গুজৰাটত এটা দীঘলীয়া আৰু ব্যস্ততাপূৰ্ণ দিনৰ পিছত বাৰাণসীত উপস্থিত হোৱা প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে বৃহস্পতিবাৰে নিশা প্ৰায় ১১ বজাত শিৱপুৰ-ফুলৱাৰিয়া-লাহৰটাৰা মাৰ্গ পৰিদৰ্শন কৰে।

এই মাৰ্গ শেহতীয়াকৈ উদ্বোধন কৰা হৈছিল। দক্ষিণ অংশ, বিএইচইউ, বিএলডব্লিউ আদিৰ চাৰিওফালে বাস কৰা প্ৰায় ৫ লাখ লোকৰ যিসকলে বিমানবন্দৰ, লক্ষ্ণৌ, আজমগড় আৰু গাজীপুৰঅভিমুখে যাব বিচাৰে তেওঁলোকৰ বাবে ই যথেষ্ট সহায়ক হৈছে।

ইয়াক ৩৬০ কোটি টকা ব্যয়েৰে নিৰ্মাণ কৰা হৈছে। যান-জঁট হ্ৰাস কৰাত ই যথেষ্ট সহায়ক হৈছে।ইয়াৰ দ্বাৰা বিএইচইউৰ পৰা বিমানবন্দৰৰ ফালে যাত্ৰাৰ দূৰত্ব ৭৫ মিনিটৰ পৰা ৪৫ মিনিটলৈ হ্ৰাস হৈছে। একেদৰে, ই লাহৰটাৰাৰ পৰা কাচাহৰিলৈ দূৰত্ব ৩০মিনিটৰ পৰা ১৫ মিনিটলৈ হ্ৰাস কৰিছে।

বাৰাণসীৰ নাগৰিকসকলৰ জীৱন যাত্ৰা সূচল কৰাৰ বাবেএই প্ৰকল্পতৰে'ল আৰু প্ৰতিৰক্ষাৰ মন্ত্ৰালয়কে ধৰিআন্তঃমন্ত্ৰালয়ৰ সমন্বয় প্ৰত্যক্ষ হৈছে।

প্ৰধানমন্ত্ৰীয়ে X ত এটা পোষ্টত কৈছে:

"কাশীত অৱতৰণ কৰাৰ পিছত শিৱপুৰ-ফুলৱাৰিয়া-লাহৰটাৰা পথ পৰিদৰ্শন কৰিলো। এই প্ৰকল্পটো শেহতীয়াকৈ মুকলি কৰা হৈছিল আৰু চহৰখনৰ দক্ষিণ অংশৰ লোকসকলৰ বাবে ই যথেষ্ট সহায়ক হৈছে।"

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
82 km in less than 1 hour: Delhi-Meerut Namo Bharat corridor set for full opening on Feb 22

Media Coverage

82 km in less than 1 hour: Delhi-Meerut Namo Bharat corridor set for full opening on Feb 22
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 22 ফেব্ৰুৱাৰী 2026
February 22, 2026

From Hours to Minutes: PM Modi’s Vision Turns Namo Bharat into Atmanirbhar Chips, AI & Global Pride