শিক্ষাৰ্থীসকলে 'ৱতন কো জানো - যুৱ বিনিময় কাৰ্যসূচী ২০২৩'ৰ অধীনত দিল্লী ভ্ৰমণ কৰিছে
জম্মু-কাশ্মীৰৰ যুৱক-যুৱতীসকলৰ যিকোনো ক্ষেত্ৰত উৎকৃষ্ট হোৱাৰ সম্ভাৱনা আছেঃ প্ৰধানমন্ত্ৰী
দেশৰ উন্নয়নত অৰিহণা আগবঢ়াওক আৰু বিকশিত ভাৰত@২০৪৭ ৰ সপোন পূৰণ কৰাত সহায় কৰকঃ প্ৰধানমন্ত্ৰী
Construction of world's highest railway bridge in Jammu and Kashmir will improve connectivity in the region: PM

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি পূৰ্বে ৭, লোক কল্যাণ মাৰ্গস্থিত তেওঁৰ বাসগৃহত জম্মু-কাশ্মীৰৰ ছাত্ৰ-ছাত্ৰীৰ এটা প্ৰতিনিধি দলৰ সৈতে বাৰ্তালাপ কৰে। জম্মু-কাশ্মীৰৰ সকলো জিলাৰ পৰা অহা প্ৰায় ২৫০ জন শিক্ষাৰ্থীয়ে নিশ্চিন্ত আৰু অনানুষ্ঠানিক বাৰ্তালাপত অংশগ্ৰহণ কৰে।

 

এই শিক্ষাৰ্থীসকলে ভাৰত চৰকাৰৰ 'ৱতন কো জানো - যুৱ বিনিময় কাৰ্যসূচী ২০২৩'ৰ অধীনত জয়পুৰ, আজমেৰ আৰু নতুন দিল্লী ভ্ৰমণ কৰি আছে। এক ভাৰত শ্ৰেষ্ঠ ভাৰতৰ ভাৱনাৰে জম্মু-কাশ্মীৰৰ যুৱপ্ৰজন্মৰ সন্মুখত দেশৰ সাংস্কৃতিক আৰু সামাজিক বৈচিত্ৰ্য দাঙি ধৰাই হৈছে এই ভ্ৰমণৰ উদ্দেশ্য ।

 

বাৰ্তালাপৰ সময়ত প্ৰধানমন্ত্ৰীয়ে শিক্ষাৰ্থীসকলক তেওঁলোকৰ ভ্ৰমণৰ অভিজ্ঞতা আৰু তেওঁলোকে ভ্ৰমণ কৰা প্ৰতিষ্ঠিত স্থানসমূহৰ বিষয়ে সুধিছিল। প্ৰধানমন্ত্ৰীয়ে জম্মু-কাশ্মীৰৰ সমৃদ্ধ ক্ৰীড়া সংস্কৃতিৰ বিষয়ে আলোচনা কৰি ছাত্ৰ-ছাত্ৰীসকলক ক্ৰিকেট, ফুটবল আদি ক্ৰীড়াত অংশগ্ৰহণৰ বিষয়ে সোধা-পোছা কৰে৷ প্ৰধানমন্ত্ৰীয়ে হাংঝৌত অনুষ্ঠিত এছিয়ান পেৰা গেমছত তিনিটা পদক অৰ্জন কৰা জম্মু-কাশ্মীৰৰ যুৱ ধনুৰ্বিদ শীতল দেৱীৰ উদাহৰণ দাঙি ধৰে৷ প্ৰধানমন্ত্ৰীয়ে জম্মু-কাশ্মীৰৰ যুৱক-যুৱতীসকলৰ প্ৰতিভাক লৈ প্ৰশংসা কৰে আৰু কয় যে এই যুৱক-যুৱতীসকলৰ যিকোনো ক্ষেত্ৰত উৎকৃষ্ট হোৱাৰ সম্ভাৱনা আছে।

 

প্ৰধানমন্ত্ৰীয়ে শিক্ষাৰ্থীসকলক দেশৰ উন্নয়নৰ দিশত কাম কৰাৰ লগতে অৱদান আগবঢ়াবলৈ আৰু বিকশিত ভাৰত @২০৪৭ ৰ সপোন পূৰণ কৰাত সহায় কৰিবলৈ পৰামৰ্শ দিয়ে।

 

জম্মু-কাশ্মীৰত বিশ্বৰ সৰ্বোচ্চ ৰে'লৱে দলং নিৰ্মাণৰ সন্দৰ্ভত প্ৰধানমন্ত্ৰীয়ে কয় যে ইয়াৰ ফলত অঞ্চলটোত যোগাযোগ উন্নত হব।

 

প্ৰধানমন্ত্ৰীয়ে চন্দ্ৰযান-৩ আৰু আদিত্য-এল-১ অভিযানৰ সফলতা সন্দৰ্ভত আলোচনা কৰি কয় যে এই বৈজ্ঞানিক সাফল্যই প্ৰতিজন ভাৰতীয়ক গৌৰৱান্বিত কৰিছে।

 

এই বছৰ অভিলেখ সংখ্যক পৰ্যটকে জম্মু-কাশ্মীৰ ভ্ৰমণ কৰা সন্দৰ্ভত উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে জম্মু-কাশ্মীৰৰ পৰ্যটন খণ্ডত যথেষ্ট সুযোগ আছে। প্ৰধানমন্ত্ৰীয়ে যোগৰ লাভালাভৰ বিষয়েও কয় আৰু শিক্ষাৰ্থীসকলক দৈনিক এই অনুশীলন কৰিবলৈ আহ্বান জনায়। তেওঁ কাশ্মীৰত জি-২০ সন্মিলনৰ সফল আয়োজন আৰু দেশক স্বচ্ছ কৰাৰ প্ৰচেষ্টাৰ বিষয়েও আলোচনা কৰে।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
'PM Modi Is One Of Our Greatest Friends': Netanyahu Says Israel Is 'Investing Heavily' In India Ties

Media Coverage

'PM Modi Is One Of Our Greatest Friends': Netanyahu Says Israel Is 'Investing Heavily' In India Ties
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister shares Sanskrit Subhashitam applauding the effort and dedication of India's Youth
August 04, 2026

The Prime Minister, Shri Narendra Modi, shared a Sanskrit Subhashitam applauding the effort and dedication of India's Youth:

"न हि ज्ञानेन सदृशं पवित्रमिह विद्यते ।

तत्स्वयं योगसंसिद्ध: कालेनात्मनि विन्दति ॥"

Shri Modi said that through continuous effort and dedication, our talents are honed and refined, and our youth is imbibing these very qualities and bringing glory to India.

The Prime Minister posted on X:

निरंतर प्रयास और साधना से हमारी प्रतिभा और निखरती है। आज हमारे युवा इन्हीं गुणों को आत्मसात कर दुनियाभर में देश का नाम रोशन कर रहे हैं।

न हि ज्ञानेन सदृशं पवित्रमिह विद्यते ।

तत्स्वयं योगसंसिद्ध: कालेनात्मनि विन्दति ॥