সমগ্ৰ দেশৰ পৰা হাজাৰ হাজাৰ বিকশিত ভাৰত সংকল্প যাত্ৰাৰ হিতাধিকাৰীয়ে অনুষ্ঠানটোত অংশগ্ৰহণ কৰে
"বিকশিত ভাৰত সংকল্প যাত্ৰা'ত চৰকাৰী আঁচনিসমূহৰ সংপৃক্ততাৰ ওপৰত আলোকপাত কৰিছে"
" মই নিৰন্তৰভাৱে বাদ পৰি যোৱা লোকসকলৰ সন্ধানত আছোঁ"
"মোদী কি গেৰাণ্টি কি গাড়ী য'লৈকে গৈছে তাতেই এই মানুহৰ আত্মবিশ্বাস বৃদ্ধি কৰিছে আৰু জনসাধাৰণৰ আশা পূৰণ কৰিছে"
"মই ২ কোটি লাখপতি দিদি সৃষ্টিৰ লক্ষ্য নিৰ্ধাৰণ কৰিছো"
"এখন জিলা, এটা সামগ্ৰীৰ পদক্ষেপে বহুলোকৰ জীৱনত সমৃদ্ধি বৃদ্ধিত সহায় কৰিব"
"এইটো আমাৰ প্ৰচেষ্টা যে সমবায়সমূহ যাতে ভাৰতত গ্ৰাম্য জীৱনৰ এটা শক্তিশালী দিশ হিচাপে আত্মপ্ৰকাশ কৰে"

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ' কনফাৰেন্সিং ব্যৱস্থাৰে বিকশিত ভাৰত সংকল্প যাত্ৰাৰ হিতাধিকাৰীসকলৰ সৈতে মত বিনিময় কৰে। এই উপলক্ষে প্ৰধানমন্ত্ৰীয়ে সমবেত লোকসকলকো সম্বোধন কৰে।

সমগ্ৰ দেশৰ পৰা বিকশিত ভাৰত সংকল্প যাত্ৰাৰ হাজাৰ হাজাৰ হিতাধিকাৰীয়ে অনুষ্ঠানত অংশগ্ৰহণ কৰে। কাৰ্যসূচীত কেন্দ্ৰীয় মন্ত্ৰী, সাংসদ, বিধায়ক আৰু স্থানীয় পৰ্যায়ৰ প্ৰতিনিধিসকলেও যোগদান কৰে।

অনুষ্ঠানত ভাষণ প্ৰদান কৰি প্ৰধানমন্ত্ৰীয়ে কয়, "উন্নত ভাৰতৰ সংকল্পৰ সৈতে সংযোগ স্থাপনৰ এই অভিযান নিৰন্তৰ ভাৱে সম্প্ৰসাৰিত হৈ আহিছে। বিকাশ ভাৰত সংকল্প যাত্ৰা আৰম্ভ হোৱাৰ ৫০ দিনো হোৱা নাই, কিন্তু এতিয়ালৈকে এই যাত্ৰাই ২.২৫ লাখ গাওঁ সামৰি লৈছে। এইটো নিজেই এটা অভিলেখ।" তেওঁ ইয়াক সফল কৰাৰ বাবে সকলোকে, বিশেষকৈ মহিলা আৰু যুৱসকলক ধন্যবাদ জ্ঞাপন কৰে। তেওঁ কয়, "বিকশিত ভাৰত সংকল্প যাত্ৰাৰ উদ্দেশ্য হৈছে যি কোনো কাৰণত ভাৰত চৰকাৰৰ আঁচনিৰ পৰা বঞ্চিত প্ৰতিগৰাকী ব্যক্তিৰ ওচৰলৈ এই আঁচনিসমূহৰ সুফলসমূহ লৈ যোৱা।" প্ৰধানমন্ত্ৰীয়ে কয় যে জনসাধাৰণৰ ওচৰত এই সক্ৰিয় প্ৰচাৰৰ উদ্দেশ্য হৈছে তেওঁলোকক আশ্বাস দিয়া যে চৰকাৰী আঁচনিসমূহ কোনো অনুগ্ৰহ বা বৈষম্য অবিহনে সকলোৰে বাবে উপলভ্য। তেওঁ লগতে কয় যে, "মই বাদ পৰি যোৱা লোকসকলক বিচাৰি আছোঁ"। প্ৰধানমন্ত্ৰীয়ে হিতাধিকাৰীসকলৰ মাজত অভূতপূৰ্ব আস্থাৰ কথা উল্লেখ কৰি কয়, "যোৱা ১০ বছৰত সমগ্ৰ দেশৰ প্ৰতিজন হিতাধিকাৰীৰ জীৱনৰ পৰিৱৰ্তনৰ বিষয়ে এটা কাহিনী আছে। এইটো সাহসেৰে পৰিপূৰ্ণ এটা কাহিনী।"

