প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি দেশৰ বাবে এক গৌৰৱময় মুহূৰ্তক চিহ্নিত কৰি মহাকাশচাৰী শুভাংশু শুক্লাৰ সৈতে বাৰ্তালাপ কৰে। । বাৰ্তালাপৰ সময়ত তেওঁলোকে বহু বিষয়, বিশেষকৈ মহাকাশত শুক্লাৰ অভিজ্ঞতা, বিজ্ঞান আৰু প্ৰযুক্তিৰ ক্ষেত্ৰত ভাৰতৰ অগ্ৰগতি, দেশৰ অভিলাষী মানৱ মহাকাশ উৰণ কাৰ্যসূচী—গগণযানকে ধৰি নানান বিষয়ত বিস্তৃতভাবে আলোচনা কৰে।
এক্সত দিয়া এটা পোষ্টত শ্ৰী মোদীয়ে লিখিছে-
'শুভাংশু শুক্লাৰ সৈতে এক সুন্দৰ বাৰ্তালাপ কৰিলো। আমি মহাকাশত তেওঁৰ অভিজ্ঞতা, বিজ্ঞান আৰু প্ৰযুক্তিৰ অগ্ৰগতিৰ লগতে ভাৰতৰ অভিলাষী গগণযান অভিযানকে ধৰি বহু বিষয়কলৈ আলোচনা কৰিলো।ভাৰত তেওঁৰ এই কৃতিত্বৰ বাবে গৌৰৱান্বিত।
@gagan_shux”
Had a great interaction with Shubhanshu Shukla. We discussed a wide range of subjects including his experiences in space, progress in science & technology as well as India's ambitious Gaganyaan mission. India is proud of his feat.@gagan_shux pic.twitter.com/RO4pZmZkNJ
— Narendra Modi (@narendramodi) August 18, 2025


