু মান-সম্পন্নতা’ তেনে শিক্ষা-আৰ্হিৰ মূল-প্ৰমূল্য হ’ব বুলিও তেওঁ উল্লেখ কৰে।

সমাগত দশক যাক ‘ভাৰতৰ কাৰিকৰী দশক’ বুলি কোৱা হৈছে, তাত আমাৰ প্ৰযুক্তিগত আৰু গৱেষণা তথা উন্নয়ণ প্ৰতিষ্ঠানসমূহে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব বুলি অভিমত ব্যক্ত কৰে প্ৰধানমন্ত্ৰীয়ে।

সভাত, সম্প্ৰতি চলি থকা গৱেষণা তথা উন্নয়ণ সম্পৰ্কীয়, বিশেষকৈ ক’ভিড সম্পৰ্কীয় কাম-কাজৰ বিষয়ে প্ৰধানমন্ত্ৰীক অৱগত কৰা হয়।

অনুষ্ঠানত কেন্দ্ৰীয় শিক্ষা মন্ত্ৰী তথা বিভাগটোৰ ৰাজ্যিক মন্ত্ৰীকেইগৰাকীও উপস্থিত থাকে।

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Led by iPhones, India sees highest Q1 smartphone exports by value

Media Coverage

Led by iPhones, India sees highest Q1 smartphone exports by value
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 29 জুলাই 2026
July 29, 2026

Aatmanirbhar & Eco-Conscious: PM Modi’s Record of Results in Conservation, Banking, Exports & Beyond