 

প্ৰধানমন্ত্ৰীয়ে কয় যে এই সুফলসমূহে হিতাধিকাৰীসকলক তেওঁলোকৰ জীৱন আৰু অধিক উন্নত কৰিবলৈ হেঁচা দিছে। তেওঁ কয়, "আজি দেশৰ লাখ লাখ হিতাধিকাৰীয়ে চৰকাৰী আঁচনিসমূহক আগবাঢ়ি যোৱাৰ মাধ্যম হিচাপে ব্যৱহাৰ কৰি আছে।"

তেওঁ কয় যে মোদী কি গেৰাণ্টি কি গাড়ী য'লৈকে গৈছে, তাতে এই মানুহৰ আত্মবিশ্বাস বৃদ্ধি কৰিছে আৰু জনসাধাৰণৰ আশা পূৰণ কৰিছে। তেওঁ কয় যে উজ্জ্বলা গেছ সংযোগৰ বাবে বিকশিত ভাৰত সংকল্প যাত্ৰাৰ সময়ত ৪.৫ লাখ নতুন আবেদন দাখিল কৰা হৈছে, ১ কোটি আয়ুষ্মান কাৰ্ড জাৰী কৰা হৈছে, ১.২৫ কোটি স্বাস্থ্য পৰীক্ষা কৰা হৈছে, ৭০ লাখ লোকক যক্ষ্মা ৰোগৰ বাবে পৰীক্ষা কৰা হৈছে আৰু ১৫ লাখ চিকল চেল ৰক্তহীনতা পৰীক্ষা কৰা হৈছে। 

প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে বহুতো নতুন লোকে এই সুবিধা লাভ কৰিছে আৰু স্থানীয় সংস্থাসমূহৰ প্ৰতিনিধিসকলৰ দায়িত্বৰ ওপৰত গুৰুত্ব আৰোপ কৰি আৰু তেওঁলোকক গাওঁ, ৱাৰ্ড, চহৰ আৰু এলেকাৰ প্ৰতিজন যোগ্য ব্যক্তিক চিনাক্ত কৰিবলৈ আহ্বান জনায়। 

 

গ্ৰাম্য অৰ্থনীতিক গতি প্ৰদান কৰিবলৈ, ভাৰত চৰকাৰে গাওঁবোৰত মহিলাসকলক স্ব-নিয়োগৰ প্ৰদান কৰাৰ বাবে এক বৃহৎ অভিযান চলাই আছে। বিগত বছৰবোৰত, দেশৰ প্ৰায় ১০ কোটি ভগ্নী, কন্যা আৰু ডিডিয়ে আত্মসহায়ক গোটত যোগদান কৰিছে। এই ভগ্নী আৰু কন্যাসকলক বেংকসমূহে ৭.৫ লাখ কোটি টকাৰ অধিক সাহায্য প্ৰদান কৰিছে। প্ৰধানমন্ত্ৰীয়ে ঘোষণা কৰে, "এই অভিযান আৰু অধিক সম্প্ৰসাৰিত কৰিবলৈ মই অহা তিনি বছৰত ২ কোটি লাখপতি দিদি সৃষ্টিৰ লক্ষ্য নিৰ্ধাৰণ কৰিছো।" তেওঁ নমো দ্ৰোণ দিদি যোজনাৰ কথাও উল্লেখ কৰে যিয়ে গ্ৰাম্য মহিলাসকলৰ আত্মবিশ্বাস বৃদ্ধি কৰিব।

