শিশুসকলে নিজৰ কৃতিত্বৰ সবিশেষ ব্যক্ত কৰে; লগতে প্ৰধানমন্ত্ৰীক কেইবাটাও প্ৰশ্ন সোধে
আজি আগবেলা প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৭ লোক কল্যাণ মাৰ্গস্থিত তেখেতৰ বাসগৃহত প্ৰধান মন্ত্ৰী ৰাষ্ট্ৰীয় বাল পুৰস্কাৰ (PMRBP) প্ৰাপকসকলৰ সৈতে মত-বিনিময় কৰে।

আজি আগবেলা প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৭ লোক কল্যাণ মাৰ্গস্থিত তেখেতৰ বাসগৃহত প্ৰধান মন্ত্ৰী ৰাষ্ট্ৰীয় বাল পুৰস্কাৰ (PMRBP) প্ৰাপকসকলৰ সৈতে মত-বিনিময় কৰে।

প্ৰধানমন্ত্ৰীয়ে প্ৰতিগৰাকী প্ৰাপকক একোখনকৈ স্মৃতিগ্ৰন্থ প্ৰদান কৰে আৰু তাৰ পিছতে তেওঁলোকৰ সৈতে মত-বিনিময় কৰে। শিশুসকলে তেওঁলোকৰ কৃতিত্বৰ সবিশেষ ব্যক্ত কৰে, যাৰ বাবে তেওঁলোকক এই বঁটাৰ বাবে নিৰ্বাচিত কৰা হৈছে। সংগীত, সংস্কৃতি, সৌৰশক্তি, বেডমিন্টন, দবা আদি ক্ৰীড়া, এনে ভিন্ন বিষয়ত আলোচনা কৰা হয়।

শিশুসকলেও প্ৰধানমন্ত্ৰীগৰাকীক কেইবাটাও প্ৰশ্ন সোধে, ইয়াৰে এটাৰ উত্তৰ দিওঁতে তেখেতে সকলো ধৰণৰ সংগীতৰ প্ৰতি থকা আগ্ৰহৰ কথা কয় আৰু ই তেখেতক ধ্যানত সহায় কৰাৰ কথা ব্যক্ত কৰে। কালি প্ৰধানমন্ত্ৰী সূৰ্য্যোদয় যোজনাৰ আৰম্ভণিৰ বিষয়ে সোধাত প্ৰধানমন্ত্ৰীগৰাকীয়ে গুজৰাটৰ মুখ্যমন্ত্ৰী হৈ থকাৰ সময়তে সৌৰশক্তিৰ ব্যৱহাৰৰ বাবে গ্ৰহণ কৰা পদক্ষেপসমূহৰ কথা স্মৰণ কৰে, লগতে এই আঁচনিৰদ্বাৰা জনসাধাৰণ কেনেদৰে উপকৃত হ’ব, সেই বিষয়েও কয়। প্ৰধানমন্ত্ৰীয়ে শিশুসকলৰ সৈতে দিনটোৰ তাৎপৰ্য্য সন্দৰ্ভতো আলোচনাৰে পৰাক্ৰম দিৱসৰ বিষয়ে আৰু চৰকাৰে নেতাজী সুভাষ চন্দ্ৰ বসুৰ উত্তৰাধিকাৰক কেনেদৰে সন্মান জনাইছে, সেই সম্পৰ্কেও কয়।

ভাৰত চৰকাৰে শিশুসকলক কলা আৰু সংস্কৃতি, সাহসিকতা, উদ্ভাৱন, বিজ্ঞান আৰু প্ৰযুক্তি, সমাজ সেৱা, ক্ৰীড়া আৰু পৰিবেশ আদি সাতটা শিতানত ব্যতিক্ৰমী সাফল্যৰ বাবে প্ৰধান মন্ত্ৰী ৰাষ্ট্ৰীয় বাল পুৰস্কাৰ প্ৰদান কৰি আহিছে। এনে প্ৰতিগৰাকী প্ৰাপককে পদক, প্ৰমাণ পত্ৰ আৰু প্ৰশস্তিৰ পুস্তিকা প্ৰদান কৰা হয়। এইবাৰ দেশৰ ভিন্ন প্ৰান্তৰ উল্লেখিত শিতানসমূহত ১৯ টি শিশুক পিএমআৰবিপি-২০২৪ৰ বাবে নিৰ্বাচিত কৰা হৈছে। ১৮ খন ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলৰ ৯ জন বালক আৰু ১০ গৰাকী বালিকাই এই বঁটা লাভ কৰে।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Led by iPhones, ‘Made in India’ smartphone exports grow 28% y-o-y in CY25: Counterpoint

Media Coverage

Led by iPhones, ‘Made in India’ smartphone exports grow 28% y-o-y in CY25: Counterpoint
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 24 এপ্ৰিল 2026
April 24, 2026

Made in India, Built for 2047: PM Modi’s Reforms Turning Rural Hope into National Strength