 

ক্ষুদ্ৰ কৃষকসকলক সংগঠিত কৰাৰ অভিযানৰ বিষয়ে বৰ্ণনা কৰি প্ৰধানমন্ত্ৰীয়ে এফপিঅ' আৰু পিএচিৰ দৰে সমবায় উদ্যোগৰ বিষয়ে উল্লেখ কৰে। তেওঁ কয়, "সহযোগিতা যাতে ভাৰতত গ্ৰাম্য জীৱনৰ এক শক্তিশালী দিশ হিচাপে উদ্ভৱ হয় তাৰ বাবে তাক নিশ্চিত কৰাৰ বাবে আমাৰ প্ৰচেষ্টা অব্যাহত আছে। এতিয়ালৈকে আমি দুগ্ধ আৰু কুঁহিয়াৰ খণ্ডত সহযোগিতাৰ লাভালাভ দেখিছোঁ। এতিয়া ইয়াক কৃষিৰ অন্যান্য ক্ষেত্ৰ আৰু মৎস্য উৎপাদনৰ দৰে খণ্ডলৈও সম্প্ৰসাৰিত কৰা হৈছে। আমি আগন্তুক সময়ত ২ লাখ গাঁৱত নতুন পিএচিএছ সৃষ্টিৰ লক্ষ্যৰে আগবাঢ়িছো।" তেওঁ দুগ্ধ আৰু সঞ্চয়ৰ ক্ষেত্ৰত সহযোগিতামূলক সমাধানৰ প্ৰচাৰৰ প্ৰস্তাৱসমূহৰ বিষয়েও অৱগত কৰে।"খাদ্য প্ৰক্ৰিয়াকৰণ খণ্ডত ২ লাখতকৈও অধিক ক্ষুদ্ৰ উদ্যোগশক্তিশালী কৰা হৈছে প্ৰচেষ্টাও কৰা হৈছে", বুলিও  তেওঁ লগতে কয়।

প্ৰধানমন্ত্ৰীয়ে লগতে এখন এটা সামগ্ৰী আঁচনিৰ বিষয়েও উল্লেখ কৰে আৰু ‘ভোকেল ফৰ লোকেল’ৰ প্ৰয়োজনীয়তাত গুৰুত্ব আৰোপ কৰিছিল। তেওঁ কয় যে মোদী কি গেৰাণ্টি কি গাড়ীয়ে জনসাধাৰণক স্থানীয় সামগ্ৰীৰ বিষয়ে অৱগত কৰিছে আৰু এই সামগ্ৰীবোৰ জিইএম পৰ্টেলতো পঞ্জীয়ন কৰিব পৰা যাব। তেওঁ মোদী কি গেৰাণ্টি কি গাড়ীৰ নিৰন্তৰ সফলতাৰ আশাৰে ভাষণৰ সামৰণি মাৰে।

 

 

সম্পূৰ্ণ ভাষণ পঢ়িবলৈ ইয়াত ক্লিক কৰক

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Second consignment of 37.5 tonnes HADR aid reaches flood-hit Nepal; India sends 47.5 tonnes of relief material in total

Media Coverage

Second consignment of 37.5 tonnes HADR aid reaches flood-hit Nepal; India sends 47.5 tonnes of relief material in total
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 28 আগষ্ট 2026
August 28, 2026

India’s Growth Story, Grounded: Inclusion, Exports, and Infrastructure Under One Vision of PM Modi